শগুণ- (ডাঃ সংগীতা কাকতি)

মেডিকেল কলেজখনৰ বিশাল কেম্পাচটোৰ এটা মূৰে ’আই চি ইউ’ বিভাগটো৷ দুমহলীয়া সেই বিল্ডিংটোৰ গেটখন খুলি অলপ আচৰিত হ’ল বিনোদ৷ গেটৰ পৰা দুখোজ চিৰিৰে বগাই পোৱা বাৰাণ্ডাখন আজি ইমান নিজান হৈ আছে! চৰকাৰী মেডিকেল কলেজ এইখন; ’আই চি ইউ’ত থকা ৰোগীৰ ঘৰৰ মানুহবোৰে বাৰাণ্ডাখনতে শুই-বহি উৎকণ্ঠাত সময়বোৰ পাৰ কৰে৷ ৰাতি প্ৰায়ে ভিতৰৰ দুই-এজন ৰোগী মৰে৷ ৰাতিপুৱা বাৰাণ্ডাখনৰ পৰা ভাঁহি অহা, সেই ৰোগীকেইজনৰ ঘৰৰ মানুহৰ কান্দোনত বাটৰুৱায়ো চকুলো নিগৰায়৷ ভিতৰলৈ জুমি চাই সি দেখিলে, মানুহ কেইজনমানে তাচ খেলি আছে৷ নাই, কোনো কান্দোন-হুমুনিয়াহ নাই আজি বাৰাণ্ডাখনত৷

“সাৰ পায়েই শগুণৰ নিচিনাকৈ মৰাশ বিচাৰি আহি গ’লি নহয়নে?” সোমাই যোৱা বাটেৰে উলটিবলৈ লওঁতেই বিনোদৰ কাণত পৰিল কথাকেইটা৷ চিনাকি কথা এইষাৰ, যোৱা চাৰিটা বছৰত বহুতবাৰ শুনিছে সি৷ মাতটোও চিনাকি, ’আই চি ইউ’ৰ পুৰণি ৱাৰ্ড বয় মফিজ কাইৰ মাত৷ “আনৰ ঘৰত লঘোণ হ’ব বুলি গম নাপালে ভয়েই খাৱ নহয়নে, তহঁতৰ চৌকাত জুই নজ্বলিব বুলি? যোৱাৰাতি এঘৰত লঘোণ পৰিল, পিছে সেইটোৱে তহঁতৰ চৌকালে যে জুই নিনিয়াই তাকে ভাবিহে দুখ লাগিছে।” কথাবোৰ শুনিও নুশুনাৰ ভাও ধৰি, একে গতিৰে গেটখনৰ ফালে আহি থাকিল বিনোদ৷ তাৰপিছত আনকালৰ দৰেই মফিজ কাইৰ প্ৰথমে হুঁটাকৈ ওলোৱা মাতষাৰ হঠাৎ কোমল হৈ পৰিল৷ “অ’ই শুনছোন, দুখীয়া পেচেণ্ট৷ লগত অকল তেৰ বছৰীয়া পুতেকটো৷ হাতত এপইচাও নাই৷ জিতেনহঁতে নিনিলে, তোলৈকে বাট চাই আছোঁ৷ এবাৰ কথা-বতৰা পাতি চা, পাৰ যদি থৈ আহগৈ৷ নহ’লে যে বডীটো মেডিকেলত দান দিব লাগিব বুজাই কৈছোঁ পুতেকক।”
খুলিব খোজা গেটখন নোখোলাকৈ ৰৈ গ’ল বিনোদ৷ তাৰপিছত সি মফিজ কাইৰ পিছে পিছে ভিতৰলৈ সোমাই গ’ল৷ গৈ দেখিলে আই চি ইউৰ এচুকৰ বেড এখনত বগা কাপোৰেৰে ঢাকি থোৱা ডেডবডীটো, কাষতে বিছনাৰ হেন্দেলডালত মূৰ থৈ সৰু ল’ৰা এটা৷ মফিজ কায়ে তাক চিনাকি কৰাই দিলে৷ ল’ৰাটোক দেখি চাৎকৈ ষোল্লবছৰৰ আগৰ দিনটোলৈ বিনোদৰ মনটো উৰি গ’ল৷ ৱাৰ্ডৰ বাহিৰলৈ উলিয়াই দিয়া দেউতাকৰ মৃতদেহটোক সাৱটি কান্দি আছিল তাৰ মাকে৷ মাকৰ চাদৰৰ আঁচলত ধৰি নীৰবে চকুলো টুকি থকা সেই দহবছৰীয়া বিনোদটোৰ স’তে ইমান মিল সমুখৰ ল’ৰাটোৰ৷ ইমান সকৰুণ তাৰ অসহায় চকুহাল! “ঘৰ ক’ত তোমাৰ?” সেই চকুহালত চকু থৈয়েই সুধিলে বিনোদে৷
“যোৰহাটৰ তিতাবৰত দাদা৷ দৰব কিনিবলৈকে পইচাৰ যোগাৰ হোৱা নাছিল৷ মা কালি ঘৰলৈ গ’ল পইচা আনিবলৈ৷ মায়ে গমেই নাপায় ৰাতি দেউতা এনেকে হঠাৎ হেৰাই গ’ল বুলি৷ আপুনিয়েই কওকচোন, মই কেনেকৈনো গৈ মাক কওঁ যে দেউতা ঢুকাল আৰু মই দেউতাৰ শটো কেইটামান টকাৰ অভাৱত পেলাই থৈ আহিলোঁ আনিব নোৱাৰি৷ ঘৰত মাৰ সোণৰ ফুলি এযোৰ আছে৷ সেইযোৰকে আপোনাক দি পঠিয়াম; আপুনি দেউতাক ঘৰলৈ নিয়াৰ সহায়কণ মোক কৰি দিয়ক।”
অলপপৰ ল’ৰাটোলৈ ৰ’ লাগি চাই, বিনোদে তাক ক’লে, “ওলোৱা৷ মই তোমাক লৈ যাম।”
বিপুল তাৰ নাম৷ মফিজ কাইৰ লগত মিলি বিপুলে দেউতাকৰ ডেডবডীটো তাৰ গাড়ীলৈ নিয়াৰ যো-জা চলালে৷ অলপ পিছতেই পিছফালে বডীটো ভৰাই কুঁৱলী ফালি আগবাঢ়িল বিনোদৰ গাড়ী৷ বিপুলক সি তাৰ কাষৰ চিটটোতে বহুৱাই ল’লে৷ কিয় জানো ল’ৰাটোৰ মাজত সি নিজকেই দেখা পাইছে বাৰে বাৰে৷ ষোল্লবছৰৰ আগত এইখন মেডিকেল কলেজতে তাৰ দেউতাক ঢুকাইছিল৷ সিহঁতৰো দেউতাকৰ শটো ঘৰলৈ নিবলৈ পইচা নাছিল৷ বিয়া-সবাহত ঘৰ ভৰাই ৰখা মিতিৰ-কুটুমবোৰৰ কোনো সেই সময়ত আগবাঢ়ি অহা নাছিল সহায় কৰিবলৈ৷ ডেডবডীটো মৰ্গত থৈ পইচা যোগাৰ কৰিবলৈ ঘৰলৈ গৈছিল মাক আৰু সি৷ ওচৰ-চুবুৰীয়া, মিতিৰৰ হাতে-ভৰিয়ে ধৰি যেতিয়া পইচা যোগাৰ হৈছিলগৈ, তেতিয়ালৈ দেউতাকৰ মৃতদেহটো মৰ্গৰ পৰা উলিয়াই চমজাই দিয়া হৈছিল মেডিকেল কলেজৰ ‘এনাটমী’ বিভাগক৷ চিকিৎসক হ’বলৈ অহা সপোনবলীয়া ল’ৰা-ছোৱালী এজাকে হেনো তাৰ দেউতাকৰ দৰে ডেডবডীবোৰ কাটি কাটি চিকিৎসা বিজ্ঞান শিকে; মৰ্গৰ মানুহজনে বুজাইছিল সিহঁতক৷ বলীয়াৰ দৰে হৈ পৰিছিল তাৰ মাক৷ পইচাৰ অভাৱত দেউতাকৰ মৃতদেহটোক ঘৰত থৈ নহা ভানকেইখনলৈ চাই সি সেইদিনাই মনতে প্ৰতিজ্ঞা কৰিছিল, সি ডাঙৰ হৈ ডেডবডী কঢ়িওৱা গাড়ী এখন ল’ব৷ সন্মানেৰে আপোন কাৰোবাক চিতাত তুলি দিবলৈ নাপাই কোনেও তাৰ দৰে আজীৱন বুকুত কঢ়িয়াই নুফুৰক একুৰা জীয়া জুই, তাৰবাবে সি চেষ্টা কৰিব৷ সেয়ে হায়াৰ চেকেণ্ডাৰী পৰীক্ষা দি উঠিয়েই সি ঘৰ এৰি গুচি আহিছিল ইয়ালৈ৷ কিছুদিন যাৰ-তাৰ লগত গাড়ী চলাবলৈ শিকি এসময়ত ধাৰ-ধুৰ কৰিয়েই চেকেণ্ড হেন্দ এই গাড়ীখন কিনি লৈছিল চিনাকি এজনৰ পৰা৷
এই গাড়ীখনেৰে মৃতদেহ অনা-নিয়া কৰোঁতে জীৱনৰ বহুত ৰূপ দেখিলে বিনোদে৷ দেখিলে লোকক দেখুৱাই হিয়া ঢাকুৰি কান্দি গাড়ীৰ ভিতৰত “বুঢ়াটো গ’লগৈ বুজিছ, এতিয়াহে অকণমান উশাহ পাইছোঁ” বুলি ম’বাইলত কথা পতা পুতেকক৷ শুনিলে বাহিৰত প্ৰকাশ কৰিব নোৱাৰা অলেখ হৃদয়ৰ নীৰব ধুমুহাৰ ঢৌ৷ মফিজ কাইৰ দৰে অনেকজনৰ পৰা সি ‘মৰাশ বিচাৰি ফুৰা শগুণ’ বুলি নাম পালে৷ কাৰো-কাৰোবাৰ পৰা আশীৰ্বাদো পালে “তোমাৰ গাড়ীখন বৈকুণ্ঠলৈ যোৱা ৰথ” বুলি৷ সেই আশীৰ্বাদবোৰে, আত্মীয়তাৰ ডোলেৰে বান্ধ খাই থকা পৰিয়ালবোৰৰ চকুপানীবোৰেই তাক সুখী কৰি ৰাখিছে৷ প্ৰথমে সি এই কামত ধৰোঁতে অলপ দুখ পালেও লাহে লাহে মাকেও সেই স্বৰ্গীয় সুখবোৰ অনুভৱ কৰিবলৈ লৈছে৷
“দাদা, পি চি অ’ দেখিলে অলপ ৰখাই দিবচোন গাড়ীখন৷ মালৈ এটা ফোন কৰিম।” বিপুলৰ মাততহে বৰ্তমানলৈ ঘূৰি আহিল বিনোদ৷ একেবাৰেই পুৱা হৈ আছে তেতিয়া, পি চি অ’ খুলিবলৈ ভালেমান দেৰি লাগিব আৰু৷ গাড়ীখনৰ স্পীডটো অলপ কমাই দি তাৰ মোবাইল ফোনটোকে আগবঢ়াই দিলে বিনোদে৷ বহী এখনৰপৰা নম্বৰটো উলিয়াই ডায়েল কৰিলে বিপুলে৷
“তই আজি আহিব নালাগে মা৷ দেউতাই অলপ ভাল পাইছে৷ ঘৰলৈ যাওঁ বুলিও কৈছে৷ সেইকাৰণে দেউতাক লৈ মই আহি আছোঁ ঘৰলৈ।”
সিফালৰ পৰা মানুহগৰাকীৰ উল্লাসিত হুমুনিয়াহটো স্পষ্টকৈ পৰিলহি বিনোদৰ কাণত৷
হঠাৎ পুৰণি কথা এটা মনত পৰাত গাড়ীখন ব্ৰেক মাৰি ৰখাই দিলে সি৷ যোৱাবছৰ শিৱসাগৰৰ ল’ৰা এটাৰ মৃতদেহ লৈ যাওঁতে হোৱা কথা এটা৷ লগত যোৱা দেউতাকে এনেদৰে মিছা আশা দেখুৱাই ফোন কৰিছিল ল’ৰাটোৰ মাকলৈ৷ মৰমৰ পুতেকটো ভাল হৈ ঘৰলৈ উলটি অহাৰ ফূৰ্ত্তিত উথলি পৰিছিল মাক৷ আৰু শেষত গৈ যেতিয়া চোতালত বগা কাপোৰেৰে মেৰিওৱা ল’ৰাটোৰ শটো নমাইছিলগৈ বিনোদে, ভিতৰত অচেতন হৈ পৰিছিল মানুহজনী৷ হাঁহিবোৰ তেনেদৰে হঠাৎ কান্দোনলৈ বদলি হ’লে কলিজাটো বন্ধ হৈ যায় হেনো কেতিয়াবা, চোতালত গোট খোৱা মানুহবোৰে কোৱা-কুই কৰিছিল তেতিয়া৷ বহুত দেৰিলৈকে অচেতন হৈ থকা মাকজনীক তাৰ গাড়ীখনতে হস্পিটেললৈ লৈ গৈছিল চুবুৰীৰে কেইজনমান মানুহে৷ ভাগ্য ভাল আছিল কিবা, মানুহজনী বাচিছিল৷ বিনোদৰ ভয় লাগিল, বিপুলৰ মাকৰো যদি একেই দশা হয়!
অলপ ৰৈ ম’বাইল ফোনটো উলিয়াই সি লাষ্ট কল কৰা নম্বৰটোত ৰি-ডায়েল কৰিলে৷ বিশেষ পাতনি নেমেলাকৈয়ে সি কৈ গ’ল সিপাৰৰ আশাৰে থৌকি-বাথৌ মানুহজনীক উদ্দেশ্যি, “খুৰীদেউ, মই খুৰাদেউক লৈ অনা এম্বুলেঞ্চখনৰ ড্ৰাইভাৰে কৈছোঁ৷ খুৰাদেউৰ অৱস্থাটো হঠাৎ অলপ বেয়া হৈ পৰিছে৷ বিপুল দৰব আনিবলৈ নামি গৈছে৷ ঘৰ ঠিকে-ঠাকে গৈ পালেগৈয়ে হয় আৰু!” ফোনটোৰ পৰা উফৰি অহা সিফালৰ মাকৰ অসহায় মাতটো শুনা পাই বিপুলৰ দুচকুত খঙৰ জুই একুৰা যেন জ্বলি উঠিল৷ দূৰ্বল মানুহগৰাকীক আৰু বেছি দূৰ্বল কৰি পেলোৱাৰ অপৰাধত সেই জুইকুৰাই এই যেন দহি নিব বিনোদক৷ ভুল নুবুজিলে বিনোদে সেই জুইকুৰা দেখি, শান্ত মাতষাৰেৰে সি বিপুলক বুজালে; মানুহগৰাকীক সত্যটো স্বীকাৰ কৰিবলৈ সাজু কৰিব লাগিব৷ শিৱসাগৰৰ ল’ৰাটোৰ মাকৰ কাহিনীটোও ক’লে৷ দুগালেদি চকুলো বৈ আহিল বিপুলৰ, জীৱনৰ জটিলতম ক্ষণত ইমান সমমৰ্মিতা অচিনাকি কাৰোবাৰ পৰা!
“ফোনটো লোৱা আৰু লগৰ নতুবা ওচৰৰ মিতিৰ কাৰোবাক ফোন কৰি ঘৰলৈ যাবলৈ কোৱা৷ মাক চম্ভালিবলৈ, আমি গৈ পোৱাৰ আগতেই।” ফোনটো বিপুললৈ পুনৰ আগবঢ়াই দিলে সি৷ অলপ পৰ বহীখন খুচৰি বিপুলে নম্বৰ এটা ডায়েল কৰিলে৷ ফোনটো সিফালে ৰিচিভ কৰোঁতেই সি কান্দি কান্দি ক’লে, “মহা, দেউতা আৰু নাই৷ মই শটো লৈ আহি আছোঁ ঘৰলৈ৷ আপুনি মাহীক লৈ সোনকালে যাওকচোন আমাৰ ঘৰলৈ, মাৰ ওচৰলৈ।” ফোনটো ৰাখি এইবাৰ চিঞৰি চিঞৰি কান্দি উঠিল বিপুল৷ বাধা দিবলৈ গৈও ৰৈ গ’ল বিনোদ৷ ষোল্ল বছৰৰ আগত সিও এইদৰে কান্দোনত ভাগি পৰিছিল৷ মানুহবোৰে তাক বুজাইছিল, “সাহসী হ’ব লাগিব তই৷ তয়েই যদি এনেকৈ ভাগি পৰ, মাৰক কোনে চম্ভালিব?” মানুহবোৰে তাৰ চকুপানীবোৰ মচি পেলাইছিল৷ কলিজাতে বৰফ হৈ ৰৈ গৈছিল ওলাই আহিবলৈ বাট নিদিয়া চকুপানীবোৰ৷ তেনেকৈ বাৰে বাৰে বৰফৰ তৰপ হৈ জমা হৈ গৈ আছে কিমানযে চকুপানী! আজিকালিৰ পৃথিৱীত আছেনে ইমান হিয়াৰ উত্তাপ, সেইবোৰ গলাই বাহিৰলৈ উলিয়াই আনিবলৈ৷ হয়তো নাই!
সেয়ে সাহসী হ’বলৈ চকুপানীবোৰ বৰফ কৰাৰো প্ৰয়োজন নাই৷ সি কান্দক, হেঁপাহ পলুৱাই কান্দক৷ বিপুলৰ মূৰটো তাৰ কান্ধত পেলাই গাড়ীখনৰ ক’লা গ্লাচকেইখন ওপৰলৈ উঠাই দিলে সি৷

*****************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments