শিক্ষাৰ মাধ্যম: অসমীয়া, ইংৰাজী আৰু কিছু চিন্তা (ৰাজীৱ ৰঞ্জন)

 

“The cow is a four footed domestic animal.” এইদৰেই আৰম্ভ হৈছিল নিজৰ ফালৰ পৰা ইংৰাজীত কিবা এখন ৰচনা লিখাৰ প্ৰয়াস।

‘গৰু এটা চাৰিঠেঙীয়া ঘৰচীয়া জন্তু’। চাৰে কৈ গৈছিল, আমিবোৰে লিখি গৈছিলোঁ।
‘চাৰ, domestic মানে কি?’
‘domestic মানে ঘৰচীয়া। ইয়াৰ বিপৰীত শব্দ wild, বনৰীয়া।’
‘মানে চাৰ, The tiger is a wild animal হ’ব?’
‘ঐ গৰু, ৰচনা কিহৰ ওপৰত লিখি আছোঁ? বাঘ নে গৰু?’
‘গৰুৰ ওপৰত চাৰ।’
‘গৰুৰ ওপৰত ৰচনাৰ মাজত বাঘ ক’ৰপৰা আহিল? লিখ, the cow is a four footed domestic animal. লিখি হ’লনে?’

অসমীয়া মাধ্যমত পঢ়ি অহা আমাৰ বহুতৰে কাৰণে এইখন এখন চিনাকি ছবি। পঞ্চম মানত প্ৰথম পঢ়িবলৈ পাইছিলোঁ ইংৰাজী আখৰ। ছপা লিখা সৰু ফলা, ছপা লিখা বৰফলা, হাতেলিখা সৰু ফলা, হাতে লিখা বৰফলা। তাৰ লগে লগে A for Apple, B for Ball…..ভাটৌৰ নিচিনাকৈ মাথোঁ মনত ৰখা আৰু একেলগে গাই যোৱা। A for আৰু কি কি হ’ব পাৰে ভাবিবলৈ বা ভবাবলৈ কাৰো আহৰি নাছিল। লাহে লাহে ইংৰাজী লিখিবলৈ পৰা হৈ সপ্তম, অষ্টম মানত হাতৰ আখৰত ধনীয়া পাক লগাবলৈ শিকিলোঁ। আৰু শিকিলোঁ ব্যাকৰণ।
‘এটা বাক্যতে যদি দুটা verb থাকে আৰু বাক্যটো past tense-ৰ হয়, তেনেহ’লে যিটো verb-ৰ কাম সেই সময়ত চলি থকা বুজায়, সেইটোত past continuous tense হ’ব। When I reached his house, it was raining heavily. হ’লনে লিখি?’

অসমীয়া মাধ্যমত ইংৰাজী পঢ়াসকলৰ ক্ষেত্ৰত দুটা কথা সততে মন কৰোঁ: ১) ইংৰাজী ভালকৈ, স্পষ্ট আৰু খৰকৈ ক’ব নোৱাৰে। ২) ব্যাকৰণগত ভাৱে লিখিত ইংৰাজী যথেষ্ট উচ্চস্তৰৰ। এই দুয়োটা যদি চালি জাৰি চোৱা যায় তেনেহ’লে দেখা পাম যে ইয়াৰ মূল কাৰণটো হ’ল অসমীয়া মাধ্যমৰ বিদ্যালয়খনত অন্য বিষয় যেনে বিজ্ঞান বা অংকৰ নিচিনাকৈ ইংৰাজী শিকোৱা হয় অসমীয়া ভাষাত। বিজ্ঞান বা অংকৰ ক্ষেত্ৰত কথাটো সুকীয়া। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আমি বিজ্ঞান বা অংকৰ সূত্ৰ সমূহ ব্যৱহাৰ কৰিবলগীয়া নহয়। কিন্তু ইংৰাজী এটা ভাষা, যাক আমি দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষণতে ব্যৱহাৰ কৰিব পাৰোঁ, মনৰ ভাব প্ৰকাশ কৰিবলৈ। কিন্তু আমাক তেনেকৈ শিকোৱা নহয়। গতিকে আমি প্ৰথমে অসমীয়াত ভাবি তাৰ পাছত তাক ইংৰাজীলৈ অনুবাদ কৰোঁ। কিন্তু দুজন মানুহে কথা পাতোঁতে অনুবাদৰ কাৰণে ইমান সময় পোৱা নাযায়। গতিকে আমিবোৰৰ কথিত ইংৰাজী দুখীয়া। কিন্তু লিখাৰ ক্ষেত্ৰত এই অসুবিধাটো নাথাকে। আৰু চাৰে শিকোৱা ব্যাকৰণৰ নিয়মবোৰ সেই তাহানিতে খোৱা আচাৰীৰ কোবৰ জহত ভালকৈয়ে মনত থাকি যায়। গতিকে লিখিত ইংৰাজীত অসমীয়া মাধ্যমৰ (ভাল) ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী, ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীতকৈ উচ্চস্তৰৰ হোৱা বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰোঁ।

যিদ’ৰে অসমীয়া পিতৃ-মাতৃৰ মুখত ‘মোৰ ল’ৰা বা ছোৱালীয়ে অসমীয়া ক’ব নোৱাৰে’ বাক্যটো শোভা নাপায়, ঠিক একেদ’ৰেই অসমীয়া পিতৃ-মাতৃৰ মুখত ‘মোৰ ল’ৰা বা ছোৱালীয়ে অসমীয়া ক’ব পাৰে’ বাক্যটিও হাস্যকৰ। গৌৰৱ কৰিবৰ কাৰণে অন্যই নজনা বা সাধাৰণতে নেদেখা কিবা এটা হ’লে ভাল হয়। অসমীয়া মাক দেউতাকৰ সন্তান হোৱাৰ প্ৰাথমিক চৰ্ত অসমীয়া লিখিব আৰু ক’ব জনাটো গৌৰৱৰ কাৰণ কোনোপধ্যেই হ’ব নোৱাৰে। হয়, যদি জকাইচুকীয়া কোনো অখ্যাত গাঁৱৰ মধ্যবিত্ত পিতৃ-মাতৃৰ ল’ৰাটো বা ছোৱালীজনীয়ে সলসলীয়াকৈ জাৰ্মান বা ফৰাছী ক’ব পাৰে, সেইয়া নিশ্চয়কৈ গৌৰৱৰ কথা। অকল পিতৃ-মাতৃয়েই নহয়, সেই অঞ্চলটোৰ অন্য মানুহবোৰৰ কাৰণেও ই এটা গৌৰৱৰ কথা: আমাৰ অমুকে ফৰাছী জানে। বিদেশী ভাষা এটা শুদ্ধকৈ জনাটো সদায়েই প্ৰশংসনীয়।

আজিৰ যুগত ইংৰাজী ভাষাৰ গুৰুত্ব অপৰিসীম। অসমত থকা সকলৰ ক্ষেত্ৰত হয়তো এই কথাটো সিমান প্ৰযোজ্য নহ’ব পাৰে। কিন্তু যি মুহূৰ্ততে আপুনি অসমৰ সীমাৰ বাহিৰলৈ ওলাব তেতিয়াই অনুভৱ কৰিব পাৰিব ইংৰাজী জনাটো কিমান প্ৰয়োজনীয়। ভাৰতৰ অন্য প্ৰান্ত সমূহত থকা সকলো অসমীয়াই এই কথাটো বুজি পায়। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে, চাকৰিৰ কাৰণেই হওক, বা হস্পিটালত ডাক্টৰৰ লগতেই হওক বা টেক্সী বা অ’টোচালকজনক ৰাস্তাটো বুজোৱাৰ ক্ষেত্ৰতেই হওক, পদে পদে প্ৰয়োজন ইংৰাজীৰ জ্ঞান। শিক্ষাৰ মাধ্যমৰ গণ্ডীৰ বাহিৰলৈ ওলাই আমি বোৰে হয়তো ইংৰাজী ভালকৈ, শুদ্ধকৈ ক’ব আৰু লিখিব পৰাটোত গুৰুত্ব দিব লাগে। বহু ক্ষেত্ৰত দেখিছোঁ অকল ইংৰাজীত থকা দখলৰ ওপৰত ভিত্তি কৰিয়েই বহুজনে জীৱিকাৰ পথৰ সন্ধান পায়। ইংৰাজী জনাটো এটা গৌৰৱৰ কথা, আৰু আমিবোৰে ইয়াক লৈ গৌৰৱ কৰিবলৈ শিকিব লগে। মাতৃভাষাৰ জ্ঞান মানুহ হোৱাৰ এটা প্ৰাথমিক চৰ্ত, আৰু ইংৰাজী ভাষাৰ জ্ঞান আজিৰ বিশ্ব্যায়নৰ যুগত এটা অন্যতম মুখ্য চৰ্ত জীৱনত সফল হোৱাৰ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক