শিক্ষকতা জীৱনৰ কিছু অনুভৱ-৭ (– নিবেদিতা বৰি)

অসাৱধানতাৰ বাবে

নিবেদিতা বৰি



(১)

জুপিতৰাক প্ৰধান আর্চাযই মাতি পঠালে আপত্তি এটা আহিছে বুলি;কালি তাই সপ্তম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষাৰ বহী ঘূৰাই দিছিল;নিশ্চয় সেই বিষয়ৰে আপত্তি আহিছে।তাই মনত অলপ শংকা লৈ প্ৰধান আর্চাযৰ কোঠা পালেগৈ আৰু তাই ভবাটোৱেই হয়,ছাত্ৰ পীয়ূষ কলিতাৰ দেউতাকে উগ্ৰমূর্তি ধৰি প্ৰধান আর্চাযৰ আগত পুতেকৰ বহীখন দেখুৱাই গৰজি আছে,জুপিতৰাক সোমাই অহা দেখি পীয়ূষৰ দেউতাক শান্ত হ’ল। প্ৰধান আর্চাযই পীয়ূষৰ বহীখন জুপিতৰাক দি ক’লে—“নম্বৰ হিচাপ কৰোঁতে কিবা গন্ডগোল হৈছে,চাই দিয়ক” তাই বহীখন লৈ ক’লে—“মই ভালদৰে চাব লাগিব,পীয়ূষৰ হাততে বহীখন দি পঠাম”। “হ’ব” বুলি কৈ পীয়ূষৰ দেউতাক গ’লগৈ।
জুপিতৰাই কমনৰূমলৈ বহীখন আনি শিৱানীক লগত লৈ নম্বৰ হিচাপ কৰিলে;সঁচা তাই নম্বৰ দিছে ৬০ আৰু পীয়ূষে পাব লাগে ৭২। তাই পৰীক্ষাৰ বহীত দিয়া নম্বৰ সদায় দুবাৰ-তিনিবাৰ হিচাপ কৰিহে লিখে;পৰাপক্ষত আজিলৈকে ভুল হোৱা নাই,পিছা এইবাৰ কিয় এনে হ’ল বাৰু?এনেতে সঞ্জয় আর্চায সোমাই আহিল;তাই বহীখন সঞ্জয় আর্চাযকো দেখুৱালে; সঞ্জয় দাই বহীখন মেলি চাই এটা কথা আৱিস্কাৰ কৰিলে,কেইবাটাও প্ৰশ্নৰ উত্তৰৰ নম্বৰত ঘঁহাই তিনি চাৰি যোগ দিয়া হৈছে আৰু সেই কাম কৰা ৰঙা কলমৰ চিঁয়াহীৰ পার্থক্য আছে। জুপিতৰাই ব্যৱহাৰ কৰা ৰঙাকলমৰ ৰঙটোতকৈ নম্বৰ যোগ দিয়া ৰঙটো গাঢ ৰঙা। কেইবাজনো আর্চাযই ভালদৰে বহীখন পৰীক্ষা কৰি পীয়ূষৰ বদমাচি ধৰিব পাৰিলে আৰু প্ৰধান আর্চাযক বহীখন দেখুৱালে।প্ৰধান আর্চাযৰ খং চৰিল কাৰণ পীয়ূষৰ বহীখন দেখুৱাই দেউতাকে যিমান খিনি তাগিদা দিছিল খং উঠা কথাই। প্ৰধান আর্চাযই পীয়ূষক ক্লাছৰ পৰা মতাই আনি জেৰা কৰিলে;দুই তিনিবাৰ জেৰা কৰোঁতেই সি সঁচা কথা কবলৈ বাধ্য হ’ল, কলমৰ ৰঙৰ বাবেই সি ধৰা পৰিল।
প্ৰধান আর্চাযই বেতেৰে তাক ভালদৰে পিটন দিলে আৰু দেউতাকক ফোন কৰি ল’ৰাৰ বদমাচিৰ কথা ক’লে আৰু বহীখন নিবলৈ মাতিলে। ফোন পাই দেউতাকৰ ঠাইত মা’ক উধাতু খাই আহিল; ৰঙা,ক’লা পৰি অহা মা’কে প্ৰথমে প্ৰধান আর্চাযৰ কোঠাত সোমাবলৈ আফচোচ কৰি কমনৰূমলৈ আহিল আৰু কন্দনামুৱা হৈ শিৱানীক ক’লে—“কি হ’ব এতিয়া, প্ৰধান আর্চাযই মোৰ ল’ৰাটোক এতিয়া ভালদৰে পিটিব নহয়? তাক আজিলৈকে আমি চাট এটাকে দি পোৱা নাই!” তেওঁ ইমানেই নার্ভাছ হৈছে যে শিৱানীক জুপিতৰা বুলি মাতিছে আৰু জুপিতৰাক শিৱানী বুলি মাতিছে। মা’কৰ তেওঁৰ ল’ৰাটোৱে কৰা ভুলতকৈ প্ৰধান আর্চাযই যে ল’ৰাটোক শাস্তি দিব সেইটোহে চিন্তা কৰা দেখা গ’ল; ভাগ্যে মা’ক অহাৰ আগতেই আর্চাযই ল’ৰাটোক পিটিলে।

(২)

আজি শিৱানীয়ে মৰনৈগুৰিত বিয়া খাবলৈ গৈছিল। বিয়া ঘৰৰ কাষৰ ঘৰখন জিজ্ঞাসা নেওগৰ ঘৰ। জিজ্ঞাসা প্রথম শ্রেণীৰ ছাত্ৰী। ওচৰতে অভিভাৱকৰ ঘৰ বুলি গম পাই শিৱানীয়ে মাত এষাৰ দি যাওঁ বুলি জিজ্ঞাসাৰ ঘৰত সোমাল। মাকে আথে বেথে চাহ-তামোল যাচি ক’লে, কথা এটা কব লগা আছিল, আপুনি বেয়া পাব নেকি? “নাই নাপাওঁ”- শিৱানীয়ে ক’লে। মানুহ গৰাকীয়ে জিজ্ঞাসাৰ ছয়মাহিলী পৰীক্ষাৰ বহীখন উলিয়াই আনি আচাৰ্যৰ আগত মেলি ধৰিলে। এই বহীখনত মোৰ ছোৱালীয়ে ৪৫ নম্বৰ পাব লাগে কিন্ত্ত আচাৰ্যই ৫0 ৰ ভিতৰত ৫0 দিছে। তাই ভুল কৰা উত্তৰতো আচাৰ্যই নম্বৰ দি শুদ্ধ কৰি থৈছে। আমাক নম্বৰ নালাগে নহয়,ৰোল নম্বৰ ১ বা 2 য়ো হ’ব নালাগে। তাইক প্রকৃত শিক্ষাহে দিয়াব বিচাৰিছোঁ। তাই ভুল কৰাটো যাতে প্রকৃত নিৰ্দ্ধাৰণ হৈ উপলব্ধি কৰক, আমি সেয়াহে বিচাৰিছো। বহীখনত যদি প্রকৃত মূল্যাংকন নহয় তেন্তে ভৱিষ্যতে ছাত্ৰী গৰাকীৰ হে লোকচান। আচাৰ্যই হয়তো অমনোযোগিতাৰে বহীখন চোৱাৰ বাবেই এনে হ’ল;স্কুলত গৈ আপত্তি কৰিবলৈও ভয় লাগে কাৰণ দুয়োটা ল’ৰা-ছোৱালী তাতে পঢ়া। আপত্তি দিয়া বুলি মোৰ ল’ৰা-ছোৱালী হালক যদি অৱহেলাৰ চকুৰে চাই; শিৱানীয়ে নিজে বহীখন চালে- হয়, তিনিটা প্রশ্নোত্তৰ ভুল যদিও শুদ্ধ চিন দি থোৱা আছে। তাই ক’লে, “সকলো অভিভাৱক যদি আপোনাৰ মানসিকতাৰ হোৱা হ’লে! আপোনাৰ সন্তান আগলৈ বহুত ভাল হ’ব। আপুনি নিৰ্ভয়ে স্কুললৈ গৈ বিষয় আচাৰ্যৰ লগত কথা পাতিব পাৰে। মানুহ মাত্ৰেই ভুল থাকেই। এনে ধৰণৰ আপত্তি আহিলে আমি বহুত ভাল পাওঁ আৰু এনেদৰে ভুলবোৰ দেখুৱাই দিলে আচাৰ্যসকলৰ বাবেই মঙ্গল কাৰণ এনেধৰণৰ ভুল ভ্রান্তি কৰিবলৈ হ’লে ছাত্রজনৰ প্রকৃত মূল্যাংকন কেনেদৰে হ’ব? তথাপিও জিজ্ঞাসাৰ মাকে নিজে স্কুললৈ নাহি শিৱানীৰ হাততে বহীখন দি বিষয় আচাৰ্যজনক দেখুৱাবলৈ ক’লে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক