শিক্ষকতা জীৱনৰ কিছু অনুভৱ-১২ (নিবেদিতা বৰি)

এদিন লোপামুদ্ৰাৰ মাকে শিৱানীক লগ পাই কথা প্ৰসংগত দুখ কৰি ক’লে-“মোৰ ছোৱালী জনী ক্লাছ নাইন পালেগৈ তথাপি তাইৰ চেমিজ আৰু পেন্টি মই ধুই দিব লাগে,অসহ্য লাগিছে,আন কাপোৰ ধুই দিয়াটো বেলেগ কথা অন্তৰ্বাস কেইটাতো অন্ততঃ নিজেই ধুব লাগে!”
আন এদিন শিৱানীহঁতৰ ষ্টাফে মদাৰগুৰিত বিয়া এখন খাবলৈ গৈ ঘূৰি আহোঁতে শ্বাস্বতী শইকীয়াৰ ঘৰত সোমাইছিল, সেইদিনা মাকৰ শ্বাস্বতীৰ ওপৰত খং উঠি আছিল আৰু আচাৰ্য্যা সকলক পাই সকাহ পোৱা যেন হৈছিল; শ্বাস্বতীৰ মাকে শিৱানীহঁতক বাথৰুমলৈ লৈ গৈ দেখুৱালে শ্বাস্বতীৰ কাণ্ড, বাথৰূমৰ চুকত পলিথিনৰ ভিতৰত সুমুৱাই থোৱা এটা তিতা কাপোৰৰ টোপোলা; তাইৰ বোলে যেতিয়া মন যাব তেতিয়াহে ধুব; এনে কাম সদায় কৰে তাই,ৰাতিপুৱা গা ধুই উঠি তাই নিজৰ ধুব লগা কাপোৰ কেইটা লগে লগে নোধোৱাকৈ এনেদৰে পলিথিনত ভৰাই থয়; সেইদিনা তাইৰ ভাগ্য ভাল আছিল, তাই মিউজিক ক্লাছলৈ যোৱাৰ বাবে আচাৰ্য্যা সকলৰ মুখামুখি হ’ব লগীয়া নহ’ল।
এই সৰু যেন লগা কাম বা কথাবিলাক দেখাত তেনেই সৰু কথা যেন বা চিন্তাৰ বিষয় নহয় যেন লাগে কিন্তু চাফ-চিকুণতা, দায়িত্ববোধ, আত্মনির্ভৰশীলতা, কর্তব্যবোধ আদিত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়; শিশু অৱস্হাৰ পৰাই সিহঁতৰ ইচ্ছা, হেঁপাহ আদিক বেছিকৈ প্ৰশ্ৰয় দি বিপথে যোৱাৰ পৰা উভতাই অনাত পিছত কষ্ট হয়; শিৱানীৰ মনত পৰিল তাই নিজৰ সন্তান ধুনক অংকুৰ শ্ৰেণীত থাকোতেই(৪ বছৰ বয়সতে) জোতাৰ লেছ লগাবলৈ শিকাইছিল; জোতাৰ লেছ বন্ধা কামটো কঠিন কাম কিন্তু ৪ বছৰীয়া ল’ৰাটোৱে সুন্দৰকৈ শিকি পেলাইছিল; শিৱানীয়ে কিন্তু বিশেষ কাম শিকোৱা বুলি নহয় সেইসময়ত তাই ঘৰখনৰ ৰাতিপুৱাৰ কাম-বন সামৰি লৰালৰিকৈ স্কুললৈ ওলাওঁতে পুতেকক চাবলৈ সময় কম পাইছিল, সেইবাবেহে শিকাইছিল, আজি তাই উপলব্ধি কৰিছে সন্তানক এই সৰু সৰু কাম বিলাক কর্তব্য হিচাপে মাকে যদি শিকায়, সৰুৰে পৰা সেই সন্তান নীতি নিয়মেৰেই গঢ় লৈ উঠে।
আন এদিনৰ কথা। শিৱানীয়ে ক্লাছ টেনত বিজ্ঞানৰ ক্লাছ লবলৈ গৈছে। হঠাৎ ৰাজীব আচাৰ্য্য ক্লাছলৈ গৈ লিপ্যান্তিকাৰ ওচৰলৈ গৈ ক’লে-“তোমাৰ বেগত থকা ম’বাইলটো দিয়া।” তাই থতমত খালে আৰু বেগ খুলি ম’বাইলটো উলিয়াই দিলে। আচাৰ্য্যই ক’লে-“গার্জেন আহিলেহে মবাইল ঘূৰাই দিয়া হ’ব।” লিপ্যান্তিকাৰ মাক সঁচাকৈয়ে এগৰাকী সচেতন, দায়িত্বশীল মাতৃ; জীয়েকক বিপথে যোৱাৰ পৰা বচাবলৈ আচাৰ্য্যৰ সহায় ল’লে। স্কুললৈ ম’বাইল অনা অপৰাধ, গতিকে আচাৰ্য্যই গালি পাৰক বা নাপাৰক তাই নিজে অপ্ৰস্তুত হৈছে, তাতে গার্জেন আহিলেহে ম’বাইল ঘূৰাই পাব; আচাৰ্য্যসকলে দেখিলে যে ম’বাইলৰ ভিডিঅ আৰু ফটোত আছে কিছুমান অবর্ণনীয় দৃশ্য; এই ঘটনাৰ পৰা অবশ্যে আচাৰ্য্যসকলো সাৱধান হ’ব পৰা হ’ল।
আজিকালি ইন্টাৰনেট, ব্লুটুথ আদিৰ জৰিয়তে সংগ্ৰহ কৰিব পৰা এই দৃশ্যৰাজিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অপৰিপক্ক তথা বয়ঃসন্ধি কালছোৱাত বিপথে পৰিচালিত কৰিব পাৰে; ছাত্ৰীগৰাকীয়ে গম নোপোৱাকে ৰাজীব আচাৰ্য্যই মাকক ম’বাইলটো ঘূৰাই দিছিল আৰু ম’বাইলত সংৰক্ষিত দৃশ্যৰাজিৰ কথা কৈছিল। প্ৰতিটো সন্তান পিতৃ-মাতৃৰ বাবে চকুৰ মণি, চেনেহৰ লাৰু সন্তানটোক আদৰ-মৰমৰ মাজত ৰখা বাবে বহু সময়ত আমি গুৰুত্ব নিদিওঁ সন্তান কোন বাটে বাট বুলিছে, বিভিন্ন পৰিবেশত ঠেকি শিকি অপৰিপক্ক মন কেনেদৰে গঢ় লৈছে সেইকথা সময়ত পাহৰি যাওঁ। কিন্তু যি জন অভিভাৱক সন্তানৰ বন্ধু, মনোবিজ্ঞানী সেইজন অভিভাৱকে কিন্তু সন্তানৰ বয়ঃসন্ধি কালছোৱাৰ প্ৰথম কৈশোৰত ভৰি দিওঁতে হোৱা মনৰ চঞ্চলতাই যাতে পঢ়া-শুনাত হেঙাৰ হ’ব নোৱাৰে তাৰ দায়িত্ব উপলব্ধি কৰিব পাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments