শান্তিৰ উপসৰ্গ (দিগন্ত যাদৱ শৰ্মা)

শান্তি! আমাৰ সকলোৰে হেঁপাহৰ এটা শব্দ! দেহ, হিয়া, মন, প্ৰাণ পুলকিত কৰা এটা মিঠা অনুভৱ! আজিৰ এই দুখ অশান্ত জৰ্জৰ সমাজখনত শান্তি আহিবনে কেতিয়াবা? আজিকালি অমল বেজবৰুৱাই এইবোৰেই ভাবি থাকে। আচলতে বহুদিন ধৰি মুখামুখি হৈ থকা অশান্তিবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে। সম্বন্ধবোৰৰ মাজতো যে কিমান ধৰণৰ অশান্তিৰ সৃষ্টি হৈছে আজিকালি! সম্বন্ধ শব্দটোৰ লগতো যে কিমান ধৰণৰ অৰ্থ নিহিত হৈ থাকিব পাৰে! অমলে মনতে লেখি চাইছিল। নিজৰ পঞ্চাশ বছৰীয়া জীৱনটোত শান্তিৰ সৈতে সম্বন্ধবোৰৰ সংগতি যোগ-বিয়োগ কৰি চাইছিল। স্বাৰ্থপৰতা, কুটিলতা, অসততা, অসাধুতা, ধূৰ্ততা ইত্যাদি ইত্যাদি ….কিমান ধৰণৰ যে অশান্তিৰ সৈতে সম্বন্ধবোৰ বন্ধা আছে! অৱশ্যে ইয়াৰ মাজতো কিছু হ’লেও সাধুতা, সৰলতা, সততাৰ লগত শান্তিৰ সম্বন্ধ আছে! বেজবৰুৱাৰ জীৱনতো যেন সম্বন্ধসমূহত আউল লাগিছে। শেহান্তৰত নিজ পৰিয়ালৰ মাজতে অশান্তি এখনৰ সৃষ্টি হৈছে। নিজৰ অতি ওচৰৰ লোক কিছুমানৰ অপকৰ্ম ইমান নিম্নস্তৰলৈ নামি গৈছেনে? নিজৰ বাবে, নিকটাত্মীয় সকলৰ বাবে শান্তি ঘূৰাই আনিবলৈ তেওঁ চেষ্টা নকৰা নহয়! কিন্তু ইমানখিনি চেষ্টা কৰাৰ পিছতো আজিলৈকে জীৱনটোক সুখময় কৰি তুলিব নোৱাৰিলে। শান্তি নাহিল। সম্বন্ধবোৰৰ মাজত ইমান স্বাৰ্থপৰতা, কুটিলতা আহি পৰিছে যে অমল বেজবৰুৱাৰ দৰে দুৰ্বল হৃদয় সকলৰ জীয়াই থকাটোৱেই টান কাম হৈ পৰিছে। এই বিশ্বাস-অবিশ্বাসৰ দোমোজাত জীয়াই থকাটোৱেই যে কি এক বিড়ম্বনা!

অমলে আগতে বহুতো কিতাপ পঢ়িছিল। কেতিয়াবা কিতাপবোৰৰ মাজতো অমলে শান্তিৰ সন্ধান কৰে। পথে-ঘাটেও বিচাৰি চায় কৰবাত কিজানি শান্তিৰ সমল পায়েই! লোকৰ মুখত শুনি আজিকালি অমলে শান্তিৰ সন্ধানত দূৰদৰ্শনৰ ভক্তিৰসৰ অনুষ্ঠান কিছুমানো চাবলৈ লৈছে। বিভিন্ন ধৰ্মপুস্তক পঢ়িবলৈ গোটাই থৈছে। শান্তিৰ সন্ধানত। অমলৰ বাবে কিন্তু ইয়াত কোৱা কথাবোৰ আসোঁৱাহযুক্ত যেন লাগে। কথাবোৰ বুজিবলৈ অসুবিধা হয়। আজিকালি বিশেষ কাম নাথাকিলে তেওঁ বাহিৰলৈও নাযায়। ঘৰতে সোমাই থাকে যদিও কাৰো লগত কথা নাপাতে। এটা সময়ত ষ্টেফি গ্ৰাফ, মনিকা চেলেচহঁতৰ খেল চাবলৈ নাপালে টোপনি নহা মানুহজনৰ আজিকালি টেনিছ চাবলৈও যেন আগ্ৰহ হেৰুৱাই পেলাইছে। এয়া সময়ৰ দাবী নে আজিৰ এই অশান্তিকৰ পৰিৱেশটোৰ বাবেই হৈছে, অমলে ইয়াৰ কিন্তু কোনো সদুত্তৰ উলিয়াব নোৱাৰিলে।

হৈ যোৱা শিৱৰাত্ৰিটোত ওচৰতে থকা শিৱ মন্দিৰটোত পত্নীৰ লগত গাখীৰ ঢালিবলৈ গৈছিল। আচলতে তেওঁ নিজেই যোৱা নাছিল। পত্নীয়েহে জোৰ কৰি লৈ গৈছিল- “বোলো ঘৰত আৰু কি আবোল তাবোলখন ভাবি থাকে। অকণমান ওলাই গ’লে ভাল লাগিব। তাতে আকৌ মন্দিৰ বুলি পবিত্ৰ পবিত্ৰ লগা পৰিৱেশ এটা!” তাত থকা পণ্ডিতজনে তেওঁলোকক কৈছিল- “আজিকালি ধৰ্মৰ পোচাকত অধৰ্মৰ পয়োভৰ, গোষ্ঠী সংঘৰ্ষ, সন্ত্ৰাসবাদ, হত্যা, বলাৎকাৰ, সীমাহীন দুৰ্নীতি দৈনন্দিন চলিব ধৰিছে আৰু এইবোৰ সাধাৰণ খবৰত পৰিণত হৈছে। এইবিষয়ে চৰ্চা কৰাটোৱে অনৰ্থক হৈ পৰিছে। প্ৰকৃততে আমাৰ বিশ্বৰ বাবে ই এক কঠিন সময়…”। পণ্ডিতে আৰু হয়তো বহুত কিবাকিবি ক’লেহেতেঁন। কিন্তু মানুহৰ ভিৰৰ বাবে আৰু অমলৰো শুনিবলৈ বিশেষ ইচ্ছা নথকাত তাৰ পৰা প্ৰস্থান কৰিছিল।

বিপদত পৰিলে খেৰকুটাত আশ্ৰয় লোৱাৰ নিচিনাকৈ অমলৰো এদিন জানিবলৈ মন গ’ল পণ্ডিতৰ হাতত শান্তিৰ ঔষধ আছে নেকি? কাৰণ সেইদিনা তেওঁ বহুতো তত্বগধূৰ কথা কৈছিল। তেওঁ শিৱ মন্দিৰটোলৈ গ’ল। পণ্ডিতজনক নাপালে। ঘোৰ শিৱভক্ত বাবা এজনকহে লগ পালে। শিৱভক্ত বাবাই অমলক পাই ভালেই পালে। বাবাই কৈছিল “বৰ্তমান পৃথিৱীত সংগমযুগ চলি আছে। ই হৈছে কলিযুগৰ অন্তিম ক্ষণ আৰু সত্যযুগৰ সংগম সময়। গতিকে আমি সকলোৱে পৰমাত্মা শিৱক পূজা-অৰ্চনা কৰিব লাগে। আৰু পৰমপিতা নিৰাকাৰ শিৱই ঘোৰ অন্ধকাৰৰ শত্ৰুক বিনাশ কৰি দুখ অশান্তিৰ পৃথিৱীক সুখ-শান্তিময় স্বৰ্গ কৰি পেলাব। … ব’ম্ ব’ম্ ভোলেনাথ…” নাই কথাবোৰ ভালকৈ হৃদয়ঙ্গম কৰিব নোৱাৰিলে তেওঁ। আচলতে অমলৰ এই কথাবোৰত বিশ্বাস কৰিবলৈও মন নগ’ল।

 

ঘৰলৈ ঘূৰি আহি বিছনাখনতে শুই শুই ভাবিবলৈ ধৰিলে “শিৱক সৰুৰে পৰাই দেখি আহিছে। আহঁত গছৰ তলত, মন্দিৰত। বাঘৰ ছালৰ দৰে লগা কাপোৰ এখনৰ ওপৰত বহি থকা অৱস্থাত। মাক-বায়েকহতঁকো দেখিছে আহঁত গছৰ তলত থকা শিৱক গাখীৰ ঢালি পূজা কৰা। লগত অগণন মানুহো। তেওঁ কি ইমানদিনে সন্তুষ্ট হোৱাই নাইনে? কেতিয়াকেনো আমাক সুখ-শান্তিৰে ওপচাই পেলাব। অমলে এনে কেইবাজনকো জানে যিয়ে গোটেই জীৱনটো শিৱক আৰাধনা কৰিও অকালতে প্ৰিয়জনক হেৰুৱাইছিল। দুখৰ বাহিৰে একো সুখ পোৱা নাছিল। নাই, এইবোৰ মিছা কথা। ইমানদিনৰ অভিজ্ঞতাৰ পৰা দেখিছে এইবোৰ প্ৰকৃততে অন্ধবিশ্বাসহে। অলৌকিক, অপাৰ্থিৱ, অনৈসৰ্গিক বস্তুবোৰৰ প্ৰতি মানুহে কিয় বাৰু ইমান অৰ্থ আৰু সময় অপচয় কৰে। বাবাই যে কৈছিল আজিৰ এই মনুষ্যৰূপী দানৱসকলক অজ্ঞান নিদ্ৰাৰ পৰা জগাবৰ বাবে পৰমাত্মাৰ আৱিৰ্ভাব হ’ব। সেইকাৰণে আমি সকলোৱে তেওঁক পূজিব লাগে। অমলৰ খং উঠে আৰু মনতে ভাবে যদি শিৱ বোলাজন আছে তেন্তে তেওঁহে অজ্ঞান নিদ্ৰাত নিমজ্জিত হৈ আছে। আৰু এই শিৱ যে কেতিয়াবা নিদ্ৰাৰ পৰা জাগি উঠিব তাৰো কোনো বিশ্বাসযোগ্যতা নাই।

 

শিৱভক্ত বাবাৰ কথাবোৰ বিশ্বাস নকৰিলে যদিও কিয় জানো কিবা এটা দুৰ্বাৰ আকৰ্ষণে অমলক সন্ধিয়া সময়ত আকৌ এদিন মন্দিৰটোলৈ টানি লৈ গ’ল। এনেকৈ মাজে মাজে অমলে শিৱ মন্দিৰটোলৈ যাবলৈ ধৰিলে। সহজ সৰল পত্নীয়ে আৰু তেওঁৰ একমাত্ৰ ল’ৰাটোৱেও কথাটোত বেয়া নাপালে। অনবৰতে ঘৰখনত অশান্তি কৰি সোমাই থকা মানুহজনে আজিকালি মাজে মাজে বাহিৰত ওলাবলৈ ধৰিছে। বিশেষকৈ পত্নী বেছ আনন্দিত হ’ল। একেবাৰে কথা নোকোৱা মানুহজনে পৰিয়ালৰ লগত বিভিন্ন ধৰণৰ ৰস লগা কথাও পাতিবলৈ ধৰিলে। খোৱা-বোৱাত একেবাৰে মন-কাণ নিদিয়া মানুহজনে ভালকৈ খোৱা-বোৱাও কৰা হ’ল। লাহে লাহে কিন্তু দশম শ্ৰেণীত পঢ়া পুতেক ৰিতুলৰ দেউতাকৰ এই কথাবোৰ বৰ এটা হজম নহ’ল। দেউতাকৰ হঠাৎ এই পৰিৱৰ্তনৰ ৰহস্য ক’ত? কিবা যেন এক অস্বাভাৱিকতাৰ লক্ষণ! আজিকালিৰ ল’ৰা। যুক্তি সহকাৰে নুবুজিলে বা নুবুজালে এই ভূত-ভগৱান, এই ধৰণৰ অলৌকিক কথাবোৰত ৰিতুলে বিশ্বাস নকৰে। পুতেকে মাকৰ লগত আলোচনা কৰিলে। হোজা মাকে গুৰুত্ব নিদিলে, ভাবিলে এয়া নিশ্চয় শিৱ আৰু শিৱমন্দিৰৰ মহিমা। এনে পৰিৱৰ্তনৰ এটাৰ নিশ্চয় আৱশ্যক আছিল। মানুহজন দিনক দিনে কি যেন এক বিষন্নতা, নৈৰাশ্য, ভগ্নপ্ৰত্যাশাত ভুগি আছিল। অমলৰ পত্নীৰ বিশ্বাস জন্মিল সঁচাকৈয়ে তেওঁৰ ঘৰখনলৈ, তেওঁৰ স্বামীলৈ শান্তি ঘূৰি আহিল। তেওঁ ৰাতিপুৱা নিয়মিতভাবে শিৱমন্দিৰত গাখীৰ ঢালিবলৈ ধৰিলে। গুৱালজনৰ পৰা এপোৱা গাখীৰ বেছিকৈহে লোৱা হ’ল।

 

হয়! অমল বেজবৰুৱাই যেন ঈপ্সিত বস্তুবিধ বিচাৰি পালে। অমলৰ বাবে এয়াহে প্ৰকৃত শান্তি। সঁচাকৈয়ে শিৱৰ মহিমা কিয় ইমানদিনে বুজা নাছিল? অমলৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল। যিয়েই নহওক শিৱভক্ত বাবাইহে অমলক প্ৰকৃত শান্তিৰ গূঢ়াৰ্থ বুজালে। ধন্য এই জীৱন। ততাতয়াকৈ কামবোৰ সামৰি সন্ধিয়া অমলে নিয়মিত মন্দিৰটোলৈ যাবলৈ ল’লে।

 

এই শান্তি অৱশ্যে বেছিদিনলৈ স্থায়ী হ’বলৈ নাপালে। কিয়নো শান্তিৰ উপসৰ্গসমূহে দেখা দিবলৈ ধৰিলে। মানুহজন সন্ধিয়া হ’লে ঘৰত থাকিব নোৱাৰা হ’ল। ঘৰত আহি বিদ্বান লোকৰ দৰে কথা কয়। পুতেকে আলেঙে-আলেঙে গৈ কথাবোৰ বুজি আহিল। বাপেকৰ গাত হঠাতে শান্তিৰ উভৈনদী হোৱাৰ ৰহস্যৰ দুৱাৰ মুকলি হ’ল। অমলৰ পত্নীয়ে অৱশ্যে কেইদিনমানৰ পৰা এটা কথা লক্ষ্য কৰিছিল যে যদিও স্ফুৰ্তিত থাকে মানুহজনে কিছুমান কথা আজিকালি পাহৰিবলৈ আৰম্ভ কৰিছে। কম্পিউটাৰৰ সন্মুখত বহি এদিন ৰিতুলে ‘গুগল’ খুলি মাকক মাতিলে। কাষত বহুৱাই বিশ্বাস অবিশ্বাসৰ দোমোজাত থকা হোজা মাকক পুত্ৰ ৰিতুলে ‘গুগল’ত দেখুৱালে আৰু বুজালে… দেউতাকৰ শান্তিৰ ৰহস্য!

ভাং…।

অন্য নাম- গাঞ্জা, গঞ্জিকা, গাঁজা, Cannabis, Hemp। ইয়াক সেৱনৰ ফলত মন প্ৰফুল্লিত, আহ্লাদিত আৰু হৰিষিত হয়।

অহেতুক আনন্দ উল্লাস কৰাও দেখা যায়। ভোক বঢ়ায়। মাজে সময়ে ভাং সেৱন কৰা জনে দাৰ্শনিক আৰু প্ৰাজ্ঞলোকৰ দৰে কথা-বতৰা কৰে। ভাং সেৱনৰ মাত্ৰাধিক্যই উদ্বিগ্নতা আৰু আশংকাৰ সৃষ্টি কৰে। খোজ থৰক বৰক হ’ব পাৰে। চকু ৰঙা পৰিব পাৰে। কথা কিছুমান পাহৰিব পাৰে। ভাং ‘চিলিম’, ‘চিগাৰেট’ত সুমুৱাই অথবা লাড়ু হিচাপেও সেৱন কৰিব পাৰে।……

 

কিছুদিন আগেয়ে পত্নীয়ে অমল বেজবৰুৱাৰ পেন্টৰ পকেটত দুটা ‘চিলিম’ দেখিছিল। তেওঁ ভাবিছিল সেয়া শিৱক পূজা কৰাৰ উদ্দেশ্যেহে অনা বুলি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments