শিক্ষাৰ খৰছ ( উদ্দীপ তালুকদাৰ )

উদ্দীপ তালুকদাৰ:
মোৰ দুই-তিনিটামান সৰু ভাই আছে, সৰু ভাই মানে বহুত সৰু, একাদশ/দ্বাদশ শ্ৰেণীত পঢ়ে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে, এনেকুৱা বয়সৰ। সিহঁতকেইটাৰ বেলেগ বেলেগ কলেজৰ প্ৰৱেশিকা পৰীক্ষাৰ এডমিছনৰ দিন /অনলাইন ফৰ্ম ফিল আপ এনেকুৱা কামৰ বাবে মোৰ ওচৰলৈ আহি থাকে। সেয়ে বৰ্তমান সৰ্বভাৰতীয় পৰীক্ষা বিলাকৰ অকল পৰীক্ষা দিয়াৰ খৰছ আদিৰ দৰে কথাবোৰ গম পাই থাকোঁ । আজি হঠাত্‍  তাৰে এজনে আহি কম খৰছী পৰীক্ষা বিচাৰোঁতেহে এটা কথা লক্ষ্য কৰিলো।
আইআইটিৰ ফৰ্মৰ দামঃ ১,৮০০/-, ১,০০০/- (জনজাতি…) আৰু ২০০/- (ছোৱালীৰ বাবে), অনলাইন ফিলা-আপ কৰিলে ১,৬০০, ৮০০, ফ্ৰী
এ.আই.ই.ই.ইঃ  ৪৫০/- (জেনেৰেল), ২২৫/- (জনজাতি)
পিএমটিৰ ফৰ্মৰ দামঃ ৮০০/- (নেটত বিচাৰি উলিয়াইছোঁ, বেলেগে বেলেগে ক’ব নোৱাৰিম)
অসমৰ সংযুক্ত প্ৰৱেশিকাঃ ৫০০/- (নেটত বিচাৰি উলিয়াব পৰা নাই, কিন্তু মোৰ মনত থকা মতে)
ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ বি.টেক. ডিগ্ৰীৰ বাবেঃ ৫০০/-
তেজপুৰ ইউনিভাৰ্ছিটি বি.টেক, ডিগ্ৰীৰ বাবেঃ ৫০০/-
বাহিৰা আন আন সাধাৰণতে বিচৰা কলেজৰ ফৰ্মৰ দামো প্ৰায় ইমানেই। আৰু কোনো এজন পৰীক্ষাৰ্থীয়েই এটা পৰীক্ষাত পাম বুলি নিশ্চিত হৈ থাকিব নোৱাৰে কাৰণে কেবাটাতো কৰিবলগীয়া হয় । কেবাখনো কলেজত এডমিছন ল’বলৈ প্ৰৱেশিকা পৰীক্ষা এই.আই.ই.ই.ই. যদিও তেওঁলোকৰ তাতে পঢ়িবলৈ আগতেই পইছা দি ফৰ্ম ফিলা আপ কৰি থ’বলগীয়া হয়। এ.আই.ই.ই.ই-ৰ ৰিজাল্টলৈ অপেক্ষা কৰিবও নোৱাৰে, কাৰণ ফৰ্ম আগতেই ভৰ্তি কৰিব লাগে।
সেয়ে ইঞ্জিনীয়াৰিং, মেডিকেল আদি পঢ়িবলৈ কমেও দুটা-তিনিটা পৰীক্ষা দিবই লাগে। ইঞ্জিনীয়াৰিং / মেডিকেল নপঢ়ি স্নাতক ডিগ্ৰীৰ বাবে পঢ়িবলৈও কটন, বি.বৰুৱা, বা আন যিকোনো মহাবিদ্যাল্যয়ৰ ফৰ্মো ফিল-আপ কৰিব লাগিব। তাৰো দাম পাঁচশ টকাৰ তলত নহয়।
মুঠতে যিকোনো এজন ছাত্ৰই +২ পাছ কৰাৰ পাছত কমেও পাঁচ হেজাৰ টকাৰ জোৰা এটা মাৰিব লগীয়া হয়। আকৌ এবাৰতে নাপাই দুবাৰ চেষ্টা কৰাটোও এটা নিয়ম। দ্বিতীয় বাৰত আৰু বেছি কলেজত কৰা হয়, কাৰণ প্ৰথম বাৰৰ অভিজ্ঞতাৰ পৰা জানিব পাৰে যে কিছুমান কলেজৰ কথা তেখেতে গমেই নাপালে, য’ত তেখেতে পোৱাতকৈও কম নম্বৰতে কোনোবাই কোনোবাই এড্‌মিছন পালে।

এতিয়া মোৰ ক’বলগীয়া হ’লঃ পাঁচ হেজাৰ টকা কেৱল পৰীক্ষাৰ নামত খৰছ কৰাটো বহুতো পৰিয়ালৰ বাবে মুখৰ কথা নহয়। কেবাখনো কলেজৰ এড্‌মিছন নোটিচ পঢ়িও যিটো দেখিলো, ক’তোৱেই দৰিদ্ৰ সীমা-ৰেখাৰ তলৰ ছাত্ৰৰ বাবে কোনো ৰেহাইৰ ব্যৱস্থা নাই। যিখিনি আছে, সেয়া জনজাতি-আৰু ছাত্ৰীৰ বাবে। গতিকে যিসকল আচলতে দুখীয়া ঘৰৰ, কিন্তু মেধাৱী ছাত্ৰ তেওঁলোকে সকলো পৰীক্ষা দিবই নোৱাৰে। কিবাকৈ এবাৰ পাৰিলেও পাছৰ বাৰ দিয়াটো সহজ নহয়। আকৌ দুখীয়া হোৱা বাবেই কোচিং আদিও ল’ব নোৱাৰে, সেয়ে প্ৰথম বাৰত নোপোৱাৰ সম্ভাৱনা আৰু বেছি।

গতিকে, কথাটো এনেকুৱা হ’ল যে যিসকলে পইছা দিব পাৰে, তেওঁলোকেহে পঢ়িবও পাৰিব আৰু যিয়ে নোৱাৰে, তেওঁ নপঢ়াকৈয়ৈ ৰৈ যাব লাগিব। চৰকাৰী/বেচৰকাৰী জলপানি আকৌ কলেজত ছিট পোৱাৰ পাছতহে পাব! কিন্তু পৰীক্ষাই দিব নোৱাৰিলে ছিট পোৱাৰ প্ৰশ্নই নাহে।
এনেকৈ চলিলে যিসকল দুখীয়া তেওঁলোক দুখীয়াই হৈ ৰৈ নেযাব নে? আৰু এই মেধাৱী ল’ৰা-ছোৱালীখিনিয়ে যদি বেয়া পথ ল’বলৈ যায়, তেন্তে তেওঁলোকে নিজৰ মেধাৰ জৰিয়তেই তাতো খুব ‘ভাল’ ফল দেখুৱাব।

কথাটো চিন্তনীয় নহয়নে? চৰকাৰ/কলেজ/বিশ্ববিদ্যালয় সমূহে এই বিষয়ত কিবা এটা কৰা উচিত নহয় জানো? সম্পূৰ্ণ পঢ়াৰ খৰছ বিনামূলীয়া কৰিব নালাগে, কিন্তু ফৰ্মকেইখন অন্ততঃ বিনামূলীয়াকৈ দিব নোৱাৰিনে? চৰকাৰী চাকৰিৰ বাবে নিবনুৱা সকলে পাঁচ টকা দি চালান দিব লাগে, কিন্তু ইনকামৰ মুখেই নেদেখা ফুকলীয়া কেইটাই পৰীক্ষা এটা দিবৰ বাবে পাঁচশ টকা খৰছ কৰিব লাগে!

এইবোৰৰ লগত ক্ৰমে বাঢ়ি অহা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহ যোগ দি চাওঁকচোন, কি ভয়ানক অৱস্থা এটা হ’বলৈ গৈ আছে! (এইটো বিষয়ে পাছলৈ লিখিম) আমি কিবা এটা কৰিব নোৱাৰোঁনে? অন্ততঃ এই বিষয়ৈ ৰাইজৰ মাজত অলপ প্ৰচাৰ কৰিব পাৰিলে ভাল আছিল।

শেহত এটা কথা, এনেকুৱাও হ’ব পাৰে যে চৰকাৰে এনেকুৱা ছাত্ৰৰ বাবে কিবা আঁচনি লৈ থৈছে। তেনেকুৱা কিবা থাকিলেও জনাব, কাৰণ সেইটো খবৰো প্ৰসাৰ কৰিব লাগিব।


অভিজিত্‍ কলিতা :
অতি চিন্তনীয় বিষয়, চৰকাৰে যিমানে সকলোৰে বাবে শিক্ষা বুলি তালফাল লগাই আছে, আনহাতে চৰকাৰী বিলাককে ধৰি সকলো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতে আপুনি কোৱাৰ দৰে সাধৰণ লোকৰ প্ৰবেশ প্ৰায় নিষিদ্ধ কৰাৰ যোগাৰ কৰিছে |

উদ্দীপ তালুকদাৰ :
এই পইচাখিনি কোনে কি ভিত্তিত লয়? আৰু কিয় লয়? কাগজখিনি চোৱা-মেলা কৰিবলৈ নিশ্চয় দৰমহা পোৱা কৰ্মচাৰী থাকেই। অন্ততঃ এজনৰ কামৰ বাবে পাঁচশ টকা খৰছ নিশ্চয় নহয় চাগৈ। অ’এম’আৰ কাগজখিলা ছপা কৰোঁতেও কিজানি ইমান টকা নাযায়। আনকি এডমিট পঠিয়াবলৈ যিটো লেফাফা লাগে, সেইটোও দেখোন প্ৰাৰ্থীয়েই দিব লাগে।

অভিজিত্‍ কলিতা : সকলোৰে বাবে শিক্ষা মানে কেৱল প্ৰথমিক শিক্ষাহে শিক্ষা নেকি? বৰ্তমান এনে এটা পৰিৱেশ হৈছে যে, কেৱল উচ্চ মধ্যবিত্ত বা ধনী শ্ৰেণীৰ বাবেহে উচ্চ শিক্ষা সম্ভৱ হৈ পৰিছে| ভাৰতৰ দৰে দেশ এখন এতিয়াও আমেৰিকাৰ মডেলৰ কেৱল প্ৰফেচনেল শিক্ষা অনু্ষ্ঠানৰ বাবে উপযুক্ত হৈ উঠা নাই |

প্ৰতিম প্ৰতাপ বৰুৱা : ভাৰতে যদি নিজকে ৱেলফেয়াৰ ষ্টেট বুলি কয় আৰু নিজ দেশৰ নাগৰিকসকলক সঁচাই মানৱ সম্পদ বুলি ভাৱে, তেন্তে আচলতে আদিৰে পৰা অন্তলৈকে শিক্ষা বিনামুলীয়া হ’ব লাগে । কিন্তু আমাৰ দেশত তেনে নহয়গৈ কেতিয়াও ।
কিন্তু সকলো শিক্ষানুষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ পঢ়াৰ সুবিধা দিব লাগে । কিন্তু কথা হ’ল এই দৰিদ্ৰ সীমাৰেখা কেনেকৈ নিৰ্ধাৰণ কৰা হ’ব ? যাৰ যাৰ ওচৰত বি.পি.এল্. ৰেচন কাৰ্ড আছে তেওঁলোকেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক নহয় জানো ? এতিয়া এই বি.পি.এল্. ৰেচন কাৰ্ডখন কেনেকৈ লাভ কৰিব  পাৰি ৰাইজে জানেই । বহুত কোটিপতি মানুহৰো বি.পি.এল্. ৰেচন কাৰ্ড আছে ।

অভিজিত্‍ কলিতা :
বুঢ়া মানুহৰ নিচিনাকৈ কবলৈ  মন যায়, আমাৰ দিনত সঁচাকে ভাল আছিল| আজিৰ দৰে হ’লে অন্ততঃ মই কেতিয়াও ইঞ্জিনিয়াৰিং পঢ়িব নোৱাৰিলোহেঁতেন |

উদ্দীপ তালুকদাৰ :
বি.পি.এল.খন মই এটা এতিয়াই কৰিব পৰা নিয়ম হিচাপেহে উল্লেখ কৰিছিলো। কাৰণ বি.পি.এল.ৰ বাকী সুবিধাখিনি লৈ আছে যেতিয়া অন্ততঃ পৰীক্ষা দিয়াৰ সুবিধাকণো দিব পাৰি। কাৰণ আমি সাংঘাতিক কিবা বিচৰাই নাই, মাত্ৰ খোজকাঢ়িবলৈ শিকোৱাৰ আগেয়ে দুয়োহাতেৰে ধৰি থিয় হোৱা ঠাইকণ দিয়াৰ কথাহে কৈছোঁ।

মৌচুমী ভুঞা চৌধুৰী : এই ক্ষেত্ৰত মই এটা কথা বাৰে বাৰে অনুভৱ কৰোঁ। আমাৰ ”reservation”ৰ ব্যৱস্থাটো আৰ্থিক দিশৰ ওপৰত ভিত্তি কৰি নহয় কিয়? যাৰ অভাৱ আছে, চৰকাৰী সাহায্য তেওঁৰহে প্ৰাপ্য হোৱা উচিত।

উদ্দীপ তালুকদাৰ :
সংৰক্ষণৰ কথা আৰু কৈ লাভ নাই! গালিকেইটামান ওলাব মুখৰপৰা। গতিকে নকওঁ।

মিণ্টু বৰগোঁহাই :
সেযে যোৱাবছৰ ডিব্ৰুগড বিশ্ববিদ্যালযত নামভৰ্ত্তি মাচুল হ্ৰাস কৰাৰ দাবীত ছাত্ৰ্-ছাত্ৰীসকলে আন্দোলন কৰিব লগীযা পৰিস্থিতিৰ উদ্ভৱ হৈছিল ।
উদ্দীপ তালুকদাৰ :     বিশ্ববিদ্যালয় কেইখনৰ গাতো বেলেগে দোষ দি লাভ নাই। তেওঁলোকৰে নিজৰে আৰ্থিক অৱস্থা কাহিল হৈ থাকে।

পংকজ বৰা :
‎”এই পইচাখিনি কোনে কি ভিত্তিত লয়? আৰু কিয় লয়? ” -প্ৰথমে এই অংকটোৰ উত্তৰ দিব লাগে সংশ্লিষ্ট কৰ্তৃপক্ষই ৷ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফৰ্মৰ দাম ২০০ টকাতকৈ বেছি হ’বই নেলাগে ৷ ছাত্ৰ সংগঠনবোৰ ক’ত শুই থাকে ? ছাত্ৰ সংগঠনৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যাক লৈ গুৰুত্ব নাই, কৃষক সংগঠনৰ কৃষকৰ সমস্যাক লৈ গুৰুত্ব নাই ৷ কি হ’ব আৰু !

প্ৰতিম প্ৰতাপ বৰুৱা : যি কোনো পৰীক্ষাৰ বাবে ফৰ্ম ছপা কৰি বিক্ৰী কৰাতো শিক্ষানুষ্ঠানবোৰৰ বাবে এটা ব্যৱসায় যেনহে হৈ পৰিছে বোধহয় । ”reservation”ৰ ব্যৱস্থাটো আৰ্থিক দিশৰ ওপৰত ভিত্তি কৰি হব লাগে । কিন্তু আকৌ সেই একেটাই কথা । সুবিধা লবৰ বাবে ধনী মানুহে পিছদুৱাৰেদি বি.পি.এল. ৰেচন কাৰ্ড উলিয়াই ল’ব ।  কিবা এটা কংক্ৰীট সমাধান লাগে । আজিকালি এহাল লৰা-ছোৱালী স্কুলত পঢ়োৱালে মাক্-দেউতাকৰ আৰ্থিক ভাৱে কি অৱস্থা হয় নিজৰ গাতে পাইছো । লৰা-ছোৱালী স্কুল যাওঁতেই এই অৱস্থা । পিছলৈ ক’লেজ্-বিশ্ববিদ্যালয় বাকী আছেই ।

অভিজিত্‍ কলিতা :
শিক্ষা সকলোৰে বাবে এতিয়া এক ব্যৱসায়, চেতন ভগতে ৰিভলইউচন ২০২০ ত কোৱা প্ৰতিতো কথাই সত্য ।


দ্বীজেন মহন্ত :
এই টকা ক’ত কেনেকৈ খৰচ হয় জানিবৰ বাবে তথ্য জনাৰ অধিকাৰ আইনৰ জৰীয়তে জানিব নোৱাৰি নেকি ?
স্ব্যামন্ত কে গোস্বামী :     ইয়াত থাকি ( কোৰিয়া ) হোৱা এটা সৰু অভিজ্ঞতাৰ কথা ক’ব খুজিছোঁ । মোৰ এজন চিনাকি ল’ৰা । ঘৰৰ অৱস্থা ভাল নহয় । স্কুলত পঢ়ি থকালৈ ঘৰৰ পৰা পঢ়ুৱাইছিল, কিন্তু এতিয়া আৰু মাক-দেউতাকৰ পঢ়ুওৱাৰ সামর্থ নাই । কিন্তু ইয়াত চৰকাৰ আৰু বিভিন্ন কোম্পানীসমূহৰ ফালৰ পৰা বছৰেকীয়া (সান্মাষিকভাবেও আছে চাগে) মেধাবী ছাত্র-ছাত্রীৰ বাবে বৃত্তিৰ ব্যৱস্থা আছে । এই বৃত্তি তেওঁলোকক হাতে হাতে বা তেওলোকৰ বেংক একাউন্টত জমা দিয়া নহয়, কিন্তু যিখন শিক্ষানুষ্ঠানত পঢ়ি আছে, তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ ফিজ জমা দিয়াৰ বাবে থকা একাউন্টতহে জমা দিয়া হয় । ইয়াৰ এটা ভাল দিশ হ’ল – ছাত্ৰজনে মিছাকৈ এই জলপানি লৈ আন কামৰ বাবে খৰছ কৰিব নোৱাৰাটো । এই কথাটো মইও কিছুদিন আগতেহে জানিলোঁ । এই জলপানি লৈয়েই সেই ল’ৰাজনে স্কুল পাছ কৰাৰ পিছৰেপৰা (আমাৰ তাৰ মতে উচ্চতৰ মাধ্যমিকৰ পৰা) নিজৰ প্রায় সকলো শিক্ষা খৰছ নিজেই বহন কৰি আছে । আৰু এটা কথা উল্লেখ্য যে পঢ়া মাচুল ইয়াত খুবেই বেছি । গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত পাচ কৰিলেই কম্পিউটাৰ দিয়াতকৈ সেইখিনি ব্যয় আন শিতানত কৰিলে যেনে আর্থিকভাবে দুর্বল অথচ মেধাবী ছাত্ৰ ছাত্ৰীক মাহেকীয়া ভিত্তিত এটা জলপানি দিয়াৰ ব্যবস্থা কৰিলে তেওঁলোক কিছু হ’লেও উপকৃত হ’ব যেন বোধ হয় । কিন্তু শিক্ষা বিনামূলীয়া কৰাৰ ক্ষেত্ৰত মই সম্পূর্ণ একমত নহয় । দশম শ্রেণীমানলৈকে ঠিক আছে, কিন্তু তাৰপিছত নালাগে ।


দিগন্ত শইকয়া :
চিন্তনীয় কথা , মোৰ মতে পঢ়াৰ ক্ষেত্রত সংৰক্ষন ব্যৱস্থাটো অকল দুখীয়াৰ ক্ষেত্রতহে কৰিব লাগে ৷ কষ্ট কৰি দুখীয়া মেধাবী ছাত্র/ছাত্রী এগৰাকীৰ কষ্ট তেনেই অথলে যায় এই পৰীক্ষাবোৰত বা পঢ়াৰ খৰচৰ বাবে ৷ বৰ্তমান তথাকথিত সংৰক্ষন ব্যৱস্থাটোৰ যোগেদি নাম ভৰ্ত্তি হোৱা লিষ্টখন দেখিলে কেতিয়াবা বৰ আপছু হয় , বৰ দুখ লাগে মেধাবী ছাত্র/ছাত্রীবোৰ বাদ পৰি যোৱাৰ বাবে ৷
প্ৰদ্যুত জ্যোতি শইকীয়া :      মন্তব্য দিবলৈ গৈ ৫-৬ বছৰৰ আগলৈ মনত পৰি গ’ল|যেতিয়া শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ আহিছিলো|তেতিয়াৰ নামভৰ্তিৰ মাচুল আছিল ১৪০০ টকা বোধহয়|ছোৱালীৰ অলপ কম|তাৰ পাছত ইটো-সিটো ফীজ দি বহুত হৈছিলগৈ চাগে |হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত , লগৰবোৰক দেখিছিলো আই.আই.টিৰ ফৰ্ম, এ.আই.ই.ই.ই , চি.ই.ই, আৰু ক’ত যে কি পৰীক্ষাৰ ফৰ্ম আনিছিল|গোটেই সোপা মিলালে কিজানি ১০,০০০ মান হ’ব|সেইটো সময়তে আমাৰ স্থানীয় উচ্চতৰ মাধ্যমিকখনত পঢ়া মোৰ স্কুলৰ বন্ধুজনে প
ইচাৰ অভাৱৰ কাৰণে চিন্তা কৰিছিল|কোনটো পৰীক্ষা দিলে ভাল হ’ব ইঞ্জিনীয়াৰীং নে মেডিকেল? মোৰ বোধেৰে RTI উত্তম বুদ্ধি প্ৰথমে খবৰ লোৱা যাওক ইমান টকা খৰচ ক’ত কৰে? ফৰ্ম তৈয়াৰ কৰোঁতে নে আন কিবা?

দ্বীজেন মহন্ত : মোৰ নিজৰ অভিজ্ঞতাৰ কথাকে কওঁ : ষষ্ঠ শ্ৰেণীলৈকে বিনামুলীয়া শিক্ষা পালো । ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেনী পাওতে পিতৃৰ বিয়োগ । চকুৰে সৰিয়হ ফুল দেখিলো । মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰিঞ্চ উবেদুল্লাহ চাৰে আমাৰ দুয়োটা ভাই ককাইৰ স্কুলৰ ফীজ দি দিছিল দশম শ্ৰেনীলৈকে । টিউচন কৰি প্ৰাক বিশ্ববিদ্যালয় পাৰ হলো । চাৰিআলি ASTC বাচ আস্থানত কিতাপৰ হ’কাৰি কৰি কৰি স্নাতক পৰ্যায় পাৰ কৰিলো । তাৰ পাছত উত্তৰ বংগ বিশ্ববিদ্যালয়ত মোৰ মাননীয় বিভাগিয় মুৰব্বী চৰকাৰ চাৰৰ দয়াত বিনা মাচুলে স্নাতকোত্তৰ ডিগ্ৰী ললো । সেই সময়ত যদি সকলোৱে মোক আৰ্থিক সহায় নকৰিলে হেতেন মই চাগৈ সিমানতে বিদ্যা সমাপ্ত কৰিব লগা হল হেঁতেন।

অজয় লাল দত্ত : খোজে প্ৰতি ধন আহৰণৰ এই বেপাৰটোৰ আঁৰত কিছু কথা আছেঃ
১. “ধন থকা জনৰ বাবেহে উচ্চ শিক্ষা” এই টেগ লাইনৰ প্ৰচাৰ
২. উচ্চ শিক্ষা সাৰ্বজনীন বা সৰ্ব সাধাৰণৰ বাবে নহয় ধাৰণাৰ প্ৰচাৰ ৷
৩. উচ্চ শিক্ষাৰে মানৱ সম্পদ গঢ়াত চৰকাৰে আৰু খৰছ নকৰে নীতি
৪. উচ্চ শিক্ষাৰে বানিজ্যিকীকৰণৰ বাবে মানুহৰ মনক দিয়া প্ৰথমটো শিক্ষা, (টকা নাই যদি বেছি পঢ়াৰ সপোন নেদেখিবি জাতীয়)
৪. চিৱালিজমৰ অন্য এক উপহাৰ!


মেদিনী নেওগ :
এই শিক্ষাৰ ব্যৱসায়ীকৰণ বিষয়তো মোৰ বোধেৰে আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ সমস্যা – বিশেষকৈ ভাৰতৰ দৰে অৰ্থনৈতিক দিশত উন্নয়নশীল দেশবোৰৰ ক্ষেত্ৰত | কিহৰ কাৰনে নাজানো, কিন্তু এই শাৰীৰ প্ৰায়বিলাক দেশেই শিক্ষা খণ্ডৰ ব্যক্তিগতকৰনত হয়ভৰ দিছে | দেখা যায়, এনে দেশ এখনত দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু তাৰ ওচৰে পাজৰে এক বুজন সংখ্যক লোকে বাস কৰে | ভাৰতৰ সৈতে অৰ্থনৈতিকভাৱে একেশাৰীতে পৰা সকলো দেশতেই অৱস্থাতো প্ৰায় একে অৰ্থনৈতিক ভাৱে স্বচ্চল এটা Class, যাৰ পইচা আছে, কিন্তু নিজৰ শিপাৰ লগত কোনো সম্বন্ধ নাই | এই শ্ৰেণীটোৱে দেশৰ প্ৰায়ভাগ উদ্যোগ চলায় , Thanks to অৰ্থনৈতিক উদাৰীকৰণ | চৰকাৰে বহু ধৰনে এই শ্ৰেণীটোৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু সেয়ে দেশৰ আইন প্ৰণয়ন পদ্ধতিটো এই শ্ৰেণীটোৰ প্ৰয়োজন বিলাকৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে |

তাৰ সম্পূৰ্ন বিপৰীত মেৰুত থাকে আনতো শ্ৰেণী – অৰ্থনৈতিকভাৱে দূৰ্বল, কিন্তু মাটিৰ প্ৰতি এক টান থাকে এওঁলোকৰ, কাৰন চৰকাৰৰ অৱহেলাৰ স্বত্ত্বেও এওঁলোকে মাটিক ভৰসা কৰিয়েই জীয়াই থাকে | প্ৰত্যেকতো বস্তু পাবৰ কাৰনে এওঁলোকে প্ৰায়ে আন্দোলন কৰিব লগীয়া হয় | এওঁলোকৰ প্ৰয়োজনবিলাক চৰকাৰৰ আইন প্ৰণয়ন পদ্ধতিত নূন্যতম বিচাৰ্য্য বস্তু |

এতিয়া কথা হ’ল শিক্ষা ল’বৰ কাৰণে ইমান পইচা কিয় ? সাধাৰণ কথা – যদি শিক্ষা ইমান সুলভ হয়, চব মানুহেই দেখোন শিক্ষিত হৈ পৰিব | পুঁজিপতি সকলৰ উদ্যোগ সমূহত কোনে Cheap Labour-অৰ কাম কৰিব ? কেইদিনমানৰ আগতে এই অ.ক.ব.-ৰ মজিয়াতে অসম চৰকাৰৰ মেট্ৰিকত কম্পিউটাৰ দিয়াক লৈ হোৱা আলোচনা এটাত কোনোবাই কৈছিল এই কথাষাৰ – ….. তোমালোকৰ পঢ়িবৰ মন আছে পঢ়া, কিন্তু আমি ভাল শিক্ষক বিনামূলীয়াকৈ দিব নোৱাৰোঁ… | একদম সঁচা কথা – এইটোৱেই হৈছে বৰ্তমান চৰকাৰৰ Attitude |

মূল লক্ষ্য এটাই – মেৰুদণ্ডবিহীন এটা শ্ৰেণী বনাব লাগে যি মাত্ৰ চাকৰ হ’ব জানে | যাৰ কোনো আদৰ্শ নাথাকিব, থাকিব মাথোঁ প্ৰত্যেক কথাত নিজক ধিক্কাৰ দিয়াৰ প্ৰৱণতা | ইতিমধ্যে বহুলাংশে সফলো হৈছে চৰকাৰ – চাহ বাগান বিলাকলৈ চাওকছোন এবাৰ | চাহ বাগানত এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আজিৰপৰা প্ৰায় তিনিশ বছৰৰ আগেয়ে |

(ৰাইজ, মই কিন্তু কোনোধৰনেই এইটো বুজাব চেষ্টা কৰা নাই যে চাহ বাগানৰ মানুহ সকলৰ আদৰ্শ নাই বা তেওঁলোক মেৰুদণ্ডবিহীন, মই মাথো মানুহৰ মানৱতা বধ কৰা প্ৰক্ৰিয়াতো উনুকিয়াইছোঁ | ভাৰতত ব্ৰিটিছে এই প্ৰক্ৰিয়াতো চকুত পৰাকৈ কেৱল চাহ বাগান বিলাকত কামত লগাইছিল |)

ইয়াৰ সমিধান – আমাৰ নিজৰ বুলিবলৈ  যি আছে, তাক লৈ সদা সতৰ্ক হ’ব লাগিব, তাকে সাৰথি কৰি আগবাঢ়িব লাগিব | অসমৰ মাটিত খেতি ভাল হয়, কৰিব লাগিব | আমি নাইকৰা, বেলেগ কোনোবাই কৰিছে | কালক্ৰমত এই ভূমি তেওঁলোকৰ হ’ব, কাৰণ – তেওঁলোকে ভূমিৰ মূল্য বুজিছে | তেওঁলোকৰ বিশেষ শিক্ষা নাই, তাতে কি হ’ল ? আমাৰ দৰে তেওঁলোক বহি থকাতো নাই | উপায় এইটোৱেই, আমাৰ সম্পদক শক্তিলৈ ৰূপান্তৰিত কৰা | আমি শিক্ষিত সকলে আমাৰ মাজৰ অশিক্ষিত সকলক সহায় কৰিব লাগিব | চৰকাৰে যে শিক্ষা-নীতিত পৰিৱৰ্তন কৰিব, মনে নধৰেচোন | আমেৰিকাই ইমান প্ৰকাণ্ড মিলিটেৰী ফ’ৰ্চ এটা এনেই ৰাখিছে জানো ?

(নিজৰ সম্পদক সাৰথি কৰি আজিৰ যুগত কেনেকৈ শক্তিশালী হৈ উঠিব পাৰি, বাংগালোৰলৈ আহি বুজি উঠিছোঁ – কানাড়া মানুহ খিনিক চাই |)

প্ৰদ্যুত জ্যোতি শইকীয়া : “মূল লক্ষ্য এটাই – মেৰুদণ্ডবিহীন এটা শ্ৰেণী বনাব লাগে যি মাত্ৰ চাকৰ হ’ব জানে | যাৰ কোনো আদৰ্শ নাথাকিব, থাকিব মাথোঁ প্ৰত্যেক কথাত নিজক ধিক্কাৰ দিয়াৰ প্ৰৱণতা | ইতিমধ্যে বহুলাংশে সফলো হৈছে চৰকাৰ”|এই কেইশাৰী|কিছুমান কথা মানুহে জানিব লাগে|


উদ্দীপ তালুকদাৰ :
ইয়াৰ আঁৰত বহুতো গূঢ় কথা ওলাব। সেইখিনিৰ কথাও আলোচনা কৰাটো প্ৰয়োজনীয়, কিন্তু মোৰ মতেৰে একেবাৰে আৰম্ভণীতে অন্ততঃ ওপৰত উল্লেখিত পৰীক্ষাৰ ফৰ্ম কেইখন নিম্নতম মাচুলত দিয়াৰ ব্যৱস্থা কৰাটোত কোনেও আপত্তি কৰিবলগীয়া একো নাই। আৰু এটা কথা, আমি এই টীনেজাৰবিলাকৰ কাণ্ড-কাৰখানা দেখি অলপ বিচূৰ্তি খালেও, সিহঁতৰ মনবিলাক এতিয়াও ভাল (কেইটামান ওভোতগোৰে নচাও আছে) । সিহঁতৰ এটাই ক’লে বোলে সি আই.আই.টি.ৰ পৰীক্ষা নিদিয়ে, কাৰণ ফীজ বহুত, পোৱাৰ আশাও নাই। মই ক’লো বোলো তোৰ ইমান চিন্তা কৰিবলৈ কি হ’ল, পইচা দেউতাৰেহে দিব। সি উত্তৰত ক’লে, ‘সেই কাৰণেইটো! নিজৰ পইচা হ’লে দিলোহেঁতেন!’ এই মনবিলাক নষ্ট হ’বলৈ দিব নালাগে।

অজয় লাল দত্ত : বুঢ়া কমিউনিষ্ট কেইটাই কোৱা ক্লাছ ষ্ট্ৰাগল, শ্ৰেণী চৰিত্ৰ আদিৰ প্ৰভাৱ প্ৰকৃততেই সমাজত সৰ্বব্যাপী ৷ সৰ্ব-সাধাৰণে উচ্চ শিক্ষাৰে শিক্ষিত হৈ সমাজৰ গুৰি ধৰিব বুলিয়েটো এইজাক মানে শাসক তথা শোষকৰ ভয় ৷ সেয়ে সাধাৰণজন তাক শিক্ষিত কৰাবোৰ হেনো MAOবাদী , শাসকৰ বা শোষকৰ স্বাৰ্থ সিদ্ধিৰ বাবে সস্তা-দৰত মাটি আৰু মানুহ দিলে, সেইবোৰ ভাল MOUবাদী !শিক্ষা-সজাগতা-জাগৰণ-পৰিবৰ্তন আদিক বাধা দিয়াই নীতি৷ আমি সজাগ হবৰ হল৷ আপোনাৰ লেখা খিনি সমৰ্থন কৰি , ধন্যাবাদ জনালো৷ আৰু এনে লেখা আশা কৰিলো দেই নেওগ দেউ !


অঞ্জল বৰা :
এই বিষয়ে বহুত লিখা-মেলা হ’ল যে সংৰক্ষণ বিষয়টো জাতিগত নহৈ ধনী-দুখীয়াৰ ভিত্তিত হওক ৷ কিন্তু ৰাজনৈতিক লাভালাভাৰ বাবে এইবোৰ নহয় ৷ দ্বিতীয়তে পইচাবোৰ কি কাৰণত লয় তাৰো কোনো যুক্তি নাই ৷ এটা উদাহৰণ চাওক ৷ মই গৱেষণা কৰিলোঁ নিজৰ খৰছত ৷ বিশ্ববিদ্যালয়ৰ লগত মোৰ কোনো সম্পৰ্ক নাই ৷ সম্পৰ্ক গাইড আৰু মোৰ মাজত ৷ কিন্তু তাৰ বাবে মই প্ৰতি মাহে যোৱা চাৰি বছৰ ধৰি দুশটকাকৈ দি আছোঁ ৷ মাজতে ইয়াক পাঁচশ কৰিছিল ৷ কাজিয়া কৰি মেলি দুশ কৰা হ’ল ৷ আনপিনে আকৌ শেষত মই থেচিছ জমা দিয়াৰ সময়ত পাঁচ হাজাৰ টকা পৰীক্ষাৰ মাচুল বুলি জনা দিব লগা হ’ল ৷ গৱেষণা কৰি শেষ হ’ল এতিয়া আকৌ পৰীক্ষা মাচুলৰ নামত পাঁচ হাজাৰ টকা ! ইয়াৰ পিছটো বোলে ভাইভাৰ মাচুল দিব লাগিব ৷ ইয়াৰ মাজতে এডমিছন, লাইব্ৰেৰী খৰছ আদি আছে ৷ কথা হ’ল প্ৰতিবাৰতে যদি মইয়ে খৰছ কৰি থাকিব লাগে তেন্তে বিশ্ববিদ্যালয়ত দিয়া টকাবোৰ কিহত খৰছ কৰিছে ? দেখাত একো খৰছ নাই ৷ শেষত ভাইভালৈ কাৰোবাক মাতিলে মইয়েই চাহ-মিঠাই খোৱাব লাগিব !! কিন্তু কথা হ’ল এইবোৰ জানিবলৈ গ’লে মোৰ গৱেষণাৰ ডিগ্ৰীটো ক’ৰবাত ওলমি থাকিব ৷

অজয়লাল দত্ত  : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিএইচ ডিটো এনেয়েও বৰ গণ্ডগোলীয়া বস্তু হেনো !
১. পেপাৰত পাইছো- থেচিচ লিখাৰ প্ৰফেচনেল পোৱা যায় ।
২. পুৰণি টপিককে অকন সলাই পোনাই-পাজৰাই দিয়ে ।
৩. কিছুমান টপিক- ৰেলৰ আলিৰ দুয়ো পাৰৰ দুই গাঁৱৰ খাদ্যাভ্যাসৰ তুলনামূলক অধ্যয়ন জাতীয় ।
৪. আমাৰ  কাষৰ বাইদেৱে নতুন শাৰী পিন্ধি হেনো গাইডৰ ঘৰলৈ যাব নোৱাৰে , চাৰৰ বাইদেউকো এখন লগা হয় !
৫. বিজ্ঞান জেউতিত প্ৰকাশিত সেই বিতৰ্কিত কাৰ্টুনটো, পি এইচ ডি সৰকোৱা সৰ্ম্পকীয়, যাৰ বাবে সম্পাদকে পদত্যাগ কৰিছিল ।

এনেবোৰ কাৰনামাৰ বাবে পিএইচ ডি সহজে কেনেকৈ পাব পাৰি জাতীয় গাইড-বুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই এদিন প্ৰকাশ হব বুলি আশা কৰিছো ৷

উদ্দীপ তালুকদাৰ : ইউ-জি-চি-ৰ কৰ্ম কাণ্ডবিলাক বৰ টোঘলকী হয়, দীৰ্ঘম্যাদী আঁচনি নলৈ এদিনতে চব ঠিক কৰি দিবলৈ  বিচাৰে। শিক্ষকৰ দৰমহাৰ বাহিৰে বাকীখিনিত শিক্ষক সকলেই গুৰুত্ব নিদিয়ে, পাৰিলে মূৰ পোলোকা মাৰি এৰাব খোজে। ইউ-জি-চি-ৰ বিশেষকৈ অৰ্হতা সম্বন্ধে হঠাৎ যোগ কৰি দিয়া  গৱেষণা পত্ৰৰ কথাটো মই অদ্ভূত পাওঁ। এইটো নহয় যে বিচৰাটো ভাল হোৱা নাই। কিন্তু ইমান দিনে একো গৱেষণা নকৰাকৈ পাৰ কৰা মানুহখিনিয়ে হঠাতেই কাম কৰিবলৈ আৰম্ভ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি। আৰু গৱেষণাৰ মান উন্নত কৰিবলৈ, বিশেষকৈ সকলোকে গৱেষণাৰ বাবে আগ্ৰহী কৰিবলৈ ইউ-জি-চিয়ে একো নকৰা বুলিয়েই ভাব হয়। অৱশ্যে ভিতৰুৱা কথাবিলাক নাজানো । গতিকে কিবা কিবি কৰি গৱেষণা পত্ৰ এখন প্ৰকাশ কৰি থ’লেই হৈ যায় বুলি চবেই ভাৱে। সেই বাবেই গৱেষণা পত্ৰ লিখি দিয়া আদি ব্যৱসায় গঢ় লৈ উঠিছ । দুদিনমান পাছত ভাৰতৰ জাৰ্নেলত গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ ঘোচ লোৱাৰো নিয়ম চলিব (স্বজন প্ৰীতি এতিয়াও আছেই, আমাৰ বিভাগৰে ভাৰতীয় জাৰ্নেলখনত একে কেইখন প্ৰতিষ্ঠানৰে প্ৰকাশ হৈ থাকে, সেইটোতো আপত্তি নকৰোঁ, তেওঁলোকে ভাল কাম কৰিছে, কিন্তু বাকী সকলে পঠিওৱা কেইখন কি কাৰণতো বাদ দিয়া হ’ল সেইটো জনাবই লাগে । আকৌ ইয়াত প্ৰকাশৰ বাবে বাছনি নোহোৱা পেপাৰ আন্তৰ্জাতিক জাৰ্নেলত প্ৰকাশ হৈ যায়!)

উদ্দীপ তালুকদাৰ : আপোনালোকে লাজ নকৰিবচোন, ভালকৈ কাম কৰা মানুহখিনিয়ে অলপমান নিজকে উলিয়াই আনিবও লাগে। তেতিয়াহে বাকী সকলে অনুপ্ৰেৰণা পায়। নতুন ডেকা-গাভৰু বিলাক আচলতে ভালেই, মাত্ৰ ‘বুঢ়া’ কেইটাই তাহাঁতক গৱেষণা-চৱেষণা ভালকৈ কৰি লাভ নাই বুলি মূৰত সুমুৱাই দি নষ্ট কৰে । এনেয়ে মই দেখাত অন্ততঃ মেডিকেলত আগতকৈ এতিয়া অৱস্থাৰ কিছু উন্নতি ঘটিছে। নতুন ডাক্তৰ বহুতে সৰু সৰু গৱেষণা (ৰিছাৰ্ছ পেপাৰ) কৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু কিছুমানে মাজতে মূৰত সুমুৱাই দিয়ে, এইবিলাক কৰি লাভ নাই ,  পেছেণ্ট বেছি আহিব নেকি ?  কিন্তু কথাটো হ’ল, এইবিলাক যদি কোনেও নকৰিলেহেঁতেন পেছেণ্ট কেতিয়াও ডাক্তৰৰ ওচৰলৈ নাহিলেইহেঁতেন।


বিকাশ ভুঞা :
মই ইয়াতে আৰু এটা কথা কব বিচাৰিছো,আমাৰ আগশাৰীৰ বেংক কেইটাৰ (ৰাষ্ট্ৰীয়কৃত হওক বা ব্যক্তিগত খণ্ডৰ হওক) শৈক্ষিক ঋণৰ সূদৰ হাৰ যিটো , ব্যক্তিগত ঋণ,গাড়ী ঋণ, গৃহ ঋণ ইত্যাদিতকৈ বহুত বেছি । তেনেস্থলত কেনেদৰে বাৰু এজন দুখীয়া মেধাবী ছাত্রই এই বোজা কঢ়িয়াব……এইক্ষেত্রত চৰকাৰৰ কৰনীয় একো নাইনে….?

মনোজ মন কলিতা : মোৰো কিবা এষাৰ ক’বলৈ মন গ’ল | টকা এগালমান বোৱাই হ’লেও প্ৰায়বোৰ লোকে নিজ নিজ সন্তানক ইঞ্জিনীয়াৰিং অথবা মেডিকেলত পঢ়ুৱাবলৈ  বিচাৰে | যিসকলে অসমতে চৰকাৰী অনুষ্ঠান সমূহত সুবিধা পালে তেওঁলোকৰ অলপ খৰছ কম হ’ল, অন্যথা বহু ছাত্ৰ-ছাত্ৰী অসমৰ বাহিৰলৈ গুছি যায় ডাক্তৰ অথবা ইঞ্জিনীয়াৰ হোৱাৰ সপোন বুকুত লৈ | বহু কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়েহে সাধাৰণতে স্নাতক মহলাত নাম লগায় | ইয়াৰ কাৰণ হৈছে এইটো দিশত উত্‍সাহ দিওতা লোক নিচেই কম | ম‍ই হায়াৰ ছেকেণ্ডাৰীৰ পাছত ৰসায়ন বিজ্ঞানত নাম লগোৱাত বহুতে নাক কোচাইছিল | আৰু এতিয়া পি.এইচ.ডি কৰিবলৈ আৰম্ভ কৰাৰ বাবে বিশেষ ভাবে উত্‍সাহ দিওঁতা অলেখ ওলাইছে | তাৰে ভিতৰৰে মোৰ এজন বহু আত্মীয় লোকে এইদৰে উত্‍সাহ যোগাইছে “পি.এইচ.ডি কৰা ল’ৰা এজন আৰু পাণ দোকানৰ সন্মুখত থিয় হৈ আদ্দা মাৰি থকা ল’ৰা এজনৰ মাজত কোনো পাৰ্থক্য নাই, দুয়োজনে একেই কাম কৰে, সময়বোৰ “kill” কৰি থাকে” … বুজিছে ৰাইজ !! এনে ধৰণৰ উত্‍সাহ দিয়া ব্যক্তি আছে বাবেই অসমীয়াই কেতিয়াও গৱেষণাত উন্নতি কৰিব পৰা নাই | সকলো উজাৰি দি হ’লেও বিনা প্ৰতিবাদে একোখন ফৰ্মৰ নামত ইমান ইমান ধন ব্যয় কৰিবলৈ আগুৱাই আহে | আৰু যিসকলে কোনোপ্ৰকাৰে নোৱাৰে তেনেবোৰে আমাৰ দৰে “পাণ দোকান” শুৱনি কৰিবলৈ আহে |
বিকাশ শইকীয়া :     ঠিকেই কৈছা মনোজ মন…. আমাৰ ইয়াত জেনেৰেল লাইন পঢ়া লৰা-ছোৱালীক উত্‍সাহ দিয়া মানুহ বৰ কম , খোদ কলেজ-ইউনিভাৰ্চিটিৰ ৰসায়ন,গনিতৰ অধ্যাপকসকলেই নিজৰ সন্তানক ৰসায়ন,গনিতৰ স্নাতক পাঠ্যক্ৰমত নপঢুৱায় , মইও হায়াৰ ছেকেণ্ডাৰীৰ পাছত ৰসায়ন বিজ্ঞানত নাম লগোৱাৰ পাছত বহুত “সজ উপদেশ” শুনিলো কিন্ত স্নাতক বিজ্ঞান পঢ়িবলৈ “মটিভেত” তথা ভাল “গাইড” দিব পৰা মানুহ , দুষ্প্ৰাপ্য ।

স্যামন্ত কে গোস্বামী : পিছে বিকাশ শইকীয়া , মোৰ দেউতাও পদার্থ বিজ্ঞানৰ অধ্যাপকেই আছিল । মোক কিন্তু উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পর্য্যায়লৈ দেউতায়েই পঢ়াইছিল । আনকি এতিয়াও কিবা সৰু সুৰা কথা বুজি নাপালে দেউতাকেই সোধো । অৱশ্যে আপুনি কথাটো বহল অর্থতহে কৈছে , সেইটো কিছু পৰিমাণে সঁচা হয় ।


বিকাশ শইকীয়া :
মই কথাটো নি়জৰ অভিজ্ঞতাৰ পৰাহে  কৈছো , সকলোৰে ক্ষেত্ৰত সেইটো নহবও পাৰে , কিন্ত এটা কথা ঠিক যে সাধাৰণ স্নাতক বিজ্ঞান/কলা শাখাত পঢা লৰা-ছোৱালীক সমাজৰ অধিকাংশই ভৱিষ্যতৰ কৰ্মসংস্থাপনহীন বেকাৰ বুলিয়েই ধাৰণা  কৰে ,যিটো শুদ্ধ নহয় ।


মিণ্টু বৰগোঁহাই :
পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিলো যদিও বিশ্ববিদ্যালয় এৰি অহাৰ কেইমাহমান পাছতেই চাকৰি পালো এল আই চি আইত । অলপতে কলেজৰ অধ্যাপক এজনৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে ইনকম টেক্স সন্দৰ্ভত কথা পাতিবলৈ । আহিবৰ সময়ত তেখেতৰ মেট্ৰিক দিবলগীয়া লৰাটো ওলাই আহিল । মই কোন ক্লাছত পঢ়িছে খবৰ-খাতি লওতে তেখেতে কলে – “ইয়াক কৈছো বোলো ভালকৈ পঢ়, ভাল লাইন লৈ পঢ়িব লাগিব । নহলে দেখিছ দাদাহঁতে জেনেৰেল পঢ়ি বেকাৰ ইন্স্যুৰেন্স কোম্পানীত চাকৰি কৰিব লগা হৈছে । ” সেই সময়ত মোৰ মানুহজনৰ ওপৰত খং উঠাৰ সলনি তেখেতৰ প্ৰতি পুতৌহে জন্মিছিল ।

দ্বীজেন মহন্ত : মিণ্টু বৰগোঁহাই , পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ এজনে যেতিয়া লেজাৰ ৰশ্মিৰ সলনি কাৰ্যালয়ৰ ‘লেজাৰ বহী’ ঘাটিব লগা হয় তেতিয়া কিন্তু মোৰ কাৰো প্ৰতি পুতৌ নহয় , সমষ্ট খং উঠে এই গোটেই ব্যৱস্থাটোৰ ওপৰত ।


বিকাশ শইকীয়া :
দ্বীজেন মহন্ত ডাঙৰীয়া, আচলতে আমাৰ লৰা ছোৱালীবোৰ কেৰিয়াৰ সম্পৰ্কে বৰ এটা সজাগ নহয় , ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতামুলক পৰীক্ষাৰবাবে খুব কমেইহে প্ৰস্তুতি কৰে , স্নাতকোত্তৰ পঢা সকলে নেট/গেট/IAS/IFS/SSB ইত্যাদি পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি প্ৰায় নকৰেই , যিকেইজনে কৰে, তেওলোকে এইবোৰত কৃতকাৰ্য হৈ ভাল সংস্থাপন পায়গৈ , বাকীসকলৰ বেছিভাগৰে একো বিশেষ নহয়গৈ,আচলতে ভালকৈ গাইড দি প্ৰতিযোগিতামুলক পৰীক্ষাত ভাল ফলাফল কৰিবলৈ উত্সাহিত কৰিব পৰা মানুহৰ অভাৱ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments