শইকীয়া পুৰাণ- মুনিমন্ত শইকীয়া

এইকেইদিন শইকীয়াদা অফিচলৈ অহাটো অনিয়মিত হোৱাৰ লগতে পলমো কৰিবলৈ লৈছে৷ এজনে খোচ মাৰি সুধিয়ে দিলে-“কি হে শইকীয়াদা, কিবা নতুন কাম হাতত লৈছে নেকি? নে কিবা লেখামেলাত ধৰিছে? সিদিনা দোকানৰ পৰা দিস্তা পাত কিনি নিয়া দেখিলো৷“
“তহঁতে কেনেকৈ জানিলি? নাজানিবিনো কিয়? দুনিয়াৰ গোটেই জাবৰমখা তহঁতৰ মূৰতেইটো আছে৷ তাকে উকটি ফুৰ৷“ শইকীয়াদাৰ কথাত ভৎৰ্সনাৰ সুৰ৷
“নহয়, মানে এইকেইদিন আপোনাৰ উপস্থিতি যে নিয়মীয়া হোৱা নাই সেয়েহে৷ তাতে আকৌ আপুনি অবাবতযে সময় নষ্ট নকৰে সেয়া সকলোৱে জানেই দেখোন৷ বেয়া পালে যদি নোসোধো আৰু দিয়ক৷“ -অলপ ওপৰলে উঠাই দিয়াৰ মানসেৰে বৰুৱাই ক’লে৷

শইকীয়াদা কিছু নৰম হ’ল৷ ক’লে-“তহঁতক এতিয়াই কম বুলি ভবা নাছিলো যদিও এতিয়া ভাবিছো মোটামুটিকৈ অকণমান তহঁতক জনোৱাই ভাল হ’ব৷ আচলতে এটা অনুৰোধ ৰাখিবলৈ গৈ মই এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছো৷ মহাত্মা গান্ধীয়েযে এখন কিতাপ লিখিছিল “মোৰ সত্য অন্বেষণৰ কাহিনী“ তহঁতে বাৰু জাননে? ক’ত জানিবি? বাহিৰা কিতাপ জানো কেতিয়াবা চুই পাইছ? বাৰু সেইবোৰ বাদ দি আচল কথালৈ আহো৷ মহাত্মা গান্ধীৰ নাতিয়েক এজনে সিদিনাখন মোলৈ ই মেইল এটা যোগেদি জনাইছে যে মোৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বিষয়ে তেখেতে বহু বছৰ আগেয়ে কাকতত পঢ়িবলৈ পাই তেতিয়াৰ পৰাই মোৰ সন্ধানত ব্যস্ত আছিল আৰু হঠাতে কিছুদিন আগত ক’ৰবাৰ পৰা মোৰ ই মেইল সংগ্ৰহ কৰি এই অনুৰোধটো ৰাখিবলৈ দহোকুৰি শপত দিলে আৰু লগতে এয়াও জনালে যে কিতাপ খনৰ নাম হ’ব লাগে-’মোৰ দক্ষিণ আফ্ৰিকা অন্বেষণৰ কাহিনী’৷
সকলো আচৰিত৷ বৰুৱাই ৰব নোৱাৰি কৈয়ে উঠিল-“আপুনি? আৰু দক্ষিণ আফ্ৰিকা?“ -“পেংলাই নকৰিবি দেই৷ নাজানিলে সুধিবি৷ অৱশ্যে নাজানিবও পাৰ৷ সেয়া প্ৰায় ত্ৰিছ বছৰমান আগৰ কথা যে৷ বাতৰি কাকততো ওলাইছিল সেয়া৷ বিশ্বাস নকৰ যদি দেখুৱাব পাৰো৷ পিছে তহঁতে বিশ্বাস কৰই বা নকৰ মোৰ কি ফৰফৰাই যাবনো?“
“আপুনি প্ৰচাৰ বিমুখ মানুহ বুলি আমি সকলোৱেই জানোৱেই৷ হ’লেও এই বিষয়ে আমাক অলপ হ’লেও জনাব লাগিছিল৷ আমিনো ইমান পৰ হলোনে?“ -মাজতে মই মাত দিলো৷

মোৰ কথাত শইকীয়াদা অলপ গলিল৷ “অৱশ্যে হয় কথাটো৷ বাৰু এতিয়াই অলপ চুটিকৈ কৈ দিওঁ৷ মাজতে কিন্তু টেপেচ টেপেচ মাত নিদিবি৷ শুন-তেতিয়া মই চফল ডেকা৷ আত্মীয় এজনৰ জৰিয়তে কম খৰচত ভিছা এখন বনাই চিধা মাৰি পঠিয়ালো দক্ষিণ আফ্ৰিকালৈ৷ তাত উপস্থিত হৈয়ে অলপ খোজকাঢ়ি জেগা চাও বুলি একো নভবা নুগুনাকৈ আগবাঢ়িছো৷ হঠাতে দেখো বিকট শব্দৰে মিলিটেৰিৰ কনভয় এটা মোৰ ফাললৈকে আগুৱাই আহিছে৷ ভয়তে কব নোৱাৰাকৈয়ে দিলো দৌৰ মাৰি৷ ইমানজাক মিলিটেৰিৰ মাজৰ পৰা কেনেকৈনো সাৰো? ধৰি পেলালে মোক৷ সেইটো আছিল ৰেড লাইট এৰিয়া৷ ক্ষন্তেক আগতে হোৱা এক হত্যাকাণ্ডৰ খুনীক খেদি খেদি আহোতে খুনী কোনপাকে সৰকিল গম নাপাই মোকে খুনী সন্দেহত ধৰি দই এক কিলো সোধালে৷ মোৰ নিৰ্দোষিতা কেনেকৈ প্ৰমাণ কৰো? সিহঁতেতো অসমীয়া ভাষা বুজি নাপায়৷ ইংৰাজীও বুজি নাপায়৷ মোৰ শাস্তি আছিল বোধহয় মৃত্যুদণ্ড৷ সন্দেহতহে ক’লো কিয়নো সিহঁতে বহুসময় গাড়ীৰে নি এডাল ক্ৰেণৰ সহায়ত মোক ইমান দ’ ঠাই এডোখৰলে দলিয়াই দিলে যে মৃত্যুভয়ত মই অচেতন হৈ পৰিলো৷ কিমান সময় অতিবাহিত কৰিলো নাজানো৷ তত পাই লক্ষ্য কৰিলো মই দেখোন জীৱিত৷ ইমান ওপৰৰ পৰা পেলাই দিয়াৰ পিছতো কেনেকে নমৰাকৈ থাকিলো তাকে চিন্তা কৰোতেহে দেখিলো মই দেখোন কিবা স্পঞ্জৰ দৰে সোপোকা দম এটাৰ মাজত সোমাই আছো আৰু সেইটোৱে লৰচৰ কৰি আছে৷ হাজাৰ চেষ্টা কৰিও মই ওপৰলৈ উঠিব পৰা নাই৷ কিহবাই যেন মোক টানি আছে৷ এটা সময়ত মন কৰিলো হাকোটা সদৃশ কাঠৰ ডাল এটাৰে মই থকা সেই স্পঞ্জসদৃশ থোপাটোক কিহবাই টানি আছে৷ তেতিয়াহে মন কৰিলো কেউফালে ক’লা থুপথুপীয়া কিবা এসোপাৰ মাজত বন্দী মই৷ মনলৈ সাহ আহিল অন্ততঃ কোনোবাই মোক বচাব বিচাৰিছে৷ বহু সময়ৰ মূৰত থোপাটো পাৰত লাগিলহি৷ মোৰ বাবে আৰু আশ্চৰ্য বাট চাই আছিল৷ দুজন উলংগ পুৰুষ৷ গাত জিংগা লালা জাতীয় গছপাত আদিৰে চিলোৱা অদ্ভুত বেশভূষা৷ বিং বাং মাতেৰে মোক জোৰকৈ ধৰি টানি নিলে সিহঁতে৷ মোৰ বস্ত্ৰ আজুৰি ফালি উলংগ কৰি এটা সময়ত নি এজুম মানুহৰ কাষ পোৱালেগৈ৷ বিৰাট অট্টহাস্য-কিৰিলিৰে ঠাইডোখৰ গমগমাই গ’ল৷ মোৰভয় সোমাল এবাৰ নমৰিলো৷ কিন্তু এইবাৰ যে ইহঁতৰ খাদ্য হ’ব লাগিব তাকে ভাবি পেটতে হাত ভৰি লুকাল৷ মোৰ সন্দেহ অমূলক প্ৰমাণ কৰি সিহঁতে নিজৰ মাজতে বিং বাং কথা পাতিলে আৰু মোকো কিবা কিবি সুধিলে৷ মই আকিৰে ইংগিতে বুজাব পাৰিলোনে নাই নাজানিলো যদিও সিহঁতক সন্তুষ্ট হোৱা যেন লাগিল৷“
“সেই সকল জুলু প্ৰজাতিৰ আছিল নেকি বাৰু?“-কোনোবা এজনে সুধিলে৷
“নহয়, লুলু প্ৰজাতিৰহে৷“
তেনেকুৱা নাম আজিলৈকে চোন আমি শুনাই নাই -বৰুৱাই অসহ্য হৈ ক’লে৷ আন এজনে ক’লে-“নেটত মাৰি চোৱাচোন৷ থাকিবওতো পাৰে৷“
“এইবোৰ নেটত কেনেকৈ পাবা? কোনোবা জানো আজিলৈকে তালৈ গৈ পাইছে? আৰু গ’লেও জানো বাচি আহিব পাৰিছে? তাৰ পিছৰখিনি শুনা-জাতিটোৰ এটা বিশেষত্ব মনকৰিবলগীয়া৷ সিহঁত একে ঠাইতে নাথাকে, ঘৰবাৰী নাই৷ ভৱিষ্যতৰ চিন্তাও নাই৷ মুক্ত যৌনাচাৰ৷ সেই কেইদিনতেই যে কিমান খোজ কাঢ়িলো কি কম? গৈ পোৱা দিনাই কিবা লতা খুন্দি চেপি গছৰ পাতৰ খোল বনাই মোক এখোল খুৱাই দিলে তাৰ পিছৰ পৰা দেখোন ভোক কমকৈ লগা হ’ল৷ কেবাদিনৰ মূৰে মূৰেহে কিবা কিবি খালো৷ কেতিয়াবা মৌ ৰস, কেতিয়াবা পোৰা মাছ মাংস আদি৷ কিন্তু মোৰ প্ৰতি বিধি বোধহয় অপ্ৰসন্ন আছিল৷ এদিন ডাঙৰ সাপ এডাল জুইত পুৰি মোকোৰা মোকোৰে সকলোকে ভক্ষণ কৰা দেখি ওৱাক ওৱাককৈ মোৰ বমি ওলাই আহিল৷ নাহিবনো কিয়? এনেয়ে অখাদ্য, তাতে তেজবোৰ বিৰিঙিয়ে আছিল৷ দলপতিয়ে সিহঁতৰ ভাষাৰে মোক দিয়া নিৰ্দেশমতে মই বুজিলে সেয়া মোকো খাবলৈ কোৱা হৈছে৷ মই অমান্তি হ’লো৷ পৰিণতি হ’ল বোধহয় মৃত্যুদণ্ড৷ ভয়ত তাকে খাবলে মই সাজু হ’লো৷ তথাপিও শাস্তি বোধহয় একে থাকিল৷ মোক টানি আঁজুৰি ক’ৰবালৈ লৈ গ’ল৷ মৃত্যু অৱশ্যম্ভাৱী জানি মই শেষ যুঁজ এটা দি চাব বিচাৰিলো৷ সিহ’তৰ পেশীবহুল শৰীৰৰ লগত মই নোৱাৰিলো৷ ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিলো৷ পিছে পিছে আহি থকা দলটোৰ এজনে মোক এটা ডাঙৰ ৰঙা ফুলৰ থোপা হাতত দিলেহি৷ কিজানি সেয়া তেওঁলোকৰ শেষ সন্মান আছিল৷ হঠাৎ দেখিলো আকাশৰ নিম্ন ভাগেৰে আহি থকা এখন বিমান৷ আমাৰ মূৰৰ ওপৰ পোৱাৰ লগে লগে দিলো ৰঙা ফুলৰ থোপাটো ওপৰলৈ দলিমাৰি৷ ঘটনাৰ আকস্মিকতাত ক্ষণিক সময়ৰ বাবে বোধহয় সিহঁতো হতভম্ব হৈছিল৷ সেই সুযোগতে আগপিছ নুগুণি দিলো দিগবিদিগ হেৰুৱাই লৰ৷ চকুৰ আগত দেখিলো বিমানখনৰ পৰা এডাল ৰছিৰ জখলা নামি আহিছে৷ সিহঁতে মোক ধৰিৰ আগতেই ৰছিডালত থাপ মাৰি ধৰিলো আৰু বিমানে ক্ৰমাৎ ওপৰলে উঠাই নিলে৷ তলৰ হাইউৰুমি নুশুনা হোৱাৰ পিছত ওপৰলৈ উঠাই নিয়া জখলাডালেৰে গৈ বিমানৰ ভিতৰত সুমোৱাৰ পিছতো গাৰ কঁপনি কমা নাছিল৷ বিমানৰ ভিতৰত কাক পালো জান? সেইযে ডিচকভাৰি চেনেলত মৰা উটৰ কলিজা আদি অখাদ্য ভক্ষণ কৰি থকা মানুহটো, তাক৷ এডভেন্সাৰপ্ৰিয় মানুহটো এনে ঠাইবোৰলেকে সঘনাই গৈ থাকে যদিও এয়া তেওঁৰ বাবেও নতুন৷ ভাল লাগিল মানুহজনৰ লগত কথা পাতি৷

“আপুনি জানো ইংৰাজীত কথা পাতিব জানে?“
“তহঁতৰ নিচিনা মোক গাধা পাইছ নেকি? তহঁতৰ নিচিনা মেট্ৰিকত মই ইংৰাজীত গ্ৰেছ পাই অহাবুলি ভাবিছ নেকি? অৱশ্যে তেওঁ খৰকৈ কওঁতে মোৰ কিছু অসুবিধা হৈছিল৷ তাৰ বাবে এটা বুধি খটাইছিলো৷ তহঁতেতো জানই আমাৰ গাঁৱৰ ঘৰৰ কাষত দুখনমান মিতেই(মণিপুৰী) গাওঁ আছে৷ দুই এটা মণিপুৰী ভাষা ক’বও জানো৷ কথাৰ মাজতে দুই এটা মণিপুৰী শব্দ সুমোৱাই দিওঁ৷
তেওঁ সেয়া চিন্তা কৰি থাকোতেই মই শব্দ সাজি লওঁ৷ এনেকৈয়ে বাচি আহিলো৷ মোক ভাল পাই একেবাৰে কলিকতালৈকে থৈ গ’লহি৷ তাকেই পোনাই পাজৰাই লিখিবলৈ অনুৰোধ জনাইছে বুইছ৷

বাৰু কামত ধৰোগৈ ব’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments