শাৰদীয় চিন্তা (আব্দুছ চাজিদ)

শাৰদীয় চিন্তা

প্ৰকৃতিৰ অমোঘ নিয়ম মানি শৰতে আকৌ এবাৰলৈ ভুমুকি মাৰিলেহি৷ সোঁৱৰাই দিলেহি ঋতুচক্রৰ অৱশ্যম্ভাৱী পৰিৱৰ্তনৰ শাশ্বত কথা৷ বৰ্ষাৰ কলীয়া মেঘবোৰে বৰণ সলাই সুনীল আকাশত কমোৱা তুলা হৈ উৰি ফুৰাৰ সময় শৰৎ৷ দূবৰিৰ আগত ওলমি ৰোৱা নিয়ৰৰ টোপালত পুৱাৰ সোণোৱালী ৰ’দে জিলমিল কৰাৰ ক্ষণ এয়া৷ তলসৰা শেৱালিৰ মৃদু-মধুৰ সুবাসে হৃদয়লৈ সজীৱতা কঢ়িওৱাৰ বতৰ৷
নৈ-পৰীয়া কঁহুৱাখিনিক শুকুলা সাজেৰে সুৰঞ্জিত কৰি শৰৎ আহে প্ৰতিবাৰেই৷ ডাঠ সেউজীয়া ধাননিত বতাহৰ হেন্দোলনি তুলি এনেকৈয়ে আহি পায় শৰৎ কাল৷ ঋতুৰাণীৰ উপস্থিতিৰ বতৰা প্ৰকৃতিয়ে আমাক এনেদৰেই দি যায় মৌন অথচ বাংময়তাৰে৷ ভাব-প্ৰৱণতা উজাৰি কবিয়েও ৰ’ব নোৱাৰি আঁকি যায়,
আহিনৰ লেণ্ডস্কেপ :
শেষ হৈ গ’ল লুব্ধ আকাশৰ হিংস্ৰ উৎসৱ৷
উখল-মাখল পথাৰত এতিয়া বলিছে সেউজীয়া ঢল৷
ৰ’দালিৰ ভাঁজে ভাঁজে অপাৰ বিস্ময়৷
আৱেগত ভাগি পৰে শব্দৰ তন্ময়৷ (হীৰেন ভট্টাচাৰ্যৰ কবিতা)
ঋতু পৰিৱৰ্তনে স্বয়ংক্রিয়ভাৱে মানুহৰ স্বভাৱজাত আৱেগ-অনুভূতিবোৰকো কৰি তোলে প্ৰাণৱন্ত৷ শৰতৰ আগমনত কিবা এক অনিৰ্বচনীয় শিহৰণত ৰোমাঞ্চিত হয় দেহ-মন৷ শৰৎ উৎসৱৰ সমাহাৰ, হাঁহি-আনন্দৰ বাহক৷ শৰতেই লৈ আনে সামূহিক অনুষ্ঠান উদ্যাপনৰ জৰিয়তে সমাজ-ধৰ্ম ৰক্ষা কৰাৰ সময়, আনন্দময় নিৰ্যাসেৰে জনজীৱনক জীপাল কৰি তোলাৰ ক্ষণ, ব্যস্ততাপূৰ্ণ দৈনন্দিনৰ মাজতে কৰ্মৰ পৰা সাময়িক অব্যাহতি লৈ নিৰ্ভেজাল আনন্দেৰে অন্তৰ পৰিপূৰ্ণ কৰাৰ অৱকাশ৷ ঋতুৰাণী শৰৎ কৰ্মশক্তি আহৰণৰ উৎকৃষ্ট সময়৷ সেয়েহে চাগৈ ইমান পুলক জাগে৷
বতৰে ৰং বদলোৱা এই অপূৰ্ব ক্ষণতে চিৰাচৰিত প্ৰথানুযায়ী আয়োজন চলে দেৱ-সমন্বিত মহাশক্তিৰ প্ৰতীক দেৱী দুৰ্গাক ভাৱস্তিৰে একাজলি গন্ধপুষ্প যঁচাৰ৷ আয়োজন চলে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অসম ইতিহাসৰ সৰ্বকালৰ সৰ্বোত্তম ব্যক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাব তিথি পালনৰ৷ আনহাতে দছেৰা, লক্ষ্মী পূজা, কালী পূজা, দীপান্বিতা, কাতি বিহু আদিৰ বেলাও হৈ পৰে সন্নিকট৷ আধ্যাত্মিক-সামাজিক-সাংস্কৃতিক দিশত পয়োভৰা পৰিৱেশ প্ৰদান কৰি সময়ক মধুময় কৰাৰ কৃতিত্ব এই শৰৎ ঋতুৰে৷
শৰতৰ প্ৰত্যাৱৰ্তনে চিত্তলৈ সজীৱতা আনি দিছে যদিও সাম্প্ৰতিক সময়ৰ বিধ্বস্ত ছবিখনে মানুহৰ আন্তৰিক ইচ্ছাখিনিক কিবা নহয় কিবা ধৰণে প্ৰভাৱিত নকৰাকৈ থকা নাই৷ জাতীয় জীৱনৰ সমস্ত দিশতে এতিয়া বিশাল শূন্যতা বিৰাজমান৷ কেওফালে মাথোন নাইৰ উপস্থিতি৷ সমস্যা, অশান্তি, অৱক্ষয়, স্থবিৰতা, অৰাজকতা, বিশৃংখলতা, পশ্চাদপদতা এতিয়া এক প্ৰাত্যহিক অভিজ্ঞতা৷ জীৱন আৰু জীৱিকাৰ অন্বেষণ দিনে দিনে হ’ব ধৰিছে জটিলৰ পৰা জটিলতৰ৷ অনিশ্চিত ভৱিষ্যতৰ চিন্তাত ক্লিষ্ট, পিষ্ট লোক-মন৷ এনেস্থলত আনন্দ কৰাৰ মানসিক প্ৰস্তুতিত যতি পৰাটো নিতান্তই স্বাভাৱিক কথা৷ সেয়ে বাস্তৱিকতে দেখা গৈছে কিবা এটা যেন নোহোৱা হৈ গৈছে৷ কি বাৰু সেয়া?
ঊৰ্ধ্ববাহু হৈ শাৰদীয় সুনীল মুক্ত আকাশখনলৈ লক্ষ্য কৰি চিঞৰি চিঞৰি ক’বলৈ মন নাযায়নে : হে’ আকাশ, উদাৰতা সিঁচি দিয়া, মলিনতা ধুই নিয়া!’
শৰতে অনা পৰিৱৰ্তনে মানুহৰ চিন্তা-চৰ্চাবোৰৰো সুস্থ পৰিৱৰ্তন ঘটাওক, একান্তভাৱে এয়ে কামনা এই লগনত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক