শিক্ষক দিৱসঃ পবিত্ৰ দিনৰ অপবিত্ৰ চিন্তা (পাৰ্থ প. শৰ্মা)

আজিৰ (৫/০৯/২০১১) আমাৰ অসম কাকতত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ পৰা সমাজৰ প্ৰত্যাশা সম্পৰ্কে কিছুমান হয় বুলিব লগীয়া কথা লিখিছিল৷তাৰ লগতে উল্লেখ কৰিবলৈ পাহৰা নাছিল যে কিছুমান শিক্ষকৰ কামে ব্যৱহাৰে তেওঁলোকৰ পৰা উৎকৃষ্ট চিন্তা,দিকদৰ্শন বিচৰা বহুতৰে মোহভংগ ঘটোৱাইছে আৰু তাতোকৈয়ো ভয়ানক কথা, বহুতকে অবাটে বাট বোলাৰ উদগণি দিছে৷সকলোৱে জানেই যে শিক্ষকতাৰ জগতখনত আচলতে তাত নাথাকিব লগীয়া বহুলোকেই আছে৷শিক্ষক নহৈ তেওঁলোক আন কিবা বৃত্তিৰে সৈতে জড়িতহোৱা হ’লে এই জগতখনৰ শাৰীৰিক-মানসিক কুশল-মংগল কিছু নিশ্চিত হোৱাৰ থল আছিল৷
কিন্ত এই জগতখনৰ সুস্বাস্থ্যলৈ প্ৰত্যাবাহন জনোৱা কাৰকবিলাক আৰু সেই বেমাৰবিলাকৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লবলগীয়া প্ৰতিৰোধক ব্যৱস্থা, চিকিৎসাৰ বিষয়ে মন্ত্ৰীয়ে একো নকলে৷বা এইবিষয়ত গোটেই শিক্ষা ব্যৱস্থাটো গেলাই পেলোৱাত যে অকল শিক্ষক নহ’ব লগীয়া মানুহেই জগৰীয়া নহয়, বৰং ইযে ৰাজনীতি, প্ৰশাসন,সামাজিক মূল্যবোধ আদি সকলোৰে উমৈহতীয়া কাৰচাজিৰ ফচল, সেইবিষয়েও শিক্ষক কেনেহোৱা উচিত, তেওঁলোকৰ মহান দায়িত্ব আদিৰ বিষয়ে সততে কৈ মেলি থকা সকলো প্ৰায় নিমাত৷ আমাৰ ৰাজনীতিবিদ, প্ৰশাসকৰ আলোচনা, সমালোচনা বিলাকে স্বাস্থ্যটো ভালে ৰখাৰ প্ৰয়োজনীয়তা আৰু স্বাস্থ্যটো যে বেয়া হৈছে, তাক উনুকিয়াই থাকে, কিন্তু স্বাস্থ্যটো কেনেকৈ ভালেৰে, নিৰোগী কৰি ৰাখিব পাৰি বা কিবা ৰোগত আক্ৰান্ত হ’লে ততাতৈয়াকে কি বিধানেৰে তাক নিৰাময় কৰিব পাৰি, সেইবিষয়ে জ্ঞান নিদিয়ে৷
এটা সময়ত মেধাবী, সামাজিক উৎকৰ্ষ সধাত আগ্ৰহীলোক আন বৃত্তিলৈ নগৈ বা এৰি শিক্ষক হ’বলৈ আগবঢ়া সকলক, তেওঁলোকৰ ত্যাগ, বৰঙণিক সমাজে যথাযোগ্য সন্মান দিছিল৷ফলত পা পইচাৰ দিশৰ পৰা কিছু নিশকটীয়া হলেও শিক্ষকতাৰ বাবে যোগ্য লোকৰ অভাৱ বৰকৈ নাছিল৷কিন্তু আমাৰ মূল্যবোধৰ পৰিবৰ্তনৰ লগে লগে আৰু তাৰ লগতে চৰকাৰ বিলাকৰ অলিখিত আৰু গোপনীয় চক্ৰান্ত, দগাবাজ বিষয়া, কৰ্মচাৰীৰ সহযোগত শিক্ষাৰ স্বাস্থ্যলৈ ইয়াক ভিতৰৰ পৰাই ৰুগীয়া কৰাৰ বীজাণু কিছুমান ভৰাই দিয়া হ’ল৷ শিক্ষক নিযুক্তিত মেধা আৰু আন প্ৰয়োজনীয় গুনতকৈ ৰাজনৈতিক, অৰ্থনৈতিক অংকৰ দামটো ৰাজনীতিবিদ, প্ৰশাসনীয় বিষয়াবোৰেই বঢ়াই দিছিল৷ সমাজৰ হিত সধাতকৈ ৰাজনৈতিক দলৰ স্বাৰ্থত শিক্ষকক কিমান ব্যৱহাৰ কৰিব পাৰে, চাকৰিটো কোনে কিমানত কিনিব পাৰে, এইবিলাক নিৰ্ণয় শিক্ষকে নকৰে৷ কেইবাবছৰো ভালদৰেই সেৱা আগবঢ়োৱাৰ পাছতো দৰমহা, অৱসৰমূলক সাহা্য্য নোপোৱা, সেই বাবে দগাবাজ বিষয়া, কৰ্মচাৰীক সেৱা কৰিবলগীয়া হোৱা ঘটনাবিলাকো শিক্ষকৰ সৃষ্টি নহয়৷শিক্ষক ৰূপে নিযুক্তহোৱাৰ পাছতো তেওঁৰ বিদ্যায়তনিক উৎকৰ্ষ সধাৰ বাবে কাগজে কলমে থকা বিধানবোৰ কাৰ্যলৈ পৰিবৰ্তন কৰাটো কিমান আহুকলীয়া আৰু হতাশজনক, সেইবিলাকৰ বিষয়ে এই পৰিস্থিতি বিলাক সৃষ্টিকৰা ৰাজনীতিৰ আৰু প্ৰশাসনীয় ধুৰন্ধৰ বিলাক নিমাত৷ভাষণ আৰু ফাইলতহে অসমৰ শিক্ষকৰ বৌদ্ধিক উন্নতি সম্ভৱপৰ৷ চৰকাৰী বিদ্যালয় বিলাকৰ শিক্ষক সকলে তেওঁলোকৰ ঘাই কামটো এৰি জনগণনাকে ধৰি আন “অলাগতীয়াল” কাম কৰাৰ সিদ্ধান্তটোও শিক্ষকে নলয়৷(এই কাম বিলাকৰ বাবে শিক্ষক কিয়?)
আমাৰখন আচলতেই এখন অতি ভণ্ড সমাজ৷ গতিকে ইয়াৰ ৰাজনীতি, প্ৰশাসনো তেনে হোৱাই স্বাভাবিক৷ শিক্ষা ব্যৱস্থাটো গেলাই পেলোৱাতো এটা দীৰ্ঘকালীল পৰিপল্পনাৰে অংশবিশেষ৷ ভাল শিক্ষকে ভাল, চিন্তা কৰিব পৰা ছাত্ৰ-ছাত্ৰী তৈয়াৰ কৰিব৷ দেশৰ সকলোৱেই যদি ভাবিব পাৰে, চিন্তা কৰিব পাৰে, সি মুষ্টিমেয় এচামৰ ৰাজকীয় দিন কালৰ অন্ত নেপেলাবনে? এই চিন্তা কৰিব পৰা ক্ষমতাটো, ভাল সৎ কিবা এটা কৰাৰ প্ৰেৰণাটো একেবাৰে শেষ কৰিব নোৱাৰিলেও( আৰু নোৱাৰেই)যিমান দূৰলৈকে পাৰি পিচুৱাব পাৰিলেও সেই শ্ৰেণীটোৰ লাভ৷ গতিকেই আমাৰ শিক্ষা আৰু শিক্ষক এনেকুৱাই হ’ব৷চৰকাৰে আচলতেই শিক্ষাব্যৱস্থাৰ উন্নতি সাধিবলৈ বিচাৰিলে এই দিশবিলাকলৈ প্ৰথমে মন দিয়ক৷ প্ৰথমে আমাৰ খাদ্যৰ, বায়ু, পানী, পৰিৱেশৰ গুণগত উন্নত হ’লেহে সুস্বাস্থ্য আশা কৰাটো যুগুত৷ শিক্ষক দিৱসবুলি, কাৰোবাক সম্বৰ্ধনা জনোৱা, কাগজত চৰকাৰী খৰচত সেই মহান শিক্ষকজনৰ ফটো চপাই চৰকাৰী প্ৰণামজনোৱা এই বিলাক ভেকোভাওনা সোনকালে এৰাহে মংগল৷ শিক্ষা ব্যৱস্থাটোকে গেলিবলৈ দি আমি সেই মহান শিক্ষকজনক আচলতে এটা বিশেষদিনত ৰাজহুৱা অপমানহে কৰোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments