শিক্ষকতা জীৱনৰ কিছু অনুভৱ—২২ (নিবেদিতা বৰি)

শিক্ষকতা জীৱনৰ কিছু অনুভৱ—২২

শিৱানী আজি বিশেষ কাম এটাত ব্যস্ত।প্ৰধান আচাৰ্যই আচাৰ্য সকলক দিয়া কাম এ্ৰটাৰ আজি অন্তিম দিন হোৱা বাবে তাই কামটো শেষ কৰিবলৈ জোৰদাৰ লাগিছে।ইফালে দিনটোত তাইৰ নিজৰ ক্লাছ চাৰিটা থাকেই, আকৌ জুৰি আচাৰ্যা নহা বাবে তাই জুৰি আচাৰ্যাৰ দ্বিতীয় শ্ৰেণীৰ “সাধাৰণ জ্ঞানৰ” ক্লাছটোও লব লগা হৈছে।যিহেতু শিৱানীৰ বাবে এইটো প্ৰক্সি ক্লাছ,সেইবাবে তাই ভাবিলে যে শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলক লিখা কাম দি তাই নিজৰ কামত ব্যস্ত হ’ব।ভবামতেই কাম।তাই সাধাৰণ জ্ঞানৰ কিতাপখন লৈ “জীৱ-জন্তুৰ” পাঠটো উলিয়াই ছাত্ৰ-ছাত্ৰীসকলক অনুশীলনীৰ পৰা নিজে নিজে উত্তৰ লিখিবলৈ দিলে। পাঠটো যিহেতু দীঘল গতিকে ক্লাছৰ গোটেই সময়কণ ছাত্ৰ-ছাত্ৰীসকলে শিৱানীয়ে দিয়া কাম কৰিব আৰু শিৱানীও নিজৰ কামত ব্যস্ত থাকিব।ছাত্ৰ-ছাত্ৰীসকলেও অসুবিধা পোৱা প্ৰশ্নবোৰ শিৱানীক প্ৰথমে সুধি সুধি এটা সময়ত লিখাত ব্যস্ত হৈ পৰিল।শিৱানীও নিজৰ কামত লাগিল।অলপ সময়ৰ মৌনতাৰ পাছত ৰক্তিমে সুধিলে—“আচাৰ্যা, ছাগলী বানানটো কিতাপত হ্ৰসইকাৰ আছে,কি কৰোঁ?”

নিভাই চিঁয়ৰি ক’লে—“ভুলকে নিলিখিবি, জুৰি আচাৰ্যাই পিটিব’”।

শিৱানীয়েও তাইৰ লগতে সমৰ্থন কৰি ক’লে—“অ’ ছাগলী বানানটো দীৰ্ঘইকাৰ হয়, শুদ্ধকৈ লিখিবা”।

আকৌ অলপ সময় মৌনতা।

গীতাশ্ৰীয়ে চিঁয়ৰিলে—“আচাৰ্যা, কেঙ্গেৰু বানানটো কেঙেৰু লিখা আছে আৰু ঘোঁৰা বানানটোত চন্দ্ৰবিন্দু নাই”।

শিৱানীৰ নিজৰ কামত ব্যাঘাত জন্মিল।তাই ক’লে—“ভুল বুলি ভবা শব্দবোৰ নিজে নিজে শুদ্ধৰাই লিখাছোন!”

তাই নিজৰ কামটোৰ বাবে তেনেকৈ কৈ উঠিল।পিছে তাইৰ কথাত নেহা আৰু গীতাশ্ৰী সন্তুষ্ট নহ’ল।নেহাই গীতাশ্ৰীক কৈছে—“কিতাপত দিয়াটোৱেই লিখি থব পাৰি কাৰণ জুৰি আচাৰ্যাই বহী চাওঁতে শুধৰাই দিব নহয়”!

গীতাশ্ৰীয়ে ক’লে-“যদি জুৰি আচাৰ্যাই ভুলকে লিখা বাবে আমাক পিটে?অৱশ্যে আমি ঘৰত মাক সুধিওচোন শুধৰাই ল’ব পাৰোঁ”।

“মই কথাটো ক’ম বুলিয়েই ভাবি আছিলোঁ”-নেহাই ডাঙৰ মানুহে কোৱাদি কয় উঠিল।

নিজৰ কামৰ মাজে মাজে সিহঁত দুজনীৰ কথাবোৰ শুনি শিৱানীৰ নিজকে দোষী অনুভৱ হ’ল।তাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত উপজা খেলিমেলিখিনি দূৰ কৰি নিদিয়াৰ বাবে এই দ্বিতীয় শ্ৰেণীৰ ৭-৮ বছৰীয়া কণমানি দুজনীয়ে নিজেই আলোচনা কৰি সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি তাৰ সিদ্ধান্ত লৈছে। শিৱানীয়ে আজিকালি নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত ব্যস্ত হৈ পৰি প্ৰাথমিক পৰ্যায়ৰ এই কণ কণ শিশুসকলৰ মানসিকতা পাহৰি যোৱাৰ দৰেই হৈছিল।সিহঁতৰ মনোভাৱ উপলব্ধি কৰাত যেন শিৱানী ব্যৰ্থ হৈছে শিৱানীৰ তেনে লাগিল। আজি কালি স্কুলৰ কিতাপত বানান ভুলৰ সীমা-সংখ্যা নোহোৱা হৈছে।প্ৰাথমিক পৰ্যায়ৰ পৰাই সিহঁতক প্ৰতিটো শব্দ শুদ্ধকৈ শিকোৱা বাবে দ্বিতীয় শ্ৰেণী পাওঁতেই কণমানি ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ ভুল আঙুলিয়াই দিব পৰা হোৱাৰ উপৰিও সিহঁতে পোৱা সমস্যা কেনেদৰে সমাধান কৰিব তাৰো সিদ্ধান্ত লব পৰা হৈছে।শিৱানীয়ে যিহেতু সিহঁতৰ মনত উপজা খেলিমেলিখিনি সমাধান কৰি নিদিলে গতিকে সিহঁতে বিষয় আচাৰ্যাৰ যোগেদি সমাধান কৰি লব নতুবা ঘৰত মাকৰ লগত আলোচনা কৰিব।কিয়জানো সিহঁত দুজনীৰ কথাত শিৱানীয়ে গৰ্বও অনুভৱ কৰিলে।কিতাপৰ ভুলো যে এইবয়সতে আঙুলিয়াই দিব পৰা হৈছে সেই কথা ভাবি শিৱানীৰ আনন্দও লাগিল।

“কিতাপৰ বানান ভুল, শিৱানীয়ে নিজৰ কামৰ বাবে সিহঁতৰ প্ৰতি মনোযোগ নিদিয়া আৰু সিহঁতে নিজে লোৱা সিদ্ধান্ত”—এই কেইটা কথাই শিৱানীক ঘৰলৈ আহি বহু দেৰিলৈকে সেইদিনা আমনি কৰি থাকিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments