শিক্ষকতা জীৱনৰ কিছু অনুভৱ—১১ (নিবেদিতা বৰি)

বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ দিনটো……প্ৰত্যেকজন শুভাকাংক্ষীয়ে হাতত কোৰ,দা লৈ ভেটি তুলি বাঁহ,কাঠেৰে চাৰিটা কোঠা যুক্ত এখন বিদ্যালয় গঢ়ি তুলিছিল।সেই বিদ্যালয়খনেই ১৫ বছৰৰ পিছত দুমহলীয়া এখন আটক ধুনীয়া বিদ্যালয় হৈ পৰিল।

বিজয় বোলা ছাত্রজনৰ অসুখ,মেলেৰীয়া হৈছে।শিৱানীয়ে এদিন সময় উলিয়াই বিজয়ৰ খবৰ ল’বলৈ বুলি গ’ল।শিৱানীক দেখি বিজয়ৰ মাক-দেউতাক জ্বলা জুইত ঘিউ ঢলাৰ দৰে হ’ল। বিজয়ৰ দেউতাকে ক্ষোভ আৰু দুখেৰে আৰম্ভ কৰিলে—-“আমি হ’লো বিদ্যালয়খনৰ প্রতিষ্ঠাতা।এই অঞ্চলত বিদ্যা ভাৰতীৰ দ্বাৰা পৰিচালিত বিদ্যালয় এখন লাগে বুলি আলোচনা কৰি অঞ্চলৰ মাজমজিয়াত গাৰ ঘাম মাটিত পেলাই আমি কেইজনমান ব্যক্তিয়ে বিদ্যালয়খন গঢ়ি তুলিছিলোঁ।কিন্তু মোৰেই দুৰ্ভাগ্য মোৰ ল’ৰা দুয়োটা পঢ়াত বেয়া হ’ল।ইমান চেষ্টা কৰিও দুয়োটাই পঢ়াত ভবা মতে আগবাঢ়িব নোৱাৰেচোন!কি কৰিম, এইয়াই কপাল তথাপিও সান্তনা লভো এইবুলি যে পাঠ্যপুথিৰ জ্ঞান অর্জন কৰিব নোৱাৰিলেও বিদ্যালয়ৰপৰা কিবা এটা শিকক।সিদিনা মই বিজয়ক বিদ্যালয়ত থৈ গেটৰ বাহিৰত ৰৈআছিলোঁ,তোমালোকৰ লগৰ ৰিভাআর্চাযই অত’ অভিভাৱকৰ আগত মোক কি বুলি ক’লে জানা–“আপুনি ইমান টকা পইচা এনেয়ে ল’ৰা দুটাৰ নামত পানী কৰিছে,দুয়োটা ল’ৰাৰ ভিতৰত এটাও যদি পঢ়াত ভাল হ’লহেঁতেন!আপুনি চৰকাৰী স্কুলত নপঢ়াইনো কেলেই!আপোনাৰ টকাও ৰাহি হ’ব আৰু সেই টকাৰে আগলৈ ল’ৰাদুটাক সংস্থাপনৰ নামত কিবা এটা কৰি দিব পৰিব,কথাবোৰ শুনিবলৈ বেয়া কিন্তু ভাবি চাব মই সঁচা কথাই কৈছো”,এতিয়া চাওক মই নিজেই জানো মোৰ সন্তান পঢ়াত বেয়া,তথাপিও বিদ্যালয়ৰপৰা কিবা এটা শিক্ষা পাওক,চেষ্টা কৰিলে পৰিবৰ্তনআহেইবা এনে বহু চিন্তা কৰি ল’ৰা দুটা বেলেগ স্কুললৈ নিয়া নাই,সেইবুলিয়েই সকলোৰে আগতে মোক এনেকৈ লাজ দিব লাগেনে?কেতিয়া,কোন স্থানত কেনে কথা ক’ব লাগে সেই কথা এগৰাকী শিক্ষয়িত্ৰী হিচাপে জনা দৰকাৰ।মোৰ ল’ৰা অসুখৰ বাবে এসপ্তাহ ধৰি স্কুললৈ যাব পৰা নাই,কিন্তু আজিলৈ কোনো এজন শিক্ষকেই খবৰ ল’বলৈকে নাহিল;মোৰ ল’ৰা পঢ়াত চোকা হোৱা হ’লে হয়তো সকলো শিক্ষক আহিলহেঁতেন খবৰ কৰিবলৈ!” বিজয়ৰ দেউতাকৰ অভিমান,ক্ষোভ আৰু দুখৰ প্ৰকাশত শিৱানীয়ে কি ক’ব ভাষা বিচাৰি নাপালে,কোৰ, দা লৈ বিনা শ্ৰমদানেৰে গঢ়া বিদ্যালয়খনত নিজ সন্তানক পঢ়োৱাৰ হেঁপাহ!কিন্তু বিফল হৈছে,হতাশাত ভুগিব লগা হৈছে সন্তানৰ ভৱিষ্যতক লৈ।শিৱানীয়ে সান্তনাৰ সুৰত ক’লে-“ল’ৰা দুটা পঢ়াত বেয়া হৈছে বুলিয়েই জানো হতাশ হ’লে হ’ব,চেষ্টাৰ অসাধ্য একো নাই,মানুহৰ জীৱনত উত্থান-পতন হোৱাচোন দেখা যায়,মানুহৰ মনো সদায় একে নাথাকে,হয়তো দেৰিকৈ হ’লেও মলয় বা বিজয়ে পঢ়াৰ গুৰুত্ব বুজি আগলৈ ভাল ফলাফল দেখুৱাই নিজকে মানুহ হিচাপে গঢ় দিব পাৰে।অঙ্কুৰৰ পৰা দশম শ্ৰেণীলৈকে থকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুই এজনৰ পঢ়াত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত উত্থান-পতন ঘটা শিৱানীহঁতে প্ৰায়ে দেখা পায়। উদাহৰণস্বৰূপে নেহা পাৰিক নামৰ ছাত্ৰীগৰাকী,যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলোৱে স্কুলৰ নাম নুমুৱাব বুলি ভাবোঁতে তাই হিন্দীত লেটাৰ সহ ছেকেণ্ড ডিভিজন পাই সকলোকে চমক খুৱাইছিল”,এনেদৰে শিৱানীয়ে দুই এটা উদাহৰণ দি বিজয়হঁতৰ ঘৰৰ পৰা গধুৰ মন এটা লৈ ওলাই আহিল।
এজন শিক্ষক হ’বলৈ কিমান গুণৰ প্ৰয়োজন! “শিক্ষক”ৰ অর্থ জানিলেই জানো হ’ব যদিহে সেই গুণ সমূহ প্ৰয়োগ নকৰে!শিৱানীৰ আন এটা ঘটনা মনত পৰিল-ববিতাআর্চাযই এদিন গোটেই আর্চায ষ্টাফৰ লগত বহি থকা ভূষণৰ মাকক কৈছিল- “আপোনালোক ইমান হাই-ফাই ফেমিলী,ডাঙৰ খুড়াক থাকে কেলিফর্ণিয়াত,সৰু খুড়াক দিল্লীৰ নামি-দামী ডাক্তৰ আৰু পেহীয়েক অ.এন.জি.চিৰ ইঞ্জিনিয়াৰ,সেই হিচাপে ভূষণচোন পঢ়াত একেবাৰে বেয়া।তাৰ বহী,কিতাপ,আখৰ আদি একেবাৰে অপৰিপাটি,শ্ৰেণীত বৰ উৎপাত কৰি থাকে;সি চোন ঘৰখনৰ আনবিলাকৰ দৰে নহ’ল”!ববিতাআর্চাযৰ কথাত ভূষণৰ মাক গোটেইজনী ৰঙা-চিঙা পৰিল। পিছে ভূষণৰ মাকৰ এই পৰিস্থিতিক বচাবলৈ শিৱানীকে ধৰি কেইবাগৰাকী আর্চাযইভূষণৰ ধনাত্মক দিশবোৰ আলোচনা কৰাতহে তেখেত সহজ হ’ব পাৰিছিল।
শিৱানীয়ে ভাৱে, বাৰ্তালাপৰআচৰণত একোগৰাকী শিক্ষক সংযমী হোৱা উচিত,যিটো সঁচা বা অপ্ৰিয় সত্য তদুপৰি নক’লেও কোনো লোকচান নহয় তেনে সত্য নোকোৱাই শ্ৰেয়।যদি সেই অপ্ৰিয় সত্য প্ৰকাশ কৰাটো জৰুৰী তেন্তে কৌশল প্ৰয়োগ কৰি নম্ৰভাৱে অন্তৰত আঘাত নিদিয়াকৈ সেই কথা প্ৰকাশ কৰিব পৰা যায়;বিশেষকৈ কথা-বার্তা কোৱাৰ যি অভিব্যক্তি সেইয়া একোজন শিক্ষকৰ বাবে অতি গুৰুত্বপূৰ্ণ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক