শামুক (ৰক্তিম গোস্বামী)

দুহাত যেতিয়া মুঠি মাৰোঁ
আঙুলিৰ ফাকেৰে পৃথিৱীখন সৰি পৰে
সৰু সৰু টুকুৰা হৈ
চকুৰ পতাৰে নামি আহে
নিমখীয়া এটা শামুক
তেজবোৰ গোট মাৰি
কলিজাটো শিল কৰি তোলে
উশাহ যেতিয়া মনে মনে ল’ব লাগে
তাৰ শব্দই কৰা আস্ফালন অসহনীয়
ক’লা সাপৰ দৰে অকাই পকাই অহা
ৰাতিটোৰ ইমূৰে উমি উমি জ্বলি আছে
এটা অদৃশ্য তৰা
মঙহৰ মাজৰ পৃথিৱীখন স্থবিৰ
ঠিক গৰ্ভৰ সন্তানটোৰ দৰে
এক অসহনীয় নিস্তব্ধতা
সৃষ্টি এন্ধাৰ
বিনাশ এন্ধাৰ
শামুকটো গৈ আছে
লাহে লাহে..
—–**—–

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
LaXya Prohor
9 years ago

সঁচা কথা…
খুব ভালপালো কবিতাটি ।
শামুকটো গৈ আছে লাহে লাহে…