শিক্ষকতা জীৱনৰ কিছু অনুভৱ—৮: নিবেদিতা বৰি

শিক্ষকতা জীৱনৰ কিছু অনুভৱ—৮

নিবেদিতা বৰি

মুকুল শ্রেণীৰ ছাত্ৰী ঈৰাণী; ঈৰাণীৰ কাৰণে বিদ্যালয়ত এটা ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে;শিৱানীহঁতে বিদ্যালয়ত বহুতো ঘটনা দেখিছে,বহুতো সমস্যাৰ সন্মুখীন হৈছে কিন্তু ১৫ বছৰীয়া তাইৰ শিক্ষকতা জীৱনৰ এইয়া এক নতুন সমস্যা।ঈৰাণীক লৈ হোৱা সমস্যাটো হ’ল—স্কুলৰ ঘডীত ১১ বাজে,তাইৰ শৌচ কৰিব লাগে;বিদ্যালয়ত শৌচাগাৰৰ ভাল ব্যৱস্থা আছে, কিন্তু তাইক সকলোৱে কৈ কৈও অভ্যাস কৰাব পৰা নাই—শৌচ কৰিব লাগিলে আচাৰ্য্য বা আয়া গৰাকীক ক’ব লাগে বুলি। বিদ্যালয়ৰ ঘড়ীত ১১ বজাৰ লগে লগেই তাই বহা বেঞ্চতেই কাপোৰে-কানিয়ে লেতেৰা হয়।ফলত শ্ৰেণীকোঠাত সৃষ্টি হয় এক অশান্তিকৰ পৰিৱেশ;ল’ৰা-ছোৱালীক শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ উলিওৱা; তাই বহা বেঞ্চ খন বাহিৰলৈ নি ধোৱা,শ্ৰেণীটোত ফেনাইল মিহলি পানী ঢলা; মুঠতে এটা অশান্তিকৰ পৰিৱেশ।অংকুৰ শ্ৰেণীত থাকোঁতে জুপিতৰাই হিচাপ কৰি উলিয়াইছিল তাই বোলে গোটেই বছৰটোত ৩০ দিন কাপোৰে কানিয়ে হাগি স্কুলত ৰেকর্ড কৰিছে;গতিকে তাইক পুৰস্কাৰ এটাকে দিব লাগে বুলি ৰগৰ কৰিছিল।ঈৰাণীৰ এই সমস্যাটোৰ বাবে তাইৰ মাক-দেউতাকক মাতি ডাক্তৰক ভালদৰে দেখাবলৈ কৈ তাইক এমাহ মান স্কুললৈ অহাটো বন্ধ কৰাই দিছিল;কিন্তু কোনো ফল নধৰিল;ঈৰাণীৰ সমস্যা দিনে দিনে আৰু জটিল হ’বলৈ ধৰিলে;স্কুলত দ্বিতীয় পিৰিয়দটো আৰম্ভ হয়,শ্ৰেণীলৈ আচাৰ্য্য যায়,ছাত্ৰ-ছাত্ৰীসকলে আপত্তি দিয়ে ঈৰাণী নাই;তাইক বিচাৰ খোচাৰ কৰি দেখে তাই শৌচাগাৰৰ ভিতৰত লুকাই থাকে; প্ৰথমে সকলোৱে ভালেই পাইছিল যি কি নহওক তাই লেট্ৰিনলৈ যাবলৈ অভ্যাস কৰিছে বুলি;কিন্তু সকলোৰে ধাৰণা ভুল হ’ল; তাই শৌচ কৰিব লাগক নালাগক ভয়তে শৌচাগাৰত সোমাই থাকে আৰু মাতিলেও ওলাই নাহে আৰু স্কুল ছুটি হোৱাৰ লগে লগে তাই শৌচাগাৰৰ পৰা ওলাই ঘৰলৈ যায়।মুঠতে পঢাৰ নামত তাই এইখন কাৰবাৰেই কৰি থাকে;সিদিনাটো ঘটনা ডাঙৰেই হ’ল—তাই শৌচাগাৰত সোমাই থকা দেখি তাইৰ লগৰ পাপৰিয়ে তাইক গা ধুৱাই দিলে, পানী ভৰি থকা বাল্টিৰ পৰা মগেৰে পানী ঢালি ঢালি ধুৱাই হাতত ধৰি ঈৰাণীক টানি আনিল;বাহিৰত হুলস্থুলীয়া পৰিবেশ দেখি আৰু ঈৰাণীৰ কাপোৰ-কানি তিতা দেখি কি হ’লনো বুলি খবৰ লোৱাত পাপৰিয়ে ক’লে—তাই সদায় সদায় লেট্ৰিনত সোমাই গা নুধুৱে,আমাৰ ঘিণ নালাগে নেকি!সেই কাৰণে মই আজি তাইক গা ধুৱাই দিলোঁ।
এইয়াই শিশু হ’লেও সংস্কাৰ;সকলো ল’ৰা-ছোৱালীকে অভিভাৱকে সৰুৰে পৰা শৌচাগাৰৰ পৰা আহি পৰিষ্কাৰ হ’বলৈ তথা গা ধুবলৈ শিকায়। তেনেস্থলত ঈৰাণীয়ে সদায় শৌচাগাৰত সোমাই গা নুধুৱাটো পাপৰিয়ে কিয় সহ্য কৰিব!তাৰোপৰি তাইৰ লগত কোনো ল’ৰা-ছোৱালী নবহা হৈছে; কিমান বাৰ যে মাক-দেউতাকক ফোন কৰি মাতি ছোৱালীজনীক ঘৰলৈ পঠাই দিয়া হয় তথাপিও মাক-দেউতাকে তাইক তাইৰ অভ্যাসটো সলাব পৰা নাই।
শিৱানীৰ ঘৰত থকা কাম কৰা ছোৱালীজনীৰ ভৰিত বেচু হৈছে;ঔষধ খাইও ভাল পোৱা নাই;এদিন স্কুলৰ এগৰাকীয়ে ক’লে-ঈৰাণীৰ দেউতাকে বোলে বেচু ভাল কৰা গাঁৱলীয়া দৰৱ দিয়ে; শিৱানীয়ে এদিন সেই সূত্ৰে ঈৰাণীৰ ঘৰ ওলালগৈ;কিন্তু বিশেষ কামৰ বাবে ঈৰাণীৰ দেউতাক ঘৰত নাছিল;কথা প্ৰসংগত শিৱানীয়ে ঈৰাণীৰ মাকৰ লগতে তাইৰ সমস্যাটোৰ কথা পাতিলে,তেনেতে ঈৰাণী শোৱাৰ পৰা চকু মোহাৰি মোহাৰি ওলাই আহিল; সন্মূখত শিৱানীক দেখি মাকৰ গাতে ভেঁজা দি সেমেনা-সেমেনি কৰি থাকিল;শিৱানীয়ে তাইক মৰমেৰে কাষলৈ মাতি সুধিলে—“তুমি কিয় লেট্ৰিনত সোমাই থাকা? আমালৈ ভয় লাগে নেকি?” তাই “নহয়” বুলি মূৰ জোকাৰিলে।“তুমি লেট্ৰিন লাগিলে আমাক কবা আকৌ,তুমি বেয়া কাম কৰিছা নহয়!এই বেয়া অভ্যাসটো এৰিলে তোমাৰ লগত সকলোৱে বহিব আৰু সবেই তোমাক মৰম কৰিব”,তাই মনে মনে শিৱানীৰ কথা শুনি থাকিল।
এইবাৰ শিৱানীয়ে মাকৰ লগত আলোচনা কৰিলে যদিও কোনোধৰণৰ সমিধান বিচাৰি নাপালে।ঈৰাণীৰ মাকে ক’লে—ছোৱালীজনীৰ খোৱা-বোৱা অনিয়মীয়া;স্কুলৰ পৰা আহিয়েই চিপছ,বিস্কুট যিহকে পাই তাকে খাই,ফলত ভোক নালাগে আৰু ৰাতি ভাত দিলেও ভাত নাখায়;অসময়ত ভাত বিচাৰে;কেতিয়াবা ৰাতি ১২ বজাত উঠি ভাত খাওঁ বুলি কান্দে;পুৱা বিস্কুট ১ প্লেট খায়,ফলত স্কুল যোৱাৰ পৰত ভাত নাখায়;ৰাতিপুৱা ১ ঘন্টা মান লেট্ৰিনত বহাই থলেও নাহাগে;মই যদি তাইক কিবা এষাৰ কওঁ দেউতাকে মোৰ ওপৰত দমদমনি মাৰে-নিজে সন্তান এটা জন্ম দিব নাজানিলা,এতিয়া এইকো প্ৰতিপালন কৰিব নাজানা;তাইৰ গাত কথা এটাও পৰিব নিদিয়ে;দেউতাকে তাইক হোটেলৰ মিঠাই,ছানা,ভুজিয়া আনি দিয়ে খাবলৈ;গতিকে বাহিৰা খাদ্যৰে তাইৰ পেট ভৰি থাকে,খোৱা-বোৱা অনিয়মীয়া বাবেই তাইৰ এনে গতি;মই আকৌ মাত মাতিলেই জগৰ নহয়!!
শিৱানীয়ে বুজি পালে ঘৰুৱা পাৰিবাৰিক মনোমালিন্যৰ বাবেই ঈৰাণীৰ এই দশা!
সকলো শিক্ষকে মাক-দেউতাকৰ লগত আলোচনা কৰি তাইক এসপ্তাহ স্কুল অহাটো বন্ধ কৰিলে; এসপ্তাহৰ অন্তত মাকে স্কুলত তাইক থলেহি আৰু ক’লে যে খোৱা-লোৱা নিয়মীয়া হৈছে;কিন্তু দুর্ভাগ্য বুলিবই লাগিব-স্কুলৰ ঘডীত ১১ বাজিল আৰু ঈৰাণীৰ একেই দশা হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments