শব্দেৰে ছন্দেৰে একাঁজলি শ্ৰদ্ধাঞ্জলি

 

শদিয়া বহুদূৰ

:গীতাৰ্থী গোস্বামী

কানুৰ বাঁহীত সুৰ দিবলৈ
গ’লাগৈ তুমি,
গুৰুবাৰে কিয়নো গ’লা??
আমাৰ ঋদ্ধি গুচি গ’লা,
গুৰুবাৰে কিয়নো গ’লা??

ৱাসাংসি জীৰ্ণানি য়থা ৱিহায়…..
গুচি গ’লা………

সোধে যদি জেউতিয়ে
“কেনে আছে তোমাৰ স্বদেশ?”
তুমি ক’বা
“সৰ্ব মংগল,
ঝিং ঝাং মংগল সংগীত
দেশৰ বাঁহ গাজবোৰ
পোন হৈছে,
এতিয়া আৰু ফুলা দেখিলে এজাৰ
কোনেও নকৰে বেজাৰ…
বহাগৰ ৰাংঢালি নব্য হ’ল
কঙাল চেতনাৰ পাঁহি মেলা দেশত
নিত্য নতুন শতফুল,

শদিয়া যে বহুদূৰ…………”

**********************************

কবিতা

:শৰৎ বৰকাকতি

‘কলৰে পাততে কাউৰী পৰে’
বুকু মোৰ ধৰফৰ কৰে
লুইতৰ পাৰে পাৰে
খবৰ বিয়পি যায়
তেওঁ হেনো নাই
বিহুটো সামৰা হ’লে কি নৌ
‘ধনশিৰী পাৰে হৈ…’
কলিয়াবৰত’ জিৰাবলে
পালে কি নৌ
খবৰ বিয়পি যায়
তেওঁ হেনো আৰু নাই….

দোভাগ নিশালৈ
কণ্ঠ উজাৰি তেওঁৰ
ভাগৰ নেলাগে
নেপালৰ গণসুৰ
কলিকতাত গায়ো তেওঁৰ
হেপাঁহ নুগুছে
‘মা আমি শদিয়ালে যামে’ বুলি
উলাহেৰে এজাক শিশুৰ স’তে
উঠে ৰিঙিয়াই
আজি –
খবৰ বিয়পি যায়
তেওঁ হেনো আৰু নাই….

বিহুতলী উৰুঙা
থমকে দোতাৰা
‘পাৰৰ পাখি’ সৰি পৰে
বাঁহীৰ সুৰে সুৰে
পথাৰৰ আলিত বহি
কোনোবা চহাই উচুপে
কৰ’বাত বাজি উঠে
কৰুণ কণ্ঠত
‘জীৱন নাটৰ শেষ ৰাগিনী…কল্যাণ খৰমান’
লুইতৰ পাৰে পাৰে
খবৰ বিয়পি যায়
তেওঁ হেনো নাই

**********************************

শ্ৰদ্ধাঞ্জলি

: নব কোঁৱৰ

এনেকৈয়ে আহে এজাক বৰষুণ!
৬০ দশকতে মূৰত পাগুৰি মাৰি
শ্ৰোতাক বসন্তৰ ৰঙেৰে ৰঙাই তোলা
এজাক বা-মাৰলি
নতুবা এজাক ব’হাগৰ বৰষুণ।
এইবাৰ গালে- কলাপাতৰ সিপাৰে কাউৰীজনী
আকৌ এবাৰো ঘূৰি নহাৰ গান॥

আজিও আকাশত জোন জ্বলিছে, তৰা জ্বলিছে
অসমীয়াৰ বৰঘৰৰ আৰু এটা কোঠা উদং কৰি
এজন নিভাঁজ অসমীয়াৰ চিতা জ্বলিছে ……

**********************************

নিদ্ৰা

: ৰঞ্জন বৰ্মন

(স্বৰ্গীয় খগেন মহন্ত দেৱলৈ শ্ৰদ্ধা আৰু তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰাৰ উপলক্ষ্যে কবিতাটি অৰ্পণ কৰিলোঁ।)

হঠাৎ স্তব্ধ হৈ পৰিল বুকুৰ স্পন্দন
জথৰ হৈ পৰিল চৰাই পাখি।
অসমী আইৰ বুকুত খহি পৰিল
এখন ফুলাম চিঠি,
য’ত লিখা আছিল
ৰিং এটা বাটৰ সিপাৰে
কুসুম কোমল দলিচাত
কিদৰে নিৰবে শুই পৰিল
এগৰাকী গণশিল্পী।

**********************************

বিষাদ গীত

: অনুপম দাস

(শ্রদ্ধাঞ্জলি: স্বর্গীয় খগেন মহন্তলৈ)

এটি জ্যোতিষ্কৰ আজি পতন হ’ল
এটি নক্ষত্র আজি এন্ধাৰ হ’ল
অ’ জেউতী হিয়া ধুনি ধুনি কান্দ
অ’ জেউতী কপাল চপৰিয়াই কান্দ
এক গণশিল্পী আজি নোহোৱা হল
ৰাইজৰ সখা যেন আঁতৰি গ’ল
প্রিয়তম জীৱনৰ বোৱতী নৈ
বাৰিষাও শুকাইহে গ’ল
এক নক্ষত্র আজি এন্ধাৰ হ’ল
*****************************

সমাধিত এপাহ খৰিকাজাঁই

: শান্তিছায়া শইকীয়া

(জনপ্ৰিয় শিল্পী খগেন মহন্তদেৱলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ।)

মোৰ চোতালৰ তুলসী তলত
এটা কবিতাৰ মৃতদেহ
বগা কাপোৰেৰে ঢকা
হৃদয় চুবুৰীৰ সকলো শব্দই আহি
আগুৰি–পাগুৰি
কোলাহল তুলি
হিয়ালি–জিয়ালিকৈ
কান্দোনৰ ৰোলেৰে বোলালে
মনৰ মজিয়াখন নীলাভ কৰি
হৃদয়খন নদী হ’ল
অশ্ৰুৰ বন্যাৰে ফেনে-ফোটোকাৰে বৈ গ’ল
উচুপনিবোৰ কিন্ কিন্ এজাক বৰষুণহৈ
ক্ৰমে শিল হ’ল
শিলৰ বুকুৰ পানী গলি গলি
নিগৰি নিগৰি হৃদয়নদীত মিলি
এখন সাগৰ হ’ল
পাৰত থাকিল মাথোঁ এটা কবিতাৰ সমাধি
সমাধিত এপাহ খৰিকাজাঁই।

**********************************

এটা গীত শেষ হ’ল…

: সঞ্জীব কুমাৰ বৰা

এটি গীত শেষ হ’ল….
আজি এটি গীত শেষ হ’ল
দুখতে এটা কাউৰী উৰি গ’ল।
কোনোবাই সুধিলে,
কিয় বেজাৰ কৰা.. .
এজাৰ ফুলা দেখি???

**********************************

দেশৰ এটি সুৰীয়া তৰালৈ…..

: জ্যোতি পি চি শইকীয়া

(দেশে ভাল পোৱা এজন মহান কণ্ঠ শিল্পী, বিহু সম্রাট খগেন মহন্ত দেৱৰ মহাপ্রয়াণত তেখেতলৈ মোৰ ব্যথিত হৃদয়ৰ দুটোপাল অনুভৱৰ চকুলোৰ শ্রদ্ধাঞ্জলি….।।তেখেতৰ আত্মাই শান্তি পাওঁক।।)

মাটিৰ গোন্ধ সনা
আপোন-আপোন লগা
জীৱন্ত গীত এটি স্তব্ধ হৈ পৰিল….।।
স্তব্ধ হৈ ৰ’ল ঢুলীয়াৰ ছেও।।

এজাৰে যে উচুপি উঠিছে বেজাৰত….
পাৰৰ পাখিত গাঁঠি দিয়া
ফুলাম চিঠিখনৰ যে
ঠিকনা সলনি হ’ল।।

নিগাজী পামৰ
সোণসেৰীয়া শস্যৰ
সুৰীয়া সোৱাদ
কেনেকৈনো পাহৰিম ?
বুকুৰ ৰন্ধ্রে-ৰন্ধ্রে
থাকিব সদায়-
কেঁচা মাটিৰ সুবাসিত
গীতৰ সুৰীয়া অনুৰণন
হাড়ে-হিমজুৱে
প্রৱাহমান কাললৈ….।।
হে মহান !প্রণামো তোমাক।।

**********************************

কবিতা

: জিতু মণি চহৰীয়া

এয়ে যদি শেষ লগ পোৱা, সুৰে সুৰে কৈ গ’লা যি কথা নহ’ল কোৱা………..
“মায়া ভৰা এই ধৰা
মোহেৰে আৱৰা
আশাৰে আৱৰা”
মানুহৰ প্ৰেমত অন্ধ তুমি
ধৰাৰ বুকুত
সুৰৰ লহৰ
তুমি সুখী
জনতাৰ কণ্ঠ
তোমাৰ অংগ
আমাৰ বাবে
তুমি গণশিল্পী।

বিহু মঞ্চত তুমি নহ’লে
কোনে সান্ত্বনা দিব
ডাকোৱাল কাইক,
এজাৰ ফুলিলে বেজাৰ কৰিবলে’
তুমিচোন নায়েই
তুমিটো গুচি গ’লা
দুখৰ এঙামুৰি ভাঙি
আমিবোৰ আকৌ তোমাৰ
প্ৰতীক্ষাৰত

কোঙা কৰিছে দুখবোৰে
শূন্য অনুভুতি বুকুত সাবটি
শ্বাসৰুদ্ধ আমি
ব্ৰহ্মপুত্ৰৰ বালিত জিৰণি লৈছে
দক্ষিণৰ ৰঙা সুৰুজে।।

বি.দ্ৰ:
পাৰৰ পাখিত গুজি দিয়া
ফুলাম চিঠিখনি
নতুবা আগলি পাতত
কাউৰি বহিলেই
তুমি অহাৰ বতৰা পাম।।।

**********************************

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক