শাহু- বোৱাৰী- এক আত্মাৰ বান্ধোন – পৰিস্মিতা বৰদলৈ

মাহ হালধিৰ আমোলমোল সুবাসেৰে সুবাসিত হৈ, দুটি অঞ্জনত নানাৰঙী সপোন আঁকি এগৰাকী যুৱতীয়ে জীয়ৰীৰপৰা বোৱাৰী জীৱনত খোজ পেলায়৷ মনৰ মাজত অযুত ভাৱৰ হেন্দোলনি,নানান কথাৰ উক্মুকনিৰ মাজেৰেই নতুন ঘৰ এখনত পদাৰ্পণ কৰেহি ন বোৱাৰীগৰাকীয়ে৷ জন্মৰেপৰা ল’ৰালি,কৈশোৰ আৰু যৌৱনৰ এছোৱা কাল যিখন ঘৰত পাৰ কৰিছিল সেইখন ঘৰ চিৰদিনৰ বাবে এৰি আহি,জন্মদাতা আই,বোপাইকে ধৰি সহোদৰ ভাই- ভনীক এৰি নতুনকৈ গৰকা ঘৰখনত আহি পোন- প্ৰথমে দুৰু- দুৰুকৈ কঁপে বুকুখন৷ তথাপিও এয়াই সমাজৰ চিৰাচৰিত নিয়ম৷ অতীজেপৰা চলি অহা এই নিয়মক নেওচা দিব কোনেও নোৱাৰে৷ সেয়েহে একালৰ জীয়ৰীয়ে আহি বোৱাৰী জীৱনৰ সাজ পিন্ধি আকোঁৱালি লয়হি নতুন জীৱনটোক ৷

নতুনকৈ পোৱা জীৱনটোত সহচৰ হিচাপে স্বামী থাকে,থাকে পৰিয়ালৰ বাকী সদস্যসকল৷ কিন্তু এগৰাকী বোৱাৰীয়ে শুই উঠাৰেপৰা ৰাতি বিচনাত পৰালৈকে আটাইতকৈ বেছি সময় যাৰ ছত্ৰছায়াত থাকিবলগীয়া হয় সেয়াই হৈছে শাহুআই৷ পাকঘৰৰপৰা আৰম্ভ কৰি সকলোতেই শাহুআইৰ হাতৰ আঙুলিত ধৰি যিগৰাকী বোৱাৰীয়ে ন- জীৱনটিত বাট বোলে, সেইগৰাকী বোৱাৰীৰ বাবে বাকী দিনবোৰো সহজ হৈ পৰে৷ একেদৰেই শাহুৱেক গৰাকীয়েও মৰমেৰে শিকাই বুজাই ল’লে, নজনাখিনি দেখুৱাই দিলে পৰস্পৰ সুখী হ’ব পাৰে৷ এই শাহু- বোৱাৰীৰ সম্পৰ্ক কটকটীয়া হয় যেতিয়া প্ৰত্যেকেই এজনে আনজনক বুজিবলৈ চেষ্টা কৰে ৷

সাধাৰণতে কোৱা হয় যে শাহুৱেকক মাতৃ জ্ঞান কৰি নাইবা শাহুৱেকেও নিজৰ ছোৱালীৰ দৰে ভাবি আগবাঢ়িলে সম্পৰ্কটো মধুৰ হৈ পৰে৷ কিন্তু ঠিক এনেকুৱা নহ’লেও অৰ্থাৎ মাক জীয়েকৰ দৰে নহ’লেও কিন্তু পৰস্পৰ বুজাবুজি তথা সমিল- মিলেৰে শাহু- বোৱাৰীৰ সম্পৰ্কটোৰ মাধুৰ্য বজাই ৰাখিব পৰা যায়৷ কিয়নো মাক- জীয়েকৰ দৰেই শাহু- বোৱাৰীৰ সম্পৰ্কৰো আছে সুকীয়া বৈশিষ্ট্য৷ মনত শ্ৰদ্ধা আৰু আনুগত্যৰ ভাৱ পোষণ কৰি যেতিয়া এগৰাকী বোৱাৰীয়ে নিজৰ কৰ্তব্যসমূহ সমাপন কৰে, শাহুৱেকেও যেতিয়া কথাইপতি খুঁত উলিওৱাৰ পৰিৱৰ্তে ভালকৈ বুজাই দিয়ে তেতিয়া খাম- খেয়ালীৰ কথাই নাহিব৷ এনেকৈয়ে স্বৰ্গীয় অনুভূতিৰ উদ্ভৱ হ’ব ৷

এইখিনিতে নিজৰ ব্যক্তিগত অনুভৱ ব্যক্ত কৰিবলৈ পালে সখীৰ আগত সুখী হ’মঃ

মোৰ বিয়াৰ কথা-বতৰা পাতিবলৈ যেতিয়া আমাৰ ঘৰৰপৰা দৰাঘৰলৈ মানুহ গৈছিল, তেতিয়া ইমান এটা ডাঙৰ পৰিয়াল দেখি মোক সকলোৱে কৈছিল,”চাবি কিন্তু, মিলিব নোৱাৰিলে বৰ বেয়া কথা হ’ব৷ ইমান এটা ডাঙৰ পৰিয়াল৷” কথাটো হওঁতে সঁচা৷ কিয়নো আমাৰ দেউতাৰ ফালৰ তিনিজন ককাই-ভাই আৰু দুগৰাকী জা-জোৱালী (এজন খুড়া অবিবাহিত)ৰ বিপৰীতে মোৰ স্বামীগৃহত পাঁচজন ভাই- ককাই আৰু চাৰিগৰাকী বোৱাৰী (এজন বৰদেউতা অবিবাহিত)৷ তদুপৰি বৰদেউতাহঁত আৰু খুড়াহঁতৰ সৈতে মই মিলি আমি চাৰিগৰাকী জা-জোৱালী হ’ম৷ গতিকে এনে এটা ভৰা পৰিয়ালত আমাৰ দৰে সৰু পৰিয়াল এটাৰ পৰা গৈ মিলি থাকিব পাৰিম নে নোৱাৰিম তাৰ ওপৰত সন্দেহ অহাটোও অস্বাভাৱিক নহয়৷ মোৰ মনে মনে তেতিয়া অলপ ভয়ো লাগিছিল৷ শেষত ভয়ে- শংকাই ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত বিয়া হৈ আহোঁ এইখন ঘৰলৈ৷ বিগত বৰ্ষৰ ২৫ ছেপ্টেম্বৰত আমাৰ বিয়াৰ চাৰিবছৰ হৈ গ’ল৷ বাহীবিয়াৰ দিনা প্ৰথম কলতলত আদৰি আনি গোঁসাইঘৰ আৰু পাকঘৰ গচকোৱাৰেপৰা আজিলৈকে মায়ে মানে শাহুআয়ে প্ৰতিটো ক্ষেত্ৰতে সহযোগ কৰি আহিছে মোক৷ আজি মই সগৌৰৱে কওঁ যে মই এগৰাকী বোৱাৰী হিচাপে ইমানেই মৰম পাইছো যে কেতিয়াবা মোৰ সন্দেহ হয় আচলতে মই বোৱাৰী নে ছোৱালী৷ শাহুমাৰ উপৰিও দুগৰাকী খুড়ীশাহু আৰু এগৰাকী বৰমাই যথেষ্ট মৰম কৰে মোক৷ একেটা চৌহদতে সকলোবোৰ মিলিজুলি থকাৰ উপৰিও দুজন বৰদেউতা আৰু আমাৰ ঘৰ লগালগিকৈ আছে৷ মই কণমানিক লৈ অলপ পৰৰ বাবে গ’লেও হাতৰ টিপতে কিবা এটা খাবলৈ গুজি দিয়ে, গা- বেয়া কৰিলে ঢপলিয়াই আহে৷ মুঠতে বহুত বেছি মৰম পাইছো মই এইখন ঘৰত৷

এটা কথা মানিবই লাগিব যে মৰম দিলেহে মৰম পায়৷ হ’লেও কেতিয়াবা- কেতিয়াবা এনে কিছুমান ঘটনা আমাৰ দৃষ্টিগোচৰ হয় য’ত শাহুৰদ্বাৰাই বোৱাৰী অথবা বোৱাৰীয়েকৰ দ্বাৰাই শাহুৰ নিৰ্যাতন চলে৷ আকৌ কেতিয়াবা শাহুগৰাকীয়ে কথাইপতি মানসিক নিৰ্যাতন চলায় বোৱাৰীয়েকৰ ওপৰত৷ এইক্ষেত্ৰত অলপ বুজাপৰা,সহনশীলতা তথা ধৈৰ্যশীল স্বভাৱে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাত সহায় কৰে৷ কিয়নো এটা কথা সঁচা যে এখন তাল কেতিয়াও অকলে নাবাজে৷ গতিকে যিকোনো এটা পক্ষই অলপ এৰা- ধৰা কৰি চলিব পাৰিলেই হয়তো সমাধানৰ পথ নিশ্চয় ওলাব৷ কিয়নো শাহুআই মানে আমি নতুন ঘৰত মাতৃৰ পৰিৱৰ্তে লাভ কৰা এগৰাকী নাৰী যি আমাক বোৱাৰীজীৱনৰ প্ৰতিটো খোজতে আগুৱাই যাওঁতে পদে পদে পথ দেখুৱায় ৷

সৰ্বশেষত এটি গীতৰ কলিৰে লেখাটোৰ মোখনী মাৰিছোঃ
“শাহু- বোৱাৰীৰ জ্যোতিৰে মহিমা
দেৱতাই ৰ লাগি চায়
আই অ’ শাহুআই৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments