শিকলি ( কাৱেৰী বৰা মজুমদাৰ )

আজি এসপ্তাহমান হ’ল—
আমাৰ সন্মুখৰ ঘৰটোলৈ নতুন ভাড়াতীয়া আহিছে৷ বিশেষ লক্ষ্য কৰিবলগীয়া একো কথা নাই। কাৰণ ভাড়াতীয়া মানুহৰ অহা-যোৱা চলিয়েই থাকে।
কিন্তু এইবাৰ “অসহ্য” লাগিল আন এটা কথাতহে৷
মানুহঘৰৰ লগত দুটা পোহনীয়া কুকুৰ৷ এটা বহুত ডাঙৰ জাতৰ নোমহীন আৰু আনটো সৰু নোমাল,বহুত মৰমলগা৷ মই এই কুকুৰবোৰৰ নাম নাজানোঁ। ডাঙৰ মাইনাই দেখিয়েই কৈছিল—কিন্তু মোৰ মনতো নাথাকে।
শিকলিৰে বান্ধি থোৱা কুকুৰকেইটাৰ চিঞৰ শুনি-শুনি মোৰ অসহ্য লাগি গৈছিল। কালি সন্ধিয়াৰেপৰা কুকুৰ দুটা বিশেষকৈ সৰুটোৰ চিঞৰ শুনি মোৰ মূৰৰ বিষ হৈ গৈছিল। এবাৰলৈও কুকুৰ দুটাক শিকলিৰ পৰা মুক্ত কৰি নিদিয়া মানুহঘৰৰ প্ৰতি মোৰ মনটো বিতৃ ভৰি পৰিছিল৷
মনতে ভাবিলোঁ —কিবা এটা কৰিব লাগিব ।কাৰণ মই ভাবোঁ, অন্যায় কৰাটো যিদৰে পাপ, ঠিক একেদৰেই অন্যায় সহি থকাটোও পাপ৷
আজি —-
মোৰ হাজবেন্ড অফিচলৈ যোৱাৰ পাছতেই মই গে’টৰসন্মুখত ৰৈ আছিলোঁ। এটা আশাত, ঘৰটোৰপৰা কোনোবা এজন ওলালেই মই কথা পাতিম। পাঁচ মিনিট, দহ মিনিট পাৰ হ’ল। নাই কাৰো দেখাদেখিয়েই নাই। আমনি লাগি আহিব ওলাওঁতেই খোজৰ শব্দ শুনিলোঁ।
ৰক্ষা—– কোনোবা ওলাব এতিয়া। আঠ-নবছৰীয়া ল’ৰা এজন হাতত ধৰি মানুহ এজন ওলাই আহিল৷ কি, ক’ত, কিয় বিখ্যাত একো কথাৰ অৱতাৰণা নকৰি পোনচাটেই ক’লোঁ, “আপোনালোকৰ ঘৰৰ কুকুৰ দুটাৰ চিঞৰ শুনি শুনি মোৰ মূৰৰ বিষ হৈছে।”
কোনোদিন “হাই হেল্লো”  নোকোৱা মানুহগৰাকীৰ এনেকুৱা এষাৰী কথাত তেওঁ হয়তো অলপ অপ্ৰস্তুত হৈছিল ।
:মোক কৈছে নেকি ?
:হয়, আপোনাকেই কৈছোঁ।
:আৰে মেডাম কুকুৰেটো চিল্লাবই না৷
এইবাৰ মোৰ সঁচাকৈয়ে খং উঠিল।
:আচ্ছা, আপোনাৰ এই ল’ৰাজনক দুঘন্টা বান্ধি থওঁকচোন। চিল্লাই নে নিচিল্লাই মইও চাওঁ ।”
মোৰ কথা শুনি ভয় খাই সৰু ল’ৰাটো দৌৰি ভিতৰলৈ সোমাই গ’ল। মোৰ অলপ বেয়াও লাগিল ল’ৰাটোলৈ৷ মোৰ খঙৰ ভমক দেখি মানুহজনে কিবা ক’ব খুজিছিল যদিও আৰু একো নক’লে।
:চাওক, আমি ইয়াৰ স্থায়ী বাসিন্দা৷ আপুনি এনেকৈ ঠাইখিনিৰ শান্তি ভংগ কৰিব নোৱাৰে নহয়৷ এই যে 24 ঘণ্টাই শিকলিৰে কুকুৰ দুটা বান্ধি থয় আপোনালোকৰ মনত এবাৰলৈও ভাৱ নাহে নে দিনটোত অন্ততঃ এবাৰ সিহঁতক মুকলিমূৰীয়াকৈ ফুৰিব দিওঁ৷
তেওঁক আৰু একো কোৱাৰ সুযোগ নিদি ফোঁফোৱাই ভিতৰলৈ সোমাই আহিলোঁ।
আধাঘণ্টামান পাছত —-
মিনিয়ে মোক চিঞৰি মাতিলে৷
:বাইদেউ, বাইদেউ চাওঁকচোন!
তাই আঙুলি টোৱাই ৰাস্তালৈ দেখুৱালে —
দৃশ্যটো দেখি মনৰ আনন্দতে মোৰ চকু দুটা চলচলীয়া হ’ল ।
শিকলিৰ বান্ধ খুলি দুটা কুকুৰ দুয়োকাষে লৈ মানুহজনে ৰাস্তাত খোজকাঢ়ি গৈ আছে।
মই মনতে ভাবিলোঁ,  এই যাত্ৰাৰ যেন কোনোদিন শেষ নহওঁক !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments