শিক্ষকতা জীৱনৰ কিছু অনুভৱ—৫ নিবেদিতা ব’ৰি

শিক্ষকতা জীৱনৰ কিছু অনুভৱ—৫

নিবেদিতা ব’ৰি

অংকুৰ-মুকুল (প্ৰাক্-প্ৰাথমিক) শ্ৰেণীত পঢুৱাবলৈ গ’লে প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলৰ নানা ওজৰ-আপত্তি শুনি ল’ব লগা হয় আৰু সিহঁতক সন্তুষ্ট কৰি ল’ব লগা হয় আৰু যিটো বিষয়ৰ পাঠদান থাকে সেই বিষয়টোৰ ওপৰতো গুৰুত্ব দিব লগা হয়। শিৱানীয়ে মুকুল শ্ৰেণীত “ছবি” ক্লাছ কৰিবলৈ গ’ল।
“নমষ্কাৰ”—শিৱানীয়ে শ্ৰেণীত সোমাই ছাত্ৰ-ছাত্ৰীসকলক সম্বোধি নমষ্কাৰ দিলে। কেইজনমান ছাত্ৰই থিয় হৈ প্ৰতি নমষ্কাৰ জনালে। কেইটামানৰ আকৌ খবৰেই নাই; কথাত মচগুল। কেইটামানে ছবি অঁকাত ব্যস্ত। যিহেতু সিহঁতক কিছুমান নীতি-নিয়ম শিকোৱা হৈছে, সেয়েহে তাই পুনৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক’লে—
“উতিষ্ঠ”(উঠা)-সিহঁতে নিকেতনৰ ভাষা বুজি পোৱা হৈছে,তাইৰ মাত শুনি এইবাৰ সকলো থিয় হ’ল।
“নমষ্কাৰ”—শিৱানীয়ে আকৌ নমষ্কাৰ দিলে।
“আচার্যা নমষ্কাৰ”—এইবাৰ সকলোৱে সমানে উঠি নমষ্কাৰ দিলে।
“উপবিশ”(বহা)—সকলো ছাত্ৰ-ছাত্ৰী নিজৰ নিজৰ আসনত বহিল।
শিৱানীয়ে এইবাৰ ছবি আঁকি থকা ছাত্ৰ দুজনৰ ওচৰলৈ গ’ল।
অভিলেশা বৰুৱা, বৰ মৰম লগা ছোৱালী। তাই এটা ত্ৰিভুজৰ তলত এটা চতুর্ভুজ লগলগাই এটা ঘৰ আঁকি লগত অসংখ্য আঁক-বাঁকেৰে এখন ছবি আঁকিছে। শূন্য দুটামানত আঁচ টানি তাই ছবিখনত মনৰ ভাৱ প্ৰকাশ কৰিছে। তাই অঁকা ছবিখন চাই শিৱানীয়ে মাত্ৰ বুজি পালে তাই এটা ঘৰ আঁকিছে কিন্তু আঁক-বাঁকবোৰ কিয় দিছে বুজি নাপাই তাই অভিলেখাক সুধিলে—“তুমি কি আঁকিছা?” তাই উৎসাহেৰে শিৱানীক বুজাবলৈ আৰম্ভ কৰি দিলে—
“এইটো এটা ঘৰ; ঘৰৰ বাহিৰত এইজোপা গোলাপ ফুলৰ গছ; এই ছোৱালীজনীয়ে অকলে অকলে খেলি আছে, দুৱাৰ মুখত এইজনী তাইৰ মাক; কান্দি আছে”।
“তাইৰ মাকে কিয় কান্দিছে”?
“তাই ডাঙৰ হ’লে তাইক বিয়া দিব লাগিব যে, সেইকাৰণে কান্দিছে আকৌ, আপুনি তাকো নাজানে”?
অভিলেখাৰ কথা শুনি শিৱানীয়ে সাংঘাতিক ৰস পালে; এটা ঘৰ আৰু কিছুমান আঁক-বাঁক,চিত্ৰকৰ গৰাকীয়ে বুজাই দিয়াতহে সেই চিত্ৰখনৰ তাৎপর্য শিৱানীয়ে বুজি পালে; যেনেদৰে এগৰাকী নিপুণ শিল্পীৰ এবচট্ৰেক্ট ছবি আনে ভালদৰে বুজি নাপাই,কিন্তু শিল্পীগৰাকীয়ে বুজাই দিলে চিত্ৰখন চাই কিবা এটা বুজি পায়। শিৱানীয়ে অনুভৱ কৰিলে, এই কণমানি অভিলেখা বৰুৱাও এগৰাকী নিপুণ চিত্ৰশিল্পী; তাইৰ কণমানি হৃদয়ে অনুভৱ কৰা এখন এবচট্ৰেক্ট তাই আঁকি পেলালে।
আনজন ছাত্ৰ ঋষভ কাশ্যপ— সি এগাল বটলৰ ছবি আঁকিছে। দেখাত বটল যেন নালাগিলেও তাৰ ভাষাত সেইয়া বেলেগ বেলেগ বটল। শিৱানীয়ে এইবাৰ ঋষভক সুধিলে-“কি আঁকিছানো”?
মূৰ দাঙি শিৱানীক ক’লে—“এইকেইটা দাদাই খোৱা ক’কা-কলা আৰু থামছআপ বটল আৰু এইকেইটা পাপাই ৰাতি খোৱা বটল”
তাৰ কথা শুনি শিৱানীৰ বৰ হাঁহি উঠিল। শিশু এটি বাঢ়ি অহাৰ লগে লগে সিহঁতে দেখা প্ৰতিটো বস্তুৰে প্ৰতি থাকে অদম্য কৌতুহল। সিহঁতে সদায় ডাঙৰ হ’বলৈ চেষ্টা কৰে আৰু ডাঙৰক অনুকৰণ কৰে। সিহঁতৰ মানসিক বিকাশৰ বাবে সুস্থ বাতাবৰণ থকা পৰিবেশৰ অতি আৱশ্যক। ঘৰুৱা,চুবুৰীয়া আদি প্ৰতিটো পৰিবেশেই সিহঁতক অনুকৰণ কৰিবলৈ শিকায়।
অভিলেখাই হয়তো কোনোবা ছোৱালী উলিয়াই দিয়া বিয়াত মাকে কন্দা দেখিছিল আৰু তাইৰ কণমানি হৃদয়ত দ’কৈ সাঁচ বহিছিল; তেনেকৈ ঋষভৰ মনতো ককায়েকে খোৱা কল্ড ড্ৰিংকছৰ বটল আৰু দেউতাকে ৰাতি খোৱা বটলে তাৰ মনত চাঁপ বহাইছিল।
সঁচাই শিশুৰ মন অতি স্পর্শকাতৰ আৰু সিহঁত স্বভাৱতে অনুকৰণপ্ৰিয়।
আন এদিন শিৱানীয়ে একেটা শ্ৰেণীতে সাধাৰণ জ্ঞান পাঠত সিহঁতক ৰঙৰ নাম শিকাই থাকি প্ৰশ্ন কৰিলে—“তোমালোকৰ চোলাটো কি ৰঙৰ? পেন্টটো, ফিটাডাল…….? এনেদৰে ৰঙৰ সৈতে পৰিচয় কৰাই সিহঁতক শিৱানীয়ে ঘপককৈ সুধিলে—“তোমালোক দেখিবলৈ কি ৰঙৰ?” সকলোৱে একেমুখে চিয়ঁৰিলে—ব……গা…..
“বাৰু, কোন কোন বগা থিয় হোৱাছোন?” শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী থিয় হ’ল কিন্তু এজনী ছোৱালী বহি থাকিল। শিৱানী আচৰিত হ’ল; এনে বয়সত ধুনীয়া মানে কি, বগা কাক কয়…এনেধৰণৰ ধাৰণা স্পষ্ট নহয়, জানে মাথোঁ সিহঁত বেয়া ল’ৰা-ছোৱালী নহয়, সিহঁত সবেই ভাল। শিৱানীয়ে বহি থকা শিল্পীশিখালৈ মন কৰিলে—সঁচাকৈ তাইৰ গাৰ ৰঙটো মাগুৰবৰণীয়া। তাই মেহেঙা-মেহেঙ কৰি আছে। শিৱানীয়ে তাইক মৰমেৰে ওচৰলৈ মাতি আনি সুধিলে—“তুমি তাৰমানে ক’লা?” তাই মূৰ দুপিয়ালে। “তুমি দেখিবলৈ বেয়া?” তাই মূৰ দুপিয়ালে। “ইমান ধুনীয়া ছোৱালীজনীক কোনে বেয়া বুলি কয়? তুমি ঘৰলৈ গৈ কৈ দিবা আচার্য্যাই ধুনীয়া ছোৱালী বুলি কৈছে”।
“আইতাই মোক ক’লি-এলাগি বুলি কয়”, সেইবুলি কৈ কণমানি শিল্পীশিখাই সেমেনা-সেমেনি কৰিলে।
তাইৰ সেমেনা-সেমেন কৰি থকা মুখ খনলৈ চাই শিৱানীয়ে ভাৱিলে– শিশুৰ কোমল মনটোক দুখ পোৱা, ভীতি প্ৰদর্শন কৰা, হতাশা জন্মোৱা আদি ক্ষেত্ৰত গুৰুত্ব নিদি সিহঁতৰ অর্ন্তনিহিত যি ক্ষমতা আছে সেয়াহে বিকাশ হ’বলৈ স্বাধীনতা দিব লাগে তথা ঘৰৰ প্ৰতিজন সদস্যই উৎসাহ জন্মাব লাগে।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Arundhati
8 years ago

লেখাটো পঢ়ি ভাল লাগিল।কৰবাত পঢ়িছিলোঁ,এজন বয়সস্হ শিল্পীয়ে বহু চিন্তাৰে ছবিত যি বৌদ্ধিক বাস্তবতা আনে তাৰ স’তে শিশুৱে অঁকা ছবিৰ বাস্তৱিক মিল থাকে।

Arundhati
8 years ago

লেখাটো পঢ়ি ভাল লাগিল।কৰবাত পঢ়িছিলোঁ,এজন বয়সস্হ শিল্পীয়ে বহু চিন্তাৰে ছবিত যি বৌদ্ধিক বাস্তবতা আনে তাৰ স’তে শিশুৱে অঁকা ছবিৰ বাস্তৱিক মিল থাকে।