শিক্ষকৰ ডায়েৰী: অথঃ বান্দৰ সংবাদ…(মাখন লাল দাস)

শিক্ষকৰ ডায়েৰী: থঃ বান্দৰ সংবাদ…

মাখন লাল দাস

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সৈতে বান্দৰৰ সম্বন্ধ চিৰদিনীয়া। চৌহদৰ বাসিন্দাসকলে বান্দৰৰ লগত কম সময়ৰ ভিতৰতে সহাৱস্থান কৰিবলৈ শিকি যায়। হোষ্টেলত থাকোঁতে বান্দৰৰ স’তে নানা ধৰণৰ ধেমালিও কৰিছিলোঁ। ১৯৮৫ চনত প্ৰৱক্তা হিচাবে যোগ দিয়াৰ পাছত চৌহদতে চৰকাৰে দিয়া আবাসসমূহত থাকিবলৈ লওঁ। মোৰ চাকৰি জীৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত মুঠতে দহবাৰ আবাস সলাইছিলোঁ। বান্দৰৰ সৈতে অভিজ্ঞতাও হৈছিল বেলেগ বেলেগ ধৰণৰ।

১৯৯১ চনৰ কথা। তেতিয়া মই দুই নং ছাত্ৰাবাসৰ অধীক্ষক। অধীক্ষকৰ বাসগৃহটো ছাত্ৰাবাসৰ কাষতে। চৰকাৰী গৃহসমূহৰ অৱস্থা দেখিলে কেতিয়াবা নিজকেই ধিক্কাৰ দিবৰ মন যায়। বৰষুণ দিলে পানী সোমায়, কেতিয়াবা মজিয়াৰ সুৰুঙাৰে সাপৰ অনুপ্ৰৱেশ ঘটে, ধুমুহা আহিলে ঘৰটোৰ লগতে বুকুবোৰো সমানে কঁপে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহি থাকে বান্দৰৰ জাকবোৰ। শিক্ষকতা কৰি কিবা অলপ পূণ্য অৰ্জন কৰা বাবেহে কিজানি কোনো অপায়-অমঙ্গল নোহোৱাকৈ থাকে!

তেতিয়া মোৰ ডাঙৰ ল’ৰাটো এবছৰীয়া। ল’ৰাটোক যিকোনো প্ৰকাৰে বান্দৰৰ হাতৰ পৰা বচাই ৰখাটোৱেই আছিল আমাৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান। সকলো সময়তে দুৱাৰ-খিৰিকি বন্ধ কৰি ৰখা হৈছিল, আয়না ভঙা খিৰিকিবোৰ ডাঠ কাগজ আদিৰে যিকোনো প্ৰকাৰে বন্ধ কৰি লোৱা হৈছিল। তথাপি মাজে মাজে বান্দৰ সোমাই আহে। ভালদৰে লক্ষ্য কৰি বান্দৰ সোমোৱা বাটটো বিচাৰি পালোঁ। ঘৰৰ চিলিঙলৈ মানুহ উঠি যাব পৰাকৈ বাট এটা আছিল, কিন্তু সেই বাটটো বন্ধ কৰিবৰ বাবে থকা ঢাকনিখন ভাঙি যোৱা বাবে বাটটো অনবৰতে খোলা অৱস্থাত থাকে। ঘৰৰ চালৰ তলেৰে থকা ফাঁকেৰে বান্দৰবোৰ চিলিঙত সোমায় আৰু সেই বাটেৰে ভিতৰলৈ সোমাই আহে। বাটটো বন্ধ কৰি দিবলৈ চৌহদতে থকা সংশ্লিষ্ট বিভাগৰ দায়িত্বশীল বিষয়াজনলৈ লিখিলোঁ। এদিন দুদিনকৈ বহুদিন পাৰ হৈ গ’ল। কোনো কাম নহ’ল।

এদিন দুপৰীয়া কলেজৰ পৰা ভাত খাবলৈ ঘৰলৈ আহি শ্ৰীমতীৰ কন্দনামুৱা মুখখন দেখি বুজিলোঁ, কথা বিষম। শ্ৰীমতীয়ে যিটো বৰ্ণনা দিলে, মোৰ গাৰ নোম শিঁয়ৰি উঠিল। “আজি প্ৰকাণ্ড বুঢ়া বান্দৰটো সোমাইছিল। বাবলু আছিল বিচনাত। এফালে বান্দৰটো, এফালে বাবলু। মাজতে মই। বান্দৰটোৱে মোক খেদা মাৰি মাৰি আহে। কিছুসময় তেনেদৰে থকাৰ পাছত বান্দৰটোৱে কিবা ভাবি গুচি গ’ল। মই কোনোমতেহে বাবলুক বচালোঁ। সোনকালে কিবা এটা কৰা, নহলে আমি এই কেম্পাচৰ পৰা যাওঁগৈ।”

লগে লগে পদুলিমুখলৈ ওলাই আহিলোঁ। সেইদিনা পৰীক্ষা চলি আছিল। কেইমিনিটমান অপেক্ষা কৰাৰ পাছত ছাত্ৰ এজন কলেজৰ পৰা আহি থকা চকুত পৰিল। মোৰেই ছাত্ৰ, মোৰেই হোষ্টেলৰ বাসিন্দা। ওচৰ আহি পোৱাৰ লগে লগে সুধিলোঁ,

“হেৰি নহয়, প্ৰশান্তক দেখিছিলা নেকি?” (মোৰ খুলশালি, ল’ৰাজনৰ লগত একেলগে পঢ়ে)।

“নাই দেখা, কিয়নো চাৰ?”

“কিবা কাম এটা আছিল,” মই চমুকৈ ক’লোঁ।

“কি কাম চাৰ? মোক কওকচোন। মই আছোঁ নহয়।”

নিজৰ সুবিধাৰ বাবে ছাত্ৰক ব্যৱহাৰ কৰাটো নীতি-বিৰুদ্ধ কথা বুলি সদায় মানি আহিছোঁ। তথাপি ল’ৰাজনৰ আগ্ৰহ দেখি কওঁ-নকওঁকৈ ল’ৰাজনক সমস্যাটো বুজাই ক’লোঁ।

“হয় নেকি? আপুনি ৰৈ থাকক, এঘন্টাৰ ভিতৰত আপোনাৰ কাম হৈ আছে,” মোক আশ্বাস দি ল’ৰাজনে পোনে পোনে সেই কাৰ্যালয়ৰ পিনে খোজ ল’লে। কথাটো কৈ ভালেই কৰিলোঁ নে ভুলেই কৰিলোঁ ভাবি নাপাই মই অস্থিৰ মনেৰে ভিতৰ সোমাই আহিলোঁ।

আধাঘণ্টাও নহ’ল কিজানি, ল’ৰাজন আহি মাত লগালেহি। বাহিৰ ওলাই দেখোঁ ল’ৰাজনৰ লগত চাৰিজনমান মানুহ। লগত বিভিন্ন সঁজুলি আৰু দুখনমান প্লেইন চীট। মানুহকেইজন কামত লাগি গ’ল আৰু কম সময়ৰ ভিতৰতে বান্দৰ সোমোৱা বাটবোৰ নিকপকপীয়াকৈ বন্ধ কৰি থৈ গ’লগৈ।

“তুমি কেনেকৈ কৰিলাহে কামটো?” মানুহকেইজন যোৱাৰ পাছত মই ল’ৰাজনক সুধিলোঁ।

“চাৰ, অফিচত গৈ অলপ বান্দৰামি কৰিলোঁ, বান্দৰৰ ভাষাহে মানুহবোৰে বুজি পায়।” মিচিকিয়া হাঁহি মাৰি ল’ৰাজনে উত্তৰ দিলে।

ময়ো হাঁহি মাৰি শলাগি থলোঁ।

ল’ৰাজন গ’লগৈ। ঘৰত বান্দৰ সোমোৱাও বন্ধ হ’ল সেইদিনাৰ পৰা।

সেই ছাত্ৰজন এতিয়া এজন সফল অভিযন্তা। অৱশ্যে তেওঁ এতিয়াও বান্দৰৰ ভাষা প্ৰয়োগ কৰেনে নাই, সেইটোহে জানিবলৈ মন যায়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক