শহা আৰু কাছৰ সাধু – প্ৰদীপ বৈশ্য

শহা আৰু কাছ দুয়োৰে কোন বেছি বেগী তাকে লৈ এবাৰ বিবাদ হ’ল আৰু তাৰ প্ৰমাণ চাবলৈ দুয়ো প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সন্মত হ’ল৷ সেইমতে দুয়ো নিৰ্দিষ্ট স্থানৰ পৰা দৌৰ আৰম্ভ কৰিলে৷ শহাই আধাবাট পাৰ হৈ কাছক দেখা পাম বুলি উভতি কিছুসময় চালে৷ কিন্তু, কাছৰ কোনো উম্ঘাম নাই৷ শহা নিশ্চিত হ’ল যে কাছ এতিয়াও সি পাৰ হৈ অহা দূৰত্বৰ আধাও আহিব পৰা নাই৷ সেয়েহে সি গছৰ তলত কিছু বিশ্ৰাম ল’লে৷ কিন্তু টোপনিত লালকাল দিওঁতে কাছই শহাই জিৰোৱা ঠাই পাৰ হৈ নিৰ্দিষ্ট স্থানত উপস্থিত হ’লগৈ৷

সাৰমৰ্ম: লেহেমীয়া আৰু সুস্থিৰ জনে সদায় প্ৰতিদ্বন্দিতাত জিকে৷

ওপৰৰ সাধুটো ইমানলৈকে সকলোৱে জানে৷ কিন্তু, ৰ’ব! কাহিনীটো এতিয়াও শেষ হোৱা নাই৷

শহাই জানি শুনি কৰা ভুলৰ বাবে খুব লজ্জিত হ’ল৷ লজ্জিত হৈ আকৌ এবাৰ দৌৰৰ যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ দিলে৷ সেইমতে নিৰ্দিষ্ট দিনত আগৰ দৰে দুয়ো দৌৰ আৰম্ভ কৰিলে৷ এইবাৰ শহাই ক’তো বিশ্ৰাম নোলোৱাকৈ দৌৰি গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হ’ল৷ শহা কাছতকৈ বৃহৎ ব্যৱধানত জিকি গ’ল৷

সাৰমৰ্ম: অবিৰাম বা ধাৰাবাহিকভাৱে বেগাই চলাজন লেহেমীয়া আৰু সুস্থিৰ জনতকৈ সদায় আগত থাকে৷

ৰ’ব! সাধুটো ইমানতো শেষ হোৱা নাই! শহাই তাৰ বেগাই চলিব পৰা স্বভাৱসুলভ প্ৰতিভা কাছৰ আগত প্ৰতীয়মান কৰিলেও, কাছই কিন্তু দৌৰত হাৰি নতশিৰ নহ’ল৷ সেয়েহে, দুদিনমান মনে মনে থাকি এটা নতুন আঁচনিৰ কথা ভাবিলে আৰু পূৰ্বৰ পথৰ সলনি এটা বেলেগ পথত পুনৰ দৌৰাৰ বাবে শহাক প্ৰস্তাৱ দিলে৷ শহাও একে আষাৰে মান্তি হ’ল৷

দুয়ো নিৰ্দিষ্ট স্থানৰ পৰা দৌৰ আৰম্ভ কৰিলে হয়: কিন্ত, কিছুদূৰ পাৰ হৈ পোৱা এখন নদীৰ বাবে শহা থমকি ৰ’ব লগা হ’ল৷ ইফালে কাছই পলমকৈ আহিও নদীৰ ইটো পাৰৰ পৰা সিটো পাৰ সাঁতুৰি পাৰ হ’ল আৰু তাৰ পাছত পোৱা পথছোৱাৰে আগুৱাই গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হ’লগৈ৷ কাছই এনেদৰে নিজৰ সামৰ্থ্য় প্ৰতিপন্ন কৰিলে৷

সাৰমৰ্ম: সামৰ্থ্য় আৰু দৃঢ়তা থাকিলেও প্ৰতিযোগিতাত সাফল্য পাবলৈ পৰিস্থিতিৰ বিষয়ে জনাটোও প্ৰয়োজন৷

সাধুটো ইমানতে শেষ হোৱা বুলি আপুনি পুনৰাই ভাবিছে চাগৈ! হোৱা নাই ৰ’ব! শেহৰখিনি শুনক৷

শহা আৰু কাছই দৌৰৰ প্ৰতিযোগিতা পাতি ইতিমধ্যে দুয়োয়ে বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই পৰিছিল৷ সিঁহতে আগৰ পথছোৱাতেই অন্তিম বাৰৰ বাবে দৌৰিবলৈ সিদ্ধান্ত ল’লে৷ কিন্ত, এইবাৰ দুয়োয়ে একেলগে দৌৰাৰ আঁচনি কৰিলে৷ নিৰ্দিষ্ট দিনত দৌৰ আৰম্ভ হোৱাৰ লগে লগে শহাই কাছক পিঠিত উঠাই ল’লে আৰু দৌৰিবলৈ আৰম্ভ কৰিলে৷ আগৰ সেই নৈৰ পাৰ পাওঁতে কাছই শহাৰ পিঠিৰ পৰা নামি দিলে আৰু পানীত নামি দি শহাক তাৰ চলং খনত উঠিবলৈ ক’লে৷ কাছই সাঁতুৰি গৈ আনটো পাৰ পালে আৰু পাৰত উঠি আগৰ দৰে কাছই শহাৰ পিঠিত উঠি নিৰ্দিষ্ট ঠাইখিনি গৈ পালে৷ দুয়োয়ে সমানে সন্তুষ্টি লাভ কৰিলে৷

সাৰমৰ্ম: একেলগে বা মিলিজুলি কৰা কামত সাফল্য অনিবাৰ্য৷ দলীয় বা সমূহীয়া ভাৱে কৰা কামত কোনো সদস্যৰ হয়তো কোনো সময়ত সামৰ্থ্য় কম আৰু কোনোজনৰ বেছি থাকিব পাৰে! সেয়ে হ’লেও, দলবদ্ধ ভাৱে কৰা হেতুকে সাফল্য অনিবাৰ্য৷

উক্ত সাধুটোৰপৰা পোৱা আৰু দুটামান নীতিশিক্ষা হ’ল যে, কাছ বা শহা দুয়োয়ে পৰাজয়ৰ পিছতো হাৰ মনা নাছিল৷ দ্বিতীয়বাৰ দৌৰত হাৰি কাছই নিজৰ ৰণকৌশল সলাই ল’বলগীয়া হৈছিল৷ অৰ্থাৎ, জয়ৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰাৰ উপৰিও কেতিয়াবা নিজৰ ৰণকৌশলো পৰিবৰ্তন কৰাৰ প্ৰয়োজন আছে৷ তদুপৰি আন এটা শিক্ষা হ’ল যে, নিজৰ প্ৰতিদ্বন্দ্বীক পিছ পেলোৱাৰ কথা পাহৰি যদি আমি সকলোৱে একেলগে পৰিস্থিতিয়ে আনিব পৰা প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিওঁ, দলবদ্ধ বা সমূহীয়া সাফল্য আমাৰ বাবে ধুৰুপ৷

( বি.দ্ৰ. – সাধুটো কোনো কোনোৱে হয়তো ক’ৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছে৷ ময়ো বহু বছৰৰ আগেয়ে এজন লোকৰ মুখত কোৱা শুনিছিলো৷ সেয়েহে অকবৰ পঢ়ুৱৈ সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ মন গ’ল৷ )

********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments