শব্দৰ সাধনা – শব্দৰ বন্দনা : অঞ্জল বৰা

শব্দৰ সাধনা – শব্দৰ বন্দনা

অঞ্জল বৰা

তৈত্তিৰীয়োপনিষদৰ এটি শ্লোকত কৈছে “যদি সূৰ্য্য নাথাকে কোনে পোহৰ দিব, উত্তৰ- চন্দ্ৰই৷ যদি চন্দ্ৰ নাথাকে কোনে পোহৰ দিব,  উত্তৰ- অগ্নিয়ে৷ যদি অগ্নি নাথাকে কোনে পোহৰ দিব,  উত্তৰ- শব্দই৷” উপনিষদতে শব্দই পোহৰ দিব বুলি যি মন্তব্য আগবঢ়াইছিল তাৰ পৰাই আমি শব্দ শক্তিৰ মাহাত্ম্য তথা শব্দ সাধনাৰ প্ৰয়োজনীয়তাৰ কথা অনুমান কৰিব পাৰোঁ৷
প্ৰাচীন ঋষি মুনিৰ যুগৰ পৰা সাম্প্ৰতিক সময়ৰ লেখক, কবি, সাহিত্যিক সকলোৱে যুগে যুগে এই শব্দৰ সাধনাৰেই আমাৰ সমাজক আলোকিত কৰি আছিছে৷ শব্দ সম্পৰ্কে গীতা, মহাভাৰত, ৰামায়ণ, বাইবেলৰ পৰা আৰম্ভ কৰি আধুনিক কবি আৰু বিজ্ঞানেও ন-ন তথ্য প্ৰকাশ কৰিছে৷ সকলোৱে শব্দৰ অনন্ত শক্তিক বুজি উঠি শব্দ শক্তিৰ জড়িয়তে মানুহৰ বিবেকক জাগ্ৰত কৰি তুলিব পৰাকৈ এখন বৌদ্ধিক জগত সৃষ্টি কৰিব বিচাৰিছে৷ “সাহিত্যৰ শক্তি যথাৰ্থতে আয়ত্ত কৰিব পাৰি একোটা জাতিৰ জীৱনী শক্তিৰ পৰা৷ তাৰ লগত শব্দ শক্তি নিহিত হৈ থাকে৷ প্ৰকৃততে সাহিত্যৰ শক্তি নিহিত হৈ থাকে শব্দৰ মাজত৷ ইতিহাসৰ অন্তহীন দুৰ্যোগ,  সামাজিক,  ৰাজনৈতিক  বিভ্ৰান্তি,  সন্ত্ৰাস, স্খলিত জীৱনৰ মূল্যবোধৰ পৰিণামত আমাৰ যি স্মৃতি শক্তি লোপ পাইছিল সেই শক্তি আমি শব্দ শক্তিৰ যোগেদি ঘূৰাই পাওঁ৷” (গৰীয়সী, দৃষ্টিকোণ-চন্দ্ৰপ্ৰসাদ শইকীয়া, নৱেম্বৰ ২০০৫) |  সেইদেখি গীতা, উপনিষদ সকলোতে শব্দক ‘ব্ৰহ্ম’ বুলি কৈছে৷ শব্দ বিমল আনন্দ আৰু জ্ঞানৰ বাহক,  শব্দ সভ্যতা,  শব্দ ইতিহাস, শব্দ মিতা, শব্দ প্ৰিয়জন৷ জীৱন চলাৰ পথত এই শব্দই কেতিয়াবা সুধাকাৰ হৈ আনন্দ দিছে, আকৌ কেতিয়াবা কঠিন বৰ্ম হৈ দুখক আগচি ধৰিছে৷
বেজবৰুৱাই তত্ত্বকথাত উল্লেখ কৰিছে যে- “পৃথিৱীত যতপ্ৰকাৰ শানিত সুতীক্ষ্ণ অস্ত্ৰ আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা৷ ‘কথাতে কটা যায় কথাতে বঁটা পায়’ বুলি কয়৷ ‘ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি’  এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন৷ শব্দক সেইদেখি শব্দ ব্ৰহ্ম বোলে৷ ওঁ কাৰ সেইদেখি মূলমন্ত্ৰ৷” শব্দ যে ব্ৰহ্ম এই কথাষাৰ প্ৰথম স্পষ্ট ৰূপত প্ৰতিফলিত হৈ উঠিছে গীতাৰ অষ্টম অধ্যায়ৰ অক্ষৰ ব্ৰহ্ম যোগত৷ তাত কোৱা হৈছে- “ওঁমিত্যেকাক্ষৰং ব্ৰহ্ম” অৰ্থাত ‘অ’, ‘উ’ আৰু ‘ম’ এই তিনিটা ধ্বনি মিলি ওঁ হৈছে৷ ‘অ’ মানে পালন কৰ্তা বিষ্ণু, ‘উ’ মানে সংহাৰ কৰ্তা শিৱ, আৰু ‘ম’ মানে সৃষ্টি কৰ্তা ব্ৰহ্মা৷ সৃষ্টি, স্থিতি আৰু পলয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক ‘প্ৰণৱ’  ওঁ শব্দই একে আখৰৰে চমুকৈ এক মূৰ্হুত্বতে বিজ্ঞাপন কৰে দেখি ওঁ ইমান পৱিত্ৰ আৰু জপৰ বিধান৷ গীতাত কৈছে “ওঁ একাক্ষৰ বেদ-বাক্য উচ্চাৰণ কৰি আৰু মোক স্মৰণ কৰি যে দেহ ত্যাগ কৰে তেওঁ শ্ৰীবিষ্ণু  পৰম পদ লাভ কৰে৷” একেদৰে বাইবেলৰ Old Testament-তো শব্দকেই ঈশ্বৰ বুলি কৈছে ” In the beginning was the Word, and the Word was with God, and the Word was God.” এই word  শব্দ বা ওঁ কাৰ নাদেই বেদৰ পৰম ব্ৰহ্ম আৰু খ্ৰীষ্টানৰ Lord! God! আৰু হিন্দুৱে ধাৰণা কৰা ঈশ্বৰৰ অতি সুমধুৰ প্ৰেম কৰুণা আৰু সৰ্বভূত বিয়পি থকা ৰাম আৰু কৃষ্ণ নাম৷ শব্দই আৰু পৰমাৰ্থ বোধক শব্দই মানুহক অন্য জীৱৰ ওপৰত শ্ৰেষ্ঠতা দান কৰি প্ৰকৃত মনুষ্যত্ব প্ৰদান কৰিছে৷

মহাভাৰতত গীতাৰ জৰিয়তে কৃষ্ণই যি দৰে অৰ্জ্জুনক জীৱন দৰ্শন, কৰ্ম সংস্কৃতি প্ৰদান কৰিলে একেদৰে ৰামায়ণৰ সমষ্ট যুদ্ধৰ মাজতো ৰামচন্দ্ৰৰ মুখত উচ্চাৰিত “জননী জন্মভূমিশ্চ স্বৰ্গদপি গৰীয়সী” এই শব্দ শক্তিয়ে যুগে যুগে মানুহক জননী আৰু জন্মভূমিৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ কৰি তোলে৷ একেদৰে অসমৰ বৈষ্ণৱ যুগলৈ মন কৰিলে দেখা যায় যে সংস্কৃত সাহিত্যৰ অগাধ পণ্ডিত মহাপুৰুষ শংকৰদেৱেও এক পৰম সত্যৰ সন্ধানত আশ্ৰয় লৈছিল৷ শব্দৰ মহা শক্তিৰ জৰিয়তে নামঘৰে নামঘৰে সেই শব্দৰ প্ৰভাৱত যুগে যুগে মানুহ অভিভূত আৰু উদ্বেলিত হৈ থাকে৷ ভাগৱত, কীৰ্ত্তনৰ একোটা পদৰ বিমোহিত শব্দই; বৰগীত, গুণমালাৰ একোটা শুৱলা সুমধুৰ শব্দই মানুহক ভূমাৰ সন্ধান দিয়ে৷ সেই শব্দৰ শক্তিৰ প্ৰভাৱত মানুহৰ চকুৰ পৰা পানী ওলাই আহে; যি চকুপানী পৰম প্ৰাপ্তিৰ আনন্দৰ লোতক৷ যি শব্দৰ শক্তিয়ে কান্দি থকা কেঁচুৱাক নিচিকুৱাই,  উশৃংখল যুৱকক শান্ত কৰে,  জীয়ৰী-বোৱাৰীৰ মনত প্ৰেমৰ সঞ্চাৰ কৰে আৰু বুঢ়া-মেথাসকলক পৰম ব্ৰহ্মৰ সন্ধান দিয়ে৷

শব্দৰ শক্তি অনন্ত৷ প্ৰথমতে হেলাত ৰাম নাম লৈ থাকোঁতে থাকোঁতে লাহে লাহে সি মানুহৰ চিত্ত অধিকাৰ কৰে৷ প্ৰথমে আওকাণ কৰি উচ্চাৰণ কৰি থকা নামে কালত উচ্চাৰণ কৰোঁতাৰ গোটেই অস্তিত্ব অজ্ঞাতসাৰে অভিভূত কৰি পেলায়৷ এইবাবেই ভাৰতবৰ্ষৰ মানুহে তেওঁলোকৰ উপাস্য দেৱতাৰ নাম তেওঁলোকৰ নিজ সন্তানসকলক দিয়ে৷ কাণ্যকুব্জ দেশৰ অজামিল নামে এজন ব্ৰাহ্মণে বেশ্যাৰ সঙ্গত পৰি স্ব-ধৰ্মভ্ৰষ্ট হৈ সেই বেশ্যাৰ সৈতে গৃহবাস কৰি দহজন পুত্ৰৰ জন্ম দিছিল৷ তাৰে কণিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰাখি মৰিবৰ সময়ত পুত্ৰ নাৰায়ণক মাতি মহাপাপৰ পৰা মুক্তি লাভ কৰিছিল৷ মহাপুৰুষ শংকৰদেৱে কীৰ্ত্তনৰ অজামিল উপাখ্যানত বৰ্ণনা কৰিছে-

“নাৰায়ণ নাম    বুলিবৰ ফলে
নিস্তাৰিলা অজামিল
বিষ্ণুক চিন্তিয়া    চতুভূৰ্জ ৰূপে
বৈকুণ্ঠত আৰোহিলা৷৷”

শব্দৰ কথা ক’বলৈ যাওঁতে আধুনিক কবিতাৰ মাজত থকা শব্দৰ কাৰচাজিৰ কথাও আলোচনা কৰিব পাৰি৷ ইংৰাজ কবি ক’লৰিজৰ মতে “Poetry is the best words in the their best orders” অৰ্থাত কাব্য হ’ল উত্তম ৰূপত সজোৱা উত্তম শব্দৰ সম্ভাৰ৷ ৰবাৰ্ট ফ্ৰ’ষ্টৰ ভাষাত “a performance in words” শব্দৰ খেলা৷ একেদৰে ফ্ৰান্সৰ প্ৰতীকবাদী কবি ষ্টেফান মালামেৰ উক্তি অনুসৰি “Poetry is written with words not ideas” কাব্য সৃষ্টি হয় শব্দ তথা প্ৰতীকৰ যোগেদি৷ ভাৱৰ বা অৰ্থৰ যোগেদি নহয়৷ শব্দৰ সামাজিক প্ৰয়োগ নিৰ্ধাৰিত অভিধানগত অৰ্থক সমুলি আওকান কৰি তেওঁলোকে শব্দৰ বিশুদ্ধ ধ্বনিগত ব্যঞ্জনা তথা তাৰ প্ৰতীকী ব্যঞ্জনাৰ ওপৰতহে গুৰুত্ব দিছিল৷  আধুনিক অসমীয়া কবিতাও এক শব্দৰ খেলা৷ কবিয়ে কি কৰে, শব্দৰে নিজৰ সাধনাৰ কবিতাটো সৃষ্টি কৰে৷ তাক কবি হীৰেন ভট্টাচাৰ্যই বৰ্ণনা কৰিছে এনেদৰে-
“কলম মোৰ কমাৰৰ হাতুৰী, ভাঙি পিটি
গঢ়ি লওঁ শব্দ,  খেতিয়কৰ ফাল যেন চোকা, সীৰলুত
সোণৰ সীতা,  মিস্ত্ৰিৰ কৰত যেন ৰূঢ় কঠিন কাঠৰ
আঁহ ফালি টানি আনো অভিজ্ঞতাৰ তেজ লগা শব্দ,
চাওঁতাল মৰদৰ ধনুৰ কাঁড়যেন লক্ষ্যভেদী একো
একোটা শব্দ মোৰ ৰক্ত মাংস ইচ্ছাত তীব্ৰ হৈ
উঠে৷” (পৃথিৱী মোৰ কবিতা)
এয়া আত্ম সচেতন কবি এজনে নিজৰ কবিতাৰ আদৰ্শ ঘোষণা কৰিবলৈ লেখা কবিতা৷ তেওঁ শব্দৰ কাৰিকৰ মেহনতি জনতাৰ এজন, কেৱল হাতুৰীৰ সলনি তেওঁ ব্যৱহাৰ কৰে কলম, নাঙলৰ সলনি শব্দক৷ কিন্তু তেওঁৰ আহিলা যদিও শব্দ, সেই শব্দৰ অন্তৰ্নিহিত শক্তি সম্পৰ্কে তেওঁ সচেতন৷ কাৰণ শব্দৰেই তেওঁ প্ৰকাশ কৰে তেওঁৰ পৃথিৱীৰ প্ৰতি থকা প্ৰেম, ভালপোৱা, আনহাতে অন্যায় অনীতিৰ লগতো তেওঁ যুঁজ কৰে এই শব্দৰেই৷

শব্দ শক্তিৰ লগত ভাৱৰো এৰাব নোৱাৰা সম্বন্ধ আছে৷ কাৰণ ভাৱৰ পৰাই মনৰ মাজত শক্তিৰ উৎপন্ন কৰি শব্দৰ ৰূপত তাক প্ৰকাশ কৰা হয়৷ মনৰ মাজত উদয় হোৱা ভাৱক প্ৰকাশ কৰিব পৰাকৈ উপযুক্ত শব্দ বিচাৰি নোপোৱাৰ ফলতে মানুহে বহু সময়ত মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে৷ সেইবাবেই When the heart is full, Words are few বা আৱেগ অনুভৱৰ চৰম মূহুত্বত মানুহ বোবা হৈ চকুৰ ভাষাৰে মনৰ কথা ক’ব লগা হয়৷ মানুহৰ ভাৱবোৰ নিচেই সূক্ষ্ম শক্তি৷ এই সূক্ষ্ম শক্তি স্থুল হৈ প্ৰথমতে শব্দ, তাৰ পিছত তাপ, পোহৰ আৰু বিদ্যুতৰ সৃষ্টি কৰে৷ শব্দৰ অন্তৰ্নিহিত শক্তিয়েই হৈছে এই তাপ, পোহৰ আৰু বিদ্যুত৷ যি শক্তিয়ে মানুহক আকৰ্ষণ কৰে, বিমোহিত কৰে আৰু মানুহৰ জীৱন পোহৰাই তোলে৷ আনকি নিবোধ শিশুৱেও কঠুৱা মাত মাতিলে ভয় কৰে, পোহনীয়া জীৱ-জন্তুৱে গৃহস্থৰ মাত বুজি দৌৰি আহে৷ আধুনিক ভাষা বিজ্ঞানেও শব্দৰ সৃষ্টিৰ কাৰণ, শব্দৰ উৎপত্তিৰ উৎস, শব্দৰ অৰ্থৰ পৰিবৰ্তনৰ কাৰণ আদি বিশদভাৱে আলোচনা কৰিছে৷ এই ক্ষেত্ৰত ধ্বনিতত্ত্ব, শব্দাৰ্থতত্ত্ব আদিৰ অধ্যয়নে আমাক শব্দ সম্পৰ্কে নতুন তথ্যৰ সন্ধান দিছে৷

ভাষা যোগাযোগৰ প্ৰধান মাধ্যম হ’লেও তাক প্ৰকাশ কৰে শব্দই৷ মানুহৰ মুখৰ পৰা বাহিৰ হোৱা শব্দক ধনুৰ পাখিলগা কাঁড়ৰ লগত তুলনা কৰিব পাৰি৷ ধনুৰ পৰা কাঁড় যিদৰে এৰি দিয়াৰ পিছত তাক ঘূৰাই আনিব নোৱাৰি,  একেদৰে মুখৰ পৰা বাহিৰ হোৱা শব্দকো পুনৰ ঘূৰাই আনিব নোৱাৰি৷ সেই বাবে শব্দৰ প্ৰয়োগ কৰোঁতে আমি সততে সাৱধান হোৱা উচিত৷ আনহাতে সাহিত্যত শব্দ প্ৰয়োগৰ ক্ষেত্ৰতো এই কথা মনকৰিবলগীয়া বিষয়৷ সেয়েহে তামিল কবি তিৰূবল্লুবৰে এটি শ্লোকত কৈছে- “ইনমোল ইংবিতোং বদ্ৰল কানবান এমন কোল্লো বনসোল বলগুংবদু” অৰ্থাৎ মধুৰ শব্দ কলে আনন্দ উৎপন্ন হয়৷ সেই কথা জানিও মানুহে যে কঠুৱা বাক্য উচ্চাৰণ কৰে তাতকৈ আৰু মূৰ্খতা আছে জানো?  সাধাৰণ অভিজ্ঞতা সম্পন্ন প্ৰায় সকলো মানুহেই এই কথা জানে৷ তথাপিও কিন্তু এনে মানুহ পৃথিৱীত বিচাৰি পোৱা খুবেই টান, যি কঠুৱা বচন আৰু ক্ৰোধ পৰিত্যাগ কৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments