শতফুলৰ দেশ শদিয়াৰ বৰ্ণিল ইতিহাস–ধীৰেন শইকীয়া

প্ৰয়াত শিল্পী খগেন মহন্তৰ কণ্ঠত চিৰসেউজ গীত “মা আমি শদিয়ালে যামেই….” সৰুৰে পৰাই শুনি আহিছিলোঁ আৰু সেই সূত্ৰে শদিয়াৰ প্ৰতি অতীতৰে পৰা আকৰ্ষণ এটা আছিল। শতফুলৰ দেশ শদিয়াক এসময়ত দ্বিতীয় চিলং বোলা হৈছিল। গুৱাহাটীৰ পৰা প্ৰায় পাঁচশ পঞ্চাশ কিঃমিঃ দূৰৈত অৱস্থিত শদিয়া তিনিচুকীয়া জিলাত, আজিকালি ঢলা শদিয়াৰ ভূপেন হাজৰিকা সেতুখন হোৱাত শদিয়াৰ যাতায়ত ভালেখিনি সুচল হৈছে। প্ৰাচীন আৰু মধ্যযুগত শদিয়াৰ বহু বৰ্ণিল ইতিহাস আছে। শদিয়া অতীজত বিদৰ্ভ ৰাজ্যৰ অন্তৰ্গত আছিল, তেতিয়া ইয়াৰ ৰাজধানী আছিল কুণ্ডিল। ত্ৰয়োদশ শতিকাত এই অঞ্চলটোক সিন্ধুক্ষেত্ৰ বুলি জনা যায়। জনা মত, শদিয়া ১১৮৭ খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ-পূৱ অসম আৰু বৰ্তমানৰ অৰণাচল প্ৰদেশৰ কিছু অংশলৈ স্থাপন কৰা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। পিছলৈ, বীৰপালৰ পুত্ৰ গৌৰীনাৰায়নে ত্ৰয়োদশ শতিকাত শদিয়াত ৰাজধানী স্থাপন কৰিছিল বুলি জনা যায় আৰু ষোড়শ শতিকালৈকে শদিয়া চুতীয়া ৰাজ্যৰ ৰাজধানী হৈ আছিল। এই প্ৰবন্ধত শদিয়াৰ কিছু ইতিহাস জনাবলৈ প্ৰয়াস কৰিছো।

অসমৰ প্ৰথম মুদ্ৰণ যন্ত্ৰ স্থাপিত হৈছিল শদিয়াত। অসমীয়া ভাষাত প্ৰথম পাঠ্যপুথি আৰু বাইবেলৰ অনুবাদ হৈছিল শদিয়াত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন পঢ়াশালি পতা হৈছিল এইখন শদিয়াতেই। শদিয়াৰ হাবিতেই ইংৰাজে প্ৰথম চাহ গছ আৱিষ্কাৰ কৰিছিল। অসমীয়া সাহিত্যৰো নতুন যুগৰ সূত্ৰপাত হৈছিল এইখন ইতিহাসপ্ৰসিদ্ধ শদিয়াত। অসম-বংগ সংযোগী ৰেল লাইনৰ এটা ৰেলৱে ষ্টেচন আছিল ইয়াত, ১৮৮৩ চনৰ ষোল্ল জুলাইৰ পৰাই ডিব্ৰু-শদিয়া ৰেলৱেৰ অধীনত উত্তৰ-পূবত সৰ্বপ্ৰথম ৰে’ল চলাচল আৰম্ভ হৈছিল। সুদূৰ আমেৰিকাৰ পৰা ভগৱান যীশুৰ গুনানুকীৰ্তনেৰে খৃষ্টধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ১৮৩৬ চনত ইয়ালৈ আহিছিল খৃষ্টান মিছনেৰী ড. নাথান ব্ৰাউন আৰু অলিভাৰ কাট্টাৰ আহিছিল সপৰিয়ালে শদিয়ালৈ, পৰৱৰ্তী সময়ত ড. মাইলছ ব্ৰনছনো আহিছিল শদিয়ালৈ, সেই দিশৰ পৰা চালে ১৮৪ বছৰ আগতেই শদিয়াত উন্নত সভ্যতাই বিৰাজ কৰিছিল। ১৮৪৪ খ্ৰীঃত মেজৰ এছ এফ হান্নে চাহাবে শদিয়াৰ অটব্য অৰণ্যৰ মাজত সোমাই থকা ইতিহাসপ্ৰসিদ্ধ তাম্ৰেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰি ‘এছিয়াটিক ছোছাইটি’ নামৰ সেই সময়ৰ বিখ্যাত আলোচনীখনত শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰ সম্পৰ্কে এটি তথ্যনিষ্ঠ প্ৰবন্ধ লিখিছিল৷ জনামতে প্ৰায় ছশ নৰবলি দিয়া এই মন্দিৰটোত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰাহে (১৭৫১-১৭৬৯) নৰবলি দিয়াটো নিষিদ্ধ হয়। চাকৰি সূত্ৰে শদিয়াত থাকি সাহিত্য সেৱা কৰা ভবানন্দ বুঢ়াগোঁহাঞিদেৱে লিখিছিল ‘শদিয়াৰ বুৰঞ্জী’। শদিয়াৰ কাষতে আছিল ইতিহাসপ্ৰসিদ্ধ ভীষ্মক নগৰ, যাৰ জীয়ৰী আছিল ৰুক্মিনী, তাহানিতে ভগৱান শ্ৰীকৃষ্ণ আহিছিল এই শদিয়ালৈ আহিছিল ৰুক্মিনীৰ বাবে। শদিয়াৰ পৰাই ব্ৰহ্মদেশ হৈ চীনলৈ যোৱা কেইবাটাও ইতিহাসপ্ৰসিদ্ধ গিৰিপথ আছে, যিবোৰেদি মিচিমি, আবৰ, খামটি আদি জনগোষ্ঠীয়ে তাৰ বজাৰত সীমান্তৰ সিপাৰৰ পৰা কপাহী কাপোৰ, নিমখ আৰু লা জাতীয় বিবিধ ধাতৱ বস্তুৰ বিনিময়ত ৰবৰ, মম, হাতী দাঁত আৰু কস্তুৰী আদি আনিছিল ব্ৰহ্মদেশৰ পৰা। চুতীয়া ৰাজ্যৰ তৃতীয়খন ৰাজধানী পাতি শদিয়াত ১২৪৮ খ্ৰী-ত ৰত্নধ্বজপালে শাসন কৰিছিল আৰু ই ১৫৪২ খ্ৰীঃলৈ একেদৰে আছিল বুলিও জনা যায়। গৌড় দেশৰ(বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ আৰু মৈমনসিং জিলা) ৰজাৰ লগত ৰত্নধ্বজপালৰ সদভাৱনা সম্পৰ্ক আছিল বাবে তেওঁৰ পুত্ৰক গৌড় দেশলৈ তাহানিতেই অধ্যয়নৰ বাবে পঠিয়াইছিল, পিছে তাত মৃত্যু হোৱাত শৱ দেহটো পুনৰ নিজ ৰাজ্যলৈ ওভতাই দিছিল গৌড় ৰজাই, তেওঁৰ শ ওভতাই দিয়াৰ বাবে ঠাইখনৰ নাম শদিয়া হয়গৈ বুলি কোৱা হয়। হৰ গৌৰী সংবাদটো আছে শদিয়াৰ কথা। শদিয়াৰ তাহানিতে কেইবাটাও লোণৰ পুং বা পাহাৰ আছিল বুলি জনা যায়। এগৰাকী ব্ৰিটিছ চাহাবেও শদিয়াৰ লোন নিউয়ৰ্ক চহৰৰ লোনতকৈও উৎকৃষ্ট বুলিছিল, তাৰ পৰাই আহোম ৰাজ ভৰাললৈ লোণ অনা হৈছিল। বৰহাট, নামচাঙৰ টাৰিংজান পুঙত লোন পোৱাৰ লগতে বহু স্থানত লোন পুং আছিল৷ ১৯৫০ চনৰ বৰ ভুঁইকপে সেই শদিয়াখনক ভাঙি চিঙি চুৰমাৰ কৰিলে আৰু তেতিয়াৰ পৰাই শদিয়াৰ অৱস্থা শোচনীয় হৈ পৰে। শদিয়াৰ চুতীয়া বুৰঞ্জীৰ উল্লেখযোগ্য নাৰী চৰিত্ৰ সাধনী এগৰাকী বীৰ ৰমণী আছিল, আহোম সেনাৰ লগত হোৱা যুঁজত আহোম সেনাই চুতীয়া ৰাজ নীতিপালক বধ কৰি মূৰটো আহোম স্বৰ্গদেউলৈ পঠাই দিয়ে, তেতিয়া নীতিপালৰ পত্নী চুতীয়া ৰাণী সাধনীয়ে স্বামীৰ হত্যাৰ পিছত কুবেৰ প্ৰদত্ত সম্পত্তি (সোণৰ মেকুৰী, তৰোৱাল, আ-অলংকাৰ আদি) বুকুত বান্ধি চন্দনগিৰি পৰ্বতৰ টিঙৰ পৰা তলৰ গভীৰ কুণ্ড এটালৈ জঁপিয়াই আত্মহত্যা কৰে। আহোমসকলে শদিয়াৰ শাসনৰ বাবে ১৫২৩ খ্ৰীঃত স্বৰ্গদেউ চুহুংমুঙে শদিয়াখোৱা গোঁহাই পদত এগৰাকী স্বৰ্গদেউৰ বিষয়া নিযুক্ত কৰিছিল, এই বিষয়ত প্ৰথমজন শদিয়াখোৱা গোঁহাই আছিল অসম বুৰঞ্জীৰ উজ্জ্বল নাৰী চৰিত্ৰ মূলাগাভৰুৰ স্বামী ফ্ৰাচেংমুং বৰগোঁহাই। পিছে শেষলৈ মটক আৰু খামটি বিবাদ লগাত বিবদমান অঞ্চলটো ব্ৰিটিছে নিজৰ হাতলৈ নিয়ে, এই প্ৰস্তাৱত অমান্তি হ’ল শদিয়াখোৱা গোঁহাই আৰু তেতিয়াই ব্ৰিটিছে শদিয়াখোৱা গোঁহাই পদটো চিৰদিনলৈ উঠাই দিছিল, এই কথা লৈ শদিয়াৰ খামটি ৰাইজ বিৰক্ত হৈ এদল সশস্ত্ৰ খামটি লোকে শদিয়াৰ পলিটিকেল এজেণ্টজনক হত্যা কৰিছিল। আহোম স্বৰ্গদেউ গদাধৰ সিংহই কিছু দেশদ্ৰোহী প্ৰজাক তাহানি এইখন শদিয়ালৈ নিৰ্বাসন দিছিল। আউনীআতি সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱক এইখন শদিয়ালৈ নিৰ্বাসিত কৰোঁতে হাতত তেওঁ হেনো গুৰু গোপালদেৱৰ মূৰ্তি এটা লগত লৈ আনিছিল। পিছলৈ সেই মূৰ্তিটো লৈয়েই এখন বৈষ্ণৱী থান পাতিছিল, এইখনেই পৰৱৰ্তী কালত বৈৰাগী বাবাৰ থান, জনামতে সপ্তদশ শতিকাৰ শেষৰফালে এই থানখন স্থাপন কৰা হৈছিল। অষ্টাদশ শতিকাৰ শেষৰ ফালে খামটি সকলেও শদিয়াত বসবাস কৰিবলৈ আৰম্ভ কৰে বুলিও জনা যায়, এই খামটি সকলেই সংঘৱদ্ধ হৈ ব্ৰিটিছসকলৰ চাউনী কেইবাবাৰো আক্ৰমণ কৰিছিল। জনামতে আহোমসকলৰ সময়তে শদিয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ এখন বজাৰ বহিছিল য’ত খামতি, চিংফৌ, মিৰি, মিচিমি আদি জনজাতিসকলে সামগ্ৰী বিনিময় কৰিছিল। মিচিমি তিতা, বৰবিহ, জাবৰং আদিকে ধৰি বহু সামগ্ৰী আনিছিল এই জনগোষ্ঠীবোৰে। জনামতে শদিয়াৰ পৰা অতীতত তিব্বতলৈও এটা বাণিজ্য পথ আছিল, একালত শদিয়া ৰীমা হৈও এনে এটা পথ আছিল বুলিও বিভিন্ন পুথিত উল্লেখ আছে৷ ব্ৰিটিছ ৰাজত্বকালত এইখন শদিয়াতে ব্ৰিটিছ সৈন্য দল এটা ৰখাৰ ব্যৱস্থা কৰা হৈছিল। শদিয়াত প্ৰধানতঃ ব্ৰিটিছ ৰাজৰ পূৱ বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লক্ষ্মীমপুৰ জিলাৰ উত্তৰ-পূৱ সীমান্তৰ ছাউনী আছিল। শদিয়াৰ পুৰণি নাম আছিল সধয়াপুৰ। বহুতে আজিও কয় শদিয়াৰ কেঁচাইখাইটি গোসানীক আহোমে নিজৰ ফলিয়া কৰি লোৱাতেই শদিয়াত চুতীয়া ৰজাৰ পতন ঘটে।
প্ৰতিমা গড় শদিয়াৰ এক ঐতিহাসিক স্থান, অৱেশ্য বৰ্তমান কেৱল ইয়াৰ ভগ্নাৱশেষহে দেখা পোৱা যায় । জনামতে, চুতীয়াসকলে এই প্ৰতিমা গড়তেই যুদ্ধৰ বেহু পাতিছিল। পুৰনি তৰানি গাৱত এই ভগ্নাংশেষ এতিয়াও আছে। ১৯২৬ চনত এইখন শদিয়াৰ বুলুং নামৰ এখন গাঁৱখনতে ভাৰত ৰত্ন সুধাকণ্ঠ ড. ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। ১৯৫০ ৰ বৰভূইকপত ধ্বংস হোৱা এই বুলুং গাঁৱৰ লোক সকল বৰ্তমান অৰুনাচল প্ৰদেশৰ দিবাং ভেলি জিলাত পুনৰ বুলুং নামেৰেই নতুনকৈ গাওঁ পাতি বাস কৰি আছে।

শদিয়াত প্ৰায় চাৰি বছৰ থাকি শদিয়াৰ মিছনেৰী কেন্দ্ৰ কিয় জয়পুৰলৈ উঠাই নিছিল#

মেজৰ ফ্ৰান্সিছ জেনকিনছৰ বুদ্ধিতহে একালত শদিয়াত মিছনেৰীৰ এক সুন্দৰ মিছন হৈছিল। ব্ৰিটিছ শাসনকৰ্তাৰ বাবে বিভিন্ন জনগোষ্ঠীৰে ভৰপুৰ এলেকাত শাসন কৰাটো বিপদজনক হৈছিল৷ তেওঁলোক শ্যান আৰু খামটি লোকৰ প্ৰায়ে হিংসাত্মক আক্ৰমণৰ বলি হ’ব লগা হৈছিল । ইতিমধ্যে শ্ৰীৰামপুৰত উইলিয়াম কেৰিৰ মিছনেৰী কাৰ্যকলাপ ভালদৰেই অগ্ৰসৰ হোৱাত সেই ফৰ্মুলাই শদিয়াত প্ৰয়োগ কৰি শদিয়াতো এক সুন্দৰ মিছনৰ সপোন দেখিলে৷ শদিয়াৰ এই জনগোষ্ঠীয় অনৈক্যক কামত খটুৱাই শাসন কৰাৰ এই সুমধুৰ পৰিকল্পনাটো আছিল মেজৰ ফ্ৰান্সিছ জেনকিনছৰ। বেপ্টিষ্ট মিছনেৰীসকল শদিয়ালৈ আহিছিল ১৮৩৪ চনত৷ মেজৰ ফ্ৰান্সিছ জেনকিনছে শদিয়াৰ এই বিভিন্ন জনগোষ্ঠীয় ৰাইজক আকৰ্ষণ কৰি তেওঁলোকৰ মন জয় কৰিবলৈ আমেৰিকান বেপ্টিষ্ট মিছনেৰী বোৰ্ডক শদিয়াত এটা তেওঁলোকৰ মিছন খুলিবলৈ প্ৰস্তাৱ দিছিল। চতুৰ ব্ৰিটিছে লাহে লাহে ভগৱান যীশুৰ বাণীৰ যোগেদি আকৰ্ষিত কৰিবলৈ শদিয়াত খোপনি পুতিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে ১৮০৭ চনৰ পৰাই বাৰ্মাত বেপ্টিষ্ট মিছনেৰীসকলে কাম কৰিয়ে আছিল৷ সেয়ে তেওঁলোকে পৰিকল্পনা কৰিছিল যদি থাইলেণ্ড(পূৰ্বে শ্যাম দেশ)ৰ পৰা আৰম্ভ কৰি অসমলৈ মিছনেৰী কেন্দ্ৰ স্থাপন হয়, তেনেহলে চীনত ধৰ্মপ্ৰচাৰ কৰিবলৈ সহজে যাব পৰা যাব। যিদৰে চিল্কৰোড হৈ প্ৰথমে বৌদ্ধ ধৰ্ম চীন পাইছিলগৈ একেদৰে বেপ্টিষ্ট মিছনেৰীয়েও চীন প্ৰবেশৰ উদ্দেশ্য লৈয়েই শদিয়া পাইছিলগৈ বুলি ভাবিব পাৰি। বাৰ্মা আৰু থাইলেণ্ড(পূৰ্বে শ্যাম দেশ)ৰ ফালেদি অতবছৰে চীনলৈ যাবলৈ বিফল হৈ শদিয়াৰ ফালেদি চীনলৈ যাবলৈ ইয়ালৈ অহাটো উচিত বুলি মিছনেৰী সকলে ইয়াত মিছনেৰী কেন্দ্ৰ পাতিবলৈ আহিছিল। ১৮৩৬ চনত ড. নাথান ব্ৰাউন আৰু অলিভাৰ কট্টাৰ পৰিয়ালসহ শদিয়ালৈ আহিছিল। পিছে ১৮৩৯ চনত শদিয়াত খামটি বিদ্ৰোহে ভয়ানক ৰূপ লয়, খামটিসকলৰ উৎপাত আৰু এই আতংকত ড.নাথান ব্ৰাউন দম্পতীয়ে শদিয়া এৰি জয়পুৰলৈ যায় তাত কেন্দ্ৰ পাতে, সেই দিশৰ পৰা চাবলৈ গলে ১৮৩৬-১৮৩৯ চনলৈ এই চাৰিবছৰ কাল আছিল শদিয়াৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।

সেই দুৰ্যোগৰ নিশাটো কি হৈছিল শদিয়াত

১৮৩৯ চনৰ কথা, শদিয়াৰ ব্ৰিটিছৰ সেনা চাউনী আৰু মিছনেৰী কেন্দ্ৰ দুটা এক কিঃমিঃ দূৰে দূৰে আছিল। পিছে সেই অন্ধকাৰ নিশাই খামটিসকলে সংঘৱদ্ধভাৱে ব্ৰিটিছ সেনাচাউনীলৈ অতৰ্কিতে আহি জুই লগাই দিলে, শিবিৰটো দপদপকৈ জ্বলি উঠিল। কমাণ্ডাৰ হোৱাইটসহ বহু ব্ৰিটিছ সেনাক খামটি বিদ্ৰোহীয়ে হত্যা কৰিলে। ৰণুৱা গোঁহায়ে মেজৰ হোৱাইটক কচু কটা দিয়াৰ কথা আজিও বহুলোকৰ পৰা জনা যায়, সেই ভয়ংকৰ ঘটনাৰ দিনা মিছনেৰীসকলৰ কেম্প দূৰৈত আছিল বাবে তেওঁলোক সেই দুৰ্যোগৰ নিশা পলাই সাৰিছিল। ইতিহাসৰ এক তথ্যমতে, ১৮২০ চনত নৱেম্বৰ মাহত ডেভিড স্কটক ব্ৰহ্মপুত্ৰ অঞ্চলৰ দায়িত্বভাৰ দিয়া হৈছিল, পৰৱৰ্তী সময়ত নিউভিল আৰু কামাণ্ডাৰ আদম হোৱাইটকো ডেভিড স্কটৰ সহায়কাৰী হিচাপে ব্ৰিটিছ চৰকাৰে নিয়োজিত কৰিছিল, সেই গৰাকী কামাণ্ডাৰ আদম হোৱাইট আছিল শদিয়াত, যাক খামটি বিদ্ৰোহী সকলে হত্যা কৰিছিল।
এই ঘটনাই বেপ্টিষ্ট মিছনেৰী সকল শদিয়া বাদ দি জয়পুৰলৈ স্থানান্তৰ কৰিলে তেওঁলোকৰ কেন্দ্ৰটো। এনে ঘটনা অতীজতো ঘটিছিল চুবুৰীয়া অৰুণাচল প্ৰদেশত। ১৯১১ চনৰ ৩১ জুলাইত ঘটিছিল ঘটনাটো। সেইদিনা আবৰ জনজাতিৰ লোকসকলে অৰুনাচলৰ এচিটেণ্ট পলিটিকেল অফিচাৰ কেপ্টেইন নীল উইলিয়ানচন আৰু মেডিকেল অফিচাৰ ড° গ্ৰীয়াৰ্চন আৰু তেওঁলোকৰ সামগ্ৰী কঢ়িওৱা কুলী কেইবাজনকো পৰিকল্পিতভাৱে দাৰে কাটি হত্যা কৰিছিল৷ কেপ্টেইন নীল উইলিয়ানচন আৰু মেডিকেল অফিচাৰ ড° গ্ৰীয়াৰ্চনৰ হত্যাকাণ্ড সংঘটিত হৈছিল স্থানীয় বাহক (LOCAL PORTER)মনপুৰ মিৰিয়ে বিয়পোৱা উৰা বাতৰি আবৰ ৰাইজৰ মাজত প্ৰচাৰ কৰা বাবে। এই ঠাইবোৰত তাহানি বৰ্হিঃৰাজ্যৰ মানুহ দেখিলেই অবিশ্বাস কৰাটো এটা পৰম্পৰাই আছিল।

শদিয়াৰ মাজেদি হৈছিল নেকি বৰবিহৰ সৰবৰাহ!

আমি বিহুগীতত পাইছিলো ‘কিনো খাই পাহৰিম তোকে ঐ লাহৰি, কিনো খাই পাহৰিম তোক, মিচিমি আহিব বৰবিহ আনিব তাকে খাই পাহৰিম তোক’, অৰ্থাৎ সেই সময়ত শদিয়ালৈ অৰুনাচলৰ মিচিমি জনগোষ্ঠীৰ লোকে বৰবিহ আনিছিল, পিছে আজিও এই বৰবিহ কি বহুতেই নাজানে। অলপতে বিশিষ্ট লেখক তপন কুমাৰ শৰ্মা দেৱৰ ‘মিচিমি বিহৰ সন্ধানত’ কিতাপখনত উল্লেখ আছে যে এই গছবিধৰ নাম একনিটিআম। মিচিমি প্ৰজাতিটোৰ নাম একনিটিআম লিথেল। ইয়াৰ পৃথিৱীজুৰি দুশ পঞ্চাশ বিধ প্ৰজাতি আছে। ইয়াক ‘দেভিলচ হেলমেট’ বা ‘মাংকচ হুড’, লিওপাৰ্ডচ বেন আদি বিভিন্ন নামেৰে জনা যায়৷

শদিয়াৰ এনেবোৰ ঐতিহ্য দেখিয়ে হয়তো গীতত লিখিছিল ‘শদিয়ানো কি ৰিং এটাৰ বাট, শতফুলবোৰ ফুলি আছে তাত’ বুলি৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

তথ্যসমৃদ্ধ মনোগ্ৰাহী লেখা ৷ বহু নতুন কথা জানিলো ৷ বৰ ভাল লাগিল ৷

Anonymous
7 months ago

বহুত ভাল লাগিল