শকুনিৰ প্ৰতিশোধ (সংগ্ৰাহক: দীপাংকৰ চেতীয়া)

সংগ্ৰাহক: দীপাংকৰ চেতীয়া

শকুনিৰ প্ৰতিশোধ

গণেশ গগৈ


 

 

শকুনিৰ প্ৰতিশোধ – চৰিত্ৰাৱলী

-পাণ্ডৱ পক্ষ-

 

শ্ৰীকৃষ্ণ,যুধিষ্ঠিৰ,ভীম, অৰ্জ্জুন,সহদেৱ, দ্ৰৌপদী।

 

-কৌৰৱ পক্ষ-

 

ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, দুঃশাসন, কৰ্ণ,শকুনি,শল্য,গান্ধাৰী,পদ্মা।

 

বৰাগী

 

 

 

 

 

 

 

 

 

 

সূচী

 

চৰিত্ৰাৱলী

 

১ম অঙ্ক

 

১ম দৃশ্য- শকুনি, বৰাগী, শল্য।

 

২য় দৃশ্য- দ্ৰৌপদী, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ,ভীম ।

 

৩য় দৃশ্য- কৰ্ণ,পদ্মা।

 

৪ৰ্থ দৃশ্য দুৰ্য্যোধন, শকুনি, দুঃশাসন, কৰ্ণ ।

 

৫ম দৃশ্য- বৰাগী।

 

৬ষ্ঠ দৃশ্য- ধৃতৰাষ্ট্ৰ, গান্ধাৰী,দুৰ্য্যোধন, ।

 

২য় অঙ্ক

 

৭ম দৃশ্য- যুধিষ্ঠিৰ,সহদেৱ, ভীম,অৰ্জ্জুন , শ্ৰীকৃষ্ণ।

 

৮ম দৃশ্য- কৰ্ণ, দুঃশাসন, দুৰ্য্যোধন,শল্য, শকুনি।

 

৯ম দৃশ্য দৃশ্য- ভীম, কৰ্ণ, দুঃশাসন, শকুনি, যুধিষ্ঠিৰ।

 

১০ম দৃশ্য- দ্ৰৌপদী, অৰ্জ্জুন , যুধিষ্ঠিৰ,শ্ৰীকৃষ্ণ ।

 

১১শ দৃশ্য- শকুনি, দুঃশাসন, ভীম।

 

১২শ দৃশ্য- ভীম, দ্ৰৌপদী।

 

১৩শ দৃশ্য- কৰ্ণ, শ্ৰীকৃষ্ণ, অৰ্জ্জুন ।

 

৩য় অঙ্ক

 

১৪ দৃশ্য- ধৃতৰাষ্ট্ৰ, দুৰ্য্যোধন, গান্ধাৰী।

 

১৫শ দৃশ্য- শ্ৰীকৃষ্ণ,শকুনি।

 

১৬শ দৃশ্য- বৰাগী।

 

১৭শ দৃশ্য- শল্য,শকুনি, যুধিষ্ঠিৰ,সহদেৱ।

 

 

 

শকুনিৰ প্ৰতিশোধ ১ম দৃশ্য

যুদ্ধক্ষেত্ৰৰ অদূৰ প্ৰান্তৰ

(সময় অপৰাহ্ন , ক্ষুধাৰ্ত বাঘৰ দৰে লোলুপ দৃষ্টিৰে শকুনিৰ প্ৰৱেশ)

 

শকুনি- ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনৰ সফলতা সৌ অদূৰত। দুৰ্য্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দীনহীন অন্নসেৱী। তুমি শত জীৱিত ভ্ৰাতাৰ জ্যেষ্ঠ,আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ? তোমাতে মোতে ইমান প্ৰভেদ ; অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন,আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল। (ক্ৰুদ্ধ দৃষ্টিৰে চাই)আৰু বেছি পৰ নাই । দিগন্ত প্ৰসাৰি লহ-লহ জিহ্বা মেলি অগ্নি জ্বলি উঠিছে ; এটি দুটি কৰি পতঙ্গ জাপ দিছে ! কাৰো সাধ্য নাই তাক নিবাৰণ কৰে ;কাৰো সাধ্য নাই তাক নিৰ্ব্বাপিত কৰে ! (গীত গাই গাই এটা বৰাগী প্ৰৱেশ আৰু গীতৰ এটা কলি গাই প্ৰস্থান)

 

(বৰাগী গীত)

 

নভ জল স্থল কৰি বিমোহন

 

বাজে কিনো গীত ধীৰে ধীৰে ধীৰে,

 

চিৰ অভিনৱ উঠে অবিৰাম

 

অসীম বিয়পি ধীৰে ধীৰে ধীৰে।

 

ৰবি শশী তৰা হয় জ্যোতি-হৰা

 

নিখিল ভুবন আপোন পাহৰা

 

কালে ভোল যায়,সীমা পৰে ধৰা

 

শুনি সেই গীত, ধীৰে ধীৰে ধীৰে।

 

বিশ্ব-জগতে বিভোল চিতেৰে

 

প্ৰকাশ বিকাশ লয়ৰ তালেৰে

 

নিতে নৱ নৱ মহিমা বিতৰে

 

নিয়তি গীতৰ ধীৰে ধীৰে ধীৰে।

 

(“মালঞ্চ”)

 

(কৰুণাধৰ বৰুৱা ৰচিত)

 

শকুনি- মূৰ্খ মানৱ,তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ ? মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সঙ্গীতৰ সুধা ঢালিছ ? নহয়,ঠিক কৰিছ ! আনন্দ কৰ,আনন্দ কৰ! হস্তিনাপুৰ যায়, দুৰ্য্যোধন যায়,কুৰুকুল যায় যায়! উৎসৱ কৰ-মহোৎসৱ কৰ-

 

(প্ৰস্থানোদ্যত)

 

(শল্যৰ প্ৰৱেশ)

 

শল্য- মামা,মামা,কিহৰ উৎসৱ?

 

শকুনি- যুদ্ধ জয়ৰ উৎসৱ।

 

শল্য- কি কৈছা মামা ?

 

শকুনি- কৈছো,আজি দ্ৰোণাচাৰ্য্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে ;পাণ্ডৱ বিভঙ্গে পলাইছে।

 

শল্য- দ্ৰোণাচাৰ্য্য আৰু নাই মামা ! ধৃষ্টদ্যুম্নৰ হাতত নিহত;আমি পৰাজিত।

 

শকুনি- তুমি সুন্দৰ মিছা কথা ক’ব জানা শল্য।

 

শল্য- মিছা নহয় মামা,ই সত্য।

 

শকুনি- সত্য ! অ্যাঁ-ই কি শুনিলো দ্ৰোণাচাৰ্য্য হত ! কৌৰৱ পৰাজিত ! ই কি শুনিলো ! অহ-হ-হ (বহি পৰে)

 

শল্য- বেজাৰ কৰিলে আৰু কি হব?

 

শকুনি- কি বেজাৰ কৰাৰ কথা কৈছা শল্য! আজি মোৰ বুকু ভাগি গল? চকুৰ আগত অন্ধকাৰ দেখিছোঁ। মোক কি শুনালাহি শল্য,মোক কি শুনালাহি ?

 

শল্য- ধৈৰ্য্য নেহেৰুৱাবা মামা ! তুমি অধৈৰ্য্য হলে দুৰ্য্যোধনক কোনে সান্তনা দিব!

 

শকুনি- (বহাৰ পৰা উঠি) ঠিক কৈছা শল্য,মই অধৈৰ্য্য হোৱা অনুচিত । এতিয়াও সময় আছে,এতিয়াও আমাৰ শক্তিসামৰ্থ্য আছে। (ভাবি)মই এতিয়া বুজিব পাৰিছোঁ ! ওঁ ! ইয়াৰ ভিতৰত কথা আছে,কথা আছে! বাৰু যক। এইবাৰ তুমি সেনাপতি হব লাগিব। তুমি,পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয়শিষ্য অৰ্জ্জুনৰ গুৰু দ্ৰোণাচাৰ্য্য নোহোৱা। তুলি শল্য,তুমি পাৰিবা ।

 

শল্য- এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়ধ্বজা উৰাব পাৰোঁ মামা! কিন্তু –

 

শকুনি- আৰু কিন্তু নাই। তুমি সেনাপতি হ’বই লাগিব। কাৰো বিশ্বাস নাই শল্য,কাৰো বিশ্বাস নাই। তুমি দুৰ্য্যোধনৰ মান ৰক্ষা কৰিব লাগিব। কোৱা,কৰিবা ?

 

শল্য- (বুকু ফিন্দাই) কৰিম মামা। অতদিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো,আৰু নকৰো। সেনাপতি হৈ শুনা মামা,পাণ্ডৱৰ নাম পৃথিৱীৰপৰা মচি পেলাম।

 

শকুনি- তুমি পাৰিবা,তুমি পাৰিবা,তুমি পাৰিবা!

 

শল্য- কিন্তু কৰ্ণ ? কৰ্ণক যদি মহাৰাজে সেনাপতি-…………..আকৌ বীৰ। সেইবাবে কোনো চিন্তা নাই শল্য,আহা।

 

(দুইৰো প্ৰস্থান। বিপৰীত ফালৰপৰা বৰাগী আহি আগেয়ে গোৱা গীতৰ বাকী অংশ গাই প্ৰস্থান কৰে।)

 

 

 

শকুনিৰ প্ৰতিশোধৰ ২য় দৃশ্য

 

পাণ্ডৱ শিবিৰৰ ওচৰৰ কানন

 

(এজোপা গছৰ তলত দ্ৰৌপদীয়ে গীত গাই থাকে। গীত শেষ নৌ হওঁতেই কৃষ্ণাঅৰ্জ্জুনক অহা দেখি প্ৰস্থান। বিপৰীত ফালৰ পৰা কথা পাতি কৃষ্ণ আৰু অৰ্জ্জুনৰ প্ৰৱেশ।)

 

(দ্ৰৌপদীৰ গীত)

 

শেৱালীৰে মালা প্ৰিয় ৰচিছিলা কিহলৈ,

 

জৰিল আজলী পাহি ৰেণু উৰি উৰি গৈ ।

 

নিৰুপমা নিমগনা

 

সপোন সুষমা সনা

 

মৰহিলে কবিতাৰ মাধুৰীমা আজি ঐ।

 

আলসুৱা অনুগতা

 

নিমাতী লাজুকী লতা

 

আহো বুলি নাহি প্ৰিয়,গলা কিয় দূৰলৈ?

 

মাধবী জোনালী নিশা

 

ৰূপোৱালী ৰূপ শিখা

 

ঢাকিব বিৰহী মেঘে জানিবানো কেনেকৈ!

 

অৰ্জ্জুন – বনবাসেই ভাল,যদুপতি।

 

কৃষ্ণ- সঁচাকৈয়ে ভাল। সংসাৰীৰ ভোগ-বিলাসৰ প্ৰাধান্য বনত নাই,ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদভ্ৰান্ত নকৰে,বনত সদায় শান্তি আৰু সেই কাৰণেই শান্তিকামী মুনি-ঋষিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে সখা!

 

অৰ্জ্জুন- তেন্তে আত্মীয়-স্বজন বিনাশ কৰি লাভ কি?

 

কৃষ্ণ- একো লাভ নাই।

 

অৰ্জ্জুন – তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইয়াতেই সামৰণি পৰক।

 

কৃষ্ণ- কুৰুক্ষেত্ৰ সমৰৰ সামৰণি কুৰু-পাণ্ডৱে পেলাব নোৱাৰে সখা।

 

অৰ্জ্জুন- কিয়?

 

কৃষ্ণ- বোধকৰো ধৰ্মৰ বাবে।

 

অৰ্জ্জুন- ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ! ই এটা হত্যা,বংশ নাশ, এটা বিৰাট ধ্বংস।

 

কৃষ্ণ- এটা বিৰাট ধ্বংসৰেই প্ৰয়োজন হৈছে সখা, ধৰ্মৰ মৰ্য্যদা ৰক্ষা কৰিবলৈ ।

 

অৰ্জ্জুন – পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা ,দুৰ্ব্বল নিৰীহ প্ৰাণীক হত্যা কৰা কি ধৰ্ম যদুপতি?

 

কৃষ্ণ- প্ৰকাশ্য ৰাজসভাত সতীক বিবস্ত্ৰা কৰা,বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা, কি ধৰ্ম ফাল্গুনী?

 

ভীম- হে মাধৱ, উত্তেজিত নকৰিবা আৰু!

 

(ভীমৰ প্ৰৱেশ)

 

ভীম- উত্তেজনা নহয় অৰ্জ্জুন, চিৰ লক্ষ্য ব্ৰত মোৰ শক্ৰ বিনাশন।

 

অৰ্জ্জুন – দাদা, ক্ষান্ত হোৱা। ৰাঙ্গলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে, ৰাঙ্গলী কৰিছো হাত শিক্ষাদাতা, দীক্ষাদাতা গুৰুৰ তেজেৰে, আৰু কিয় দাদা?

 

ভীম- ভাবিবলৈ দিয়া অৰ্জ্জুন ? (ভাবে )

 

অৰ্জ্জুন- ভাবি চোৱা, এশটা ভ্ৰাতৃৰ মাথো আছে দুটি বাকী। সেই ভাতৃ শোণিতত ৰাজসিংহাসন, আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবু নৰকত? কিয় হেৰুৱাও ইহকাল পৰকাল,বংশ শেষ কৰি?

 

কৃষ্ণ- সখাই কোৱা কথাও বৰ মিছা নহয় বৃকোদৰ। ভাই-ককাইতকৈ ৰাজ্য-ৰাজপাট ডাঙৰ নহয়।

 

ভীম- কেতিয়াও নহয়।

 

কৃষ্ণ- কিন্তু সেই ভাই-ককায়েই অচিনাকি সূতপুত্ৰ কৰ্ণক অযাচিতে অঙ্গদেশ দান কৰিব পাৰিলে,পাণ্ডৱৰ নামত হলে পাঁচখন গাৱোঁ নাহিল।

 

ভীম- উন্মাদ নকৰিবা কৃষ্ণ।

 

কৃষ্ণ- উন্মাদ কৰা নাই বৃকোদৰ ; কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, বৃকোদৰৰ প্ৰতিজ্ঞা,গাণ্ডীৱধাৰী অৰ্জ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী ! কুৰুসভাত উৰু দেখুৱা দুৰ্য্যোধনৰ আজিও অক্ষতদেহ, পাঞ্চালী আজিও মুক্ত-কেশী,দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত? (বেগেৰে প্ৰস্থান)

 

অৰ্জ্জুন – সখা,সখা, (প্ৰস্থান)

 

ভীম- অৰ্জ্জুন অৰ্জ্জুন যুক্তিতৰ্ক ধৰ্ম্মাধৰ্ম্ম যক ৰসাতলে।প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ ব্ৰত। (প্ৰস্থান)

 

-পট-

 

শকুনিৰ প্ৰতিশোধৰ ৩য় দৃশ্য

 

কৰ্ণৰ প্ৰাসাদ কক্ষ

 

(চঞ্চল হৈ কৰ্ণৰ প্ৰবেশ)

 

কৰ্ণ – পদ্মা- পদ্মা- পদ্মা- (পদ্মাৰ প্ৰবেশ)

 

পদ্মা- নাথ-

 

কৰ্ণ – (ওচৰ চাপি) “জীৱন ৰহস্য মোৰ শুনিবি অভাগি?”

 

পদ্মা- কি হৈছে প্ৰিয়তম? একো বুজিব পৰা নাই। আপুনি চঞ্চল হৈছে কিয়?

 

কৰ্ণ – চঞ্চল নহওঁ প্ৰিয়ে, ধীৰ,স্থিৰ আজি মই অচল অটল। জানা কোন মই?

 

পদ্মা- জানো,আপুনি মোৰ স্বামী,মোৰ গুৰু, আপুনিয়েই মোৰ দেৱতাৰো দেৱতা।

 

কৰ্ণ – আৰু কি জানা?

 

পদ্মা- আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন।

 

কৰ্ণ – শুনা প্ৰিয়ে, সুতপুত্ৰ মই-

 

পদ্মা- জানো প্ৰিয়তম-

 

কৰ্ণ – নেজানা, নেজানা? সূতপুত্ৰ মই আছিলো এদিন। কিন্তু,আজি হ’লো, কুন্তী পুত্ৰ,জ্যেষ্ঠ পাণ্ডৱৰ।

 

পদ্মা- উপহাস নকৰিব প্ৰভু।

 

কৰ্ণ – উপহাস! উপহাস নোহে পদ্মা, মাতা আহি, নিজ মুখে,যমুনা তীৰত, কই গ’ল আজি প্ৰভাতত, “ৰাধাৰ নন্দন তুমি নহয় , নহয় ; জ্যেষ্ঠ পুত্ৰ তুমি মোৰ, প্ৰথম তনয় ।”

 

পদ্মা – দয়াময়, তোমাৰ অনন্ত লীলা, অপাৰ কৰুণা।

 

কৰ্ণ – কৰুণা নহয় প্ৰিয়ে, ই যে প্ৰতাৰণা, নহ’লেনো, ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা, শিৰ পাতি লৈ লৈ ঋষি অভিশাপ, অন্তিমৰ যৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয়, ৰাজৰাজেশ্বৰী কুন্তী মাতৃ বুলি মোৰ?

 

(পদ্মাই কৰ্ণৰ মুখলৈ চাই থাকে)

 

কৰ্ণ – স্বাৰ্থপৰ, স্বাৰ্থপৰ, সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকৰ।

 

পদ্মা – প্ৰিয়তম।

 

কৰ্ণ – শুনা পদ্মা, কলঙ্ক কালিমা সানি শৈশৱৰেপৰা সহিলো যাতনা কত, কত অপমান, ক’তা, তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ! হীন কুলোদ্ভব বুলি আচাৰ্য্য দ্ৰোণই, অস্ত্ৰ শিক্ষা নিদিলে ঘৃণাত, দ্ৰৌপদীৰ সয়ম্বৰ দিনা, নীচ বুলি,হীন বুলি, দ্ৰোপদ বালাই, কৰিছিলে কত অপমান, সূতক নকৰো বুলি বৰ মাল্য দান। ক’তা, তেতিয়াতো জননীৰ নেকান্দিলে প্ৰাণ! আজি –

 

পদ্মা – অতীতৰ নিকৰুণ, নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু। নোৱাৰো বুজিব গোপনে আছিল কিয় আজি অতকাল, আপোনাৰ জীৱন ৰহস্য।

 

কৰ্ণ – ৰহস্য বাবে পদ্মা জীৱনৰ ৰহস্য মোৰ গোপনে আছিল।

 

পদ্মা – কি ৰহস্য?

 

কৰ্ণ – কুমাৰী আছিল মোৰ জননী যেতিয়া, আদিত্য তেজত, দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ। কলঙ্কৰ চেকা ধুই নিকা কৰিবৰ উপায় আছিল মাথো, নিঃসহায়,নিৰ্দ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা, অকাতৰে,অম্লান বদনে, নদীৰ গৰ্ভত প্ৰিয়ে, বিসৰ্জ্জন দিয়া!

 

পদ্মা – বিৰ্সজ্জিলে নদীৰ গৰ্ভত!

 

কৰ্ণ – নিদিব?নহ’লে যে নেথাকে নাৰী সতীৰ মহিমা

 

পদ্মা – গৰ্ভজাত সন্তানক কোন সতে চেনেহী মাতৃয়ে-

 

কৰ্ণ – ক্ষান্ত হোৱা পদ্মা তথাপি জননী মোৰ আৰাধ্যা জননী।

 

পদ্মা – এতিয়া কি কৰিব প্ৰিয়তম?

 

কৰ্ণ – নেলাগে ৰাজত্ব মোক , নেলাগে জ্যেষ্ঠতা। সূত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিও, বিফল নহ’ব প্ৰিয়ে, যৌৱনৰ পণ, সখা মোৰ, ভ্ৰাতা মোৰ মাথো দুৰ্য্যোধন।

 

-পট-

 

শকুনিৰ প্ৰতিশোধৰ ৪ৰ্থ দৃশ্য

কৌৰৱ শিবিৰৰ মন্ত্ৰণা কক্ষ

 

( বিষণ্ণ মনেৰে দুৰ্য্যোধন আৰু পাচে পাচে শকুনি আৰু দুঃশাসনৰ প্ৰবেশ)

 

শকুনি – মন মাৰি থাকিলে আৰু হ’ব কি? ভীষ্ম, দ্ৰোণ যদিও বীৰ আছিল ,পক্ষপাতী আছিল। নহ’লেনো ভীষ্ম হেন বীৰে দহ দিন আৰু দ্ৰোণাচাৰ্য্যই মাত্ৰ পাচঁ দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে ? গ’ল গ’ল ভালেই হ’ল। শৌৰ্য্য-বীৰ্য্যত কুৰুকুল এতিয়াও হীন হোৱা নাই । অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা। বহি নাথাকিবা দুৰ্য্যোধন,বহি নাথাকিবা।

 

দুৰ্য্যোধন – বহিবৰ সময় ক’ত মামা ভাবিছো মাত্ৰ ভাবিছো, কি শক্তিত বলীয়ান পাণ্ডৱ সেনানী, কি শক্তিত বলীয়ান হই ধনঞ্জয়ে, পাৰিছে নাশিব মোৰ বিপুল বাহিনী।

 

দুঃশাসন – ইয়াত শক্তিৰ কথা নাই দাদা,ই চক্ৰান্ত। চক্ৰান্তকাৰী কূট কলীয়া কৃষ্ণই শিখণ্ডীক অৰ্জ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু “অশ্বত্থামাহত” বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে।

 

শকুনি -ঠিক কৈছা দুঃশাসন ভীষ্ম,দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই। মাত্ৰ চক্ৰান্ত,চক্ৰান্ত!

 

দুৰ্য্যোধন – হওক চক্ৰান্ত ,এইবাৰ তাক ব্যৰ্থ কৰিম। অঙ্গাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰিপৰীক্ষা কৰিম মামা,পঞ্চ সহোদৰে ধৰে শকতি কিমান । পৰীক্ষা কৰিম, কূটনীতি, ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে ।

 

শকুনি – কৰ্ণকো চিনা টান দুৰ্য্যোধন । তেৱোঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে , তেতিয়া ?

 

(কৰ্ণৰ প্ৰবেশ )

 

কৰ্ণ – তেতিয়া ? তেতিয়া কক্ষচ্যুত হ’ব ভানু মধ্যাহ্নৰ বেলা । মামা, এতিয়াও ম্লান নোহে । ধৰ্ম্মৰ মহিমা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা । হ’ব পাৰো সূতপুত্ৰ, হ’ব পাৰো বিশ্বৰ অস্পৃশ্য, কিন্তু , বন্ধু বুলি , সখা বুলি যাক সাৱটি ধৰিছো মামা শত শত কুৰুক্ষেত্ৰ, সহস্ৰ পাণ্ডৱ , লক্ষ লক্ষ দৈৱকী নন্দনে, নোৱাৰে চিঙিব সেই বন্ধুত্বৰ ডোল নোৱাৰে চিঙিব সেই প্ৰীতিৰ বান্ধোন ।

 

দুৰ্যোধন – সখা , সকলো জানো! সেইহে তোমাকে আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছো। দুঃশাসন, ঘোষণা প্ৰচাৰ কৰা কুৰুবাহিনীত, অতি শীঘ্ৰে ৰণ যাত্ৰা কৰিব লাগিব ; অঙ্গৰাজ হ’ব আহি সেনাপতি নিজে । ভাই, ইবাৰ ৰণতো যদি, পৰাজয় হ’ব লগা আছে –

 

দুঃশাসন – অসম্ভৱ ! এইবাৰ ৰণজয় অনিবাৰ্য্য দাদা। কৰ্ণ মহাৰথী যদি হয় সেনাপতি ; সমৰত কৃষ্ণাৰ্জ্জুনে প্ৰমাদ গণিব। আৰু ভীম? তুচ্চ কথা, প্ৰকাশি বিক্ৰম মোৰ এইবাৰ যুদ্ধত, পৰিচয় দিম তাক দুঃশাসন কোন ! “দুঃশাসন ৰক্তপান” প্ৰতিজ্ঞা ভীমৰ ? হাঃ হাঃ হাঃ মূৰ্খ বধ কৰি সামান্য ৰাক্ষস পাৰ হলি সীমা তই আপোন শক্তিৰ । “দুঃশাসন ৰক্তপান ।” হাঃ হাঃ হাঃ (প্ৰস্থান)

 

শকুনি – বোপা দুৰ্য্যোধন, মই এটা কথা ভাবিছো, এই কৃষ্ণটোক কেনেবাকৈ সিফলীয়া কৰি পঠিয়াব নোৱাৰিনে ? ইয়াক দিহা লগাব পাৰিলেই পাণ্ডৱৰো বুদ্ধিৰ ভুৰুকা উদং, জানি থ’বা ।

 

কৰ্ণ – মামা , অন্যায় যুদ্ধ এবাৰ কৰিলো ; আৰু নকৰো । অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো । সেই হত্যাই শত্ৰু পক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, শত্ৰু পক্ষক শক্তি দান কৰিলে মাথোন ।

 

দুৰ্যোধন – সখা , শত্ৰু সদায় শত্ৰু । বলে-কৌশলে, ন্যায়ে-অন্যায়ে সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্ত্তব্য ।

 

কৰ্ণ – অন্যায় সমৰ কৰি, কুৰুক্ষেত্ৰ কলঙ্কিত নকৰিবা সখা। অন্যায় সমৰ কৰি, শত্ৰুনাশ নোৱাৰা কৰিব। প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে, লক্ষ লক্ষ সেনানীৰ সতে, পঞ্চ ভাই পাণ্ডৱৰ, সন্মুখীন হ’ব খোজে অন্যায় যুদ্ধত, ধ্বংস হ’ব কুৰুকুল, এটি পলকতে ।

 

দুৰ্য্যোধন – ( ভাবি) সত্য কথা । শৈশৱৰে পৰা, উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ, কত চেষ্টা কৰি চালো, তথাপি আজিও দেখো পাণ্ডৱ জীৱিত । নিৰ্ম্মাণিলো জতু গৃহ, প্ৰয়োগিলো হলাহল বিহ, আৰু কত মৃত্যুপুৰী কৰিলো ৰচনা, আঁতৰতে উৰি গ’ল ষড়যন্ত্ৰ ঘোৰ। সত্য কথা সখা, ৰুদ্ৰ ৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে, কুৰুক্ষেত্ৰ সমৰত কৰোক প্ৰবেশ, অন্যায়ৰ নাই প্ৰয়োজন । শক্তিহীন নোহে দুৰ্য্যোধন এতিয়াও বৰ্ত্তমান, কৰ্ণ , দুঃশাসন ।

 

(প্ৰস্থান)

 

কৰ্ণ – ধ্ৰুব সত্য। বীৰে মাথো ধৰ্ম্ম যুদ্ধ কৰি আৱাহন, জয়ী হয় কিম্বা কৰে মৃত্যু আলিঙ্গন ।

 

(প্ৰস্থান )

 

শকুনি – আজি ধৰ্ম্ম লাগে , পুণ্য লাগে , সকলো লাগে ! অত দিন ক’ত আছিলা, দুৰ্য্যোধন ক’ত আছিলা ! পাশা খেলত ধৰ্ম্মলৈ মনত নপৰিল ! ৰজস্বলা দ্ৰৌপদীক বিবস্ত্ৰা কৰোতে ধৰ্ম্মলৈ মনত নপৰিল ! মোৰ বৃদ্ধ পিতা , এটা এটাকৈ নিৰান্নবৈটা ভাতৃ অন্ধকাৰ কাৰাগাৰত, এমুঠি অন্নৰ কাৰণে হাঁহাকাৰ কৰি মৰিবৰ সময়ত ধৰ্ম্মলৈ মনত নপৰিল ? আজি ধৰ্ম্ম লাগে ! ধৰ্ম্ম লাগে ! ধৰ্ম্ম লাগে ! হাঃ হাঃ হাঃ ।

 

(প্ৰস্থান )

 

-পট-

 

শকুনিৰ প্ৰতিশোধৰ ৫ম দৃশ্য

নিৰ্জ্জন পথ

 

( গীত গাই গাই বৰাগীৰ প্ৰবেশ )

 

(গীত)

 

সকলো মায়াৰে খেলা

 

আগতো নেদেখি পাচতো নেদেখি

 

বুজিব নোৱাৰা লীলা ।

 

নিতে ফুলে ফুল সুবাসেৰে ভৰা

 

পখী কুলে ধৰে গীতি সুধাজৰা

 

প্ৰীতি অনুৰাগ সকলো অসাৰ

 

সকলো মায়াৰে খেলা ।

 

ধন জন দেহা মিছা সকলোটি

 

মিছা সঁচা বুলি নৰবা সাৱটি

 

ৰাখা যতনৰে সচাঁ নিধি যিটি

 

( মালঞ্চ)

 

তৰোৱা নিদান বেলা ।

 

( কৰণাধৰ বৰুৱা ৰচিত)

 

(গীতৰ অন্তত বৰাগীৰ প্ৰস্থান )

 

পট-

 

শকুনিৰ প্ৰতিশোধৰ ৬ষ্ঠ দৃশ্য

ধৃতৰাষ্ট্ৰ কক্ষ

 

( এখন শয্যাত ধৃতৰাষ্ট বহি থাকে । ওচৰত থিয় হৈ গান্ধাৰী )

 

ধৃতৰাষ্ট – সি নুশুনে ৰাণী, সি নুশুনে । মোৰ কথা সি নুশুনে ।

 

গান্ধাৰী – কিয় নুশুনিব ? অভিমানী হ’লেও মোৰ দুৰ্য্যোধন অবিবেচক নহয় । আপুনি তাৰ পিতা, জন্মদাত । সি আপোনাৰ কথা শুনিব মহাৰাজ ।

 

ধৃত – আৰু তুমিও তাৰ মাতা । পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নেথাকে গান্ধাৰী ।

 

গান্ধাৰী – মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো সকলো মিছা হ’ল ।

 

ধৃত – আৰু মই বুজোৱা নাই ? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো । কত দিন কাষত বহুৱাই কেঁচুৱা ল’ৰাৰ দৰে গাত হাত ফুৰাই কিইমান বুজালো, দুৰ্য্যোধন যুদ্ধ নকৰিবি , পাণ্ডৱ তোৰ পৰ নহয় । সি মুখ আমোলাই গুচি গ’ল; মোৰ কথা নেৰাখিলে ।

 

গান্ধাৰী – বিশ্বাস নহয় মহাৰাজ ।

 

ধৃত – কি ? ( বিচনাৰপৰা নামি ওচৰলৈ আহি ) কি বিশ্বাস নহয় গান্ধাৰী ?

 

গান্ধাৰী – আপোনাৰ কথা ।

 

ধৃত – পুত্ৰ অবাধ্য । আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি , বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী ।

 

গান্ধাৰী – অভিনয় নকৰিব মহাৰাজ ! এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আপুনিয়েই বেছি দায়ী ।

 

ধৃত – শাস্তি দিয়া ৰাণী । ৰাজৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া ।

 

গান্ধাৰী – আঠান্নবৈটা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল সেই কাঠচিতীয়া পুৰুষক, সেই কঠোৰ পাষাণক অৱলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ ?

 

ধৃত – পুত্ৰশোকত জৰ্জ্জৰিত হ’বলৈ কৈছা ৰাণী ? হৈছোঁ, বহুত দিনৰ আগতে হৈছোঁ ! যি দিনা তুমি , তুমি কৰুণাময়ী জননীয়ে , নিজ গৰ্ভত ধাৰণ কৰা দেৱশিশুক গৰ্ভৰ ভিতৰতে লোৰ মুগ্দৰেৰে মৰিয়াই মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিছিলা, সেই দিনাই, সেই দিনাই জৰ্জ্জৰিত হৈছোঁ আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী ; অশ্ৰুনদী বৈ বৈ শেষ হৈ গ’ল, বুকুৰ চেনেহ নিজৰা শুকাই শুকাই শিলৰ তলি ওলাই পৰিল।

 

(গান্ধাৰী খঙে-বেজাৰে তলমূৰ কৰি নিমাত)

 

ধৃত – (অলপ ৰৈ কোমল মাতেৰে) গান্ধাৰী, গান্ধাৰী।

 

গান্ধাৰী – (কঁপা মাতেৰে) মহাৰাজ-

 

ধৃত – মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ মই, অস্থিৰ মগজু। কিবা ক’ম বুলি কিবা কৈ পেলালো; মোক ক্ষমা কৰা ৰাণী।

 

গান্ধাৰী – সৌৱা দুৰ্য্যোধন আহিছে।

 

ধৃত – আহিছে? আহিছে? ৰাণী ৰাণী মোৰ মূৰ ঘূৰাইছে, স্থিৰেৰে থাকিব পৰা নাই, মোক শয্যালৈ নিয়া, শয্যালৈ নিয়া।

 

(গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক বিচনাত শুৱাই অলপ আঁতৰত থিয় দি থাকে। দুৰ্য্যোধনে প্ৰবেশ কৰি গান্ধাৰীক সেৱা কৰে। পাচত ধৃতৰাষ্ট্ৰৰ ওচৰলৈ গৈ ভৰি চুই হাত লগায়। ধৃতৰাষ্ট্ৰ নিমাত নিতাল)

 

দুৰ্য্যোধন – আই, মোক বোলে মাতি পঠিয়াইছিলা?

 

গান্ধাৰী – মাতিছিলো দুৰ্য্যো।

 

দুৰ্য্যো – কোৱা, কিয় মতালা! (গান্ধাৰী নিমাত)

 

দুৰ্য্যো -আই, তোমোৰ কি হৈছে ? নেমাতা কিয় ?

 

গান্ধাৰী – একো হোৱা নাই।

 

দুৰ্য্যো – তেন্তে কোৱা। কুৰুক্ষেত্ৰৰ পৰা তোমাৰ আদেশতে লৰি আহিছো আই।

 

গান্ধাৰী – ক’ম, ক, তই শুনিবি?

 

দুৰ্য্যো – কোন দিনা তোমাৰ অবাধ্য হৈছোঁ আই?

 

গান্ধাৰী – তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ। মোৰ সকলো গ’ল। মাত্ৰ তই আৰু দুঃশাসন আছ, এই যুদ্ধ পৰিত্যাগ কৰ বাচা।

 

দুৰ্য্যো – আই, আই, কিয় সেই একেটা কথাকে ধৰি আছা?

 

গান্ধাৰী – কিয় ধৰি আছো! পুত্ৰশোক যে কি, কি বুজাম! ভৰ বয়সতে এটা এটাকৈ দুটা কম এশ সন্তানে মোক এৰি গুচি গ’ল। সিহঁতে মোৰ বুকু শুৱাই আছিল। আজি সেই বুকু উদং হ’বলগীয়া হৈছে। আৰু কিমান সহ্য কৰিম? দুৰ্য্যোধন, মোৰ কথা ৰাখ আৰু যুদ্ধ কৰিব নালাগে।

 

দুৰ্য্যো – হে জননী পৰিহাৰ কৰিলে সমৰ মৃত্যু পুৰীৰ পৰা আহিবনে কোৱা মোৰ মৃত ভাতৃ ঘূৰি? পৰিহাৰ কৰিলে সমৰ পাৰিমনে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা।

 

গান্ধাৰী – নোৱাৰে মচিব কেৱে বিধিৰ বিধান। সেই বুলি আপোন ঘৰত জ্বলিলে যি ভীষণ অগণি আৰু তাক জ্বলিব নিদিব।

 

দুৰ্য্যো – যি অগ্নিয়ে, দহন কৰিলে মোৰ ভ্ৰাতাৰ চেনেহৰ যি অগ্নিয়ে, দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি,জ্বলক জননী! হয় যদি দগ্ধ হোক চিৰ শক্ৰ মোৰ, নতুবা নিজেই দহি, ছাই ভষ্ম হই উৰি উৰি,গুচি যাওঁ পৰ পাৰলৈ।

 

গান্ধাৰী -মাতৃৰ আজ্ঞা লঙ্ঘন নকৰিবি পুত্ৰ।

 

দুৰ্য্যো -সন্তানক অপৰাধী নকৰিবা মাতা। জানো মই, বেদবাণী তোমাৰ আদেশ। কিন্তু, কি কৰিম? মেলি দিলো তৰী মোৰ মহা জলধিত, নাহে ঘূৰি, নোৱাৰো ঘূৰাব, যদ্যপি নেপায় মাতা তাৰ লক্ষ্য তীৰ।

 

গান্ধাৰী – পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে, তাকে দি নকৰা কিয় সন্ধি এতিয়াও? দয়াশীল যুধিষ্ঠিৰ, সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱত।

 

দুৰ্য্যো – সন্ধি? কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ সতে?

 

গান্ধাৰী – কি ক্ষতি?

 

দুৰ্য্যো – ক্ষতি একো নাই। কিন্তু, এই সন্ধিৰ কাৰণে যুদ্ধ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে, প্ৰাণৰ মমতা এৰি এৰি প্ৰিয় জন, নাই কৰা প্ৰাণ দান উন্মাদৰ দৰে। মাতা, জন্ম মোৰ ক্ষত্ৰিয় কুলত; বীৰ মই চন্দ্ৰবংশী, ৰাজৰাজেশ্বৰ। প্ৰাণৰ ভয়ত আজি কাপুৰুষ হই পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি, সন্ধি ভিক্ষা নকৰো, নকৰো। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্যা গোসানী, কাষৰ শয্যাত সউ জন্মদাতা পিতা মোৰ, উপাস্য দেৱতা। (ধৃতৰাষ্ট্ৰ চক্ খাই উঠি বিচনাত বহে ) শুনা, দুইৰো আগত পুনু কৰো নিবেদন, যুদ্ধ ত্যেজি পাণ্ডৱক সুচ্যাগ্ৰ মেদিনী, প্ৰাণান্তেও নিদিওঁ নিদিওঁ। হ’ব লগা আছে যদি, সোণৰ হস্তিনা মোৰ হো’ক চাৰখাৰ; দিব লাগে, যদি দিম, ৰঙ্গা ৰক্ত গাৰ। (বেগেৰে প্ৰস্থানোদ্যত)

 

ধৃত – (গলগলীয়া মাতেৰে) পুত্ৰ।

 

দুৰ্য্যো – পিতা

 

ধৃত – আশীৰ্বাদ কৰো বাচা হোক যুদ্ধ জয়।

 

দুৰ্য্যো – পিতৃ পদে মতি যেন চিৰ দিন ৰয়।

 

গান্ধাৰী– (হঠাৎ মুখৰপৰা ওলাল) আৰু যদি হয় পৰাজয়?

 

দুৰ্য্যো – (প্ৰণাম কৰি মিচিকীয়া হাঁহিৰে) তোমাৰ সন্তান মই, নাই মৃত্যুভয়।

 

পট-

 

শকুনিৰ প্ৰতিশোধৰ ৭ম দৃশ্য

যুদ্ধ ক্ষেত্ৰৰ এফাল

 

(যুধিষ্ঠিৰ আৰু সহদেৱৰ প্ৰবেশ)

 

যুধিষ্ঠিৰ -ভাই,আজি আমাৰ যুদ্ধ জয় হৈছে যদিও ইয়াত নিৰ্ভৰ কৰিব নোৱাৰি। কৰ্ণ অসীম প্ৰতাপী দুৰ্জ্জয় বীৰ। আজি ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা হব।

 

সহদেৱ -যিমানেই ডাঙৰ বীৰ হওক,কৌৰৱৰ যিমানেই শক্তি থাকক শেষ ফল আমাৰেই শুভ হ’ব বুলি মোৰ ধাৰণা দাদা।

 

যুধি -সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলো ভাই । কিন্ত দুখ লাগে,মাজে মাজে অনুতাপ হয়,নিজৰ বংশ নাশ কৰি কি কৰিছো।

 

সহ-পাপৰ প্ৰায়শ্চিত্ত,দোষৰ শাস্তি আছেই। তাত বেজাৰৰ কথা কি আছে দাদা ?

 

যুধি -দুৰ্য্যোধনৰ বাহিৰে কোনেও সিমান দোষ বা পাপ কৰা নাই সহদেৱ,যদি কৰিছেও,ৰজাৰ আজ্ঞাত কৰিছে। ৰজাৰ ধৰ্ম্মকে নিজ ধৰ্ম্ম বুলি।

 

সহ -অধৰ্ম্মী ৰজাৰ পাপ কাৰ্য্য কোনো জ্ঞানী আৰু ধাৰ্ম্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা।

 

যুধি -আংশিক সচা।

 

সহ -কূট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি,এই যুদ্ধৰ পুৰুহিত। অভিমানী দুৰ্য্যোধনে তাৰ কথা শুনিয়েই যুদ্ধত জাপ দিছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব,সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ। বাৰু,মই এতিয়া আহোঁ দাদা।

 

যুধি -যোৱা ভাই,তুমি ক্লান্ত।(সহদেৱৰ প্ৰস্হান! স্বগতঃ)হে অনাদি,অনন্ত,অব্যক্ত,নিৰাকাৰ নিৰঞ্জন,তুমিয়েই আদি তুমিয়েই শেষ। অবোধ সন্তানক ক’লৈ টানি নিছা প্ৰভু?

 

(ভীমাৰ্জ্জুনৰ প্ৰৱেশ)

 

অৰ্জ্জুন -দুৰ্য্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা আজি প্ৰাণ লৈ পলাল দাদা।

 

যুধি -শুনিছোঁ ভাই,অতি আনন্দৰ কথা।

 

ভীম -এই পলায়নৰ পুৰস্কাৰ স্বৰপে,দুৰ্য্যোধনে কৰ্ণক অঙ্গদেশ আগতে দান দি থৈছিল। (যুধিষ্ঠিৰ আৰু অৰ্জ্জুনে হাঁহে)

 

অৰ্জ্জুন -কিন্ত দুৰ্য্যোধনৰ ধৈৰ্য্য প্ৰশংসা নকৰি নোৱাৰি দাদা,এতিয়াও অচল অটল,এতিয়াও বুকু ডাঠ।

 

যুধি -মানুহ স্বৰপে,ৰজা স্বৰপে দুৰ্য্যোধন দোষী হ’লেও ক্ষত্ৰিয় স্বৰূপে কুৰুৰাজ যথাৰ্থ বীৰ।

 

ভীম -সেই বীৰত্বও যাব,ডাঠ বুকুও কঁপিব।

 

যুধি -কেনেকৈ ভাই?

 

(ভীমে অতি গহীন হৈ হাতত থকা গদা দেখুৱায়)

 

যুধি -বিশ্বাস কৰো।

 

অৰ্জ্জুন -কুৰুপতিৰো কিন্ত অটল বিশ্বাস কৰ্ণৰ ওপৰত।

 

যুধি -অযোগ্যত,বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী।

 

অৰ্জ্জুন -হব পাৰে যোগ্যজন। কিন্ত এইদৰে পলাবলৈ হ’লে,সেই বিশ্বাস কিমান দিন থাকিব।

 

ভীম -মোৰ ধাৰণা হৈছে,এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিব। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলঙ্ক সহ্য কৰি থাকিব নোৱাৰে অৰ্জ্জুন।

 

যুধি -মোৰো সেয়ে ধাৰণা।

 

অৰ্জ্জন -তাৰ বাবে চিন্তা নাই দাদা,যদুপতি আমাৰ সহায়।

 

(কৃষ্ণৰ প্ৰবেশ)

 

কৃষ্ণ -যদুপতিয়ে কি কৰিব সখা? তোমাৰপৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰপৰা গদা লৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে ?

 

যুধি -যদুপতি,তুমি নিৰস্ত্ৰ হ’লেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই,আমাৰ পঞ্চ ভ্ৰাতা আৰু সেনা-সেনানীক শক্তিশালী কৰি তুলিছে।

 

কৃষ্ণ -সিমান শক্তি থকা হ’লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্ম্মৰাজ। সেইবোৰ কথা এতিয়া নেলাগে,ব’লা শিবিৰলৈ যাওঁ,বৰ ভাগৰ লাগিছে।

 

যুধি -আহাঁ,মই বিশ্ৰামৰ আয়োজন কৰো। (প্ৰস্থান)

 

ভীম -ব’লা যদুপতি আমিও শ্ৰান্ত।

 

কৃষ্ণ -ভীমাৰ্জ্জুনে যুদ্ধ কৰি শ্ৰান্ত হোৱাৰ আৰম্ভ হৈছে আৰু আজি শ্ৰান্ত,কাইলৈ মূৰ্চ্ছা,পৰহিলৈ-

 

ভীম -ভীমাৰ্জ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্চ্ছা নেযায় যদুপতি ।

 

কৃষ্ণ -যাবলৈ কিমান পৰ ?

 

ভীম -পলৰীয়া অধিৰথ সূতে বৃকোদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ।

 

কৃষ্ণ -কিন্ত সেই অধিৰথ সূত,সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা ।

 

ভীম – অৰ্থাৎ

 

কৃষ্ণ – অৰ্থাৎ , হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বৃকোদৰক মূৰ্চ্ছা নিয়াব পাৰে, ৰামদত্ত বিজয় ধনুৰ্ধাৰী কৰ্ণই ধনুৰ্ব্বানেৰে তেওঁক মূৰ্চ্ছিত কৰা একো অসম্ভৱ নহয় ।

 

ভীম – বিজয় অজয় একো নেজানো মাধৱ। ধনুৰ্বান অগ্নিবান, নগণো একোকে । ভীষণ আঘাত পালে ভীমৰ গদাৰ, উৰি যাব ধনুৰ্ব্বান ঠান্ বান হই

 

কৃষ্ণ – দাদাৰ অলপ কথাতে খঙ্ উঠে ।

 

ভীম – খঙ নহয় কৃষ্ণ, ই মোৰ সৰল কথা ।

 

কৃষ্ণ – এতিয়া বুজিলো , বৃকোদৰ মুৰ্চ্ছা যোৱা বিধৰ মানুহ নহয় । (অৰ্জ্জুনলৈ চাই ) সখাত কিন্তু অলপ সন্দেহ আছে ।

 

অৰ্জ্জুন – কাৰণ ?

 

কৃষ্ণ – কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা ।

 

অৰ্জ্জুন – বাদ –প্ৰতিবাদ মোক নেলাগে মুৰাৰি। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দী লাগে । ৰামদত্ত, গুৰুদত্ত থাকক বিজয় সখা, কৰ্ণৰ হাতত, মোৰো আছে, দেৱদত্ত গাণ্ডীৱ মুঠিত । অতিকে আকুল ই যে, অতি তৃষ্ণাতুৰ, ঘনে ঘেনে বিচাৰিছে কৰ্ণৰ ৰুধিৰ ।

 

ভীম – মোৰো অতি শুষ্ক কন্ঠ। উত্তপ্ত লোহিত, মোকো লাগে , মোকো লাগে, বুকুৰ অমৃত ।

 

কৃষ্ণ – (হাঁহি ) পাব আহাঁ এতিয়া ।

 

(কৃষ্ণ আগে আগে , পাচত ভীমাৰ্জ্জুনৰ প্ৰস্থান)

 

-পট-

শকুনিৰ প্ৰতিশোধৰ ৮ম দৃশ্য

কুৰু শিবিৰৰ এটা কক্ষ

 

( কৰ্ণ আৰু দুঃশাসনৰ প্ৰবেশ )

 

কৰ্ণ – দুঃশাসন, প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ ।

 

দুঃশাসন – আমাৰ অজস্ৰ সৈন্য নিধন হ’ল অঙ্গৰাজ ।

 

কৰ্ণ -স্বীকাৰ কৰিছোঁ। কিন্তু ভীষ্ম দ্ৰোণয়ো সৈন্যনাশত বাধা দিব নোৱাৰিছিল।

 

দুঃশা -সেইটো হয়, পিচে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে, আন কাৰো ওপৰত সিমান নাছিল । মাত্ৰ সন্মান কৰি পিতামহ আৰু গুৰু দ্ৰোণক আগতে সেনাপতি পাতিলে ।

 

কৰ্ণ – সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দঃশাসন ।

 

দুঃশা – জানো মহাৰাজ ।

 

কৰ্ণ – আজি হাৰিছো বুলি চিৰ দিন নেহাৰো, আজি সৈন্যনাশ হ’ল বুলিয়েই চিৰদিন হ’ব নোৱাৰে ।

 

দুঃশা – পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হ’লে আমাৰ জন্মধাৰণ কৰা মিছা মহাৰাজ । বীৰ বুলি, ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মুল্য নাথাকে ।

 

কৰ্ণ – পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলীক কল্পনা ।

 

দুঃশা – যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃত দেহৰ ওপৰত শিয়াল-শগুণ বহি মঙ্গহ টনা-আজোৰা কৰিব, সেই দিনা আমাৰ কিমান আনন্দ হ’ব?

 

কৰ্ণ – সেই শুভদিনলৈ আৰু বেছি অপেক্ষা কৰিব নেলাগে দুঃশাসন, সেই দিন আহিছে ।

 

দুঃশা – আহিবই লাগিব । দুৰ্য্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয় । সেই দিন আনিবলৈ লাগিব । বাৰু আপুনি অলপ অপেক্ষা কৰক, মই দাদাক জনাওঁ । (প্ৰস্থান)

 

কৰ্ণ – (স্বগতঃ) কৃষ্ণ হ’ব পাৰা তুমি নৰৰূপী ভগৱান , সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব । পাৰ্থক ৰাখিব নোৱাৰিবা ।

 

(বিষন্ন মনেৰে দুৰ্য্যোধনৰ প্ৰবেশ)

 

কৰ্ণ – আহাঁ সখা ।

 

দুৰ্য্যো – অঙ্গাধিতি, পাণ্ডৱৰ পৰাজয় বাৰ্ত্তা শুনি সুখী হ’লো ।

 

কৰ্ণ – তিৰস্কাৰ নকৰিবা সখা ।

 

দুৰ্য্যো – তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ-কীৰ্ত্তন কৰিছোঁ ।

 

কৰ্ণ – (অলপ খঙৰে ) সখা –

 

দুৰ্য্যো -( খঙৰে) কি-

 

কৰ্ণ – কৰ্ণ এতিয়াও জীয়াই আছে ।

 

দুৰ্য্যো – এটা সামান্য কুৰু-সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় মহাৰাজ ।

 

কৰ্ণ – কুৰুপতি, ই আই কেনে ব্যৱহাৰ ?

 

দুৰ্য্যো – কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি, বীৰ অগ্ৰগণী, মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ ।

 

কৰ্ণ – কৌৰৱেশ্বৰ, কৰ্ণক অধৈৰ্য্য নকৰিবা, ক্ষিপ্ত নকৰিবা ।

 

দুৰ্য্যো – ভ্ৰকুটি দেখুৱাবলৈ মোক নাৰীজ্ঞান কৰিছা মহাৰাজ ?

 

কৰ্ণ – জানো ,তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী। জানো, বীৰ তুমি, নোহোৱা ৰমণী । অসীম ঐশ্বৰ্য্যশালী তুমি কুৰুপতি, নিঃসহায় নিৰ্ধনী কৰ্ণক, সত্যকথা, অযাচিতে কৰিছিলা ৰাজ্য দান, কৰিছিলা মণি-মুক্তা দান, সেই বুলি , কৰ্ণই নকৰে সহ্য এনে অপমান ।

 

দুৰ্য্যো – তেন্ত দুৰ্য্যোধনে কোন প্ৰাণে, সহিব পাৰিব কোৱাঁ তেনে অপম

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক