শাৰদ (চন্দ্ৰমা কলিতা)

শাৰদ

চন্দ্ৰমা কলিতা

 

“মায়াময় ৰূপালী জোনাক,ছায়াঘন শৰতৰে বাট….
জিৰ জিৰ জিৰ জুৰিৰে পাৰত, পামনে মই পামনে তোমাক…”

ছাঁ-পোহৰৰ মাজেৰে হঠাৎ কোনোবাই পিঠিত লাহেকৈ হেচুকি দিয়াত চক্ খাই উঠিলোঁ। ঘূৰি চাই দেখিলোঁ মামা ৰৈ আছে কিবা-কিবি কৈ। কাণৰ পৰা হেডফোনটো খুলি অঁকৰাৰ দৰেই সুধিলোঁ,”কিবা কৈছিল মোক?”
“কিবা কৈছোঁ মানে? কেতিয়াবাৰ পৰাই চিঞৰি আছোঁ তোমাক। ইমান নুশুনা হৈ থাকিব লাগেনে? অকলে অকলে ইমান দেৰি বাহিৰত থাকিব লাগেনে? ঠাণ্ডা লগাৰ আগতেই ব’লা ভিতৰলৈ।“, ইতিমধ্যে কেইবাবাৰো মোক চিঞৰি একো সঁহাৰি নাপাই অতিষ্ঠ হৈ ভিতৰৰ টি.ভি.ৰ সন্মুখৰ পৰা মোক মাতিবলৈকে উঠি অহা মামাই প্রায় খং কৰিয়ে ক’লে মোক।
“অহ, মই শুনা নাছিলোঁ। গান শুনি আছিলোঁ যে। মামীৰ ভাত হ’লেই নেকি?”- থতমত খাই মই সুধিলোঁ।
“কি যে হ’ব তোমাৰ। এতিয়া ৮:৩০বাজিছেহে। ভাত ৰান্ধিবলৈ যোৱাই নাই তেওঁ। ইমান খবৰ নাইকিয়া কিয় তুমি? ব’লা ভিতৰলৈ। বতাহ লাগি গা বেয়া হ’ব তোমাৰ। এনেকৈ অকলে অকলে বাৰান্দাত বহি থাকিলে কিবা দেখি ভয় খালে কি কৰিবা?“- মোৰ অন্যমনস্ক মনটোৰ কথা ভালকৈয়ে জনা মামাই দবিয়াই উঠিল।
”থাকিবলৈ দিয়ক না ইয়াতে অলপ। মই ভয় নাখাওঁ। ইমান ধুনীয়া জোনাক বহুদিন দেখাই নাই। গুৱাহাটীত ক’ত এনেকৈ বহা হয় আৰু।“-মামাক লেনিয়াই ক’লো।
মামাই বুজি পালে। মৰমৰ ভাগিনীজনীক তেওঁ ভালকৈয়ে চিনি পায়। আকৌ যাতে মাতিবলৈ উঠি আহিব নালাগে সেয়া সকিয়াই মোক এৰি মামা ভিতৰ সোমাল। যাওঁতে বাৰান্দাৰ লাইটটো জ্বলাই থৈ গ’ল তেওঁ। ভিতৰ সোমাই মামাই দুৱাৰখন জপোৱাৰ লগে লগে মই জ্বলি উঠা লাইটটো আকৌ নুমুৱাই দিলো। ইমান ধুনীয়া জোনাকখিনিক কৃত্রিম পোহৰেৰে ধূসৰ কৰিব নোৱাৰি। হেলনীয়া চকীখনত আকৌ এবাৰ ভালকৈ বহি লৈ ইমানপৰে চাই থকাৰ দৰেই পুনৰাই আকাশখনলৈ চাই পথিয়ালোঁ। চকুৰ আগত এটা ঘূৰণীয়া জোন। বুজাব নোৱাৰাকৈ ধুনীয়া। আবেলি মই শুই থাকোতে অহা দোপালপিতা বৰষুণজাকে সপ্রতিভ কৰি তোলা কজলা আকাশখনত হেজাৰ-বিজাৰ তৰাই হাঁহি আছে। তাৰ মাজে মাজে দুই এচপৰা জোনাক সনা ৰূপোৱালী মেঘ। মামীৰ মাতত সাৰ পাই উঠি আহি টোপনিয়াই টোপনিয়াই বাৰান্দাৰ চকীখনত বহি লওঁতেই জোনাকৰ পোহৰেৰে উদ্ভাসিত সন্ধিয়াটোৱে শিহৰণ এটা তুলি মনটোক জোকাবলৈ লৈছিল। গৰম চাহ একাপেৰে টোপনি ভাঙি কাণত হেডফোনটো গুজি পুনৰাই বাৰান্দাত বহি লোৱাৰে পৰা এতিয়ালৈকে এবাৰো কাৰো সৈতে কথা পতা নাই। উঠিও যোৱা নাই। আকাশ, জোনাক আৰু কেওদিশৰ শান্ত নিৰৱতাত ডুবি ডুবি মনেই কৰা নাছিলোঁ ইমান সময় যে কেৱল আকাশ চায়েই পাৰ কৰিলোঁ।
প্রকৃততে কিমানদিন হ’ল সময়ৰ হিচাপ পাহৰি প্রিয় আকাশখনেৰে আজিৰ দৰে একাত্ম হোৱাৰ? মনতে এবাৰ ভাবিলোঁ। হিচাপটো উলিয়াব নোৱাৰিলোঁ। সন্মুখৰ চোতালৰ একাষৰ শেৱালিজোপাই যেন মোৰ অক্ষমতাত হাঁহি উঠিল কোমলকৈ। জোনাকখিনিত আজি শেৱালিজোপাও খুব ধুনীয়া দেখাইছে। জোনাকৰ সমানেই ফুলি উঠাৰ হাবিয়াসত মত্ত ফুলবিলাকৰ গোন্ধে মোক জোকাই আছে মৃদু মৃদুকৈ।
আজি অষ্টমী পূজাৰ দিন। পূজা বুলি লোৱা এসপ্তাহৰ ছুটীৰ দিনকেইটা মৰমৰ মামাহঁতৰ ঘৰখনত কটাবলৈ মন গ’ল বাবেই গুচি আহিলোঁ নলবাৰী চহৰৰ পৰা ২০কি.মি. আতৰৰ এই গাওঁখনলৈ। পঢ়ি থকা দিনতে অহা এনেকৈ কিছুদিন থকাকৈ। তাৰপাছত যান্ত্রিকতাই গ্রাস কৰা বহুকেইটা বছৰ পাৰ হৈ গ’ল মামাহঁতৰ পদূলি নগৰকাকৈ। মামাৰ ল’ৰা মুন্না আৰু মন পূজা চাবলৈ ওলাই গৈছে। চুবুৰিৰ চিনাকী হেমেন দাদা, ৰাতুল দাদা, তুলিকা, নয়নাহঁতো গৈছে। মই কালি গৈছিলোঁ বাবে আজি নগ’লো। সদায় যাবলৈ পূজানো কেইখন হয় ইয়াত। দুই-তিনিখন গাঁৱৰ মাজত একোখনকৈ পূজা। মামাৰ স্কুটাৰখনত উঠি তিনি ঘন্টামানতে পূজা চোৱা হৈ যায়। আমাৰ চহৰৰ পূজাৰ দৰে অলিয়ে-গলিয়ে পূজা নাপাতে ইয়াত। যিকেইখন পাতে তাতেই মানুহবিলাকৰ কিমান যে উলাহ। কালি মামাৰ লগত ওলাই যাওঁতে প্রতিখন পূজাতে মামাৰ চিনাকী মানুহ লগ পাইছিলোঁ। ভাগিন বুলি মৰমতে একোখন মিঠাপান যাঁচিব খোজে বহুতে। মই পাণ নাখাওঁ বুলি ক’লে জোৰকৈ এটা চকলেট গুজি দিয়ে হাতত। কাষৰ দোকানৰ পৰা জেলেপি কিনি খুৱাব খোজে কোনোবাই। কেতিয়াও লগ নোপোৱা বা শৈশৱতে দেখা অলপ চিনাকী বা বহুত অচিনাকী মানুহবোৰ টিৰ-বিৰাই থকা লাইটবোৰৰ পোহৰতে খন্তেকৰ বাবে যুগান্তৰৰ চিনাকী হৈ পৰা অনুভৱটো যে কিমান ধুনীয়া।
এই জোন, আকাশ,  জোনাক, শেৱালিৰে ধুনীয়া দূর্গাস্তমীৰ ৰাতিটো কাৰোবাক মাতি উপভোগ কৰাবলৈ মন গৈছে মোৰ। কিন্তু মাতিলেই আহিব পৰাকৈ কাষত মই বিচৰা মানুহবোৰ নাই । মনটো বিষণ্ণ হৈ পৰিল। প্রতিমেও ভালপাই এনে নিশাবোৰ। শৰত তাৰো প্রিয় ঋতু। মোৰ কহুঁৱা নামটোৰ প্রেমত পৰিছিল সি। সি মোৰ কাষ চপাৰ প্রথম কাৰণ কিজানি মোৰ নামটোৱে আছিল। পাগলাদিয়াৰ পাৰত কঁহুৱা ফুলা আবেলি এটাত সি চিঞৰি চিঞৰি কৈছিল এদিন,”শৰত এটাৰ পিছে পিছে বাট বুলি বুলি এদিন পাগলৰ দৰে নোহোৱা হৈ যোৱাৰ মন মোৰ এই কহুঁৱাবোৰৰ মাজত।“
নিয়ৰবোৰ এটোপ দুটোপকৈ বাগৰিছে চোতালৰ এমূৰৰ গোসাইঘৰটোৰ হেলনীয়া চালেৰে। মোৰ মনটোও নতুনকৈ সেমেকিবলৈ লৈছে সদায় সেমেকিব লোৱাৰ দৰে। একো ভাললগাৰে যেন স্থায়িত্ব নাইকিয়া হ’ল আজিকালি। অহৰহ হেৰাই যাম হেৰাই যামকৈ মোৰ খং তুলি ভালপোৱা প্রতিম সঁচাকৈয়ে হেৰাই গ’ল এদিন। কিজানি মই কষ্ট পাম বুলিয়ে নুসুধিলে মোৰো হেৰাই যোৱাৰ মন আছিল নেকি তাৰ সৈতে। এতিয়া অভিমানত উফন্দি উঠা মোৰ মুখখনলৈ চাই হাঁহিত বাগৰি পৰিবলৈকো ঘূৰি নহা হ’ল সি। শেৱালিজোপালৈ চালোঁ। এইমাত্র জোনাক সাৱটা ফুলবোৰ আগতকৈ বেছিকৈ সৰিছে নিয়ৰে সেমেকোৱা দুবৰি বনবোৰৰ বুকুলৈ। আশ্রয় বিচাৰি ময়ো এনেকৈ ঢপলিয়াব পৰাহেঁতেন।
এনেতে গেটত মটৰ চাইকেলৰ হেড লাইটৰ পোহৰ দেখি মোৰ তন্ময়তা ভাঙিল। হাতৰ ঘড়ীটোলৈ চালোঁ। মামাই মোক ভিতৰলৈ মাতিবলৈ অহাৰ পৰা আৰু এঘন্টা অতিক্রমি গৈছে। পদূলি পাৰ হৈ আহি মটৰ চাইকেলখন ঠিক মোৰ সন্মুখতে ৰ’ল।
“অ’ই কি কৰিছ’ ইয়াত ৰাতিখন? ভূতে দাঙি নিবলৈ অহা নাই নে তোক?“- মটৰ চাইকেলখনৰ পৰা নমা সৰু মাহীৰ ল’ৰা মুকুল দাদাৰ মাত সেয়া। মোৰ মনেৰে আনন্দৰ ঢৌ এটি বাগৰি গ’ল। চিৰিকেইটা একে জাপে পাৰ হৈ চোতালত ৰৈ থকা মুকুল দাদাৰ কাষ পালোগৈ।
“অ’ই তই আহিলিয়ে যেতিয়া ব’ল এপাক ফুৰি আহোগৈ। ঘৰত ঘূৰি আহি সোমাবি। মই মামাক কৈ আহোঁ।“- একে উশাহে ক’লো তাক।
মুকুল দাদা আচৰিত নহ’ল। আগতে যে কিমানবাৰ আমি দুটাই মিলি কিমান পাগলামি কৰিছোঁ হিচাপ নাই। সি মান্তি হ’ল। মটৰ চাইকেলৰ মাত শুনি মামা ওলাই আহিছিলেই।
“মামা, আমি আহি আছোঁ ৰ’ব। মুকুল দাদাই মোক ফুৰাই আনিব খুজিছে।“-মামাক ক’লো।
“ই ফুৰাবলৈ নিয়ে নে তুমি যাবলৈ ওলাইছা মই নাজানো নেকি ভাগিন? কিন্তু পূজাৰ দিনত এনে কাপোৰেৰে ওলাই নেকি?”- মামাই মোৰ ঘৰুৱা সাজটোলৈ চাই ক’লে।
“ হ’ব মামা এইক যি পিন্ধিলেও একেই দেখি। কাপোৰ সলাবলৈ গ’লে পলম হ’ব। আমি আহিমেই সোনকালে। মামীক ক’ব মই আহিছোঁ বুলি। নহ’লে ভাত নহ’ব মোলৈ।“-মুকুল দাদাই মটৰ চাইকেলত ষ্টার্ট দি ক’লে। মই ইতিমধ্যে মুকুল দাদাৰ মটৰ চাইকেলত!
“ক’লে যাবি?”-বাহনিডৰাৰ তলেৰে পাকটো ঘূৰি সি ক’লে।
“আজি ক’লৈ নিলে ভাল হ’ব তুমিহে জানা?”- ঠাণ্ডা বতাহতজাকলৈ মুখ কৰি কৰি মই ক’লো।
মুকুল দাদাই একো নক’লে। আমি সৰু বাট এটাৰে গৈ থাকিলোঁ জোনটোক পিঠিত লৈ। মই চিনি নোপোৱা বাট। মুকুল দাদা লগত থাকিলেহে এনে ঠাইবোৰেৰে আহিব পাৰি। কিছুদূৰ গৈ ধাননি এখন পাৰ হ’লো আমি। গোজ মেলা ধানগছবোৰৰ মাজেৰে শৰত শৰত গোন্ধ এটা ভাঁহি আহিছে। বহুত কম সুযোগ পাওঁ এনে গোন্ধ লোৱাৰ। মই দীঘল দীঘল উশাহ লৈ গোন্ধটো বুকুৰ কোনোবাখিনিত সামৰিবলৈ ল’লো। কিজানি আকৌ কেতিয়া অহা হয় এই গোন্ধ ল’বলৈ।

কেঁকুৰি এটাত মুকুল দাদাই মোক চকু মুদিবলৈ ক’লে। আমাৰ পুৰণা খেল। যেতিয়াই মোক কিবা ভাল বস্তু দেখুৱাব লগা হয় তেতিয়াই সি মোক এনেকৈ চকু মুদিবলৈ কয়। মই চকু জপাই দিলো হেপাঁহেৰে। অলপ দূৰ গৈ মটৰ চাইকেলখন ৰখোৱাৰ উমান পালোঁ।
“এতিয়া চকু মেল।“- মুকুল দাদাই ক’লে।
মই লাহে লাহে চকু দুটা মেলি দিলোঁ। সন্মুখৰ ছবিখিনি মোৰ চকুৰ আগত ধূসৰৰ পৰা পৰিস্কাৰ হৈ দেখা দিলে আৰু মই চিঞৰি দিলোঁ আগতে বহুতদিন চিঞৰাৰ দৰে,”ইমান ধুনীয়া!“
আমি ৰৈ থকা কণমান আলিবাটটোৰ দুয়োপাৰে চকুৰে মনিব পৰালৈকে কেৱল কহুঁৱাবন। ফুলি থকা কহুঁৱাবোৰে জোনাকত তিতি তিতি উন্মনা হৈ হালি জালি আছে। ফেঁহু বৰণীয়া চাদৰ এখনহে যেন ঢৌ খেলি আছে আকাশৰ তলৰ ৰাতিটোত। ক’তো একো শব্দ নাই ঝিলিপোকৰ অবিৰাম মাতৰ বাহিৰে। মোৰ আৰু মুকুল দাদাৰ মুখত জোনৰ পোহৰ পৰিছে। প্রকৃতিৰ এনে অপৰূপ ৰূপত আমাৰ মুখ দুখন উজলি উঠিছে।
আমাৰ সন্মুখত এটি লুঙলুঙীয়া বাট কহুঁৱানিডৰাৰ মাজেৰে।

“যাবি অলপ খোজ কাঢ়ি?”- বাটটোলৈ দেখুৱাই মুকুল দাদাই মুগ্ধ নয়নেৰে ক’লে।
“অ’, কিন্তু মই চকু মুডি দৌৰি যাম যিমানদূৰ পাৰো। মোক নধৰাকৈ তুমিও গৈ থাকিবা চকু মেলি। মই পৰি নোযোৱালৈকে তুমি মোক নধৰিবা।“- প্রত্যয়ৰে ক’লো। এইটোও মুকুল দাদা আৰু মোৰ পুৰণি খেল।
মুকুল দাদাই হাঁহি দিলে। সন্মতিৰ হাঁহি সেয়া। আমি মূল আলিটোৰ পৰা নামি গৈ লুঙলুঙীয়া আলিটোত ভৰি দিলোঁ।
“ৰেডি নে তই?”-মুকুল দাদাই সুধিলে।
সন্মুখলৈ চাই পথিয়ালোঁ। মোক অন্তহীন অপেক্ষাৰ দুৱাৰদলিত থিয় কৰাই প্রতিম হেৰাই যাব পাৰিছিলনে এনে নিৰৱ ঢৌবিলাকৰ মাজত? উজুটি খাই পৰি নোযোৱাকৈ কিমানদূৰ আগুৱালে ময়ো হেৰাই যাব পাৰিম নিজকে হেৰুৱাই প্রতিমক বিচাৰি উলিয়াবলৈ? ভাবিলো মনতে।
মুকুল দাদা প্রস্তুত হৈছে উজুটি খালেই মোক দুখ নোপোৱাকৈ ধৰি ৰাখিবলৈ। মই চকু দুটা জপাই লাহে লাহে দৌৰিব ধৰিলোঁ কহুঁৱানিডৰাৰ মাজেৰে। বন্ধ দুচকুৰ দুৱাৰ ভেদি প্রতিমলৈ থকা অভিমান দুটোপাল বৈ আহিছে নিয়ৰে সেমেকোৱা গাল দুখনেৰে। উজুটি খাই পৰি মুকুল দাদাৰ হাতত ধৰাৰ আগেয়েই নিজকে হেৰুৱাব পাৰিমনে? লাহে লাহে মোৰ গতিবেগ বাঢ়ি গ’ল। নিৰৱে গুণগুণালো প্রিয় গান এটাৰ শেষৰ শাৰী এটা-
“যাত্রা বিচৰাৰে, তোমাকেই বিচৰাৰে হায়….”!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments