শাৰদী কোমল স্মৃতি (উজ্জ্বল ফুকন)

শাৰদী কোমল স্মৃতি

উজ্জ্বল ফুকন

“চাহ কাপ লৈ ৰাজ ঘৰৰ বাহিৰৰ ষ্টেপটোত বহি আছে। কাষৰ ঘৰৰ নতুনকৈ অহা মানুহজনৰ চকুৱে চকুৱে পৰাত এটা বিনামূলীয়া হাঁহিৰ আদান প্রদান হৈ গ’ল। সি কেতিয়াও কথা পতা নাই মানুহজনৰ লগত। ৰংটো চাই সি ভাবিলে হয়তো তামিল বা তেলেগু হব। হাঁহিৰ ভাষা নাই। তাৰ ফালৰপৰা উৰি যোৱা হাঁহিটোৱে হয়তো সোধে ‘কি খবৰ? ভালনে আপোনাৰ?’ আৰু তেওঁৰ মুখত খুন্দা খাই ঘূৰি অহা হাঁহিটোৱে উত্তৰ দিয়ে ‘মোৰ ভালেই। আপুনিও চাগৈ কুশলে আছে'”। হাঁহিৰ মায়াজাল ফালি মিলি যোৱা গান এটা মনলৈ আহিল ৰাজৰ “চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে”। যদিও পৰিস্থিতিৰ লগত খাপ খুৱাই শব্দ অলপ সলনি কৰিব লগা হ’ল “হাঁহিয়ে যদি কথা কয়, শব্দ কিয়নো লাগে”। সি ভাবি আচৰিত হ’ল প্রিয় গায়ক জয়ন্ত হাজৰিকাৰ ওপজা দিন বুলি দুদিনমানৰ পৰা কেৱল তেওঁৰে গান শুনি থকা মনটোৱে তেওঁৰ ল’ৰা ময়ুখ হাজৰিকাৰ গানটো কেনেকৈ মনত পেলালে।
“চকুৱে যদি কথা কয় শব্দ কিয়নো লাগে” ৰাজে মুখৰ ভিতৰতে গুণগুণালে। গান শুনি মনৰ ভিতৰত তিনি পট্টি খেলি বহি থকা ভাল ৰাজ আৰু বেয়া ৰাজ দুয়োটাই একেলগে সাৰ পালে।
“ভালেই গাইছ কিন্তু আৰু অলপ খুলি গাবলৈ চেষ্টা কৰ। ওপৰত গালে সুৰৰ পৰা ওলাই মাতটো অসুৰ হোৱা যেন লাগে।” ভাল ৰাজটোৱে মাত লগালে।
ৰাজে বুজি পালে এয়া মাজে মাজে ইণ্ডিয়ান আইডল চোৱাৰ প্রভাৱ। কানু মালিক সোমাইছেহি ভাল ৰাজৰ মূৰত।

“ক্যা হে তেৰে গলা, মিন্সিপাল্টি কা নালা। তই মহাবীৰ মিলৰ মিঠাতেলেৰে সদায় ৰাতিপুৱা কুলকুলি কৰিবি। আৰু ৰাতি শোৱাৰ আগতে এবাৰ দুবাৰ গগন ফালি গান গাবি তেতিয়া অন্ততঃ মহ কেইজনী নপলালেও চুবুৰিটোত চোৰ কেতিয়াও নোসোমায়। ভাল যে জয়ন্ত দাৰ গান নাগালি তই, নহ’লে তেওঁ খঙতে মহৰ ৰূপ লৈ দেঙ্গু কিটানু এৰি দিলে হয় তোৰ দেহাত। তাতে আকৌ মহানগৰীত দেঙ্গুৰ আতংক আৰম্ভ হৈছে। সেইদিনা সাংঘাতিকে অ’হ ভুল হৈছে মানে সাংবাদিকে গগৈ দাক দেঙ্গুৰ বিষয়ে প্রশ্ন কৰাত গগৈ দাই ক’লে ‘হেৰি,আপোনালোকে সকলো কথাতে খুত উলিয়াই নাথাকিবছোন। আপোনালোকে ভাল হে পাব লাগে। দেঙ্গু,বানপানী,সন্ত্রাসবাদী,বোমা বিস্ফোৰণ,মাজুলীৰ ভূমিস্খলন, জনগোষ্ঠীৰ সংঘৰ্ষ এইবোৰৰ কাৰণে অসমক আজি সকলোৱে চিনি পোৱা হৈছে। হয় নে নহয়। আজি ৰাষ্ট্ৰীয় নিউজ ছেনেলত অসমৰ নাম সদায় আহে। কিমান আনন্দৰ কথা। হয় নে নহয়। ৰাষ্ট্ৰীয় বাতৰিত আমাৰ সৰু সৰু নগৰবোৰৰ নাম আহিছে কিমান গৌৰৱৰ কথা। হয় নে নহয়? কোনোবা বানপানীত মৰি নাম উলিয়াইছে বাতৰিত বা কোনোবাই বোমা বিষ্ফোৰণত মৰি নাম উলিয়াইছে। আমাৰ নিজৰ মানুহৰ উন্নতিত কিয় বেয়া পায় কওকছোন? আৰু মই জাপানলৈ এনেই গৈছো বুলি ভবিছে নেকি? জাপানী কেইটাৰ চকুত ধুলি দি লৈ আহিম কেইটামান জাপানীজ এনকেফ্লাইটিছ। হেঃ হেঃ চিনি পোৱা নাই মোক। আৰু বাতৰি নাইকিয়া হলেই ক’বা মোক। নতুন নতুন বাতৰি সৃষ্টি কৰি থাকিম। যাওঁ দেই।টা টা।’ এতিয়া গুৱাহাটী বাঙ্গালোৰ ট্রেইনত আহি মহ তোৰ ঘৰ পাইহিহে লাগে। শাৰদীয় বতৰত ফ্লাইটৰ টিকেট মহেও কাটিবলৈ ভয় কৰে। ট্রেইনতে আহিব সিঁহত। আৰু তোৰ মাজে মাজে পানী লাগি থাকে দেখোন।তই এটা কাম নকৰ কিয়? তই সেই নাকেৰে যে সুৰ উলিয়াই তাকে গুৰু মানি ল’।’এএএএএএ খেজুৰৰৰৰ’ গোৱা নাকাসুৰটোৰ কথা কৈছো। প্রেক্টিছ কৰ। পাৰিবি তই।” বেয়া ৰাজে মাত লগালে।
“হয় হয় পাৰিবি তই। অভ্যাস কৰ সদায়। অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।” ভাল ৰাজে হয়ভৰ দিলে।
ৰাজে মনে মনে ক’লে “এইফেৰা কামো বহুদিনৰ আগতেই আমুকাই কৰি থৈছো। কলেজৰ পৰা পাচ কৰি প্রথম বাঙ্গালোৰত চাকৰি বিচাৰি অহা সময়ৰ কথা। সময়বোৰ তেতিয়া মাথো ৰঙীন। ইন্টাৰভিউ দিবলৈ যোৱা সময়খিনিৰ বাহিৰে ক’লা বগা ছবিৰ কোনো স্থান নাই। চঞ্চল মন খোজত যৌৱন।জুবিন জিতুল তেতিয়া ডিঙিত অনবৰত বহি থাকে। কিন্তু এদিন সেই 24/7 সঙ্গীত সাধনাৰ মুদা মৰিল। ঘৰৰ মালিকৰ এষাৰ বাক্যই অসমীয়া সঙ্গীত জগৎৰ এক উজ্জ্বল? নাই নাই সেইজনা জ্বলিবলৈ নাপালে। এজন উদীয়মান সঙ্গীতশিল্পী হঠাতে নোহোৱা হৈ গ’ল।’থুমলৌগ ৰেন্ট হি কম দে দেনা মগৰ গানা মত গানা।’ পুৰণা মালিকৰ মাতটো আকৌ বহুদিনৰ পিছত ভাঁহি অহা যেন লাগিল। ‘থুমলৌগ’ চাল্লা ‘ট’ টো উচ্চাৰণ কৰিব নোৱাৰ আৰু মোক গানৰ জ্ঞান দিব আহ। ‘ৰচম খোৱা গলা, কি বুজিবি গানৰ তলা নলা।’ সিহঁতৰ বন্ধু কোনোবা এটাই অসমৰ মাছৰ টেঙা,খাৰ ,কচু,ঢেকীয়া এৰি আহি বাঙ্গালোৰত ৰচম খাবলগীয়া হোৱাত কৈছিল ‘ছক্রেটিচে বিহ খাই মৰা নাছিল, ৰচম খাই মৰিছিল’। ”
“প’ প'” শব্দকেইটা শুনি ৰাজ আকৌ বাস্তৱ জগতলৈ ঘূৰি আহিল।
তামিল প’ মানে ইংৰাজীৰ গ’। কাষৰ ঘৰৰ মানুহজনে ল’ৰাটোক চাইকেল চলাব শিকাইছে। চাইকেলৰ পিছপিনে হাতেৰে ধৰি আৰু লাহেকৈ থেলি কৈ আছে ‘প প’।
মাকে দুৱাৰমুখত ৰৈ আশাৰে চাই আছে বাপেকে পুতেকক চাইকেল শিকোৱা প্রচেষ্টা।
“পেএএএএএএএএএ”
হঠাত প’ প’ শব্দকেইটা ‘পে পে’ লৈ সলনি হোৱা দেখি ৰাজে আগবাঢ়ি গৈ চালে কি হৈছে।
ল’ৰাটো চাইকেলৰ সৈতে পৰিলে ৰাস্তাত আৰু বাপেকে তাক উঠাই আঠু মোহাৰি আছে। পোৱালিয়ে একেৰাহে পে পে কৈ চেহনাই বজাই আছে। ৰাজে গৈ চাইকেলখন তুলি দিলে।
ধন্যবাদ এটা দি মানুহজন চাইকেলখন আৰু ল’ৰাটো লৈ ঘৰত সোমাল।
পৰি থকা চাইকেলখন তুলি দিওঁতে ৰাজৰ স্মৃতিৰ কোঠাটো জিলিকি উঠিছিল। তেতিয়া সি তেনেই সৰু মানে সেই কঠালগুটি নিগনিৰ দৰে টিকটিকাই দৌৰি ফুৰা বয়স। চাইকেল তলত চলাবলৈ শিকি আছে। য’তে ত’তে পৰি আঠুৰ ঘিলা মামৰে ধৰাৰ দৰে হৈছে। কোনোবাই চাইকেল লক নকৰি গ’লে আৰু ৰক্ষা নাই। সিদিনাও খেলপথাৰত ফুটবলটোৰ ওপৰত অত্যাচাৰ কৰি ঘূৰি আহোতে পুৰোহিতৰ ঘেগেলা চাইকেলখন দেখা পালে তাতে আকৌ লকৰ নাম গোন্ধ নায়। লক নাইকিয়া চাইকেল তেতিয়া শ্যামন্তক মণিতকৈ কোনোগুণে কম নাছিল। সি চাইকেলখন থাউকতে ঘূৰাই এহাতেৰে হেণ্ডেলত আনখন হাতেৰে চিটত ধৰি দূৰ্দান্ত গতিত আগবাঢ়িল। মুখত বিজয়ৰ হাঁহি। বতাহৰ লগত কথা পাতি সি বন্ধু দীপৰ ঘৰৰ কাষত ৰ’ল।
“কুউউউউউউ কুউউউউউউউউউ কুউউউউউউউ” তিনিবাৰ কুলিৰ মাত শুনিয়েই দীপে বুজি পালে ৰাজ আহিছে। এইটো সিহঁতৰ সাংকেতিক চিঞৰ। আৰু এই শাৰদীয় বতৰত সিহঁত দুটাৰ বাহিৰে যে কোনো কুলি নোলাই সেয়া দীপে ভালদৰে জানে।
দূৰৰ পৰা চাইকেলৰ মাডগাৰত বহি থকা ৰাজক দেখি দীপৰ চকুদুটা জিলিকি উঠিল।
“কককক ক’ত পালি এইখন? কিকিকি কিনিলি নেকি? ” দীপে খোনাই খোনাই সুধিলে।
ৰাজে মুখেৰে একো নামাতি দীপক পিছফালৰ কেৰিয়াৰৰ ফালে দেখুৱালে।
“ততততই পাৰিবি নে?” দীপে সন্দেহৰ দৃষ্টিৰে সুধিলে।
ৰাজে ফু মাৰি তাৰ কপালত পৰি থকা চুলিখিনি উৰাই বুজাই দিলে তাৰ আত্মবিশ্বাস কিমান।
“ঘটঙ ঘাটাঙ টেং টুং” প্রচণ্ড গতিত ভিন্ন শব্দেৰে সঙ্গীত পৰিৱেশন কৰি পুৰোহিতৰ চাইকেল আগবাঢ়িছে।
“হিঁ হিঁ হিঁ আআৰু জোজো-জোৰকৈ চলা।” চিটটোৰ পিছপিনে বতাহে উৰুৱাই নিনিয়াকৈ নিজকে ধৰি ৰখা দীপে মাজে মাজে চিঞৰি উঠে।
যদিও এন্ধাৰ হৈছিল ৰাজপথত তেতিয়াও লাইটবোৰ জ্বলা নাছিল সেইদিনা। হয়তো কাৰেন্ট নাছিল। হঠাতে নভবা ঘটনাটো ঘটি গ’ল। ডাঙৰ গাত এটাৰ পৰা যেনে তেনে ওলাই আহি পুৰোহিতৰ চাইকেলৰ আগ চকাই চাইকেলৰ বাকি অংশৰ লগত সম্বন্ধ ছেদ কৰি গুছি গ’ল। দীপে আহি ৰাজৰ মূৰত, ৰাজে আহি চাইকেলৰ হেণ্ডেলত আৰু হেণ্ডেলে ৰাস্তাটোক চুমা খাই বাগৰি পৰিল। অলপ সময় দুয়োটা যেনেকৈ আছে তেনেকৈ পৰি থাকিল। দুয়োটাই কাণ থিয় কৰি ৰৈ আছে আন এটা শব্দৰ আশাত।
“দেখা হে পেহেলি বাৰ , চাজন কি আখৌ মে প্যাৰ। তাক দি নাদিন তাক দি নাদিন”
“ধামমমমমম” ওচৰৰে ধোবা দোকানৰ বেৰত পুৰোহিতৰ চাইকেলৰ আগচকাৰ প্রচণ্ড খুন্দা। ধোবা দোকানৰ ৰেডিঅত বাজি থকা চাজন চিনেমাৰ টাক দি নাদিন মিউজিকৰ শব্দও ম্লান পৰিল।
এন্ধাৰত কয়লা ব্যৱহাৰ কৰি ইস্ত্রি কৰি থকা ধোবাই চাগৈ বৰ ভয় খাইছিল সেইদিনা। শব্দৰ পম খেদি দুয়োটা দৌৰি আহি চকাটো লৈ নিমিষতে নোহোৱা হ’ল। ধোবাই এন্ধাৰে মুন্ধাৰে একো তলকিবই নোৱাৰিলে।
“কিকিকি কি কৰিবি এতিয়া?” দীপে ভয়ে ভয়ে সুধিলে।
“চাংকাকতি চাইকেল মাৰ্ট” ৰাজে শব্দটো কোৱাৰ লগে লগে দীপে বুজি পালে।
প্রথমে দুয়োটাই টানি টানি চাইকেলখন চাংকাকতি চাইকেল দোকানলৈ লৈ গ’ল।
“দাদা, এইখন অলপ ঠিক কৰি দিয়ক” ৰাজে চাইকেলখন দেখুৱাই চাংকাকতিক ক’লে।
“মুধচটো ক’ত গ’ল?” আগচকাটোৰ ফালে আঙুলীয়াই চাংকাকতিয়ে সুধিলে।
“আগ চকাটো আমি আনি আছো ৰব।” কথাটো কৈ উত্তৰলৈ বাট নাচাই ৰাজে দীপক লৈ চকা আনিবলৈ দৌৰ দিলে।
চকাটো অনাৰ পিছত চাংকাকতিয়ে দুয়োটালৈ চাই সুধিলে “এইখন পুৰোহিতৰ চাইকেল নহয়নে? ক’ত পালি তহঁতে?”
“হয়, পুৰোহিত দাৰ চাইকেল। আমাৰ ঘৰৰ সন্মুখতে চকাটো খুলি পৰিলে। তেওঁ আমাৰ ঘৰতে বহি আছে। আমি বোলো চাইকেলখন ঠিক কৰি আনি দিওঁ। ন’হলেনো তেওঁ ঘৰলৈ যাব কেনেকৈ। তাতে আকৌ পূজাৰ বতৰ। তেওঁৰ বহুত কাম থাকে জানেই আপুনি।” ৰাজে গহীন হৈ ক’লে।
“সোসো সোনকালে ঠিক কৰি দিয়ক।দুৰ্গা মায়ে আআআআপোনাক আশীৰ্বাদ দিব। কাকাকালী পূজাও কৰে তেওঁ। কাকাকালী মায়েও দিব আশীৰ্বাদ।” দীপে দীঘল কৈ জিভাখন মেলি যিমান পাৰে কালী গোসানীৰ প্রভাৱ দেখুৱাব ধৰিলে।

“হয় দেউ এই গধুলি বেলিকা পুৰোহিতৰ চাইকেলখন লৈ আহিছ। হৈয়ে গ’ল ল’। নট বল্টু টাইট কৰি দিছো আৰু টেল টুল দি টিপটপ কৰি দিছো।মোৰ কথা কবি পুৰোহিতক।” চাংকাকতিয়ে ক’লে।
“চিন্তা নকৰিব আপুনি। আপোনাৰ কথা গৈয়ে ক’ম।” ৰাজে ক’লে।
“কিকিকিমান পইচা হহ’ল দাদা” দীপে হাফপেন্টটো খুচৰি দেখুৱালে।
“নালাগে হেৰৌ, পুৰোহিতৰ পৰা পইচা লৈ মই ধনী নহও। ” চাংকাকতিয়ে ক’লে।
দুয়োটাই মনৰ ভিতৰতে হাঁহি চাইকেলখন লৈ নিমিষতে এন্ধাৰত মিলি গ’ল।

“শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে।” মবাইলৰ ৰিংট’নটোৱে যেন আকৌ ৰাজক আজিৰ দিনলৈ ঘূৰাই লৈ আহিল। মুখত হাঁহিটো তেতিয়াও লাগি আছিল। শৰৎ আহি আছে বাবে সি ম’বাইল ৰিংট’নটো সলনি কৰিছে। আৰে কি আচৰিত এইটো দেখোন দীপে ফ’ন কৰিছে।
“হেল্ল, মূৰচোবোৱা পূজা পালেহি মানে ন? তোৰ ফ’নটো আহোতেই বুজি পাইছো। আৰু জান তোৰ কথাই মনত পৰি আছিল।” ৰাজে হাঁহি হাঁহি ক’লে।
“হহহহ-হ’ব দে, গাজা মাৰিব নালাগে। তহঁত আৰু বিহুৱে পূজাই ঘৰলৈ অহা মমমম-মানুহ। আআআআ-আহিবিনে পূজাত? এইফালে শৰতক দেখা যেন লাগিছে আৰু শেশেশে-শেৱালিৰ গোন্ধে আমোলমোলাই আছে। শৰৎ আৰু শেৱালি মানে আআআ-আমাৰ অঙ্ক মাষ্টৰৰ পুতেক জীয়েকৰ কথা কোৱা নাই। জীয়েকৰ বিবিবিবি-বিয়া হৈ যোৱা বহুদিন হ’ল আৰু ললল-ল’ৰাটোৱে বাপেকৰ লগত থাকি বেয়া পায়। চাৰ আজিকালি অঅঅঅ-অকলে থাকে। ওৰে জীৱন জটিল অঙ্কবোৰৰ সমাধান সূত্র উলিয়াই দিয়া চাৰৰ জীৱনটো এক নুবুজা সাঁথৰ হৈ পৰিল।
দেদেদে-দেখি বেয়া লাগে ৰাষ্টাই ঘাটে যাকে তাকে ধৰি ট্রিকোনামিত্রি বুজায়। ভভভভ-ভগৱানে কাৰ জীৱনত কি অঙ্ক লিখি থৈছে কোনে জানে ” দীপে ক’লে।

“ইইচচ ৰাম, চাৰৰ কথা শুনি বেয়া লাগিছে। ঘৰ গ’লে যাম ৰ চাৰৰ ঘৰলৈ। বাকী মহিষাসূৰৰ বডী ঠিকে আছে নে এইবাৰ? আজিকালি আচলতে তাক দূৰ্গাতকৈ ডাঙৰকৈ হে সাজিব লাগে। অসুৰৰ প্রভাৱ বাঢ়ি গৈছে দিনক দিনে।” ৰাজে ক’লে।
“তাতা-তাৰ চেহেৰা ঠিকেই আছে।মোমোমো-মোৰ পাঁচ পইচাটোক সসস-সদায় তাৰ মোচকোচা দেখুৱাই আনিব লাগে। পিছে আজি বৰ তামাম কথা এটা হ’ল নহয়। মই সেই কাৰণেহে ফ’ন কৰিছিলো তোক। ককক-ক’বলৈ মমমম-মন গৈ আছে কিন্তু ক’ব পৰা মানুহ ওচৰত কোনো নাই।” দীপে ক’লে।
“ক, কি হ’ল?” ৰাজে সুধিলে।
“তোৰ পাপাপা – প্লাবিতাক মনত আছে নে?” দীপে সুধিলে।
“সেইজনী যে এটা সময়ত খুব পিৰিতী পিৰিতী খেলিছিল তোৰ লগত। আৰু পিছত যে ঘৰৰ পৰা কোনোবা অইলত কাম কৰা এটাৰ লগত বিয়া দিলে। তইও কিন্তু কম ৰঙাপানীখন খোৱা নাছিলি দে তাইৰ নামত।” ৰাজে মনত পেলাই ক’লে।
“ঠিঠিঠি-ঠিক ধৰিছ। তাতাতা-তাইক আজি পাই গ’লো নহয় বজাৰত। ভাল বেয়া কথা পাতিলো। তাইৰ কোলাত ছোৱালী এজনী। দুদুদু-দুয়োটাই ইটোৱে সিটোৰ পাঁচ পইচা দুটা কোচত লৈ চাইচিলোহে তাতাতা-তাইৰ টিকিলি জনীয়ে দিলে নহয় গাত কামটো কৰি।” দীপে ক’লে।
“মোৰ মনত পৰিছে তাই বিয়াৰ আগদিনা কান্দি কান্দি তোৰ বুকু তিয়াই গৈছিল আৰু আজি তাইৰ জীয়েকেও তোৰ গা তিয়াই থৈ গ’ল।” ৰাজে হাঁহি হাঁহি ক’লে।
“হাঁ হাঁ হাঁ। মই মোৰ পাঁচ পইচাটোক লৈ লৰালৰিকৈ পলালো তাৰ পৰা। মোৰ ল’ৰাটোৱে তাইৰ ছোৱালীজনীক ঘূৰি ঘুৰি চাইছিল। মই বোলো নাচাবি হেৰৌ বাপেৰৰ বুকুত মুটি যোৱা ছোৱালী। মামামা-মাক জীয়েকক লৈ লিখা চাৰি লাইনৰ এটা কবিতা শুন।
“এদিন তোমাৰ চকুপানীৰে মোৰ বুকু তিয়াইছিলা।
আজি তোমাৰ ছোৱালীৰ সৰুপানীয়ে মোৰ বুকু তিয়াই গ’ল।
কি তুমি বেলেগৰ লগত বিয়া হ’লা
জীৱনটো বাদেই দিয়া পানীও সলনি হ’ল।” দীপে ক’লে।

“হাঁ হাঁ হাঁ বঢ়িয়া। হয় দে চকুপানী, ৰঙাপানী আৰু সৰুপানী। পানীৰ ভিন্ন ৰূপ।” ৰাজে ক’লে।
“পাপাপা-পানী দা ৰং আকৌ। আৰু বানপানীৰ কথা পাহৰি নাযাবি।” দীপে ক’লে।
“তই একেই আছ। পূজাত লগ পাম দে।” ৰাজে দীপক ক’লে। দীপেও সন্মতিসূচক সঁহাৰি দি ফ’নটো কাটি দিলে।
শাৰদীয় বতৰত ঘৰলৈ যাওঁ নাযাওঁ ভাবি আছিল ৰাজে কিন্তু দীপৰ লগত কথা পাতি ঘৰ যোৱাটো একেবাৰে খাটাং কৰি পেলালে।
“পূজাৰ বতৰত পুৰণা বন্ধুবোৰৰ লগত আদ্দা মৰাৰ মজাই বেলেগ। আকৌ এজাক ৰসাল স্মৃতিৰে শৰতৰ দুটামান সন্ধিয়া সিহঁতৰ সৈতে হাঁহি হাঁহি পাৰ কৰিম।” ৰাজে শৰতৰ আহি থকা সন্ধিয়াকেইটাৰ কথা ভাবি ভাবি মুনমী বৰাৰ গানটো আকৌ বজাই দিলে।
গধুলিৰ বেলিটোৰ হেঙুলী আভা সানি মুনমীৰ মাতটো আকৌ ভাঁহি আহিল।
“শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে।
জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে
মন উতলা কৰে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments