শিক্ষক দিৱসত মোৰ শ্ৰদ্ধাঞ্জলি (উদ্দীপ তালুকদাৰ)

আজিৰ পৰা কিছু বছৰৰ আগৰ এটা শিক্ষক দিৱসত ক’ৰবাত কিবা কাৰণত কৈ দিছিলো, Nobody can teach, but everybody can learn. কথাখিনি কোৱাৰ মূল কাৰণটো আছিল এনেকুৱা- মই নিজে ভাবি দেখিছিলোঁ যে মই যিখিনি শিকিছোঁ, সেয়া মোক কোনেও শিকোৱা নাই। শিক্ষকৰপৰা, কিতাপৰপৰা, ইণ্টাৰনেটৰপৰা বহু উৎসৰপৰা মই শিকিছোঁ। কিন্তু পাছত দ-কৈ ভাবি চাই দেখিছোঁ, মোক কোনেও শিকোৱা নাই বোলা ধাৰণাটো মোৰ আত্মম্ভৰীতাৰ বাহিৰে আন একো নহয়। নিশ্চয়কৈ বিভিন্ন মাধ্যমৰপৰা প্ৰয়োজনবোধে মই কিবা-কিবি জানি লৈছোঁ, কিন্তু সেইখিনিক শিক্ষা বুলিব নোৱাৰি কিজানি।
মোৰ বোধেৰে শিক্ষাৰ কেইবাটাও পৃথক আধাৰ থাকে। এটা আধাৰ তথ্য, কিন্তু অকল তথ্যই শিক্ষা নহয়। তথ্যক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান, ভাল-বেয়াৰ বিচাৰ, আৰু নতুন চিন্তাৰ উন্মেষ ঘটোৱা এইকেইটা পৃথক আধাৰত শিক্ষাৰ সৌধ নিৰ্মিত হয়। ইয়াৰে এটাৰ হীন-দেঢ়িয়ে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য ফলৱতী হোৱাত বাধা প্ৰদান কৰে। সেয়ে, শিক্ষক এজনে নিশ্চয়কৈ এই কেওটা দিশৰপৰাই শিক্ষা দিব লাগিব। কিন্তু শিক্ষকৰ দায়িত্ব ইয়াতো শেষ নহয়। কাৰণ, এই সমূহ উদ্দেশ্য আগত ৰখাৰ লগতে শিক্ষাবৃত্তিত জড়িত ব্যক্তিসকলে ছাত্ৰৰ যিকোনো বিদ্যায়তনিক সমস্যা, কেতিয়াবা আনকি আন দিশৰপৰা অহা সমস্যা সমাধানতো পথ-প্ৰদৰ্শকৰ ভূমিকা ল’বলগীয়া হয়।
ইমানবোৰ দায়িত্ব একেলগে এজনে মানুহে বহন কৰাটো কিমান সম্ভৱ সেয়া সন্দেহৰ বাহিৰত নহয়। কাৰণ, আমাৰ ইয়াত শিক্ষকৰ চাকৰি কৰিবলৈ কোনো ধৰণৰ বিশেষ প্ৰশিক্ষণৰ মাজেৰে যাবলগীয়া নহয়। সেয়ে, প্ৰতিজন শিক্ষকৰ মাজতে সকলো গুণ বিচাৰিবলৈ গ’লে সেয়া সহজ নহ’ব। কিন্তু মই আজিলৈ যিমান শিক্ষক লগ পাইছোঁ, প্ৰাথমিক বিদ্যালয়ৰপৰা প্ৰাক-স্নাতক পৰ্যায়লৈ; তাৰ ভিতৰত প্ৰায় সকলোৱেই এইখিনি কৰাৰ চেষ্টা নকৰাকৈ থকা নাছিল। প্ৰতিজন সমানে সফল হোৱা নাছিল, কিছুমানৰ হয়তো ইয়াৰে এটাও ভালকৈ কৰাৰ সহজাত প্ৰতিভা নাছিল, কিন্তু মই লগ পোৱা সকলো শিক্ষকেই এইখিনি দিবলৈ অন্ততঃ চেষ্টা কৰিছিল। বহুতৰে হয়তো তেনে সৌভাগ্য হোৱা নাই, কিন্তু মই সঁচাকৈ কৈছোঁ। এই মুহূৰ্তত মই এনে এজন শিক্ষকৰ কথা মনত পেলাব পৰা নাই, যিজনক মই কিবা সুধিবলৈ গৈছোঁ, আৰু তেখেতে উত্তৰ দিয়া নাই বা সাধাৰণতে উঠা অভিযোগৰ দৰে শ্ৰেণীত ভালকৈ নপঢ়াই টিউচনত ভালকৈ পঢ়োৱা শিক্ষকো মই লপ পোৱা নাই। শ্ৰেণী কোঠাৰ প্ৰশ্ন সোধাৰ পৰা, বিজ্ঞানৰ মডেল প্ৰতিযোগিতাৰ বাবে ৰসায়ানাগাৰৰপৰা গৰমৰ বন্ধৰ মাজত লেব’ৰেটৰীৰ বস্তু বিচৰালৈ সদায়ে সহায় কৰা ব্যক্তিকেই শিক্ষক হিচাপে মই পাই আহিছোঁ।
পাছত নিজেও অলপ-অচৰপ শিক্ষকৰ কাম কৰাৰ পাছত বুজিছোঁ। শিক্ষাদানৰ কামতো অলপ বেলেগ ধৰণৰ। ক্লাচ এটা লৈ থকাৰ সময়ত ছাত্ৰসকলক যদি আগ্ৰহেৰে শুনি থকা দেখোঁ, মনলৈ ভাল কাম কৰাৰ গৰ্বৰ ভাৱ এটা আহি যায়। কিন্তু এটা ডাঙৰ সমস্যা হ’ল আমাৰ শিক্ষা-ব্যৱস্থা, ইয়াত পৰীক্ষাৰ ওপৰত ইমানেই গুৰুত্ব যে বহু ছাত্ৰই (নিশ্চয়কৈ তেওঁলোকৰ অভিভাৱকেও) অকল পৰীক্ষাত আহিব পৰা প্ৰশ্নকেইটাৰ উত্তৰ সন্ধানতে ব্যস্ত থাকে। নোট দিলে ভাল পোৱা ছাত্ৰৰ বাবে শিক্ষকজনেও শেষলৈ প্ৰথম বয়সৰ শিক্ষাদানেৰে ছাত্ৰক নতুনৰ সন্ধান দিয়াৰ দায়িত্বৰ কথা বোধকৰোঁ ইচ্ছা কৰিয়েই পাহৰি পেলায়। আপুনি আগতে ভালকৈ পঢ়ি-মেলি সুন্দৰকৈ এঘণ্টাৰ পাঠ এটা যুগুত কৰিলে, তাৰ পাছত নোট নিদিয়ে কাৰণে ছাত্ৰই নাহিল!! ইমানৰ পাছত ভালকৈ ক্লাছ ল’বলৈ কাৰ মন যাব! সেয়ে, যি এজন-দুজন ছাত্ৰই আগ্ৰহেৰে জানিবলৈ আগবাঢ়ি আহে, তেওঁলোকৰ প্ৰতি শিক্ষকৰ দৃষ্টি বেলেগ হৈ পৰে। এইখিনি কথাৰপৰা এনেকুৱা এটা ধাৰণা লৈ নল’ব যে মই ওপৰত কৈ অহা কথাখিনিৰে মই নিজকে আগ্ৰহী ছাত্ৰ আছিলোঁ বুলি ক’ব বিচাৰিছোঁ। বৰং মই দশম শ্ৰেণীত পঢ়া ‘মঙ্গলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ মোৰ সম-সাময়িক সকলো ছাত্ৰৰে তেনে ধাউতি আছিল। আন ছাত্ৰৰ তুলনাত মইহে অলপ পাছৰণুৱা আছিলোঁ৷ মোৰ সহপাঠীসকলে কিজানি এতিয়া এই কথাখিনি মোৰ দৰে ভবা নাই। কাৰণ তেওঁলোক সেইখন স্কুলতে আগতেই পঢ়িছিল। তেওঁলোকৰ কাৰণে ইজনে সিজনে মিলি কিতাপ কিনি পঢ়া, বিজ্ঞান ক্লাৱৰ হৈ দেৱাল আলোচনী উলিওৱা আদিবোৰ আগৰেপৰাই চলি অহা কাম আছিল। আনহাতে মই আহিছিলোঁ সৰু ঠাই এখনত এখন বিদ্যালয়ৰপৰা। সেই ঠাইখনত আকৌ সেই সময়ত বড়ো আন্দোলনৰ ভৰপক। মাহটোত দহদিনো ক্লাছ নহয়, বন্ধতে যায়। হঠাতে অসমীয়া মাধ্যমত পঢ়ি থকা বড়ো ল’ৰা-ছোৱালীখিনিয়ে বড়ো মাধ্যমলৈ ট্ৰেন্সফাৰ লৈ আৰু আউল লগাইছিল। ঠাইখিনিও পঢ়া-শুনাত সিমান আগবঢ়া নাছিল, সেয়ে ছাত্ৰ-ছাত্ৰীৰ ধাউতিও কম আছিল। সেইখন স্কুলৰ মোৰ সহপাঠীয়ে তেতিয়াই স্কুলৰপৰা গৈ কাঠমিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিছিল। মঙ্গলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহাৰ পাছতে সেয়ে মোৰ বাবে সেয়া আছিল কুঁৱাৰপৰা আহি নদীত পৰা ভেকুলীৰদৰে। কিন্তু সহপাঠীসকলে সোনকালেই মোক নিজৰ কৰি লৈছিল, আৰু পঢ়াৰ বাহিৰৰ এখন বিশাল বিদ্যায়তনিক জগতৰ দুৱাৰ মোৰ বাবে খুলি গৈছিল। কথাখিনি এই কাৰণেই কৈছোঁ, এই পৰিবেশটো সৃষ্টি কৰাৰ দায়িত্ব অকল শিক্ষকসকলৰ ওপৰত এৰি দিলে নহ’ব। পৰিবেশতো সৃষ্টি কৰে ঠাইখনে, মানুহখিনিয়ে; শিক্ষকসকলে আগভাগ ল’ব পাৰে, কিন্তু অকলে সেই দিশলৈ লৈ যাব নোৱাৰে।
দুগৰাকীমান শিক্ষকৰ নাম এই লিখাটোত নল’লে এইটো সম্পূৰ্ণ নহ’ব। এগৰাকী মঙ্গলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাৰুণ ছাৰ! দুখৰ কথা ছাৰৰ সম্পূৰ্ণ নামটো মই কেতিয়াও সম্পূৰ্ণকৈ নাজানিলোৱেই। ভাল-বেয়া-উদণ্ড সকলো ছাত্ৰৰপৰা সন্মান আদায় কৰিব পৰাটো হাৰুণ ছাৰৰ বিশেষত্ব আছিল। তেনেই ডেকা ছাৰজনে ছাত্ৰৰ লগত প্ৰায় সনা-পিঠা হৈ থাকিছিল যদিও ছাত্ৰ আৰু শিক্ষকৰ মাজত যিটো সন্মানসূচক দূৰত্ব থাকে, সেইটো কেতিয়াও পাৰ কৰা দেখা মনত নপৰে। তেখেতে এবাৰ আবেগিক হৈ এটা গল্প কৈছিল, যিটো মোৰ মনত সদায়ে ৰৈ যাব। ‘এবাৰ হেনো এখন দেশত ছাত্ৰৰ মাজত এটা বিজ্ঞানৰ প্ৰদৰ্শনীৰ প্ৰতিযোগিতা হৈছিল। তাত এজন দুখীয়া ছাত্ৰই আণৱিক শৃংখল বিক্ৰিয়াৰ আৰ্হি হিচাপে নিগনি ধৰা ফান্দ কিছুমান এনেকৈ পাতিছিল যাতে এখন বন্ধ হ’লে, সেইখনৰপৰা দুখন, দুখনৰপৰা চাৰিখন এনেকৈ বাকী কেইখন নিজে নিজে বন্ধ হৈ যায়।’ ছাৰে কৈছিল, ‘আমাৰ ভাৰতো দুখীয়া দেশ, তহঁতেও লাগ বুলিলেই চব নাপাওঁ। কিন্তু দুখীয়া টকাৰহে, মগজুৰটো নহয়। গতিকে অন্তত চিন্তা কৰাত কৃপণালি নকৰিবি।’
আনগৰাকী ছাৰ হ’ল খলিলুৰ ৰহমান ছাৰ। এখেতক মই বিদ্যালয়ৰ শিক্ষক হিচাপে পোৱা নাছিলোঁ৷ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকত ছাৰৰ ওচৰলৈ পদাৰ্থ বিজ্ঞানৰ টিউচন ল’বলৈ গৈছিলো। মই আৰু লগৰজনে প্ৰথম দিনা যেতিয়া ছাৰক লগ কৰিছিলোঁ, ছাৰে ‘টিউচন কৰিম বাৰু! কিন্তু মোক মাহটোৰ আগতে ফীজ দিব লাগিব’ বুলি কৈছিল। আজিকালি এডভান্স লোৱাতো কিজানি নিয়মেই। তেতিয়া কিন্তু তেনে নাছিল। সেয়ে, ফীজৰ কথা শুনি আমি অলপ বেয়াই পাইছিলোঁ৷ কিন্তু ছাৰেই কৈছিল-‘তোমালোক ল’ৰাবিলাকে টিউচনৰ পাছত পইচা দিম বুলি ঘৰৰপৰা আনি আৰু নিদিয়া, সেয়ে মোক আগতেই লাগিব।’ যা হওক, ছাৰৰ তাত টিউছন আৰম্ভ হ’ল। কি কি শিকিছিলোঁ, ভালকৈ মনত নাই। কিন্তু জলজল-পটপটকৈ মনত আছে। নিউটনৰ তৃতীয় গতি-সূত্ৰৰে আমি খোজ কাঢ়োঁ, এই কথাখিনি পঢ়োৱাৰ পাছত তেওঁ সুধিছিল, ‘ঠিক আছে মাটিত বাৰু আমি নিউটনৰ তৃতীয় গতি-সূত্ৰ প্ৰয়োগ কৰি খোজ কাঢ়োঁ। কিন্তু স্পেচ-ৱাক যে কৰে তাত কেনেকৈ খোজ কাঢ়ে?’
কিয় নাজানোঁ, কিন্তু এই প্ৰশ্নটোৱে মোৰ বাবে বিজ্ঞানক নতুন মাত্ৰা দিছিল। তাৰ পাছত আৰু কেতিয়াও বিজ্ঞান মোৰ বাবে নিৰস বিষয় মাত্ৰ হৈ নাথাকিল। সৰু কথা এটাৰে সম্পৰ্কিত হৈ কেনেকৈ ইটোৰ লগত সিটো জড়িত হৈ থাকে, চকুৰে দেখা আৰু কাণেৰে শুনা মাত্ৰেই যে বিশ্বাসযোগ্য নহয়, বিজ্ঞানৰ কথাবোৰ যে মাত্ৰ পাঠ হিচাপেই পঢ়ি যাব নালাগে, এই কথাবোৰ ছাৰে বক্তৃতা নিদিয়াকৈ মোৰ মূৰত সুমুৱাই দিছিল। ছাৰে বুজাইছিল মাইকেলছন-মৰ্লি এক্সপেৰিমেণ্টৰ ৰিজাল্ট যেতিয়া আশা কৰা ধৰণে নোলাল, গোটেই দুনীয়াই চিন্তিত হৈ পৰিল, তেতিয়া হঠাত আইনষ্টাইন ওলাই ক’লে, ‘বোলো, এনেকৈ অংক কৰিলে নহ’ব, লাইটৰ স্পীড এনেকৈ সলনি নহয়েই, ই এটা কনষ্টেন্ট!’ আইনষ্টাইনে তেনেকৈ কোৱা নাছিল, কিন্তু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰৰ বাবে আইনষ্টাইনৰ তত্বৰ কিছু আভাস দিবলৈ ইয়াতকৈ সৰল আৰু আমোদজনক পন্থা কিজানি নাছিল। ছাৰৰ ক্লাছবিলাকত সদায় বিজ্ঞানৰ তত্ববোৰ ইটোৰপৰা সিটোলৈ বৰ সুন্দৰকৈ গতি কৰিছিল। এই ধাৰণাটো মই এতিয়াও বিজ্ঞানৰ কথা পঢ়োঁতে প্ৰয়োগ কৰাৰ চেষ্টা কৰোঁ। আজিকালি মাজে মাজে কেতিয়াবা বিজ্ঞান বিষয়ক তথ্য-চিত্ৰ কিছুমান চাওঁ, তাতো তেওঁলোকে একে পন্থাকে প্ৰয়োগ কৰা দেখিবলৈ পাওঁ। বিজ্ঞানৰ জটিল তত্ববোৰ এটা গল্পৰদৰে কৈ যোৱাটো। পিছে, নক’লেও হ’ব যে ছাৰৰ টিউচনৰ শেষলৈ আমাৰ আঠজনীয়া গোটটোৰ দুজন নে তিনিজনহে থাকিলো! অ’ আৰু এটা কথা- সেই যে ছাৰে কৈছিল মাহৰ প্ৰথমেই ফীজ দিব লাগিব, সেইমতে আমি কোনেও দিয়া নাছিলোঁ, তেৱোঁ কেতিয়াও খোজা নাছিল।
এওঁলোকৰ বাহিৰে আৰু এজন ছাৰ আছিল, মোৰ আগৰ বিদ্যালয়খনত। নামটো ৰাজেন ছাৰ, সম্ভৱতঃ ৰাজেন বড়ো। তেখেত আছিল একেবাৰে উপন্যাসৰ পাতৰপৰা উঠি অহা ছাৰ। ফিট-ফাট বগা ধূতী-পাঞ্জাৱী পিন্ধি চাইকেলৰ মাজৰ ৰডডালত মোনা থকা ছাৰ। গহীন-গম্ভীৰ, ছাত্ৰই বাঘ হেন দেখে (কিন্তু কাকো কেতিয়াও মাৰ-পিট কৰা বা গালি পৰা মই দেখা নাই)। নিয়মানুৱৰ্তিতা, হ’মৱৰ্ক দিয়া, সেইবিলাক সময়মতে পৰিদৰ্শন কৰা, কোনো ছাত্ৰ বেছি দিন স্কুললৈ নাহিলে ঘৰলৈ গৈ কিয় অহা নাই বুলি সুধিবলৈ যোৱা আদিবোৰৰে তেওঁ সঁচাকৈয়ে আদৰ্শ শিক্ষক আছিল।
আজি শিক্ষক দিৱসৰ দিনা মোৰ সকলো শিক্ষককে শ্ৰদ্ধা যাচিলোঁ। আপোনালোক য’তে আছে, মই লগ পোৱাৰ দৰেই থাকক, আৰু পঢ়াই যাওক। আমি নোৱাৰিলোঁ, কিন্তু আপোনালোকৰে কোনোবাজন ছাত্ৰই এদিন আমাৰ সবৰে নাম উজলাব। কাৰণ সেইগুণবিলাক দিয়াৰ ক্ষমতা আপোনালোকৰ আছে, আমাৰহে গ্ৰহণ কৰাৰ ক্ষমতা নাছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক