শালিকা (দিগন্ত বৰা)

শালিকা এজনী মোৰ কান্ধত পৰিলহি। মই বোলোঁ: মোৰ বগা কামিজটো কিয় লেতেৰা কৰিলি?
হাঁহি এটা মাৰি তাই ক’লে: অপকৰ্ম কৰি কৰি আপোনাৰ কামিজটো কেতিয়াবাই লেতেৰা হ’ল দাদা।
মই একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নাপালোঁৱেই। তাই আকৌ ক’লে: মোক এটা সহায় কৰিবা?
মই বোলোঁ: কৰিলে কি দিবা?
তাই বোলে: তোমাৰ বাৰীৰ বিছাবোৰ, কেৰেলুৱাবোৰ, কুমজেলেকুৱাবোৰ, আনকি মহ-ডাঁহবোৰো খাবলৈ বাৰীখন ৰখি থাকিম।
মই বোলোঁ: সেইবোৰ নাখালে তোমালোক মৰিবা। বেলেগ কি দিবা?
তাই বোলে: তোমাৰ বাৰীত সাপ সোমালে খবৰ দিম।
মই বোলোঁ: বেলেগ কি দিবা?
তাই বোলে: আলহী অহাৰ খবৰ দিম।
মই বোলোঁ: সেইটোও নালাগে। বেলেগ কি দিবা?
কিছুপৰ চিন্তা কৰি তাই ক’লে: ইয়াতকৈ বেলেগ আৰু তোমাক মই কণীকেইটা দিলেহে হ’ব? তুমি মোক সহায় কৰিব নালাগে।

বেয়া লাগিল বুজিছে। বৰ বেয়া লাগিল। সেয়ে কলোঁ: তোমাক যি সহায় লাগে, সকলো নিঃস্বাৰ্থভাৱে কৰিম। কি কৰিম কোৱা।
মোৰ কথাত শালিকী জনীয়ে মোৰ গালত ডিঙিটো পাতি দি ক’লে: মোৰ ডিঙিৰ নোমখিনি টানি টানি এৰুৱাই দিয়া।

মই মুক হৈ পৰিলোঁ। কোনোমতে সেহাঁই সেহাঁই সুধিলোঁ: কিয়?
তলমূৰ কৰি তাই ক’লে: দূৰ্গা পূজা আহিছে। সৰু বলীৰ দিনা আমাক বহুতে টাৰ্গেট কৰে। এনেকৈ নোমবোৰ এৰুৱাই থ’লে আমি এবছৰলৈ বাচি যাওঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments