শিক্ষক, শিক্ষকতা ইত্যাদি..(১) – মিতালী বৰ্মন

“জীৱন জীৱন বৰ অনুপম…” অন্ততঃ এবাৰলৈ হ’লেও এনেকৈয়ে ভাৱিবলৈ মন যায়, যেতিয়াই মনলৈ আহে পৰমপূজ্য শিক্ষা গুৰুসৱৰ কথা। বহুকেইজন ব্যক্তিৰ আদর্শই কেতিয়াও মচিব নোৱাৰাকৈ সাঁচ বহুৱাই থৈছে মনোজগতত। সাহস পাইছিলোঁ, জীৱনৰদুর্বাৰ ধুমুহাৰ মুহূর্ত্ততো; অনুপ্রেৰণা পাওঁ জীৱন যুদ্ধৰ প্রতিটো খোজতে।মোৰ জীৱনত প্রভাৱ পেলোৱা তেনে এগৰাকী শিক্ষকৰ অনুপ্রেৰণাৰ কিয়দাংশ ‘সাহিত্য ডট অৰ্গ’পাঠকবৃন্দলৈ…

মোক এজন ছাৰে ঘৰলৈ আহি অংক শিকাইছিল। ছাৰৰ লগত এতিয়াও সম্পর্ক অতি মধুৰ। প্রায়েই টেলিফোনত কথা পতা হয় আৰু ঘৰলৈ গ’লেলগ পোৱা হয়। ছাৰে যেতিয়া আমাক পঢ়ুৱাইছিল মই তেতিয়া ৭ম শ্রেণীৰ ছাত্রী আৰু ছাৰ নিজে উচ্চতৰ মাধ্যমিক ২য় বর্ষৰ ছাত্র। ছাৰ অতিপাত কষ্টসহিষ্ণু আৰু পৰিশ্রমী। কলেজত নিজৰ পঢ়া পঢ়ি আহি বাহিৰে বাহিৰে আমাক (মোক আৰু ভাইটিক)পঢ়ুৱাবলৈ আহিছিল। প্রথমে কেইদিনমান খুব খং উঠিছিল তেখেতৰ ওপৰত। স্কুলৰ পৰা ভাগৰি আহি অকণমান শুবলৈ লওঁতেই যে আহি পাইছিল, সেইবাবেই। কিমান দিন যেমুখখন ফুলাই বাধ্যত পৰি পঢ়িবলৈ লৈছিলোঁ! কিন্তু ছাৰে কোনোদিনে একো এটা কৈ নাপালে তাৰ বাবে। ৭ম মানত পঢ়া ছোৱালী এজনী… স্বাভাৱিকতে, আন দহজন সমবয়সীয়াৰ দৰেই খেলা-ধূলাৰ প্রতি ৰাপ বেছি। পঢ়াৰ প্রতি অনুৰাগ নাই অকণো।পঢ়াৰ ক্ষেত্রত মোৰ মা হ’ল সাংঘাতিক কাঢ়া। ছাৰক প্রায়েই কয় “যি যি শিকালা পৰীক্ষা লৈ থাকিবা মাজে মাজে।” ছাৰেও পৰীক্ষা লয়। পৰীক্ষা বুলি ক’লে আন এটামূৰ কামোৰণি…! আৰু খং উঠে…! হ’লেও উপায়ো নাই। বৰ ভাল নম্বৰ পোৱা নাছিলোঁ পৰীক্ষাবোৰত। এবাৰ ছাৰে দুঘণ্টা সময় দি ৫০ নম্বৰৰ পৰীক্ষা পাতিলে।কিন্তু আচৰিত হৈছিলোঁ ছাৰে দুদিন পাৰ হোৱাৰ পাছতো বহী নিদিয়াত। মায়ে তেখেতক বহী আৰু পৰীক্ষাৰ নম্বৰৰ কথা সোধাত ক’লে “খুড়ী, সিদিনা বাছেৰে ঘৰলৈ যাওঁতে মানুহৰ ভীৰত বহীখন ক’ৰবাত পৰি গ’ল কিজানি !” মায়ে একো নক’লে। ইফালে পেটেপেটে মই বৰ ৰং পালোঁ, কাৰণ মই জানো মোৰ পৰীক্ষা ভাল হোৱা নাছিল। মা যোৱাৰপাছত ছাৰে সুধিলে “বহীখনটো হেৰালেই! তুমি কিমানমান পাম বুলি ভাৱিছিলা?” সময় নষ্ট নকৰি তপৰাই কৈছিলোঁ “২৫মান পালোঁহেঁতেন নেকি!” পঞ্চাশৰ ভিতৰত পঞ্চাশ পাম বুলি ক’ব নোৱাৰোঁ, গতিকে পঞ্চাশৰ ৫০% পঁচিশ বুলিয়েই কৈছিলোঁ। মোক আচৰিত কৰি তেখেতে পকেটৰ পৰা ভাঁজ কৰি কৰি সৰু কৰি থোৱা পৰীক্ষাৰ বহীখন উলিয়াই মোৰ চকুৰ আগত থ’লে। লাজ লগা ধৰণে সাংঘাতিক বেয়া নম্বৰ এটা পাইছিলোঁ। তথাপিও তেখেতে মোক একো নক’লে। ছাৰে জানে এনেকুৱা বেয়া নম্বৰ দেখিলে মই মাৰ এচাৰিৰ আঁচোৰ খোৱাটো ধুৰূপ। খুব লাজ পালোঁ। কথাটো ছাৰ আৰু মোৰ মাজতে থাকিল বহুদিনলৈ। সেই ঘটনাটিৰ পাচৰ পৰা মানুহজনৰ প্রতি থকা মোৰ খং-ক্ষোভবোৰ নাইকিয়া হৈ তাৰ ঠাইত সন্মানে বৰপীৰা পাতিবলৈ ল’লে। সেই ৭ম মানত পঢ়া মগজুৰে অনুভৱ কৰিছিলোঁ, ছাৰ মোৰ বাবে মাথোঁ ছাৰ নহয়… মোৰ এগৰাকী বিশ্বাসী বন্ধুও (হ’লেও নিজৰ অমনোযোগিতাৰ বাবে কৰা ভুলৰ বাবে সদায় এক সংকোচৰ ভাৱ ৰৈ গ’ল)।

দিনবোৰ পাৰ হ’ল। ছাৰ গণিত শাস্ত্রত স্নাতকোত্তৰ পঢ়িবলৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ’ল। তথাপিও ঘৰলৈ আহিলেই ছাৰ আমাৰ ঘৰলৈ এবাৰ হ’লেও আহে। মইমেট্রিক পাচ কৰা সময়ৰ কথা। পৰীক্ষাৰ ফলাফল ওলোৱাৰ দুদিনমানৰ পাচত দুপৰীয়া হঠাৎ এটা পার্চেল আহিল মোলৈ দেউতাৰ মাৰফতত। জীৱনত প্রথমবাৰ মোলৈ পার্চেল আহিছে… উলহ-মালহকৈ খুলি চাই দেখোঁ এখন কিতাপ, হোমেন বৰগোহাঞিৰ “মৎস্যগন্ধা” … প্রেৰক মোৰ ছাৰ। কিতাপখনৰ প্রথম পৃষ্ঠাত লিখি দিছে শুভেচ্ছাবাণী গোট গোট আখৰেৰে “অংকত লেটাৰ নম্বৰসহ প্রথম বিভাগত প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে শুভেচ্ছা জনালোঁ…” আৰু কিবা-কিবি ! কিতাপ পঢ়ি ভাল পালেও সেই সময়ত মোৰ বাবে কিতাপখনতকৈয়ো অধিক গুৰুত্বপূর্ণ হৈ পৰিছিল তাত লিখি দিয়া কথাখিনিহে… একেদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাও দোপালপিটা বৰষুণক নেওচি গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছিল আমাৰ নলবাৰীৰ ঘৰত। হাতত এটা উপহাৰ, এখন কিতাপ“অনুৰাধাৰ দেশ”…দিনবোৰ পাৰ হৈ যায়… এবাৰ গঢ় লৈ উঠা শ্রদ্ধা এখোপ এখোপকৈ বাঢ়ি নিকপকপীয়াহৈ গৈ আছে… মায়ে সদায় ছাৰৰ আদর্শ ল’বলৈ প্রেৰণা দিয়ে “চা, তহঁতৰ ছাৰেকিমান কষ্ট কৰি পঢ়িছে। ছাৰৰ দৰে হ’বলৈ চেষ্টা কৰিবি।”

এসময়ত মই দিল্লীলৈ আহিলোঁ, অথচ মোৰ অতিকৈ প্রিয় ছাৰক একো খবৰ দিব নোৱাৰিলোঁ (২০০৫চনত আজিৰ দৰে মোবাইল ফোনৰ প্রচলন ইমান বেছি নাছিল)। সেইবাৰেই গ্রন্থমেলাৰ বতৰত নতুন নতুন কিতাপবোৰৰ ফুৰফুৰীয়া গোন্ধ ল’বলৈ মোৰ লুভীয়া মনটোৰে দিল্লীৰপৰা অসম গৈ পাইছিলোঁ… তেনে এটি সন্ধিয়াত গ্রন্থমেলাৰ পৰা আহি দেখিলোঁ ছাৰ বহি আছে আমাৰ ঘৰত। সেইবাৰ মই পঢ়ি অহা নলবাৰীৰ মহেন্দ্র নাৰায়ণ চৌধুৰীবালিকা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী আছিল। ৰূপালী জয়ন্তীলৈ গৈ প্রাক্তনছাত্রী সন্মিলনত অনুৰাধা শর্মা পূজাৰীক মুখ্য অতিথিৰূপে তাত লগ পাইছিলোঁ।অনুৰাধা বাইদেউৰ ল’ৰা দিহাঙকো মোৰ ছাৰে পঢ়ুৱায়। কথা প্রসংগত বাইদেৱে দিল্লীত থকা নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয়ৰ ছোৱালী এজনীৰ কথা কওতেসেই ছোৱালীজনীয়েই ছাৰৰ প্রথম তথা অন্যতম প্রিয় ছাত্রীজনী বুলি জানি সেইদিনাই সন্ধিয়া আহি আমাৰ ঘৰত তেখেত উপস্থিত হৈছিল। ইমান দিন একো যোগাযোগ নৰখাৰ কৈফিয়ৎ স্বৰূপে পিচদিনা ছাৰে মোক গ্রন্থমেলালৈ লৈ গ’ল আৰু উপহাৰ দিলে ভালতকৈয়ো ভাল ছখন কিতাপ…

এতিয়া আৰু আগৰ দৰে মোৰ সংকোচ ভাৱ নাই।মুকলিকৈ ছাৰৰ লগত কথা পাতিব পাৰোঁ, যুক্তি-তর্ক কৰিব পাৰোঁ। আনকি এবছৰমান আগতে কথা-প্রসংগত ছাৰক মই সেই ৭ম মানৰ কথাটিও এদিন মনত পেলাই দিছিলোঁ।কিন্তু ছাৰে সিদিনাও একো মনত নাই বুলি ক’লে। ছাৰৰ মনত আছে নে সঁচাকৈয়ে মনতনাই সেয়া মোৰ বাবে সাঁথৰ, কিন্তু প্রতিটো কথা মোৰ মনত আছে, ই মোৰ বাবেবাস্তৱ! এনেকৈয়ে গঢ়ি উঠে কিছুমান পাহৰিব নোৱাৰা সম্পর্ক। সেই ৭ম মানতে যে ভাৱিছিলোঁ “ছাৰ মোৰ বাবে মাথোঁ ছাৰ নহয়… মোৰ এগৰাকী বিশ্বাসী বন্ধুও” হ’লেও বুজি পাওঁ মোৰ বন্ধু যদিও বন্ধুতকৈয়ো বহু ওপৰৰ সন্মানৰ আসন এখনতহে তেখেতৰ স্থান।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments