শিক্ষাপদ্ধতিৰ এক অৱলোকন: প্ৰাচীন ভাৰতৰ পৰা আধুনিক ভাৰতলৈকে-পৰী পাৰবীন

খ্ৰীষ্টপূৰ্ব বাৰ শতিকাত সৰস্বতী নদীৰ পাৰত ৰচনা হোৱা বেদৰ মন্ত্ৰসমূহৰ পৰা একবিংশ শতিকাৰ আধুনিক ভাৰতৰ পৰিকলন বিজ্ঞান সংলগ্নিত শিক্ষাৰ এই যাত্ৰাক এক মনোৰম তথা চহকী যাত্ৰা হিচাপে পৰিগণিত কৰিব পৰা যায়৷ “কৰ্মই ধৰ্ম”-এই মূলমন্ত্ৰই আছিল প্ৰাচীন শিক্ষাৱ্যৱস্থাৰ প্ৰধান দৰ্শন৷ প্ৰধানতঃ ধৰ্মমূলক নীতি-নিয়মসমূহেৰে আৰম্ভ কৰা এই শিক্ষাপদ্ধতিত জীৱন, মৃত্যু আৰু আত্মাৰ মুক্তিৰ পথ দেখুৱাটোৱেই উদ্দেশ্য আছিল৷ ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিৰ বিভিন্ন দিশসমূহৰ ওপৰত আলোকপাত কৰিবলৈ ঋষি-মুনিসকলে টোলব্যৱস্থাৰ জৰিয়তে দূৰ-দূৰণিৰ ল’ৰাসকলক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে৷ এই আশ্ৰম-টোলসমূহ বিশাল এলেকাজুৰি কোনো নৈসৰ্গিক পৰিবেশত স্থাপন কৰা হৈছিল আৰু ৰাজবিদ্যাৰ লগতে অস্ত্ৰচালনাৰ শিক্ষাও মূল পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছিল৷ মূলতঃ ৰজা-মহাৰজাৰ পুত্ৰসকলে ইয়ালৈ আহি শিক্ষা গ্ৰহণ কৰিছিল আৰু ছাত্ৰাৱস্থাত তেওঁলোকে ৰাজকীয় বিলাসিতা ত্যাগ কৰি প্ৰাকৃতিক পৰিবেশৰ সৈতে পৰিচিত হৈছিল৷ গুৰু-শিষ্যৰ মাজত থকা ঘনিষ্ঠতাৰ হেতু ছাত্ৰসকলে গুৰুৰ ঘৰুৱা কামত তথা নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহত হাতে কামে লাগিছিল৷ কৃষিকাৰ্য তথা পশুপালনৰ দৰে বৃত্তিমুখী শিক্ষাকো কোনো কোনো আশ্ৰমত স্থান দিয়া হৈছিল৷

বৈদিক যুগত মৌখিক আৰু চিন্তন-শিক্ষাদানৰ বাবে এই দুয়োটা পদ্ধতি প্ৰয়োগ কৰা হৈছিল৷ মন্ত্ৰোচ্চাৰণ, ব্যাকৰণ, জ্যোতিষবিদ্যা, গণিত, নীতিশিক্ষা, বুৰঞ্জী, সংগীত এইবোৰ বিষয় বৈদিক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল৷ শ্ৰৱণ, চিন্তন আৰু ধ্যানৰ মাধ্যমেৰে মানসিক বিকাশ ঘটাই ছাত্ৰসকলে পাঠকাৰ্য সম্পন্ন কৰিছিল৷ উচ্চবৰ্ণৰ লোকসকল, বিশেষকৈ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ বাবে এই শিক্ষাৰ ব্যৱস্থা আছিল৷ নিম্নবৰ্ণৰ লোকসকলৰ বাবে উচ্চশিক্ষাৰ ব্যৱস্থা নাছিল৷ ব্ৰাহ্মণ কন্যাসকলে তেওঁলোকৰ পিতৃৰ তত্ত্বাৱধানত কিছু শিক্ষা লাভ কৰিছিল যদিও এই সংখ্যা আছিল তেনেই নগণ্য৷

ৰামায়ণ আৰু মহাভাৰত নামৰ মহাকাব্য দুখনি এই যুগৰে অৱদান৷ দুয়োখন মহাকাব্যত ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, জ্যোতিৰ্বিদ্যা আৰু নীতিশিক্ষাৰ উপৰিও অস্ত্ৰবিদ্যাত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে৷

বৈদিক যুগৰ পিছতে প্ৰাচীন ভাৰতৰ আন এক শিক্ষা পদ্ধতি প্ৰচলন হ’ল বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাৱৰ পিছত৷ বৌদ্ধ সংঘসমূহত শিক্ষাদান কৰা পাঠ্যক্ৰমসমূহত চৈতন্য, বিনয় আৰু ধৰ্মৰ উপৰিও উচ্চশিক্ষাৰ পাঠ্যক্ৰমত যোগদৰ্শন, অস্ত্ৰবিদ্যা, চিকিৎসাবিদ্যা আদি বিষয়সমূহ অন্তৰ্ভুক্ত হৈছিল৷ প্ৰাচীন ভাৰতৰ উচ্চশিক্ষাৰ কেন্দ্ৰস্বৰূপ তক্ষশীলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা আৰু গৱেষণাৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল৷ ৰামায়ণৰ ভৰত ৰজাৰ পুত্ৰ তক্ষৰ নামেৰে স্থাপন হোৱা এই বিশ্ববিদ্যালয়ত দেশ-বিদেশৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিছিল৷ অৰ্থশাস্ত্ৰৰ প্ৰণেতা কৌটিল্য, ব্যাকৰণৰ পিতা পাণিনী, শৈলচিকিৎসাৰ জীৱক আছিল এই বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জ্বল ইতিহাস৷

তক্ষশীলা বিশ্ববিদ্যালয়ৰ উপৰিও পাটনাত অৱস্থিত নালন্দা বিশ্ববিদ্যালয়, মগধ ৰাজ্যৰ বিক্ৰমশীলা,
ৰজা জনকৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা মিথিলা আছিল প্ৰাচীন ভাৰতীয় শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ৷

মধ্যযুগীয় ভাৰতত ইছলামধৰ্মই প্ৰসাৰ পোৱাৰ লগে লগে শিক্ষাৰ উদ্দেশ্য আৰু পদ্ধতিসমূহৰ বিপুল পৰিৱৰ্তন ঘটে৷ ধৰ্মমূলক পাঠ্যক্ৰমসমূহ প্ৰাথমিক পৰ্যায়ত আৰম্ভ হয়৷ গণিত আৰু কলাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়৷ প্ৰাচীন ভাৰতৰ ভাষা সংস্কৃত আৰু মধ্যযুগীয় ভাৰতৰ শিক্ষাৰ মাধ্যম পাৰ্ছীৰ সমন্বয়ত ঊৰ্দু ভাষাৰ সৃষ্টি হয়৷ উচ্চ শিক্ষাত অৰ্থনীতি, ৰাজনীতি, বুৰঞ্জী, ভূগোল, চিকিৎসাবিদ্যা, আইন আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়৷ বৃত্তিমূলক শিক্ষাৰো প্ৰচলন হয়৷ শিক্ষা ব্যৱস্থাত বৰ্ণবৈষম্যৰ বিলুপ্তি ঘটে যদিও নাৰীশিক্ষাৰ প্ৰচলন কেৱল অভিজাত শ্ৰেণীৰ মাজতহে আবদ্ধ হৈ থাকে৷

আধুনিক ভাৰতৰ শিক্ষা ব্যৱস্থা আৰম্ভ হয় ঊনৈশ শতিকাত৷ বৃটিছৰ আগমণৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত সহায় হ’ব পৰাকৈ স্কুল-কলেজৰ পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰা হ’ল৷ নাৰীৰ ওপৰত চলি অহা কুসংস্কাৰ ৰোধ কৰিবলৈ নাৰীশিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিল৷ পাঠ্যক্ৰমত ইংৰাজী ভাষাক অন্তৰ্ভুক্ত কৰি আন্তৰ্জাতিক যোগাযোগ সূচল কৰি তোলা হ’ল৷ চৰকাৰৰ পৃষ্ঠপোষকতাত ঠায়ে ঠায়ে স্কুল-কলেজ স্থাপন হ’ল৷ শিক্ষা কেৱল মুষ্টিমেয় শ্ৰেণীৰ অধিকাৰ হৈ নাথাকিল৷ বৃটিছ মিছনেৰীসকলৰ পৃষ্ঠপোষকতাত ব্যক্তিগত খণ্ডতো স্কুল কলেজ স্থাপন কৰা হ’ল৷

সাম্প্ৰতিক সময়ৰ শিক্ষাব্যৱস্থা: শিক্ষাৰ অধিকাৰ আইন

“তৃতীয় বিশ্বৰ দেশসমূহত চলি থকা বিভিন্ন অপৰাধমূলক কাৰ্যৰ গুৰিতে হৈছে নিৰক্ষৰতা”-
১৯৯০ চনত ১৫০খন দেশৰ মাজত হোৱা এনে এক আলোচনাৰাজিৰ ফলস্বৰূপে প্ৰস্তাৱিত হ’ল, সকলোৰে বাবে শিক্ষা(EFA-Education for All)৷ শিক্ষাক মানৱ অধিকাৰ হিচাপে গ্ৰহণ কৰা আঁচনিখন ২০০৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গৃহীত কৰে৷ সেই উদ্দেশ্যই ভাৰতে প্ৰণয়ন কৰিলে শিক্ষাৰ অধিকাৰ আইন৷

শিক্ষাৰ অধিকাৰ আইনমতে, যিকোনো স্তৰৰ শিশুৰ বাবে শিক্ষা বাধ্যতামূলক৷ এনে কৰিবলৈ যাওঁতে জাত-পাত, বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ ল’ৰাছোৱালীক সামৰিব লগা হয়৷ তৃতীয় বিশ্বৰ দেশ হিচাপে এতিয়াও আমাৰ দেশত কোটি কোটি ল’ৰা-ছোৱালীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে৷ অন্ন, বস্ত্ৰ, বাসস্থানৰ দৰে মৌলিক প্ৰয়োজন পূৰাব নোৱাৰা এইসকল লোকৰ বাবে সন্তানৰ শিক্ষা এক বিলাসিতা৷ ওলোটাকৈ আকৌ, শিক্ষাৰ অবিহনে এইসকল শিশুৰ জীৱন-ধাৰণ তথা চিন্তাৰ মান উন্নত হোৱাৰ আন কোনো ৰাস্তা নাই৷ কিন্তু যিসকল শিশুৱে পেটৰ ক্ষুধা পূৰণ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে শিক্ষা এক বিলাসিতা নহৈ কি হ’ব পাৰে!

এনে প্ৰয়োজনতেই উচ্চতম ন্যায়ালয়ৰ এক ৰায় মৰ্মে এইসকল শিশুক উপলক্ষ্য কৰি ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি গ্ৰহণ কৰে৷ শিক্ষা, পুষ্টি আৰু স্বাস্থ্যক একলগ কৰি প্ৰণয়ন কৰা এই আঁচনিৰ প্ৰতি সৰ্বসাধাৰণৰ আপত্তি থাকিলেও এই আঁচনিয়ে যে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ হাৰ বৃদ্ধি কৰিছে, সেইয়া ধুৰূপ৷ এই আঁচনিয়ে শিক্ষা কাৰ্যত বাধাৰ সৃষ্টি কৰিছে নেকি, যদি কৰিছে, কিদৰে কৰিছে? সমূহ যুক্তি ভোকাতুৰ শিশুৰ বিপক্ষেই থিয় দিব৷ এইখিনিতেই উল্লেখনীয়, মাদ্ৰাজ পৌৰ নিগমে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৯২৫ চনতেই দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছিল৷

মধ্যাহ্ন ভোজন আঁচনিৰ পিছতে চৰকাৰী বিদ্যালয়ৰ আন এক প্ৰত্যাহবান হৈছে, প্ৰাথমিক পৰ্যায়ত সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়াটো৷ চৰকাৰী বিদ্যালয়ৰ লক্ষ্যই হৈছে শিক্ষাৰ সৰ্বজনীনকৰণ, অৰ্থাৎ সকলো ছাত্ৰ-ছাত্ৰীকেই প্ৰাথমিক শিক্ষাই সামৰি ল’ব লাগিব৷ এনে কৰিবলৈ যাওঁতে পঢ়াত মন দিব নোৱৰা শিশুক মৰমেৰে, ধৈৰ্যৰে বুজাই বঢ়াই ৰাখিব লগা হয়, যাতে কোনো কাৰণতে শিশুটিয়ে বিদ্যালয়ৰ প্ৰতি বিৰূপ মনোভাৱ পোষণ নকৰে৷ তথ্যই দেখুৱাইছে যে, পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাবেই বছৰি এক বুজনসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা সমাপ্ত নকৰাকৈ বিদ্যালয় ত্যাগ কৰে৷ শিশু মনস্তত্ত্ববিদেও কৈছে যে, শিশু এটিক যেতিয়া তাৰ একে বয়সৰ বন্ধু-বান্ধৱৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰোৱা হয়, তেতিয়া সি হতাশাত ভুগে৷ পশ্চিমীয়া দেশত শিশুসকলৰ মনটোক টোপ পৰিবলৈ নিদিয়াকৈ ডাঙৰ দীঘল কৰা হয়৷ কাৰণ সেই শিশুসকলেই পিছৰ সময়ছোৱাত ৰাষ্ট্ৰৰ গধুৰ দায়িত্ব বহন কৰিবলগা হয়৷ গতিকে শিশুৰ শৈশৱ টনকিয়াল হওক৷ হতাশাই তেওঁলোকক আৱৰি নধৰক৷ কোনো কাৰণতে এটি শিশুক পৰীক্ষাৰ প্ৰতি বা শিক্ষাৰ প্ৰতি ভীতি প্ৰদৰ্শন কৰা নহওক৷

পৰীক্ষাত উত্তীৰ্ণ কৰাই দিলেও এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ গধুৰ দায়িত্ব আছে৷ বিদ্যালয়ৰ আজৰি সময়ত তেওঁলোকক আন ছাত্ৰ-ছাত্ৰীৰ স্তৰলৈ অনাৰ বাবে নিদানমূলক শিক্ষা (Remedial Teaching) দিয়াৰ ব্যৱস্থা আছে৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে বয়স অনুপাতিক শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰি থাকিব পাৰে, তাৰ বাবে শিক্ষকৰ ওপৰত দায়িত্ব ন্যস্ত কৰা আছে৷

চৰকাৰী বিদ্যালয়সমূহৰ আৰু এটা প্ৰধান অসুবিধা এয়ে যে, প্ৰাথমিক শিক্ষা আৰু উচ্চ প্ৰাথমিক শিক্ষাৰ বিদ্যালয় ভিন্ন হোৱাৰ কাৰণে অভিভাৱকসমূহ বিদ্যালয় সলনি কৰি থাকিবলগা হয়৷ অৱশ্যে এই সমস্যা দূৰ কৰাৰ বাবে শিক্ষা বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি(২০১৯)য়ে শিক্ষাৰ অধিকাৰ আইন(২০০৯)ক বিস্তৃত কৰি তিনিবছৰৰ শিশুৰ পৰা ওঁঠৰবছৰ ল’ৰা-ছোৱালীলৈ সামৰি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ এই প্ৰস্তাৱ গৃহীত হ’লে পোন্ধৰবছৰৰ পিছত দেশৰ সকলো প্ৰাপ্তবয়স্কলোকৰ ন্যূনতম শিক্ষা উচ্চতৰ মাধ্যমিক হ’ব৷ সমাজৰ সামগ্ৰিক বিকাশৰ বাবে এনে প্ৰস্তাৱ আদৰণীয়৷ এনে শিক্ষানীতিৰ ফলত সকলো শ্ৰেণীৰ লোকে সমান সুযোগ আৰু সমান সামাজিক স্থিতি গ্ৰহণ কৰি পিছপৰা ল’ৰা-ছোৱালীৰ মাজত আত্মবিশ্বাস গঢ় লৈ উঠাত সহায় কৰে৷ আত্মবিশ্বাসী কিশোৰ এজনৰ মাজত হতাশা, নীচাত্মিকাবোধ তথা অপৰাধমূলক প্ৰৱণতা কমকৈ দেখা যায়৷ আগতেই কোৱা হৈছে, এখন সুস্থ সমাজৰ খাতিৰত এনে বিবেকবান প্ৰজন্মৰ অতিকৈ প্ৰয়োজন৷ শিক্ষকসকলেই উঠি অহা প্ৰজন্মটোৰ মানসিক ভেঁটি শক্তিশালী কৰিব লাগিব৷ তাৰ বাবে শিক্ষকসকল কেৱল শৈক্ষিক অৰ্হতাসম্পন্ন হ’লেই নহ’ব, মানৱীয় গুণৰাজিৰ অধিকাৰীও হ’ব লাগিব৷ সমাজৰ এশ শতাংশ শিশুক শিক্ষিত কৰিবলৈ যাওঁতে অহা সমস্যাবোৰ সমাধান কৰিব পৰাকৈ তেওঁলোক ক্ষিপ্ৰ মগজুসম্পন্ন হ’ব লাগিব৷
এইখিনিতে এজন শিক্ষাবিদৰ শিক্ষা বিষয়ক অভিজ্ঞতা এটা উল্লেখ কৰিবলৈ মন গ’ল৷ তেখেতে ঊনৈশ বছৰ ধৰি ৰাষ্ট্ৰসংঘত কাম কৰিছিল৷ সমগ্ৰ পৃথিৱীত চলি থকা শিক্ষামূলক আঁচনিসমূহৰ জন্মলগ্নত তেখেতৰ হাত আছে৷ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল তেওঁ৷ চীনত যেতিয়া ভয়ংকৰ বানপানী হৈছিল, তেতিয়া তৎকালীনভাৱে ডেৰশখন নাও প্ৰস্তুত কৰি উলিয়াইছিল আৰু নৌকা-বিদ্যালয়তে শিশুসকলক শিক্ষাদান কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ প্ৰশ্ন হয়, ইমান দুৰ্যোগৰ মাজতো শিশুৰ শিক্ষা ইমান জৰুৰীনে?

তেওঁৰ উত্তৰ আছিল, জৰুৰী৷ এই শিক্ষাদানে শিশুসকলক দুৰ্যোগৰ ভয়ৰ পৰা আঁতৰাই থব৷ দ্বিতীয়তে, শিশুসকল সুসংগঠিত হৈ থাকিলে পৰিয়াল আৰু ৰাষ্ট্ৰই বানপানীৰ আন সমস্যাসমূহত মনোনিৱেশ কৰিব পাৰিব৷ তৃতীয়তে, শিশুসকলে উপলব্ধি কৰিব যে অস্বাভাৱিক পৰিস্থিতিতো কিদৰে স্বাভাৱিক হৈ থাকিব পাৰি৷

শেষত তেখেতৰ ভাষাৰেই কওঁ, “এজন ভাল শিক্ষক সৃষ্টি কৰোঁ আহক, তেওঁ এটা প্ৰজন্ম গঢ়ি থৈ যাব৷ ”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments