শিক্ষক দিৱসৰ প্ৰাকক্ষনত অকবৰ সদস্য/সদস্যাসকলৰ কিছু অনুভৱ


১)প্ৰতিম প্ৰতাপ বৰুৱা
খগেন্দ্ৰনাথ দাস চাৰ, কনলৰা দাস চাৰ, লক্ষেশ্বৰী দত্ত বাইদেউ, সুমিত্ৰা দেৱী বাইদেউ – এইকেইজন আছিল মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী । মোৰ দৃষ্টিত তেওঁলোক পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী আছিল ।

প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যোৱাৰ পিছত প্ৰধান শিক্ষক ভবেন্দ্ৰ নাথ গগৈ চাৰৰ লগতে পালোঁ গোবিন্দ বৰা চাৰ, ধৰ্মেশ্বৰ মহন্তচাৰ, নীলমনি মহন্ত চাৰ, ৱালি উল্লা চাৰ, ৰূপেশ্বৰ বৰা চাৰ, নৰেন লাহনচাৰকে আদি কৰি কেইবাজনকো । শ্ৰেণীকোঠাৰ পাঠদান, স্কাউটৰ কেম্প, ফুটবলৰ খেলপথাৰ, ভাওনা সকলোতে চাৰসকলৰ বেলেগ বেলেগ ৰূপ । অংকৰ শ্ৰেণীত বৰ্ডত বাচিবাচি টান অংক এটা পাতি দি কোনে কোনে এই অংকটো নোৱাৰ’ বুলি সুধি সেইকেইটাক এফালৰ পৰা কোবাই যোৱা চাৰজনেই জাঁজী হাইস্কুলত পতা স্কাউটৰ কেম্পত আমাৰ লগতনিশা এপৰলৈকে বহি সাধু শুনাইছিল, কাজিৰঙাৰ হাবিৰ মাজত পতা স্কাউটৰ কেম্পত আমাক গছৰপৰা বগৰী পাৰি দিছিল । নীলমনি মহন্ত চাৰ, ধৰ্মেশ্বৰ মহন্ত চাৰ আৰুনৰেন লাহন চাৰৰ লগত ভাওনাত যুদ্ধ কৰিছিলোঁ ।

কলেজলৈ গৈ পালো প্ৰফুল্ল বৰুৱা চাৰ, পুতুল বৰঠাকুৰ চাৰ, প্ৰদীপ বৰঠাকুৰ চাৰ,সীমান্ত ভূঞা চাৰ, উজ্জল ভূঞা চাৰ, ইমাৰাণ শ্বাহ চাৰ, অকন বৰুৱা চাৰ, অমলা বৰুৱা বাইদেউ, মাধৱ বৰা চাৰ, দিলীপ শইকীয়া চাৰ, সিদ্ধাৰ্থ বৰুৱা চাৰ আদিক ।অমলা বৰুৱা বাইদেউক আপোন মাতৃৰ দৰে লাগিছিল । ওখ-পাখ, হাড় শকত, ভৰ ডেকাউজ্জল ভূঞা চাৰ আৰু আমাক নিজৰ সন্তানৰ দৰে মৰম কৰা মাধৱ বৰা চাৰে অকালতে আমাৰ পৰা আঁতৰি গুচি গৈছিল । বিজ্ঞানৰ ছাত্ৰ আছিলোঁ যদিও ইমাৰাণ শ্বাহ চাৰৰঅসমীয়া সাহিত্যৰ শ্ৰেণীকেইটা কোনো দিন খতি কৰা নাছিলোঁ । কিবা কথাত খং কৰি ইমাৰাণ শ্বাহ চাৰে মোক এদিন শ্ৰেণীৰ পৰা বাহিৰ কৰি দিছিল । সীমান্ত ভূঞাচাৰে গীতাৰ বজাইছিল আৰু কাঠৰ বাকচত স্পীকাৰ, এম্‌প্লিফায়াৰ বহুৱাই মিউজিক চিষ্টেম সাজিছিল । তেখেতৰ কোঠাত আমি গৈ ধেমালীয়া কথা পাতিব পৰা হৈছিলোগৈ ।সৌ সিদিনা তেখেতে নিজৰ ছোৱালীক দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰাবলৈ আহিছিল । মই চিনি পাইছিলো, কিন্তু মোক প্ৰথমে চিনি পোৱা নাছিল । চিনাকী দিলত কৈছিল “আজি নেৰিছো তোমাক” । উত্তৰত মই কৈছিলো – “চাৰ, আজি ময়ো নেৰিছো আপোনাক ।“

মোৰ চিৰনমস্য এইসকল চাৰ-বাইদেউলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম । আমি আজিও এইসকল চাৰ-বাইদেউৰ ছাত্ৰ ।

২)সুৰজিৎ নেওঁগ
এল.পি. স্কুলৰ পৰা হাইস্কুল, তাৰ পিছত মহাবিদ্যালয় আৰু একেবাৰে শেষত ইঞ্জীনিয়াৰিঙৰ ছাত্র হিচাপে আমি ভিন ভিন পৰ্য্যায়ত শিক্ষক দিৱসৰ সময়ত আমাৰ নমস্য শিক্ষাগুৰুসকলক যথোচিত শ্ৰদ্ধাআৰু সেৱা জনাই আহিছো । কোন বেছি ভাল, কোন ক’ম ভাল সেই ভেদ-ভাৱ নাৰাখি এইবিশেষ দিনটোত যেতিয়া আমি আমাৰ শিক্ষাগুৰুসকলক শুভেচ্ছা জনাইছিলো তেতিয়া তেখেতসকলৰ মুখবোৰ এক অনাবিল আনন্দ, সন্তুষ্টি আৰু প্ৰশান্তিৰে ভৰি পৰালক্ষ্য কৰিছিলো । অশেষ কষ্ট তথা নিঃস্বাৰ্থ ভাৱে কৰা তেখেতসকলৰ শ্রমদানৰ সাৰ্থকতা তেখেতসকলে হয়তো এই বিশেষ দিনটোতে বেছিকৈ উপলব্ধি কৰিছিল ।

মোৰ মা-দেউতা দুয়ো শিক্ষক হোৱাৰ সুবাদতে মই শিক্ষক (শিক্ষয়িত্রী) সকলৰ এনেধৰণৰ উপলব্ধি/অনুভুতিবোৰ বেছ ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ পাইছিলো । আমি সৰুতে যেনেকৈ আমাৰ জন্মদিন বা আন তেনে বিশেষ দিনলৈ অধিৰ আগ্রহেৰে অপেক্ষা কৰি থাকিছিলো, মোৰ মা-দেউতায়ো হয়তো শিক্ষক দিৱসৰ দিনটোলৈ তেনেদৰেই বাট চাইছিল । মই নিশ্চিত, আন আন শিক্ষক-শিক্ষয়িত্রীসকলৰো তেনে অনুভৱ হৈছিল । আমাৰ পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি মোৰ একমাত্র ভনীজনীআৰু মোৰ ভনীজোঁৱাই দুয়ো এই বৃত্তিটোৰ লগত জড়িত । এখন স্থানীয় কলেজৰ প্রবক্তা । আমাৰ শিক্ষাগুৰুসকলৰ যি নিৰ্ভেজাল অনুভুতি, তেনে অনুভৱ তেওঁলোকৰো হয়নে জানিবলৈ চেষ্টা কৰিছিলো দুবছৰ মান আগতে । এটা ঘৰুৱা আদ্দাত কথাখিনি পাতোতে মোৰ ভাৱ হৈছিল ভনী আৰু ভনীজোঁৱাইৰ এতিয়াৰ অনুভৱ খিনি যেনমোৰ মা-দেউতাৰ তেতিয়াৰ অনুভৱখিনিৰ লগত অমিল । হয়তো সময়ৰ প্রভাৱ । মোৰ ল’ৰাটোৰ স্কুলৰ ফালৰ পৰা আজিৰ দিনটোৰ বাবে দিয়া have-list খন চাই যেতিয়া মই আৰু মোৰ পত্নীয়ে দুদিনৰ আগতে বজাৰ কৰিছিলো তেতিয়াই কিন্তু মই এই পাৰ্থক্যটো মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো । বজাৰত পোৱা ৰেডিমেড Teachers Day Card, ৰঙা বেলুন, ফুলৰ দোকানৰ পৰা কিনা ৰঙা গোলাপ, পে’ন জাতীয় গিফ্টেৰেনিজ নিজ শিক্ষকক শুভেচ্ছা্জ্ঞাপন । তাৰ লগতে আছে সম্পদশালী পিতৃ-মাতৃৰ নিজৰ সন্তানৰ দ্বাৰা কোনে কিমান দামী গিফ্ট শিক্ষকক উপহাৰ দিব পাৰে তাৰ অঘোষিত প্রতিযোগিতা ! এয়াও নিশ্চয় সময়ৰ প্রভাৱ ।

যি কিনহওক, মোৰ মানসপটত কিন্তু এতিয়াও গোঁহাই চাৰ, প্রফুল্ল চাৰ, কাকতি চাৰ, হুচেইন চাৰ, মনতোষ চাৰ, জিয়াওদ্দিন চাৰ, সানে চাৰ, বাৰ্ভে চাৰ, সন্ধ্যাজৈন মেডাম হতৰ দৰে চাৰ-বাইদেউ সকলৰ মুখবোৰ সজীৱ হৈ আছে । এই আপাহতে তেখেতসকললৈ মোৰ শ্রদ্ধা যাঁচিলো পুনৰবাৰ । লগতে শিক্ষকতা বৃত্তিৰে আজীৱন ছাত্র-ছাত্রী গঢ়োতা মোৰ মা-দেউতালৈও এই সুযোগতে মই প্রণাম যাঁচিলো ।

৩)পৰশমণি বৰা
এখিনিমান কলম, পেঞ্চিলেৰে আজি দেউতাৰ টেবুলখন ভৰি পৰিব। এটা প্রশান্ত মন লৈ দেউতা উভতিব তেওঁৰ মৰমৰ স্কুলখনৰপৰা; ৰাতিপুৱাই লগত লৈ যোৱা চকলেটৰ টোপোলাটো খালিহৈ উভটিব দেউতাৰ স’তে; আৰু দেউতা উভটাৰ পাছত মই কাণ পাতি শুনিম কোনে কিগান গালে, কোনে নাচিলে, আৰু কোনজন খুড়াই স্কুলীয়া দিনবোৰ কেনেকৈ ৰোমন্থণ কৰি নষ্টালজিক হ’ল। কথাবোৰ কৈ কৈ দেউতা অলপ সময় ৰ’ব, তেওঁৰ দিনলৈ হয়তো উভটি যাব আৰু ক’ব- “আমাৰ দিনবোৰ ভাল আছিল।” কলপাতত কলমেৰে লিখা, বোন্দা কেঁচুৰ ৰসক চিঞাহী কৰাৰ কথা শুনি মই ৰ’ম আৰু তুলনা কৰিম আমাৰ ই- পত্রৰে শুভেচ্ছা জনোৱা ৰমক- জমক আয়োজনবোৰৰ কথা- সেই একেই শ্রদ্ধাৰ শিক্ষাগুৰুসকলৰ বাবেই, ভিন্নতা মাথোঁ দুটা বেলেগ সময়ৰ কলাজৰ।”
অৱসৰ প্রাপ্তি হোৱাৰ পিছৰ আজি দেউতাৰ প্রথমটো শিক্ষক দিৱস পাৰ হ’ব। নাজানো তেওঁৰ কেনে অনুভৱ হৈছে, পিছে মোৰ বাৰুকৈ মনত পৰিছে আগৰ বছৰবোৰৰ আজিৰ দিনটোলৈ। এই চেগতে আটাইলৈ শিক্ষক দিৱসৰ এই পৱিত্র ক্ষণত মোৰ শ্রদ্ধাৰ প্রণিপাত জনালোঁ।

৪) লক্ষেশ্বৰ হাজৰিকা
শিক্ষক দিৱস। এটা তাৎপৰ্যপূৰ্ণ দিন। এই দিনটোতে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল।শিক্ষকতাকে জীৱনৰ ব্ৰত বুলি লোৱা আৰু শিক্ষক হিচাপেই জীৱন আৰম্ভ কৰা ড০ৰাধাকৃষ্ণণ আছিল যথাৰ্থতেই এগৰাকী ঋষিতুল্য ব্যক্তি,বিদগ্ধ পণ্ডিত,মহান শিক্ষাবিদ আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন দাৰ্শনিক। বিভিন্ন কলেজ আৰু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰিও তেখেতে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতিৰূপে ১৯৫২ ৰ পৰা ১৯৬২ চনলৈ কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৬২ চনত ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। নিজকে শিক্ষক বুলি ক’বলৈ ভালপোৱা এই বিদগ্ধ পণ্ডিত গৰাকীৰ জন্মদিন পাঁচ ছেপ্টেম্বৰটো তেখেতৰ ইচ্ছানুযায়ী ভাৰতবৰ্ষত ‘শিক্ষক দিৱস’ হিচাপে পালন হৈ আহিছে।

আজিএই শুভ মুহূৰ্তত ভাৰতৰ অতীত আৰু বৰ্তমানৰ সকলো শিক্ষকলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলো। আমি ভাবো যে শিক্ষক সকল হ’ল জীৱনক গঢ়দিয়াৰ নিপুণ খনিকৰ। প্ৰত্যেকজন ভাৰতীয় বিশেষকৈ শিক্ষক সকলে ড০ ৰাধাকৃষ্ণণৰ আদৰ্শ আৰু দৰ্শনত অনুপ্ৰাণিত হৈ সমাজ গঢ়াৰ কাৰণে নিজকে ব্ৰতী কৰিব লাগিব।বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি শিক্ষক সকলে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ আৰু মৰমসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব। তেতিয়াহে শিক্ষকদিৱস উদযাপনৰ প্ৰকৃত প্ৰাসঙ্গিকতা থাকিব বুলি আমাৰ বিশ্বাস।

আহকআমি সকলোৱে মিলি শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ মহান নেতা জনলৈ ভক্তিভৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰোঁ আৰু তেওঁৰ আদৰ্শ শিৰোগত কৰি জ্ঞানৰ সন্ধানত আমাৰ জীৱনজোৰা প্ৰচেষ্টা অব্যাহত ৰাখো।
“মহামহা পুৰুষৰ…..চানেকীৰে জীৱনৰ…….আমিো কৰিব পাৰো জীৱনগঢ়িত।………..।”

৫)দিগন্ত কুমাৰ ভট্টাচাৰ্য
নিজমাতৃয়েই জীৱনৰ প্ৰথম শিক্ষাগুৰু। সন্তানে মাতৃ গৰ্ভত থাকোতেই হেনো বহু কথা শিকি আহে। সন্তানে পিতৃ-মাতৃৰ পৰাই গ্ৰহণ কৰে জীৱনটো চোৱাৰ, জীৱনৰ বাটত খোজ দিয়াৰ আদিপাঠ।

এই জটিল পৃথিৱীখনত বুৰ্বকৰ দৰে মুখ মেলি চাই থাকিবলৈ নিদি পেটে ভাতে খাই থাকিবলৈ সুবিধাকণ কৰি দিয়া সকলো শিক্ষাগুৰু আৰু পিতৃ-মাতৃলৈ শিক্ষক দিৱসৰ সশ্ৰদ্ধ প্ৰণাম!

৬) লক্ষ্মীকান্ত পাটিৰ
পষ্ণমনে ষষ্ঠ শ্ৰেণীত আছিলো | জেঠমাহ, গা ফটা চিকচিকিয়া ৰ’দ, সময় প্ৰায় পুৱা ৯বাজিছিল, বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়| এনেতে বৰ পিয়াহ লাগিল, দ’মকলটো বিদ্যালয় চৌহদৰ অলপ দূৰত|
লগৰজনক মাতি নিলো | গেট পাওঁ কি নাপাও, বাজিল প্ৰাৰ্থনাৰ ঘন্টা | দোমোজাত পৰিলো | লগৰজনে ঘুৰি যোৱাৰ প্ৰস্তাৱ দিলো কিন্ত হাক দি পানী খাবলৈ গুছি গ’লো, ভাবিলো ঘন্টা শুনাই নাছিলো নাটক কৰিম | ঘূৰি আহিয়েই আৱিস্কাৰ কৰিলো, হায়, বিধিৰ কি বিপাক! কোনেনো জানিছিলে কোনোবাএজন ধুৰ্ত ছাৰে এই সকলো কাণ্ড দূৰৰ পৰা নিৰৱে চাই আছিল বুলি!! মাতি আনি বিদ্যালয় সাজিবলৈ দ’ম কৰি ৰখা চপৰা চপৰ উত্তপ্ত শিলৰ মাজত কাণত ধৰাই আঠুঁকঢ়াই দিলে ! এবাৰ উঠো, এবাৰ বহো, ওঃ আঃ, … | এই সমূহ দৃশ্যৰ সাক্ষী অকল বিদ্যালয়খনৰ ছাত্র ছাত্রী কিম্বা শিক্ষাবৃন্দই নাছিল, আছিল ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সকলো বাটৰুৱা আৰু নাতিদূৰতে লাগি থকা তিনিআলিটোৰ সমূহ ৰাইজ লগৰজনলৈ চাই নিজকে বৰ দোষী দোষী লাগিল | তাৰপিছত ছাৰে দুয়োটাকে কাষলৈ মতাই আনি ভৱিষ্যতে এনে কু-কাৰ্যৰপৰা বিৰত থাকিবলৈ ধমকি দিলে | এই ঘটনাটো মোৰ জীৱনৰ কিছু কষ্টদায়ক কিন্ত বৰ মধুৰ স্মৃতি ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments