শব্দৰ শক্তি, প্ৰশংসাৰ শক্তি- ঈশান জ্যোতি বৰা

“I can live for two months on a good compliment.”-Mark Twain

এজন যুৱকে দুমাহমানৰ পূৰ্বে ব্যক্তিগত খণ্ডৰ চাকৰি এটাত যোগদান কৰিছে৷ নিজ দায়িত্ব তেওঁ নিষ্ঠাসহকাৰে পালন কৰি আছে৷ চৰকাৰৰ কোনোবা এটা বিভাগত কাৰ্যনিৰ্বাহ কৰি থকা এজন ব্যক্তিৰ সৈতে এদিন সেই ডেকাজনৰ সাক্ষাৎ হ’ল৷ দুটা ভিন্ন ক্ষেত্ৰৰ, ভিন্ন চৰিত্ৰৰ আৰু ভিন্ন বয়সৰ দুজন ব্যক্তিৰ মাজত সম্পন্ন হোৱা কথোপকথনৰ কেইবাটাও ৰূপ থাকিব পাৰে৷ তেনেকুৱা এটা সম্ভাব্য ৰূপলৈ মন কৰকচোন –

“তুমি ক’ত কাম কৰা? ”

“অমুক কোম্পানীত৷ আপুনি? ”

“মই চৰকাৰৰ অমুক বিভাগত কৰোঁ৷ ”

“ভাল বাৰু৷ ”

“পৰীক্ষা-চৰীক্ষা দিয়া নাছিলা নেকি? ”

“দিছিলোঁ৷ এতিয়ালৈকে পোৱা নাই৷ ”

“পৰীক্ষাবোৰ দি থাকিবা৷ চৰকাৰী চাকৰি এটা থাকিলে ভাল৷ ছিকিউৰটি থাকে৷ তাতে প্ৰাইভেট কোম্পানীবোৰত গাধৰ দৰে খটুৱায়৷ দৰমহা সিমান নিদিয়ে৷ ছুটি-টুটিও বৰকৈ নাপায়৷ ”

“হয়৷ ”

“বেংক-চেংকৰ পৰীক্ষাবোৰ দি থাকিবাচোন৷ বেংকতো সুবিধা ঢেৰ আজি৷ লোন-চোন পাবলৈও সুবিধা৷ এইবোৰ প্ৰাইভেট কোম্পানিত থাকি লাভ নাই৷ ”

কথোপকথনটোৰ পিছত আপোনাৰ মনটোৱে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বাৰু? কথোপকথনটোৰ পিছত আপোনাৰ মনত ‘ভাল লগা’ অনুভূতি এটাৰ উদ্ৰেক ঘটিবনে? যি উৎসাহ আৰু উদ্যমেৰে আপুনি আপোনাৰ নতুন কামটোত নিয়োজিত হৈ আছিল, ব্যক্তিজনৰ সৈতে সম্পন্ন হোৱা কথোপকথনটোৰ পিছতো আপুনি সমান উৎসাহ আৰু উদ্যমৰে কাম কৰি যাবলৈ সক্ষম হ’বনে? সপ্তাহৰ সাতোটা দিনেই যদি আপুনি অনিচ্ছাসত্ত্বেও এনেজাতীয় কথোপকথনত ভাগ ল’ব লগা হয়, তেতিয়া আপোনাৰ আত্মবিশ্বাস, আত্মসন্মানবোধ, আত্মমৰ্যাদা-এইবোৰৰ কি দশা হ’বগৈ, এবাৰ ভাবকচোন৷ আপোনাক হীনমন্যতাই গ্ৰাস কৰি নেপেলাবনে?
এইবাৰ আহিছোঁ কথোপকথনৰ দ্বিতীয়টো সম্ভাব্য ৰূপলৈ-

“তুমি ক’ত কাম কৰা? ”

“অমুক কোম্পানীত৷ আপুনি? ”

“বৰ ভাল কথা৷ মই চৰকাৰৰ অমুক বিভাগত কৰোঁ৷ ”

“হয়৷ ”

“ময়ো প্ৰথমতে প্ৰাইভেট কোম্পানীতে কাম কৰিছিলোঁ৷ ছটা বছৰ কোম্পানীৰ চাকৰি কৰিছিলোঁ৷ ”

“হয় নেকি! ”

“হয়৷ তোমাৰ কাম কৰি কেনেকুৱা লাগিছে? ”

“ভাল লাগিছে৷ অৱশ্যে মাজে-সময়ে কষ্ট হয়৷ ”

“কষ্ট কৰিলেহে ফল পাবা৷ নিজৰ কাম মনপুতি আৰু উদ্যমেৰে কৰি যাবা৷ প্ৰত্যাহ্বান আৰু প্ৰতিকুলতা সকলোতে আছে৷ সেইবোৰ নেওচি আগবাঢ়ি যাব পৰাজনেহে জীৱনটোক তেনেই ওচৰৰপৰা দেখা পায়৷ ”

“হয়৷ আপুনি ঠিকেই কৈছে৷ ”

“ঠিক আছে তেন্তে৷ আকৌ কেতিয়াবা লগ পাম৷ তোমাৰ লগত কথা পাতি বৰ সুখী হ’লোঁ৷ ”

পূৰ্বৰ কথোপকথনটোতকৈ এই কথোপকথনটো একাধিক দিশৰ পৰা ব্যতিক্ৰম৷ কৰ্মোদ্যমী মানুহজনৰ লগত হোৱা পাঁচ মিনিটীয়া কথোপকথনটোৱে আপোনাক যথেষ্ট অনুপ্ৰাণিত নকৰিলেনে? তেওঁৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ, সৌজন্যসূচক আচৰণ আৰু প্ৰশংসাসূচক বাক্যকেইটায়ে আপোনাৰ আত্মবিশ্বাস আৰু আত্মমৰ্যাদা দুগুণে বঢ়াই নুতুলিলেনে? আপুনি যে এটা গুৰুত্বপূৰ্ণ কৰ্মত নিয়োজিত হৈ আছে আৰু আপুনি যে দায়িত্বসহকাৰে, পূৰ্ণোদ্যমে নিজ কৰ্মত মনোনিৱেশ কৰিব লাগে, তেনে এটা চিন্তাই আপোনাৰ মনোজগতত ঠাই নাপালেনে? বছৰৰ অধিকাংশ সময়েই যদি আপুনি এনেধৰণৰ ইতিবাচক আৰু প্ৰেৰণাদায়ী কথোপকথনত ভাগ লয়, যোগাত্মক দৃষ্টিভংগীসম্পন্ন পৈণত মগজুৰ ব্যক্তিৰ সাক্ষাৎ লভে, তেতিয়া আপোনাৰ চাকৰি জীৱন, ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন সুখ-আনন্দৰ নিৰ্মল পোহৰেৰে আলোকিত নহ’বেনে? সবাতোকৈ ডাঙৰ কথা; অভিযোগ, প্ৰতি-অভিযোগ, অসন্তুষ্টি, নিৰাশা, হতাশা, বিষণ্নতা-এইসমূহৰ পৰা আপুনি এক নিৰাপদ দূৰত্বত অৱস্থান কৰিবলৈ সুযোগ পাব৷

প্ৰশংসাসূচক শব্দ আৰু উৎসাহজনক আচৰণে এজন সাধাৰণ মানুহৰ স্বভাৱ, চৰিত্ৰ আৰু মানসিক জগতত কেনেধৰণৰ চমৎকাৰ সাধিব পাৰে, সেইয়া কোৱাটো নিষ্প্ৰয়োজন৷ প্ৰাত্যহিক জীৱনত আমি অতিক্ৰম কৰা নানা ঘটনা-পৰিঘটনা, ভিন্ন মানসিকতাসম্পন্ন ব্যক্তিবিশেষৰ লগত সম্পন্ন হোৱা কথোপকথনবোৰ আৰু সেইসমূহে আমাৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়া আৰু সঁহাৰিৰ দিশটোত গভীৰভাৱে চকু ফুৰালেই প্ৰশংসাসূচক বাণী আৰু উৎসাহজনক আচৰণৰ শক্তি সন্দৰ্ভে আমি অৱগত হ’ম৷
তৃতীয় শ্ৰেণীত পঢ়ি থকা ল’ৰাটোৱে কবিতাৰ দৰে শাৰীকেইটামান লিখি আপোনাক বৰ আগ্ৰহেৰে দেখুৱালে৷ কবিতাটোৰ প্ৰশংসাত আপুনি পঞ্চমুখ হৈ পৰিব বুলি ল’ৰাই মনে মনে বাঞ্ছা কৰি আছিল৷ পিছে আপুনি হ’ল গল্প-কবিতাৰ মূল নুবুজা মানুহ৷ কবিতাটোলৈ কেৰাহিকৈ চাই পোনছাটেই “এইবোৰ লিখি সময় পাৰ কৰিব নালাগে৷ পঢ়া-শুনাত মন দে৷ ” বুলি ভেঁকাহি মাৰি উঠিল৷ ল’ৰাইও ভেঁ-ভেঁকৈ কান্দি একেকোবে মাকৰ কোলাত উঠিলগৈ৷ সেইদিনা যদি আপুনি তাক পেংলাই নকৰি “বৰ ধুনীয়া কবিতা হৈছে দেই৷ ” জাতীয় প্ৰশংসাসূচক বাক্য এটাৰে তাৰ কুমলীয়া প্ৰতিভাক স্বীকৃতি দিলেহেঁতেন, তেন্তে সি হয়তো ভৱিষ্যতে এজন সফল সাহিত্যিক হ’ব নোৱাৰিলেও এটা সৃজনীশীল মনৰ গৰাকী হ’লহেঁতেন৷ পিছে আপুনিও ‘কেৱল পুথিগত বিদ্যাৰে শিক্ষিত হৈ ডাঙৰ মানুহ হ’ব লাগিব’ নীতিটোকেই অৱলম্বন কৰিলে৷
সকলো কামকে সম-মৰ্যাদা প্ৰদান কৰিব লাগে৷ কামৰ কোনো সৰু-বৰ নাই৷ কোনটো কাম সৰু আৰু কোনটো কাম ডাঙৰ-এনেধৰণৰ পৰিত্যাজ্য প্ৰশ্নৰ অৱতাৰণা নকৰি আমি আনৰ অপকাৰ নকৰাকৈ জীৱনটো উদযাপন কৰাৰ ধনাত্মক চিন্তা এটাক অধিক প্ৰাধান্য দিব লাগে৷ এনেধৰণৰ ‘শুনি ভাল লগা’ কথাবোৰ আমি বিভিন্ন কাকতে-প্ৰবন্ধই, আলোচনীৰ পাতত পঢ়িবলৈ পাওঁ অথবা সমাজৰ একাংশ মানুহৰ মুখত শুনিবলৈ পাওঁ৷ কিন্তুু কাৰ্যত সেইয়া প্ৰতিফলিত হয়নে!
এজন পাণদোকানীৰ অমুক নামৰ পুতেকজনে শৈক্ষিক জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা এটাত সফলতাৰে উত্তীৰ্ণ হ’ল৷ পিছদিনা বাতৰিকাকতত এই খবৰটোৰ বিষয়ে যুগুতোৱা প্ৰতিবেদনখনৰ শিৰোনাম দিয়া হ’ল -“দৰিদ্ৰতাৰ অভিশাপ নেওচি জিলিকিল অমুক”৷ আন এখন কাকতত ওলাল-“প্ৰথম স্থান অধিকাৰ কৰিলে পাণদোকানীৰ পুতেকে৷ ” এই যে আমি লিখিলোঁ-‘দৰিদ্ৰতাৰ অভিশাপ নেওচি’, ‘পাণদোকানীৰ পুতেক’-এইকেইটা শব্দৰে আমি সমাজখনলৈ কেনেজাতীয় বাৰ্তা এটা প্ৰেৰণ কৰিলোঁ? ‘সকলো কামকে সন্মানৰ চকুৰে চাব লাগে৷ ’-সমাজত প্ৰচলিত এই জনপ্ৰিয় কথাষাৰক উক্ত বাতৰিটোৱে গুৰুত্বহীন কৰি তুলিলে নেকি? এজন অভিযন্তাৰ পুতেকে যদি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়, তেতিয়া বাৰু পিছদিনা মুখ্য বাতৰিটোৰ শিৰোনাম ‘অভিযন্তাৰ পুতেকে পৰীক্ষাত জিলিকিল’-এনেকুৱাধৰণৰ হয়গৈনে? বহুতেই ভাবে-এনেধৰণৰ বাতৰিয়ে সমাজৰ অনেক মানুহকে অনুপ্ৰেৰণাৰ অফুৰন্ত শক্তিৰে উদ্বুদ্ধ কৰে৷ এইধৰণৰ বাতৰিয়ে সমাজৰ এটা শ্ৰেণীক অনুপ্ৰাণিত কৰে-এইটো বাতৰিটোৰ এটা ইতিবাচক দিশ হ’ব পাৰে৷ কিন্তুু এইধৰণৰ বাতৰিয়ে সমাজ এখনত বসবাস কৰা ভিন্ন বয়সৰ, ভিন্ন চৰিত্ৰৰ আৰু ভিন্ন শ্ৰেণীৰ প্ৰতিজন লোককে অনুপ্ৰাণিত কৰেনে? -সেইটোও একেসময়তে উত্থাপিত হ’বলগীয়া প্ৰশ্ন৷ পাণৰ দোকান দিয়া মানুহজন যে সমাজৰ ‘সৰু’ মানুহ আৰু তেওঁলোকে বসবাস কৰা পৃথিৱীখন যে দৰিদ্ৰতাৰে অভিশপ্ত এখন সমাজ-তেনেকুৱা এটা মনোভাৱহে আমাৰ এই বাতৰিটোৰ দ্বাৰা প্ৰেৰণ কৰা হ’ল নেকি? যিখন পাণৰ দোকান দি এই মানুহজনে সন্তানক আজিৰ এইটো অৱস্থা পোৱালেহি, যিখন পাণৰ দোকানৰ জৰিয়তে তেওঁ চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছিল, সেই পাণৰ দোকানখনক আমি এতিয়া পুতৌৰ দৃষ্টিৰে চাবলৈহে আৰম্ভ কৰিলোঁ নেকি? এইখন অসমৰে অইন এজন পাণ-দোকানীয়ে যেতিয়া ‘দৰিদ্ৰতাৰ অভিশাপ নেওচি’ বাক্যকেইশাৰী পঢ়িব, তেতিয়া মানুহজনৰ মনত বৃত্তিটোৰ প্ৰতি অতদিনে থকা মৰম-শ্ৰদ্ধা অতুট থাকিব নে হীনমন্যতাৰ দ্বাৰা আক্ৰান্ত হৈ সেইদিনাৰ পৰা তেওঁৱো পাণদোকানখনক পুতৌ আৰু হীন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব? সুখী জীৱনৰ বাবে ধন-সোণতকৈও অত্যাৱশ্যকীয় সম্পদটো হ’ল-আত্মসন্মান৷ আত্মসন্মানৰ লগত জড়িত হৈ থাকে আত্মমৰ্যাদা৷ এই শব্দকেইটা লিখি আমি মানুহজনৰ আত্মসন্মান আৰু আত্মমৰ্যাদাত সজোৰে আঘাতহে হানিলোঁ নেকি? পাণদোকানীজনৰ ঠাইত আমি প্ৰত্যেকেই এবাৰ থিয় হৈ উক্ত প্ৰশ্নকেইটা সুধি চোৱা উচিত৷
চৰকাৰী-বেচৰকাৰী উভয় প্ৰতিষ্ঠানতে কৰ্মৰত চাকৰিয়াল এজনৰ পাৰদৰ্শিতাত প্ৰশংসা আৰু স্বীকৃতিয়ে প্ৰভাৱ পেলায়৷ বিশ্বৰ একাংশ গৱেষকে এই বিষয়ে চৰ্চা কৰি আছে৷ ২০০৪ চনত গলআপ নামৰ প্ৰতিষ্ঠানটোৰ দ্বাৰা বিশ্বজুৰি সম্পন্ন হোৱা তেনে এটা গৱেষণাৰ মতে, কৰ্মক্ষেত্ৰত নিয়মীয়াকৈ প্ৰশংসা আৰু স্বীকৃতি লাভ কৰা কৰ্মচাৰীৰ উৎপাদনশীলতা(productivity)তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পায়৷ নিজ কৰ্ম আৰু প্ৰতিষ্ঠানটোৰ লগত তেওঁলোকৰ সম্পৰ্ক গাঢ় আৰু দীৰ্ঘদিনীয়া হয়৷ গ্ৰাহকৰ পৰা সন্তোষজনক সঁহাৰি লাভ কৰা এইসকল কৰ্মচাৰীৰ শৰীৰো ভালে থাকে৷ কিন্তুু প্ৰশংসা আৰু স্বীকৃতি লাভ নকৰা কৰ্মচাৰীৰ ক্ষেত্ৰত গভীৰ তাৰতময দেখিবলৈ পোৱা যায়৷ অসমৰ চৰকাৰী কাৰ্যালয়সমূহত কৰ্ম-সংস্কৃতিৰ অভাৱ ঘটিছে, সময়মতে কৰ্মচাৰী কাৰ্যালয়লৈ নাহে- এনেধৰণৰ অভিযোগ আমাৰ প্ৰায়েই কৰ্ণগোচৰ হয়৷ চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই হওক; প্ৰতিষ্ঠানসমূহৰ কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধিৰ হেতু দক্ষ আৰু নিষ্ঠাৱান কৰ্মচাৰীক চিনাক্ত কৰি সেইসকলক যথাসময়ত পুৰস্কৃত কৰাৰ সিদ্ধান্ত এটাৰ পৰীক্ষামূলকভাৱে কাৰ্যকৰী কৰি চাব পাৰি৷ মোৰ বোধেৰে, ইয়াৰদ্বাৰা কৰ্মচাৰীজনক প্ৰশংসাসূচক স্বীকৃতি প্ৰদানৰ লগতে সহকৰ্মীসকলকো অনুপ্ৰাণিত কৰা হ’ব৷ কিছুমান ব্যক্তিগত খণ্ডত ‘বছৰটোৰ শ্ৰেষ্ঠ কৰ্মচাৰী’ নামৰ পুৰস্কাৰ প্ৰদান কৰাৰ নিয়ম এটা আছে৷ অসমৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহতো তেনে এটা পৰম্পৰা আৰম্ভ কৰিলে কাৰ্যালয়সমূহত এক আশাব্যঞ্জক পৰিৱৰ্তন সাধিত হ’ব৷
প্ৰশংসা আৰু উৎসাহে সাধাৰণ মানুহ এজনৰ সুপ্ত হৈ থকা মানসিক শক্তিক জাগ্ৰত কৰি তেওঁৰ দ্বাৰা চমৎকাৰ সাধিব পাৰে৷ নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলত সম্প্ৰচাৰিত হোৱা ‘ব্ৰেইন গেইম’ নামৰ আকৰ্ষণীয় অনুষ্ঠানটিত ‘যোগাত্মক দৃষ্টিভংগী’ সম্পৰ্কীয় খণ্ডটোত সেই কথা প্ৰমাণসহকাৰে দেখুউৱা হৈছিল৷ ভিন্ন বয়সৰ কেইগৰাকীমান ব্যক্তিক বাস্কেটত বল সুমুৱাবলৈ অনুৰোধ কৰা হ’ল৷ কিন্তুু তেওঁলোকৰ অধিকাংশ শ্বটেই ব্যৰ্থ হ’ল৷ এইবাৰ তেওঁলোকৰ দুচকুত ক’লা কাপোৰ মেৰিয়াই দিয়া হ’ল৷ মানুহজনৰ পিছফালে কেইজনমান দৰ্শকক ৰখাই তেওঁ ল’বলগীয়া প্ৰত্যকেটো শ্ব’টৰ শেষত হাতচাপৰি আৰু প্ৰশংসাসূচক শব্দৰে উৎসাহিত কৰিবলৈ কোৱা হ’ল৷ অৰ্থাৎ তেওঁ দলিয়াই দিয়া প্ৰতিটো বলেই যে গৈ বাস্কেটত সোমাইছে, ঠিক এনে এটা ভ্ৰান্ত ধাৰণা তেওঁৰ মগজুত সংস্থাপিত কৰিবলৈ চেষ্টা কৰা হ’ল৷ দহটাকৈ শ্বট লোৱাৰ পিছত মানুহজনৰ চকুৰ পৰা কাপোৰখন আঁতৰাই দিয়া হ’ল আৰু তেওঁক পুনৰ শ্বট ল’বলৈ দিয়া হ’ল৷ দেখা গ’ল যিগৰাকী মানুহে পূৰ্বতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল, সেইসকল ব্যক্তিয়ে এইবাৰে একাধিক শ্বটতে সফলতা লভিবলৈ সমৰ্থ হ’ল৷ এই চমৎকাৰ পৰিৱৰ্তনটো প্ৰতিগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে দৃষ্টিগোচৰ হ’ল৷ এইবাৰ আন এজন ব্যক্তিৰ চকুত ক’লা কাপোৰ পিন্ধাই শ্বট ল’বলৈ দিয়া হ’ল৷ ব্যক্তিজনৰ পিছফালে একেখিনি দৰ্শকক থিয় কৰোৱা হ’ল৷ কিন্তুু দৰ্শকসকলে এইবাৰ পূৰ্বৰদৰে আচৰণ নেদেখুৱালে৷ তেওঁলোকে এইবাৰ ইতিকিংসূচক কোলাহলৰ সৃষ্টি কৰি বাস্কেটত বল সুমুৱাবলৈ অহা মানুহজনক নিৰুৎসাহিত কৰিলে৷ ক’লা কাপোৰ খুলি যেতিয়া মানুহজনৰ দ্বাৰা খেলখন পুনৰ খেলোৱা হ’ল, তেতিয়া দেখা গ’ল মানুহজনে পূৰ্বৰ সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিব পৰা নাই৷ ক’লা কাপোৰ মেৰিওৱাৰ পূৰ্বে তেওঁ লোৱা প্ৰায়কেইটা শ্বটেই পিছে অব্যৰ্থ আছিল৷
সেইয়াই হৈছে শব্দৰ শক্তি৷ প্ৰশংসাৰ শক্তি৷ অনুপ্ৰেৰণাদায়ী সাহিত্য ৰচনাৰ জৰিয়তে যিকেইগৰাকী ব্যক্তিয়ে বিশ্বৰ দশোদিশে যশস্যা আৰু খ্যাতি লভিছে সেইসকলৰ ভিতৰত অন্যতম এজন হ’ল আমেৰিকান লেখক নেপোলিয়ন হিল৷ নেপোনিয়ন হিলে এষাৰ কথা কৈছিল-“কিবা এটা কোৱাৰ আগতে দুবাৰ ভাবি লোৱা৷ কাৰণ, তোমাৰ শব্দ আৰু ইয়াৰ প্ৰভাৱে আন এজনৰ মনত সাফল্য অথবা বিফলতাৰ বীজ ৰোপণ কৰিব৷ ” গভীৰ জীৱনবোধৰ চানেকি দাঙি ধৰা এই কথাষাৰৰ মৰ্মাৰ্থ উপলব্ধি কৰি আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শব্দসমূহক সতৰ্ক দৃষ্টিৰে নিৰীক্ষণ কৰাটো এটা প্ৰয়োজনীয় কৰ্তব্য বুলি বিবেচনা কৰিব পাৰি৷
গাঁৱৰ দুজনমান ল’ৰাই পুথিভঁড়াল এটাৰ খোজাৰ যো-জা চলাইছে৷ ল’ৰা দুজনক বাটত লগ পাওঁতে আপুনি উপলুঙাসূচক অভিব্যক্তি এটা প্ৰদৰ্শন কৰি ‘এইবোৰ কৰিনো কি লাভ হ’ব হেৰৌ! ’ জাতীয় তোষামোদমিশ্ৰিত কথা এটাৰ অৱতাৰণা কৰি তেওঁলোকৰ মুখৰ উজ্জ্বলতা স্তিমিত কৰি পেলালে৷ আপুনি তেওঁলোকে কৰিবলৈ ওলোৱা কামটোত পা-পইছা দি সহায় কৰিব নালাগে৷ কিন্তুু তেওঁলোকৰ উদ্যমী মন আৰু ইতিবাচক চিন্তাক টুলুঙা কথা একোষাৰ কৈ মষিমূৰ কৰিবও নালাগে৷
দৰাচলতে বস্তুবাদী আৰু ভোগবাদী সমাজ-ব্যৱস্থাই আমদানি কৰা ধন-দৌলত আহৰণৰ স্বাৰ্থান্ধ প্ৰতিযোগিতাখনে আমাৰ মানুহখিনিক ইমানেই লুভীয়া, অসন্তুষ্ট, অভিযোগপ্ৰিয় আৰু কেৰিয়াৰ-সৰ্বস্ব কৰি পেলাইছে যে ইতিবাচক কথা-বতৰা, উৎসাহজনক আচৰণ, প্ৰেৰণাদায়ী দিহা-পৰামৰ্শ আদিকে ধৰি এখন প্ৰকৃত শিক্ষিত সমাজত থাকিবলগীয়া অৱশ্য-প্ৰয়োজনীয় উপাদানসমূহ ক্ৰমাৎ অন্তৰ্হিত হ’বলৈ আৰম্ভ কৰিছে৷ চৌদিশে কেৱল দৌৰি ফুৰা মানুহৰ ভিৰ৷ কোনোবা যদি দৌৰিছে টিআৰপিৰ পিছে পিছে, কোনোবা দৌৰিছে এশ শতাংশ নম্বৰৰ পিছে পিছে, কোনোবা যদি দৌৰিছে আকাশলংঘী অট্টালিকাৰ দিশে, কোনোবা আকৌ দৌৰিছে বিলাসী গাড়ীখনৰ পিছে পিছে৷ মানুহৰ অৰ্থ-বৈভৱক, শিক্ষা-দীক্ষাক কেন্দ্ৰ কৰি তুলনাত্মক আলোচনা-বিলোচনাত নিমজ্জিত হোৱাৰ অঘোষিত প্ৰাচীন নিয়মটো আমাৰ সমাজত বৰ গভীৰলৈকে শিপাই আছে৷ “নিজ যোগ্যতা আৰু দক্ষতাৰ বলত যিখিনি পাইছোঁ তাকেই লৈ জীৱনটো উপভোগ কৰোঁ”-এনে এটা সৰল অথচ জীৱনমুখী চিন্তাৰে আমি আমাৰ জীৱনটোৰ প্ৰতি কৃতজ্ঞ হ’বলৈ কেতিয়া শিকিম? বোধহয় বস্তুবাদ আৰু ভোগবাদেৰে চিক্‌মিকাই থকা ‘তথাকথিত আধুনিক নাগৰিক’ৰ সাজযোৰ সলাই ‘সঁচা মানুহ’ৰ সাজযোৰ পিন্ধি প্ৰকৃতাৰ্থত আধুনিক হ’বলৈ আমি আৰু কেইটামান দশক অপেক্ষা কৰিব লাগিব৷ সেই দিনটোলৈ বৰ আগ্ৰহ আৰু অধীৰভাৱে মই অপেক্ষা কৰি আছোঁ, ‘ছুপাৰমেন’খ্যাত খ্ৰিষ্টোফাৰ ৰিভৰ জনপ্ৰিয় উক্তি এফাঁকিৰ ছাঁত বহি -‘Once you choose hope, anything is possible.”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments