শিক্ষকতা জীৱনৰ কিছু অনুভৱ-8 : নিবেদিতা বৰি

শিক্ষকতা জীৱনৰ কিছু অনুভৱ-8

 

নিবেদিতা বৰি

(১) “ত্ৰিবেনী সংগম”
ছাত্ৰজনৰ নাম অৰিন্দম কাশ্যপ; নিকেতনৰ ওচৰত ঘৰ। আজি শনিবাৰ। ৰিয়া বাইদেৱে মোক ক’লে—ব’লা শিৱানী, অৰিন্দমহঁতৰ ঘৰৰ পৰা আহোঁ। যাবলৈ ইমান মন নাছিল যদিও পিছতে চিন্তা কৰিলোঁ, অৰিন্দমৰ ঘৰলৈ যাবলৈ বিশেষ প্ৰয়োজন আছে, হয়তো ৰিয়া বাইদেৱে লগ ধৰাৰ কাৰণো সেই একেটাই। দুয়োজনীয়ে ছুটীৰ পিছত লৰালৰিকৈ তাৰ ঘৰ পালোঁগৈ। সিও স্কুলৰ পৰা আহি কাপোৰ সলাইছিলহে মাত্ৰ। আমি যোৱা গম পাই সি তাৰ কাপোৰেই বিচাৰি নোপোৱা হ’ল। মাকে আমাক চাহ দি চিঞৰি আছে, আর্চাযা আহিছে ওলাই আহ বুলি আৰু তাৰ উত্তৰ আহিল পিন্ধা চোলাটো বিচাৰি পোৱা নাই বুলি! আচলতে সি নাৰ্ভাচ হৈ ভিতৰৰ পৰা ওলাই আহিব পৰা নাই। মাকৰ মুখতো কিছু অস্বাভাবিকতা ধৰা পৰিল কাৰণ অকস্মাৎ দুগৰাকী আর্চাযা আহিছে; নিশ্চয় কিবা কাৰণ থাকিব পাৰে।
দুই এটা ঘৰুৱা কথা পাতি অৰিন্দমক মাতি মাতি তাৰ পঢা টেবুল পালোঁগৈ। এটা আটক ধুনীয়া কোঠা; এখন অত্যাধুনিক পঢা টেবুল, একাষে এডাল সৰু আলনা, তাৰ কাপোৰ কানি সি নিজেই বোলে চিজিল কৰি ৰাখে। একাষে এখন “পো”ৰ ডাঙৰ ষ্টিকাৰ লগোৱা সুন্দৰ বিচনা। মুঠতে এটা বৰ ধুনীয়া পঢ়াৰ পৰিৱেশ থকা কোঠা। আমি দুয়োগৰাকী আর্চাযাই কোঠাটো শলাগি তাক উৎসাহ জন্মোৱা কথাৰে আচল কথালৈ আহিলোঁ। তাৰ বহীবোৰ চাওঁ বুলি কোৱাত মাকে টেবুলৰ পৰা বহীবোৰ আমাৰ হাতত দিলে আৰু তেওঁ নিজেই ল’ৰাক কাষত বহুৱাই বহীবোৰৰ কভাৰ, লেবেল লগাই দিয়াৰ কথা ক’লে। আমি যেতিয়া মাকৰ সম্মুখত তাৰ বহীবোৰ মেলিলোঁ তেতিয়াহে মাকৰ চকু মেল খালে আৰু আর্চাযা অহাৰ কাৰণ বুজি পালে। কাৰণ তাৰ প্ৰতিখন বহীয়েই নতুন হৈ আছে, দুখনমান বহীত দুই এশাৰী বাক্য লিখা আছে আৰু একো নাই। নতুন শ্ৰেণীৰ নতুন পাঠদান হোৱা তিনিমাহ পাৰ হ’ল কিন্তু অৰিন্দমৰ বহীত কোনো এটা বিষয়ৰে প্ৰশ্নোত্তৰ দেখা নগ’ল। আর্চাযসকলে তাৰ বহী বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছে, কোনো কোনো আচাযই তাক শাস্তি প্ৰদানো কৰিছে কিন্তু একো ফল পোৱা নাই। যেতিয়া প্ৰথম ইউনিট টেষ্টৰ প্ৰ’গেম দিলে তেতিয়া তাক লৈ সকলো আর্চায চিন্তিত হ’ল কাৰণ সি যদি পৰীক্ষাত বেয়া নম্বৰ পায়, মাক-দেউতাকৰ আপত্তি আহিলে শিক্ষকসকল জগৰীয়া হ’ব লাগিব। মাকে ল’ৰাৰ ওপৰত খং কৰিব বুলি আমি কিছুমান সজ উপদেশ দি তাক বুজাই মেলি আহিলোঁ।
অৰিন্দমৰ মাকে আজি কি বুজিলে নাজানো কিন্তু ল’ৰাক সকলো সা সুবিধা দি টকা–পইছা খৰচ কৰি প্ৰাইভেট স্কুললৈ পঠিয়াই দ্বায়িত্ব শেষ বুলি অভিভাৱকসকলে যদি ভাবে তেতিয়া শিশুটি আগবাঢ়ি যোৱাত বাধা আহি পৰে আৰু শ্ৰেণীতো শিক্ষকে শিশুটিক পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত অসুবিধা অনুভৱ কৰে।

শিৱানীৰ মনত পৰিল প্ৰশিক্ষণকালত ভালাজীয়ে ভাষণ দিওঁতে কৈছিল, “এজন ছাত্ৰই উচিত শিক্ষা গ্ৰহণ কৰিব পাৰিব তেতিয়াহে যেতিয়া শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ মাজত এটা সু-সম্পর্ক গঢ়ি উঠে। শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ ত্ৰিবেণী সংগমত এজন ছাত্ৰ গঢ় লৈ উঠাত সহজ হৈ পৰে।“

(২) এটা বাহুমাছক কেন্দ্র কৰি
মাঘ-ফাগুণৰ দিন। পুখুৰীৰ পানী শুকাই কমি গৈছে। পুখুৰীত পোহা মাছবোৰ ডাঙৰ হৈছে। তেনে এটা দিনতে বিদ্যালয়ত কথাটো ওলাল- “ৰাধাপুখুৰীৰ মাছ ধৰি বেচিছে বোলে!” ৰাধাপুখুৰীৰ মাছ আকৌ গোটেই অঞ্চলটোৰ বাবে বৰ লোভনীয়। কাৰণ ডাঙৰ পুখুৰীৰ ডাঙৰ মাছ। কেইবাবছৰীয়া ডাঙৰ মাছ থাকে। ৰাধাপুখুৰী এটা বুৰঞ্জীপ্রসিদ্ধ পুখুৰী। ঐতিহ্যবহন কৰি থকা এই পুখুৰীটোত মীনবিভাগে মাছ পোহে। কেইবাবছৰীয়া ডাঙৰ মাছবোৰ মাঘ-ফাগুণ মাহত পানী শুকাওঁতে ধৰি বেছি দিয়ে। ডাঙৰ মাছ, তাতে বজাৰৰ দামতকৈ বহু কম দাম। সেয়েহে মানুহৰ ভিৰ হয়।
সুৰভিয়ে ক’লে- “ডাঙৰ মাছ এটা খাবলৈ পোৱা হ’লে! ৰাধা পুখুৰীৰ ডাঙৰ মাছ আকলে কিনি খোৱাটো অসম্ভৱ। কিন্তু সমজুৱাকে কিনি ভগাই খাব পৰা যায়”।
সুৰভিৰ কথাত ৰাজীৱ, সঞ্জয়দা, শিৱানী, জুপিতৰা, লিপিকা আদি ষ্টাফৰ সকলোৰে সিদ্ধান্তমর্মে এটা ডাঙৰ মাছ কিনি আনিবলৈ সঞ্জয়দাক দায়িত্ব দিয়া হ’ল। এসপ্তাহমানৰ পাছত সঞ্জয়দাই খবৰ দিলে- “আজি ৰাধাপুখুৰীৰ পৰা ১০ কে.জি ওজনৰ এটা বাহু মাছ আনি আছে”। কথাটো প্রচাৰ হোৱাৰ লগে লগে শিৱানীক লিপিকা বাইদেৱে ক’লে— “মই হ’লে মাছ লোৱাত নাই, ৰাতিপুৱাই মাছ-মাংসৰ কথা লৈ মানুহজনৰ লগত কাজিয়া কৰি আহিছোঁ। চোৱা শিৱানী, বৃহস্পতিবাৰে মই সদায় মাছ-মাংস ঘৰলৈ নানিবলৈ কওঁ আৰু মানুহজনে আনে। আজি মানুহজনক দঢ়াই দঢ়াই নানিবলৈ কৈ এতিয়া ময়েই যদি মাছ নিওঁ কথাটো কেনে হ’ব?” শিৱানীয়ে একো নক’লে।

এটা সময়ত মাছটো অনা হ’ল। কমনৰূমত মস্ত ডাঙৰ মাছটো দেখুওৱাৰ লগে লগে ৰাজীৱ,নীৰজহঁতে ডাঙি চালে; শিৱানীয়ে ফটো তুলিলে, ফটো পৰ্ব শেষ হোৱাৰ পিছত মাছটো কাটিবৰ বাবে স্কুলৰ কাষত থকা নাইট চকিদাৰজনৰ ঘৰলৈ নিলে; লগতে সঞ্জয় দাই কৈ থৈ গ’ল— সমানে ভাগ কৰা হ’ব আৰু ষ্টাফৰ সকলোৱে এভাগ ল’ব লাগিব।
ক্লাছ চলি আছে। অফ পিৰিয়দত থকা সকলোৰে আলোচনাৰ বিষয় হৈ পৰিল মাছ। লুকুমনিয়ে ক’লে— “আজি গুৰু বাৰ, আমি মাছ-মাংস নাখাওঁ, অৱশ্যে ল’ৰাটোলৈ বুলি লব পৰা যায়। সি মাছ খাই বৰ ভাল পাই অ’। এভাগত বা কিমান টকা দিব লাগিব? এহ নোলোৱাই ভাল। কাৰণ আমাৰ যৌথ পৰিয়াল। ঘৰ চলোৱাৰ এটা ফাণ্ড আছে, সেই ফান্ডটোৰ খৰছেৰে পাকঘৰ চলে। মইনো অযথা পইচাকেইটা কিয় খৰছ কৰোঁ”? লুকুমণিৰ উগুল-থুগুল মনটো এটা সময়ত তাই নিজে শান্ত কৰিলে। যি গৰাকীয়ে প্ৰথমেই এটা ডাঙৰ মাছ খোৱাৰ হেঁপাহ কৰিছিল তাইৰ অথাৎ সুৰভিৰ মনটো মৰা। তাই মাছ ভাগ কৰা চাই আহিল। ষ্টাফৰ মুঠ সংখ্যা ২৬ জন, সেইবাবে ২৬ ভাগ কৰা হৈছে, প্ৰতিটো ভাগত মাত্ৰ ৫ টুকুৰাকৈ পৰিছে। সুৰভিহঁতৰো যৌথ পৰিয়াল; এই ৫ পিচ মাছ কাৰ মুখতনো দিব? অৱশেষত তাই মাছ নোলোৱাৰ সিদ্ধান্ত কৰিলে। গীতালীয়েটো ক’লেই— “কালি আমি ৰাধাপুখুৰীৰ মাছ আনি খাইছোহে! আজি নিলে মানুহজনে বা কি কয়! শিৱানী তুমি লবানে?” প্ৰত্যেকৰে মতামত শুনি শুনি শিৱানীৰ খং উঠিছিল। সকলোৰে সিদ্ধান্ততহে মাছটো অনা হৈছিল কিন্তু মাছটো অনাৰ লগে লগে সকলোৰে ঘৰখনৰ সমস্যা আহি পৰিল, যাৰ বাবে ষ্টাফৰ আধাসংখ্যকেই মাছ কিনাত অপাৰগ। শিৱানীয়ে ক’লে—“আজি আমাৰ ঘৰখনতো নিৰামিষ চলে। তথাপি কথা দি থোৱা আছে বাবে মই মাছ ল’ম। দৰকাৰ হ’লে কাইলৈ খাব পৰা ব্যৱস্থা কৰি থ’ম”। এনেতে সঞ্জয় দাই আহি ক’লেহি- সকলোৱে একোভাগ লব লাগিব, নহ’লে কিনা দাম নোলাবই কাৰণ তেওঁৰ টকাৰে মাছটো অনা হৈছে। আকৌ ষ্টাফৰ মাজত মতবিৰোধ হ’ল। বাক বিতণ্ডাৰ অন্তত এটা সিদ্ধান্তত উপনীত হ’ল যে মাছ নোলোৱা কেইজনে যৌথপৰিয়াল থকা আৰু সৰহকৈ মাছ দৰকাৰ হোৱা কেইজনৰ লগত মকামিলা কৰি ল’ব কাৰণ সিদ্ধান্তমতে সকলোৰে দৰমহাৰ পৰা গাইপতি পৰা টকাটো লৈ সঞ্জয়দাক মাছৰ কিনা টকাটো দিয়া হ’ব। পাঁচ টুকুৰা মাছ কাৰ মুখত দিম বুলি কোৱাকেইজনৰ মুখত হাঁহি বিৰিঙিল।

জুপিতৰা আৰু মনচুমহঁতৰ তিনিজনীয়া সৰু পৰিয়াল অথচ মনচুমে দুটা ভাগ ল’লে। এভাগ মাকৰ ঘৰলৈ পঠিয়াব। জুপিতৰাইও দুভাগ লৈ আৰু এভাগ পোৱাৰ আশাত থাকিল কাৰণ তাই এভাগ মাক-দেউতাকৰ ঘৰলৈ আৰু এভাগ ভনীয়েকৰ ঘৰলৈ পঠিয়াব। তাইৰ মতে মাহঁতে বা ভনীয়েকে কিবা বস্তু পালেই তাইলৈ পঠিয়াই। এতিয়া ইমান ডাঙৰ মাছ এটা ভাগ কৰা হৈছে তাই বাৰু কেনেকৈনো মাকক বা ভনীয়েকক এৰি খায়! মনচুম আৰু জুপিতৰাৰ কথাত শিৱানীৰ ঘৰলৈ মনত পৰিল। তাইৰ মাকেও কেতিয়াবা ঘৰৰ পুখুৰী মাছ ফ্ৰাই কৰি টিফিনত ভৰাই আনি দিয়ে। এইযে এঘৰলৈ উলিয়াই দিয়া জীয়ৰীবোৰলৈ মাক-দেউতাকৰ কিমান মৰম! তেনেক্ষেত্ৰত জুপিতৰাই ওচৰতে থকা মাক-দেউতাহঁতক এৰি বাৰু কেনেকৈ ডাঙৰ মাছ খায়?
অৱশেষত ২৬ ভাগ মাছ ভাগ-বতৰা হৈ গ’ল। ৰাজীৱহঁতে আৰু একোভাগ পোৱাৰ আশাত থাকিল। গাইপতি ৮০ টকাকৈ পৰিল। লুকুমনিয়ে বোলে— “ইচৰাম ইমান কমটকা পৰিব বুলি জনা হ’লে এভাগ ললোহেঁতেন নহয়! মোৰ ল’ৰাটোৱে মাছ খায় বৰ ভাল পায়”।

এনেদৰে অৱশেষত এটা ডাঙৰ মাছ খোৱা হ’ল। কেইদেনমানৰ পিছত এদিন ষ্টাফৰ মাজত মাছ ভাগ কৰা দিনটোৰ কথা ওলাল। লিপিকা বাইদেৱে ক’লে—“সেইদিনাখন মাছ নলৈ ইমানযে ডাঙৰ ভুল কাম কৰিলোঁ”! মুন্নাই স্কুলত মাছ ভগোৱা দেখি গ’ল আৰু ঘৰত দেউতাকক লগালে। মাছ নিনিয়া বাবে ৰাতি বাপেক-পুতেকৰ কথা শুনি শুনি ভালকৈ ভাত খোৱাই নহ’ল। পিছদিনাখন মানুহজনে দিনটো ৰাধাপুখুৰীৰ পাৰত খাপ পিতিলে মাছ আনিবলৈ; কিন্তু সেইদিনা মানুহ ইমানেই ভিৰ আছিল যে বহু দেৰি অপেক্ষা কৰিও মাছ ভাগতেই নাপালে। ৰাজীৱে ক’লে—“আমি এনেয়ে মাছ খালোঁ, লাভ একমাত্ৰ সঞ্জয়দাৰহে হ’ল। মাছটোৰ দাম প্ৰকৃততে ২০০০ টকা আছিল জানো!!”

সঁচাই মানুহৰ মনবোৰযে আৰু!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments