শিক্ষকতা জীৱনৰ কিছু অনুভৱ-১ (- নিবেদিতা বৰি)

শর্মা আর্চায্য আজি বিদ্যালয়লৈ অহা নাই;কাৰোবাৰ ঘৰত সত্যনাৰায়ণৰ পূজা আছে,তেওঁ শিশু নিকেতনত শিক্ষকতা কৰাৰ উপৰিও ব্যক্তিগতভাৱে পেছাত এজন পূজাৰী। আর্চায্যৰ সংস্কৃতৰ পিৰিয়ডটোলৈ আজি শিৱানী যাব লগা হ’ল।তাই বিজ্ঞানৰ শিক্ষয়ত্রী; সংস্কৃত নাজানে।তাই সিদ্ধান্ত কৰিলে যিহেতু এইটো তাইৰ প্রক্ছি ক্লাছ তাই আজি ল’ৰা-ছোৱালীবিলাকৰ মনৰ খবৰহে লব।
প্রক্ছি ক্লাছ পালে শিৱানীয়ে প্রায়ে তেনে কামকে কৰে।কণ কণ ল’ৰা-ছোৱালীবিলাকৰ মনৰ মাজত সুমাই পৰি তাই এক বেলেগ অনুভূতি লাভ কৰে।ক্লাছটো তৃতীয় শ্রেণীৰ,তাই আৰম্ভ কৰিলে…


:তোমালোকে বাৰু কোনে কি বিষয় আটাইতকৈ বেছি ভালপোৱা?
: আর্চায্যা, মই বিজ্ঞান…..মই গণিত….মই মাতৃভাষা…
:বহা বহা,হুলস্হুলকৈ নহয়,এজন এজনকৈ চিৰিয়েলি কৈ যোৱা।
:তাৰমানে তোমালোকে গণিত আৰু বিজ্ঞান বেছিভালপোৱা;তেন্তে কোৱাছোন তোমালোকে ডাঙৰ হ’লে কি হম বুলি ভাবিছা?লুইচ?
: আর্চায্যা, মই পাইলট হম।কাৰণ আটাইতকৈ ডাঙৰ মানুহ পাইলট।আকাশত উৰি ফুৰা পাইলটসকলক কোনেও ঢুকি নাপায়।
:নীৰবন্যা,তুমি কি হবা?
:মায়ে মোক ডাক্তৰ হ’বলৈ কই,মোৰ কিন্তু বিজ্ঞানী হবলৈ বৰ মন যায়।
:ৰোহিত?
:মই ডাঙৰ হ’লে এমএলএ হ’ম। এমএলএ বিলাক আটাইতকৈ ধনী মানুহ।আমাৰ ঘৰৰ ওচৰতে এমএলএ ৰিদীপ দাসৰ ঘৰ।তিনিমহলীয়া ঘৰ।সন্মুখত মস্ট গেট।বন্দুক লৈ চিকিয়ৰিটি গার্ড দুটামান সদায় থাকেই;যেতিয়া এমএলএজনে বগা গাড়ীত উঠি ওলাই যাই,বন্দুকধাৰী চিকিয়ৰিটি গার্ডকেইটাই গেট খুলি আগবঢ়াই দিয়ে,দেখি কি যে ভাল লাগে!
:বাৰু হৃষিকেশ,কোৱাচোন তুমি কি হবা?
:মায়ে কৈছে,ডাঙৰ হ’লে মই হেনো ডাক্তৰ হ’ব লাগিব;আজিকালি চাকৰি পাবলৈ যি টান; ডাক্তৰ হ’লে টকা-পইচা ঢেৰ হয় বোলে।
:তুমি পিছে নিজে কি হম বুলি ভাবিছা?
:নাজানো।মায়ে কোৱাটো হ’ব নোৱাৰিলে মায়ে পিটিব।
:পংকজ,তুমি?
: আর্চায্যা,মই ডাঙৰ হ’লে দেউতাৰ ব্রইলাৰ ফার্মখন চম্ভালিব লাগিব।
:কিয়?
: ব্রইলাৰ ফার্মখন নহলে আমাৰ ঘৰেই নচলে।দেউতা বুঢ়া হ’লে ময়েই ফার্মখন চলাব লাগিব।

প্রতিটো শিশুৰে কোমল মনত থাকে নানাধৰণৰ অলীক সপোন; অলীক সপোনবোৰ কেতিয়াবা বাধা হৈ পৰে যেতিয়া সিহঁতে মাক-দেউতাকলৈ ভয় কৰে।আজিকালি মাকে বনাই দিয়া ৰুটিনৰ নিয়ম মানি চলোঁতে চলোঁতে শিশু এটি যেন যন্ত্র হৈ পৰিছে;পুৱা পঢ়া-শুনা,দিনটো স্কুল,আবেলি টিউচন,বন্ধ দিনত মিউজিক,আর্ট স্কুল,ৰাতি হ’মৱর্ক ইত্যাদি ইত্যাদি।নিজে কিবা এটা ভাবিবলৈ অৱকাশেই নাই।
পংকজৰ নিচিনা শিশুটিয়ে দেউতাকে ঘৰ চলোৱাৰ কস্ট এতিয়াৰপৰাই উপলব্ধি কৰিছে।অনুভৱ কৰিব পাৰিছে ঘৰখনৰ অভাৱ অনাটনৰ কথা;সেইবাবে সি বুজে দেউতাক বুঢ়া হ’লে দেউতাকৰ কান্ধৰ ভাৰ সি সলাই দিব লাগিব নহলে ঘৰখন কেনেকৈ চলিব!
সময়ে কব-এই কণমানিহঁত এদিন কি হবগৈ;ক’ত ৰৈ ঘূৰিব সিহঁতৰ জীৱন চকৰি।শৈশৱৰ এই মধুৰ কল্পনাৰ বাবেইটো জীৱন ইমান মধুৰ!!
—–নিবেদিতা বৰি

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

সুন্দৰ অনুভৱ । আগলৈও এনেধৰণৰ লেখা পাম বুলি আশা থাকিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক