শাস্তি (দীপাংকৰ মল্ল বৰুৱা)

“হেলো”।

“হেলো, কোনে কৈছে। হেল্লো”।

“ভালে আছা পৰী? মই দিগন্ত”।

দিগন্ত??!! পৰী হতবাক হৈ গ’ল।

বহু সময় দিগন্তয়ো একো ক’ব নোৱাৰিলে।

“বাবাই এইবাৰ মেট্ৰিক দিব নহয়নে? সি ভালদৰে পঢ়া শুনা কৰিছেনে? তাক মোৰ শুভেচ্ছা জনাবলৈ মন গৈছে”।

“আজি ইমান দিনৰ মূৰত আমাৰ কথা মনত পৰিল কেনেকৈ? আমি জীয়াই আছোঁ নে মৰিছোঁ কেতিয়াবা খবৰ লৈছিলনে”? পৰীৰ মাতত জুইৰ ফিৰিঙতি ওলাল।

“এবাৰ বাবাক ফোনটো দিয়ানা প্লিজ। তাৰ মাতটো শুনিবলৈ বৰ মন গৈছে। মাত্ৰ এবাৰ”। দিগন্তৰ মাতত কাতৰতা।

“নালাগে। একো প্ৰয়োজন নাই। আপোনাৰ শুভেচ্ছা নাপালেও সি পৰীক্ষাত ভাল কৰিব। মই থকালৈকে তাক আৰু কাৰো শুভেচ্ছাৰ প্ৰয়োজন নাই”।

“প্লিজ পৰী। বুজিবলৈ চেষ্টা কৰা”।

“বুজিবলৈ চেষ্টা কৰিম? কি বুজিবলৈ চেষ্টা কৰিম? এতিয়া আৰু বুজিবলৈ কি বাকী আছে”? পৰীৰ হুকহুকাই কান্দোন ওলাই আহিল। তাই ফোনটো কাটি দিলে।

বাবাৰ তেতিয়া দহ বছৰ বয়স। সি ক্লাছ ফোৰত। তেতিয়াই আহিছিল সেই দুৰ্যোগপূৰ্ণ সময়। দিগন্ত ঘৰলৈ প্ৰায়ে পলমকৈ আহিবলৈ লৈছিল। অফিচৰ কামত সি খুব ব্যস্ত হৈ পৰিছিল। ঘনাই ঘনাই টুৰত যাবলগীয়া হৈছিল। পৰীয়ে ইমান ব্যস্ততাৰ কাৰণ সুধিলে কৈছিল, তাৰ প্ৰমোচন এটা হ’ব, ট্ৰান্সফাৰ হ’ব, দৰমহা ভাল হ’ব। সেইবাবেই কামত তাৰ ব্যস্ততা বাঢ়িছে।

পৰীয়ে নিজকে সকাহ দিছিল, দিগন্তই যি কৰিছে তাইৰ আৰু বাবাৰ বাবেই কৰিছে। বাবা এতিয়া ডাঙৰ হৈ আহিছে। সি পঢ়া শুনাত ভাল। দিগন্তৰ বহুদিনৰ সপোন বাবাক আই এ এচ অফিছাৰ কৰাৰ। সি নিজৰ আধৰুৱা সপোন বাবাৰ মাজেৰে পূৰণ হোৱাটো বিচাৰে। আই এ এচ কৰিবলৈ হ’লে বাবাক দিল্লীত ভাল কলেজত পঢ়ুৱাব লাগিব, কোচিং দিব লাগিব। এইবোৰত বহুত খৰছ।

কিন্তু সীমাহীন ব্যস্ততাৰ মাজত দিগন্ত এদিন সঁচাকৈয়ে হেৰাই গ’ল। অহুকাণে পহুকাণে পৰীৰ কাণত পৰিল শিৱাণীৰ কথা। দিগন্তই কাম কৰা কোম্পানীটোৱে নিয়োগ কৰা কনছাল্টেণ্ট ফাৰ্ম এখনত কাম কৰা দিল্লীৰ পৰা অহা ষ্মাৰ্ট, আধুনিকা শিৱাণী মালহোত্ৰা হেনো অনবৰতে তাৰ লগতে থাকে। টুৰত গ’লেও দুযো একেলগে যায়। দুয়োৰে বিষয়ে অফিছত সকলোৰে মুখত বু বু বা বা। ছিনিয়ৰ মেনেজাৰ দাশগুপ্তাই হেনো দিগন্তক ৱাৰ্ণিঙো দিছে।

মিছেছ দাশগুপ্তাই তাইক ফোন কৰি ক’লে, “এইবোৰ কথা তোমাক ক’বলগীয়া হোৱা কাৰণে মোৰেই বেয়া লাগিছে। কিন্তু দাদাৰাৰ মুখত এইবোৰ কথা শুনি মই থিৰেৰে থাকিব নোৱাৰিলোঁ। দাদাৰা হঁতে হেনো দিগন্তক বহুত বুজাইছে। তুমিও বুজাই চাবা”।

পৰীৰ মূৰত সৰগ ভাঙি পৰিছিল। তাই চিঞৰি চিঞৰি কান্দিছিল, দিগন্তক জেৰা কৰিছিল, বাবাৰ মূৰত হাত দি এইবোৰ মিছা বুলি ক’বলৈ কৈছিল। কিন্তু দিগন্ত আছিল নিৰ্বিকাৰ। পৰীৰ কোনো কথাৰে উত্তৰ তাৰ ওচৰত নাছিল। সি বাবাৰ মূৰত হাত থৈ শপত খাব পৰা নাছিল। শিৱাণীৰ বিষয়ে পৰীয়ে শুনা কথাবোৰ মিছা বুলিও ক’ব পৰা নাছিল।

ঘৰখন হঠাতে মৰিশালি হৈ পৰিছিল। দিগন্ত আৰু পৰী হৈ পৰিছিল দুটা নিৰ্বাক, নিষ্পন্দ প্ৰস্তৰ মূৰ্তিৰ দৰে। বাবাই ধৰিবই পৰা নাছিল কি হৈছে ঘৰখনত। সি ব্যস্ত হৈ পৰিছিল টি ভি, কম্পিউটাৰ গেমৰ মাজত। কোনো তাক চাওঁতা নাই, কওঁতা নাই। দিগন্ত ঘৰত থকা সময়খিনিত যান্ত্ৰিক ভাৱে ঘৰখনত তিনিটা মানুহ বাস কৰিবলৈ লৈছিল।

দিগন্তই পৰীক বুজাবলৈ চেষ্টা কৰিছিল। সি ভুল পথত আগবাঢ়িছিল। সি অনুতপ্ত, সি ক্ষমাপ্ৰাৰ্থী। কিন্তু পৰীয়ে তাক ক্ষমা কৰিব নোৱাৰিলে। তাই কি ত্যাগ কৰা নাছিল তাৰ কাৰণে। উচ্চ শিক্ষিতা হৈয়ো ঘৰৰ গৃহিনী হৈ তাই ভাল দৰমহাৰ কলেজ শিক্ষকৰ চাকৰিটোও বাদ দিছিল, তাৰ কোম্পানীৰ চাকৰিৰ সময়ৰ লগত এডাজাষ্ট কৰিবলৈ। তাৰ ব্যস্ততাৰ বাবেই তাই সকলো ঘৰুৱা বজাৰ সমাৰ নিজেই কৰিছিল। স্কুলৰ পৰা অহাৰ পিছত বাবাৰ টিউছন, বেডমিণ্টন, তবলা, ড্ৰয়িং ক্লাছৰ লগতে পঢ়া শুনাৰ সমস্ত দায়িত্ব তাই মূৰ পাতি লৈছিল। তাইৰ নিজৰ যতন ল’বলৈকো আহৰি নাছিল। আনৰ দৰে তাই সপ্তাহে সপ্তাহে বিউটি পাৰ্লাৰলৈ যাব পৰা নাছিল, চুলি ষ্ট্ৰেইট কৰি ধুনীয়া হ’বলৈ তাইৰ হাবিয়াস নাছিল। সেইবাবেই হয়তো তাই হৈ পৰিছিল দিগন্তৰ চকুত আপচু, কুত্সিত। আৰু দিগন্তৰ চকু পৰিছিল সুশ্ৰী, সুগঢ়ি, ধুনীয়া ফিগাৰৰ শিৱাণীৰ ওপৰত।

এদিন দিগন্তই তাইক কৈ দিলে, “মই শিৱাণীক এভইড কৰিব নোৱাৰোঁ। মই অহা দেওবাৰে আকৌ দিল্লীলৈ যাম তাইৰ লগত। এইটো মোৰ অফিচিয়েল কমিটমেণ্ট, মোৰ দায়িত্ব”।

সেইদিনা পৰীয়ে বাঘিনীৰ দৰে গৰজি উঠিছিল। “যা, কিন্তু আৰু ঘূৰি নাহিবি। মই ঘৰ বাৰী, বস্তু বাহানি চব জ্বলাই শেষ কৰি দিম”। পৰীৰ গৰ্জনেও দিগন্তক টলাব নোৱাৰিলে। এনেবোৰ ইমোছনেল ব্লেকমেইলিঙ তাৰ ভালদৰেই জনা আছে। সিও চাই ল’ব তাই কিদৰে ঘৰ বাৰী, বস্তু বাহানি জ্বলাই দিয়ে।

দিল্লীত থকা সময়তেই ছিনিয়ৰ মেনেজাৰ দাশগুপ্তাই দিগন্তক ফোন কৰি জনালে তাৰ ঘৰটোত জুই লাগিল। অকলো পুৰি চাৰখাৰ হৈ গ’ল। পৰী আৰু বাবা কোনোমতে বাচিছে।

দিগন্ত খঙত পগলাৰ দৰে হ’ল। বেৰতে সি ঘুচিয়াবলৈ ধৰিলে। “তাইৰ ইমান সাহস, তাই মোৰ ঘৰ জ্বলাই দিব! বস্তু বাহানি জ্বলাই চাৰখাৰ কৰিব”!

তাৰ হাতত তেজ বিৰিঙি উঠিল। শিৱাণীয়ে দৌৰি আহি তাৰ হাতত মলম লগাই কাপোৰ বান্ধি দিলে। “ৰিলাক্স দিগন্ত, ইতনা গুচ্চ্চা কৰনা ঠিক নহী হেই”। শিৱাণীয়ে তাক বুজালে।

“আই উইল কিল হাৰ শিৱাণী। তাই নিজকে কি বুলি ভাবিছে”? সি গোঁজৰি উঠিল।

“ন’ ইউ কেণ্ট ডু ডেট দিগন্ত। তুমহে মে ৱাপছ জানে নেহী ডুংগী। তুম কুছ কৰ ডোগে”।

শিৱাণীয়ে তাৰ মূৰটো তাইৰ বাহুৰ মাজত লৈ ক’লে। “মে’ তুমহে খোনা নেহী চাহতি”। শিৱাণী উচুপি উঠিল।

সঁচাকৈয়ে শিৱাণীয়ে তাক যাবলৈ নিদিলে। তাই তাৰ কাৰণে দিল্লীত আন এটা চাকৰি যোগাৰ কৰিলে। বেছি দৰমহাৰ, বেছি সুবিধাৰ চাকৰি। শিৱাণীৰ দিল্লীত থকা ফ্লেট দিগন্তৰ নতুন ঠিকনা হ’ল। শিৱাণীৰ পূৰ্বৰ স্বামীয়ে তাইৰ নামত দি যোৱা ফ্লেট।

শিৱানীৰ হোষ্টেলত থাকি পঢ়া শুনা কৰা পুত্ৰ ৰণবীৰে মাকৰ সিদ্ধান্তত আপত্তি নকৰিলে। সি বুজি পোৱা হৈছে, মাকক এগৰাকী সংগীৰ প্ৰয়োজন। শিৱাণীয়ে দিগন্তক বুজালে, “ নাথিং ইজ গ’য়িং টু চেঞ্জ ফৰ ইউ দিগন্ত। পেহলে ভি তুম্হাৰে পাছ বিৱি ঔৰ এক লড়কা থা, অৱ ভি ৱহী ৰহেংগে। ইউ জাষ্ট হেভ টু ডিভোৰ্চ পৰী এণ্ড মেৰী মি”।

নাই, দিগন্তই পৰীৰ ওচৰলৈ ডিভোৰ্চ বিচাৰি যাব নোৱাৰে। তাইৰ চকুৰ মুখামুখি হ’বলৈ তাৰ ভয় লাগে। শিৱাণীৰ কথামতেই সকলো হ’ব, কিন্তু সি পৰীক ডিভোৰ্চ দিব নোৱাৰে। সি জানে, স্বাভিমানী পৰীয়ে কেতিয়াও তাৰ ওচৰলৈ নিজৰ প্ৰাপ্য বিচাৰি নাহে।

শিৱানীয়ে বুজিলে। পৰীৰ লগত ডিভোৰ্চ কৰিবলৈ তাই জোৰ নকৰিলে। পৰীৰ লগত ডিভোৰ্চ নোহোৱাকৈয়ে দিল্লীৰ এটা মন্দিৰত দিগন্তই শিৱাণীৰ শিৰত সেন্দুৰ পিন্ধালে।

দাশগুপ্তা পৰিয়ালে বিদ্ধস্ত পৰীক চম্ভালি ল’লে। তাইৰ কাৰণে ওচৰৰ প্ৰাইভেট স্কুল এখনত চাকৰিৰ যোগাৰ কৰিলে। নিজৰ ঘৰৰ চৌহদত থকা ভাড়াঘৰ এটাতে পৰীক কম ভাড়াত থাকিবলৈ দিলে।

মাজে মাজে মিছেছ দাশগুপ্তাই পৰীক বুজনি দিয়ে, “ঠাকুৰৰ ওপৰত বিশ্বাস ৰাখিবা। ভগৱান সহায় থাকিলে কোনেও একো কৰিব নোৱাৰে। তোমাৰ ল’ৰাই এদিন তোমাৰ মান ৰাখিব”।

দিনবোৰ বাগৰি থাকিল। দিগন্ত নোহোৱা জীৱনটোত পৰী আৰু বাবা দুয়ো লাহে লাহে অভ্যস্ত হৈ পৰিল। পৰীয়ে বাবাৰ মুখলৈ চাই সকলো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নিজকে সাজু কৰিলে। আগৰ ডাঙৰ ঘৰটোৰ ঠাইত সৰু ঘৰ এটাত থাকিবলগীয়া হ’ল, বাবাই বেডমিণ্টন তবলা বাদ দিব লগীয়া হ’ল, বিহুৱে পূজাই নতুন কাপোৰ নোলোৱাকৈ থাকিব লগীয়া হ’ল, পইছা হিচাপ কৰি কৰি খৰছ কৰিব লগীয়া হ’ল। বাবাই ভাল কলেজত পঢ়িবলৈ গ’লে বহুত পইছা লাগিব। গতিকে পৰীয়ে যিমান পাৰে পইছা সাঁচিবলৈ ল’লে। সাঁচতীয়া পইছা পোষ্ট অফিছ, বেংকত ফিক্সড ডিপোজিট কৰিলে।

মিছেছ দাশগুপ্তাই তাইক কয় দিগন্তৰ ওপৰত কেছ কৰিবলৈ। তাৰ পৰা ডিভোৰ্চ লৈ ল’ৰা ডাঙৰ কৰিবলৈ খৰছ বিচাৰিবলৈ। তাৰ দৰে পাষণ্ড এটাই শাস্তি পাব লাগে। কিন্তু পৰীয়ে সেইবোৰ একো নকৰে। তাই আৰু সেই মানুহটোৰ ওচৰত হাত পাতিবলৈ যাব নোৱাৰে, যিটো মানুহে ঘৰটোত ছৰ্ট চাৰ্কিট হৈ জুই লগাৰ খবৰ পায়ো, সকলো বস্তু পুৰি চাৰখাৰ হৈ যোৱাৰ খবৰ পায়ো এবাৰো খবৰ কৰিবলৈ নাহিল। সেই মানুহটোক তাই অন্তৰৰ পৰা ঘিণ কৰে।

আজি সেই মানুহটোৱে তাইলৈ ফোন কৰিবলৈ, বাবাৰ পৰীক্ষাৰ খবৰ লবলৈ সাহস ক’ৰ পৰা পালে। কোনে দিলে তাক তাইৰ ফোন নম্বৰ?

মিছেছ দাশগুপ্তা সেইদিনা আবেলি বাবাৰ পৰীক্ষাৰ প্ৰিপাৰেচন কেনে হৈছে খবৰ কৰিবলৈ আহিল।

তেওঁ কথা প্ৰসংগত ক’লে, “দিগন্তই ফোন কৰিছিল। সি দাদাৰাৰ লগত কথা পাতিছে। সি বাবাৰ পঢ়া শুনাৰ দায়িত্ব ল’ব বিচাৰিছে। এতিয়াতো তাৰ পঢ়া শুনাৰ খৰছ বহুত বাঢ়িব। তুমিনো অকলে কিমান পাৰিবা? আমি ভাবো বাবাৰ কাৰণে এইখিনি কৰাটো তাৰ দায়িত্ব। সেই কাৰণে দাদাৰাই তাক তোমাৰ ফোন নম্বৰটো দিছিল। তুমি কি ভাবা পৰী”?

“দায়িত্ব? তেওঁৰ এতিয়া দায়িত্বৰ কথা মনত পৰিল? ইমান দিনে যে মই হাড়ক পানী কৰি, এসাজ খাই, এসাজ নাখাই ল’ৰাক ডাঙৰ কৰিছোঁ, সেই সময়ত তেওঁৰ দায়িত্বৰ কথা মনত নপৰিল। এতিয়া তেওঁ টকা পইচাৰ গৰম দেখুৱাই ল’ৰাৰ দায়িত্ব ল’ব বিচাৰিছে। ল’ৰাৰ কাৰণে কৰ্তব্য কৰিবলৈ আহিছে। বাবাৰ পঢ়া শুনাৰ নামত কেইটামান টকা দলিয়াই দিয়াতেই তেওঁৰ দায়িত্ব শেষ নেকি”? পৰীৰ চকু দুটা জ্বলি উঠিল।

“তুমি উত্তেজিত হৈছা পৰী। অলপ ঠাণ্ডা মগজুৰে ভাবি চোৱাচোন”।

“ভাবিছোঁ বৌদি । সেই দিনৰ পৰা ৰাতি ৰাতি বিচনাত পৰি মেলা চকুৰে ভাবিয়েই আহিছোঁ। কেৱল বাবাৰ কথাই ভাবিছোঁ। তাক মানুহ কৰাৰ কথাই ভাবিছোঁ। তাক মানুহ কৰিবলৈ মোৰ এতিয়াও সামৰ্থ আছে বৌদি”।

“সি যদি ভাল কলেজত পঢ়িবলৈ নাপায়, সি তোমালোকে ভবাৰ দৰে আই এ এচ অফিছাৰ হ’ব পাৰিব জানো? আজিকালি এইবোৰ কোচিং ক্লাছতে হেনো বহুত খৰছ”।

“নালাগে বৌদি, সি আই এ এছ হৈ দেশ উদ্ধাৰ কৰিব নালাগে। মই তাক যিখিনি শিক্ষা দিছোঁ, সেইখিনিৰে সি অন্তত: এজন ভাল মানুহ হৈ থাকিব পাৰিব। কাৰো ওচৰত হাত নপতাকৈ, কাৰো পুতৌৰ পাত্ৰ নোহোৱাকৈ সে শিৰ তুলি জীয়াই থাকিব পাৰিব। মই কষ্ট কৰি উপাৰ্জন কৰা পইছা কেইটাৰ মূল্য সি বুজে বৌদি। সি ভাল দামী, নামী কলেজত পঢ়িবলৈ নাপাব পাৰে, কিন্তু যি কলেজত পঢ়িব সেই কলেজতে নিজৰ নাম উজ্বলাব পাৰিব। এই কথাত মোৰ দৃঢ় বিশ্বাস আছে”।

“কিন্তু দিগন্তক তাৰ দায়িত্বৰ পৰা, তাৰ কৰ্তব্যৰ পৰা তুমি ৰেহাই দিব বিচাৰিছা কিয়? সি অন্তত: কিছু শাস্তি পাব লাগে”।

“তেওঁ এতিয়া দায়িত্ব পালন কৰি তেওঁ নিজকে মহান বুলি দেখুৱাব বিচাৰিছে। তেওঁ বাবাৰ পঢ়া শুনাৰ দায়িত্ব লৈ পাপৰ প্ৰায়চিত্ত কৰিব বিচাৰিছে। তেওঁৰ কি অকল বাবাৰ কাৰণেহে দায়িত্ব আছিল নেকি? মোৰ কাৰণে তেওঁৰ কোনো দায়িত্ব নাই? মই তেওঁৰ বিবাহিতা পত্নী নহয়? এতিয়া আৰু তেওঁক মই কোনো দায়িত্ব পালন কৰি প্ৰায়চিত্ত কৰিবলৈ সুবিধা নিদিওঁ বৌদি। তেওঁক মই সকলো দায়িত্ব পালনৰ পৰা মুক্ত কৰিছোঁ। তেওঁক কেতিয়াও নিজৰ সন্তানৰ বাবে একো কৰাৰ অধিকাৰ মই নিদিওঁ। এয়াই তেওঁৰ বাবে শাস্তি”।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments