শিক্ষক জীৱনৰ কিছু অনুভৱ (নিবেদিতা বৰি)

শিক্ষক জীৱনৰ কিছু অনুভৱ


নিবেদিতা বৰি

(৯)

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ওলাব।  এইবাৰ দিনৰ ১২ বজাতহে বোলে ফলাফল ওলাব !
শিৱানীৰ অসুখ। চাৰিদিন নাৰ্ছিং হ’মত চিকিৎসাধীন হৈ আহি এতিয়া ছুটি লৈ ঘৰতে আছে। কিন্তু আজিৰ দিনটো তাই কেনেকৈ ঘৰত থাকে? অকলে ঘৰতে বহি থাকি নিজৰ স্কুলখনৰ ফলাফলৰ আনন্দ কেনেকৈ উপভোগ কৰে? ঘৰত সকলোৰে বাধা নেওচি অৱশেষত তাই ১২ বজাৰ আগে আগে স্কুল পালেগৈ। ফলাফল বাহিৰ হ’ল—শিৱানীহঁতৰ স্কুলৰ ৩০ জন ছাত্ৰ-ছাত্ৰীৰ সকলোৱে উত্তীৰ্ণ হৈছে। দুজন তৃতীয় বিভাগত ,বাকীসকল প্ৰথম আৰু দ্বিতীয় বিভাগত, তিনিজনে ষ্টাৰ সহ ডিষ্টিংচন। স্কুলত আনন্দৰ জোৱাৰ বৈছে। বাতৰি কাকত বিলোৱা হ’কাৰ জনৰ ল’ৰা মৃন্ময়ে ডিষ্টিংচন পোৱা বাবে স্কুলত আটাইতকৈ বেছি আনন্দৰ জোৱাৰ উঠিছিল। মৃন্ময়ৰ দেউতাকে আচাৰ্য্যসকলক ঘৰলৈ বুলি নিমন্ত্ৰণ কৰি থৈ গ’ল। প্ৰধান আচাৰ্য্যইও আনন্দৰ মুহুৰ্ত্তত ছাত্ৰ-ছাত্ৰীসকলক ক্ষন্তেক দেখা দিব পৰাকৈ দুখন টেম্পোৰ ব্যৱস্থা কৰি দিলে। শিৱানীয়ে নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে ঘৰলৈ উভতি আহিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আনন্দৰ সমভাগী হ’ব নোৱাৰাত শিৱানীৰ মনটো দুখেৰে ভৰি পৰিল ।
এই শিক্ষান্ত পৰীক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলৰ লগত তাইৰ নিবিড় সম্পৰ্ক আছিল। অক্টোবৰৰ প্ৰথম সপ্তাহতে বাছনি পৰীক্ষা হোৱা বাবে সিহঁতক বিজ্ঞানৰ পাঠ দুটামান পঢ়ুৱাবলৈ থাকি গৈছিল। শিৱানীয়ে ওপৰঞ্চি ক্লাছ কৰি সিহঁতৰ পাঠ শেষ কৰিব লগা হৈছিল। কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈও পঢ়াৰ বুজ লৈছিল। এই ছাত্ৰ-ছাত্ৰীসকলৰ স’তে শিৱানীৰ বহু স্মৃতিও জড়িত হৈ আছে। বিশেষকৈ ছাত্ৰীসকলৰ লগত…শিৱানীয়ে ঘৰলৈ আহি ঈশিতাহঁতৰ কথাকে ভাবি থাকিল। আচাৰ্য্য সকলৰ মাজত শিৱানীক নেদেখি এই ছাত্ৰ-ছাত্ৰীসকলে বাৰু তাইৰ অনুপস্থিতি অনুভৱ কৰিবনে? তাই যিদৰে সিহঁতক নিজৰ সন্তানৰ দৰে স্কুলৰ দিনবোৰত সিহঁতে আপত্তি দর্শোৱা সমস্যা সমাধান কৰি দিবলৈ যিমান পাৰে চেষ্টা কৰিছিল—আজি বাৰু বিশেষকৈ ছাত্ৰীসকলে তাইক মনত পেলাবনে?
হোজাইত হোৱা “বিজ্ঞান মেলা”ৰ সেই দিনবোৰলৈ শিৱানীৰ মনত পৰিল। ঈশিতাহঁতক “বিজ্ঞান কুইজ” প্ৰতিযোগিতাৰ বাবে নি শিৱানী কেনে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। নিয়ম আছিল প্ৰতিটো বিভাগৰ পৰা জয়ী হৈ অহা দলটোৱেহে ৰাজ্যিক ভিত্তিত পতা প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব। কিন্তু দুর্ভাগ্যবশত শিৱানীহঁতৰ জিলাখনত প্ৰতিযোগিতা অনুষ্ঠিত নোহোৱাত দুটা দল ৰাজ্যিক ভিত্তিত যোগদান কৰিবৰ বাবে আহিল। যেতিয়া কথাটো জনাজাত হ’ল প্ৰতিনিধিত্ব কৰা শিক্ষক দুজনক কোৱা হ’ল যে দুয়োটা দলৰ মাজত প্ৰতিযোগিতা পাতি এটা দল পাছদিনাৰ বাবে সাজু কৰাব লাগে। অৱশেষত “বিজ্ঞান মেলাৰ” লগত জড়িত কর্মী সকলেই শিৱানীহঁতৰ বিভাগৰ দল দুটাৰ প্ৰতিযোগিতাখন পাতি দিবলৈ মান্তি হ’ল। সেইদিনা ঈশিতাহঁতৰ কি যে অৱস্থা হৈছিল কাৰণ প্ৰতিযোগিতাত হাৰি গ’লে ৰাজ্যিক ভিত্তিত পতা প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিব আৰু ঘৰলৈ বুলি উভতিব লাগিব। নিজৰ আত্মসন্মান হেতু ঈশিতাহঁতে শিৱানীৰ সহযোগত আপ্ৰাণ চেষ্টাৰে প্ৰতিযোগিতাত সফল হৈছিল। তথাপিও দুটা ৰাউণ্ড ড্ৰ হৈ তৃতীয় ৰাউণ্ডতহে জয়ী হ’ব পাৰিছিল আৰু ৰাজ্যিক ভিত্তিৰ প্ৰতিযোগিতাত একে কষ্টেৰে ঈশিতাহঁতে তৃতীয় স্থান দখল কৰিছিল। সেই দিন চাৰিটাই বহন কৰিছিল একো একোটা স্মৰণীয় মুহুৰ্ত। ৰাতি ৰাতি টোপনি খতি কৰি কিতাপ পঢা, ৰাতি দহবজাত হুইচেল বজাৰ লগে লগে লাইটবোৰ বন্ধ হয় আৰু শুব লাগে। ঈশিতাহঁতে মম জ্বলাই কিতাপ পঢ়িছিল। সুভাশ্রীয়ে ৰাতি শিবানীয়ে মুখ হাত ধুই শুবলৈ অহাৰ আগতেই তাইৰ বিচনাখন ধুনীয়াকৈ পাৰি আঁঠুৱা তৰি থৈছিল। বেলেগ বিদ্যালয়ৰ পৰা অহা ল’ৰা কেইটামানে বৰকৈ সিহঁতক জোকোৱাত শিৱানীৰ ওচৰত সিহঁতে নিৰাপত্তা বিচাৰিছিল। এদিনতো ৰ’জ বোলা ছাত্ৰীগৰাকীয়ে এটা ডাঙৰ আপত্তি তাইক দিছিল। অংকৰ শিক্ষক জনে তাইক কাষলৈ মাতি ফুচফুচাই বেয়া ইংগিত দিছিল। এই কথাষাৰ শুনাৰ পিছত শিৱানীয়ে ঈশিতাহঁতক ছোৱালী হোৱা বাবেই যে বহুতো সাৱধানতাৰে জীৱনৰ বাটত খোজ দিব লাগিব তাৰ বিষয়ে এটা ভাষণেই গোটাব লগা হৈছিল। অংক শিক্ষক জনক শিৱানীয়ে শুনাই দিছিল—“কি হে ডেকাল’ৰা, তুমি অংক শিকালে বোলে ক্লাছ টেনৰ ছাত্ৰীসকলে প্ৰয়োজনতকৈ বেছি বুজি পোৱা হৈছে হেনো ?”  শিক্ষকজন একেবাৰে চুপ হৈ গৈছিল। এনেকৈয়ে এই বেট্চটোৰ লগত শিৱানীৰ এক নিবিড় সম্পৰ্ক গঢ লৈ উঠিছিল। শিৱানীৰ বেছি ভাল লাগিছিল ঈশিতাহঁতে স্কুলত পোৱা যিকোনো অসুবিধা বিনাদ্বিধাই আন কোনো শিক্ষকক আপত্তি নিদি শিৱানীক জনাই হে যেন এক নিৰাপত্তা অনুভৱ কৰিছিল। এই মৰমৰ ছাত্ৰীসকলৰ ফলাফলৰ খবৰ ল’বলৈ , আনন্দৰ সমভাগী হ’বলৈ আজি শিৱানী যাব নোৱাৰিলে। আমন-জিমনকৈ তাই ঘৰতে বহি থাকিল। একোবাৰ তাই নিজকে শান্তনা দিছে—“আমি স্কুলৰ প্ৰতিজন ছাত্ৰৰ হৈ চিন্তা কৰোঁ, অভিভাৱক সকলৰ লগত সম্পৰ্ক কৰোঁ কিন্তু তেওঁলোকে বাৰু আমাৰ কথা ভাবেনে ?”
পিছদিনা পুৱা ৭ বাজিছে, ম’বাইলত এটা অচিনাকি নম্বৰত ফোন আহিল। শিৱানীৰ ল’ৰা ধুনে ফোনটো ধৰি চিঞৰিলে—“মা, ফোন আহিছে”। শিৱানীয়ে ফোনটো ধৰিলে, সিফালৰ পৰা ঈশিতাৰ মাতটো ভাঁহি আহিল— আচাৰ্য্য,নমস্কাৰ। মই ঈশিতাই কৈছোঁ। কালি আপুনি আচাৰ্য্যসকলৰ লগত নাহিল যে! আপোনাক নেদেখি মনটো বৰ বেয়া লাগিল। আচাৰ্য্য সকল ক’লে, আপোনাৰ বোলে অসুখ! ভাল পাইছেনে?” শিৱানীৰ দুচকু পানীৰে উপচি পৰিল। এইয়া এক বুজাব নোৱাৰা আনন্দৰ চকুলো। এগৰাকী ছাত্ৰীয়ে যে সুখৰ মুহুৰ্ত্তত তাইক মনত পেলাইছে। সেইদিনা পিছবেলা প্ৰিন্সুপ্ৰিয়াৰ দেউতাকো আহি ঘৰ ওলাল। আপোনাৰ অসুখ বুলি গম পাই ছোৱালীজনীয়ে আমাৰ জান খাই দিছে—এতিয়াই খবৰ লৈ আহিব লাগে বোলে! তাইৰ আপত্তিত ওলাই আহিবলৈ বাধ্য। কি হৈছিল? ভাল পাইছেনে?
শিৱানীৰ মনটো ফৰকাল লাগিল;তাই অনুভৱ কৰিলে মনৰ বেজাৰৰ বাবে শৰীৰটো যেন বেছি দুৰ্বল হৈ পৰিছিল। আজি তাই উপলব্ধি কৰিলে-ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ মাজত যি যোগ সূত্ৰৰ ত্ৰিবেণী সংগম গঢি উঠে সেইয়া যেন একমাত্ৰ ছাত্ৰজনৰ জীৱন সফল কৰিবলৈকে নহয়, এইয়া এক স্নেহ, প্ৰীতি তথা এইয়াই মহানুভৱতা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক