শিপা–বেদান্ত ফুকন



চিংগাপুৰৰ হেডকোৱাৰ্টাৰলৈ মেইলখন পঠিয়াই কফিত চুমুক মাৰে শইকীয়াই। কলিকতা শাখাৰ মাল্টিনেচনেল অফিচটোৰ তেওঁ মুখ্য কাৰ্য্যবাহী বিষয়া। অলেখ দুখ-কষ্টৰ মাজেৰে ইঞ্জিনিয়াৰিঙ শিক্ষা সাং কৰি দোপদদোপে উন্নতি কৰি আজি এই অৱস্থা পাইছেহি। বিলাসী গাড়ী, বিলাসী ঘৰ, সুন্দৰী পত্নীৰ লগতে দুটাকৈ মৰমলগা দেৱশিশুৰে বেছ ঈৰ্ষণীয় তেওঁৰ জীৱন। 

কনফাৰেঞ্চ হলত কৰিবলগীয়া কামবোৰ কৰ্মচাৰীসকলক বুজাই, তেওঁৰ পাৰ্চনেল চেক্ৰেটেৰীক দিল্লীলৈ ফ্লাইটৰ টিকট কাটিবলৈ দিলে, এসপ্তাহৰ বাবে তেওঁ দিল্লীলৈ যাব অফিচৰ কামত। খুটিনাটি মাৰি আধৰুৱা কামবোৰ চেক্ৰেটাৰীক বুজাই শেষবাৰৰ বাবে তেওঁ ৰূমটোলৈ চালে, ড্ৰাইভাৰজনে আহি তেওঁৰ বেগ, লেপটপ গাড়ীলৈ লৈ গ’ল। 

“জিন্তিহঁতৰ স্কুললৈ ব’লা” ড্ৰাইভাৰক নিৰ্দেশ দিয়ে শইকীয়াই। 

 ডাঙৰজনী ক্লাছ নাইনত পঢ়ে, সৰুটো পঢ়ে ফাইভত, চহৰখনৰ আটাইতকৈ নাম কৰা ৰেচিডেঞ্চিয়েল স্কুলখনৰ ছাত্ৰ সিহঁত। বেছ টকা-পইছা খৰচ হয় দুয়োজনীৰ নামত, হওক সিহঁত ভাল হ’লেই হ’ল। 

 দুয়োটাকে কপালত দুটা চুমা খাই শইকীয়া যাবলৈ ওলাই, ডাঙৰছোৱালীয়ে পাছফালৰ পৰা মাত লগাই, ভায়েকে নুশুনাকৈ দেউতাকৰ কাণে কাণে কিবা কয়, তাইৰ চকুলৈ নোচোৱাকৈ তেওঁ বাট লয়। 

 ৰেলখনত খিৰিকীৰ কাষৰ চিটটোত বহি সি চাই ৰয় দূৰলৈ, চকুৰে মনিব পৰালৈ। মাজে মাজে এখন হাত বাহিৰলৈ উলিয়াই বতাহৰ গতিবেগ পৰীক্ষা কৰে, বতাহে ঠেলি লৈ আহে পাছলৈ। সকলো ফালে সেউজীয়া, ধাননি পথাৰবোৰ সোণবৰণীয়া, মাজে মাজে পানীৰ ডোঙা, ভেঁট ফুলবোৰ ফুলি আছে, কিছুমান পূৰঠ হৈছে। পূৰঠ ভেঁটফুলৰ গুটি খাবলৈ এক অদ্ভুত সোৱাদ, মুখখনত কিবা বুৰবুৰণি উঠি যায়। 

 “ছাৰ ঘৰ পালোঁহি!” ড্ৰাইভাৰৰ মাতত সম্বিৎ ঘূৰি আহিল শইকীয়াৰ। 

 “ তুমি বাহিৰে বাহিৰে ষ্টেচনলৈ যোৱা, মোৰ এজন আলহী আহিব, তোমাৰ নাম্বাৰ মই তেওঁক দি দিছো।” 

 দুৱাৰখনৰ হেণ্ডেল পকাই শইকীয়া ভিতৰ সোমাই, আজি বাল্যবন্ধু ধন অহাৰ কথা, ক’ৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰিলে তেওঁ নাজানে। আৰু তাৰ ফোন কৰাৰ যিটো ধৰণ নাকচ কৰাৰ কথাই নাহে, যেন নাহিবি বুলি ক’লেও ঘৰ সোমাবহি, প্ৰায় পোন্ধৰ বছৰ মূৰত হয়তো লগালগি হ’ব। 

 “ দেউতা, মাৰ লগত বেছিকৈ কাজিয়া নকৰিবা! মাক মৰম কৰিবা দেই!” 

বৰ জীয়ৰী জিন্তিয়ে কাণে কাণে কোৱা কথাষাৰে বৰ আমনি কৰিছে তেওঁক। 

 সিহঁত দুটাক হোষ্টেলত থোৱাৰ প্ৰায় তিনি বছৰেই হ’ল। দুয়োৰে মাজত বাঢ়ি অহা ব্যৱধান, বাঢ়ি অহা কাজিয়া-পেছাল লগতে ঘৰুৱা অশান্তিবোৰে ক্ষতি কৰিব বুলিয়েই দুয়োটা সন্তানক হোষ্টেলত থ’লে। 

 একেখন চাদৰ তলত থাকিলেও দুয়ো বাস কৰে একোখন পৃথক পৃথিৱীত। আজিকালি সিহঁতে কাজিয়া প্ৰায় নকৰেই, অতি প্ৰয়োজনীয় কথাৰ বাহিৰে সিহঁতৰ মাজত ভাবৰ আদান প্ৰদানেই যে নহয়। 

 যোৱা কেইবছৰমানৰ পৰা দুয়োটাই মানসিক চিকিৎসকৰ কাষলৈ যায়, হতাশা তথা মানসিক চাপৰ দৰৱ খায়। থেৰাপিষ্টৰ লগত কথা পাতে, ওহোঁ তাৰপাছতো যেন কিবা এটা হৈ উঠা নাই। 

 আজিকালি তেওঁ প্ৰায়েই তাহানিৰ শৈশৱ তথা ল’ৰালিৰ দিনবোৰত ডুব যায়, পিতপিতাই ঘূৰি ফুৰা সেই গাওঁখন, সেই পথাৰখন, মনত খন্তেকীয়া সুখ পায়। 

 লোকেল মুৰ্গীৰ লেগ পিচটো চুপি চুপি এক অদ্ভুত শব্দ কৰি বেছ তৃপ্তিৰে খাইছে বাল্যবন্ধু ধনে।  এনেও ৰন্ধা বঢ়া কৰাত এওঁৰ হাতখন ভাল, পানীগিলাচ খাই দীঘলকৈ উগাৰ এটা মাৰি সি ক’লে-

“ বুজিছ, মুৰ্গীয়েই হওক বা খাহীয়েই হওক মাংসৰ হাৰ্ডিৰ ভিতৰত থকাখিনি চুপি চুপি খালেহে মই শান্তি পাওঁ। “

” বাৰু তই এটা কথা কচোন, তোৰ চকুৰ গুৰিবোৰ কিয় ক’লা পৰিছে? আৰু ভাত খাই এইবোৰ কি ঔষধ খালি?” 

 বেছ বিৰক্তি অনুভৱ কৰিলে শইকীয়াই, ই এনেয়েও অলপ বেছি কথা কয় আগৰে পৰাই। মুখখনৰ লাগ বান্ধ নাই, যাকে তাকে যি তি কথা কৈ দিয়ে, কোনোবাই টানকৈ ক’লেও তাৰ গাতেই নালাগে। 

”খালো আৰু কিবা, তই শুই থাকগৈ যা, ভাগৰি আহিছ আৰু পৰহিলৈ মই দিল্লীলৈ যাম, অফিচৰ কামত, পেকিং কৰিব আছে।” 

“ পৰহিলৈ ময়ো যামগৈ, ময়ো কিন্ত সহজে এৰি দিয়া ভকত নহয়, কিবা কিবি যে জ্বলিছে গোন্ধ মই পাইছোঁ, জুই নুমুৱাইহে যাম কৈ থ’লোঁ। আৰু জানমণিক লগত লৈ ইহঁত দুটাক কাইলৈ মই হোষ্টেলৰ পৰা লৈ আহিমগৈ। তই শো গৈ তাইৰ লগত মোৰ কথা আছে। “ গম্ভীৰ মাতেৰে ধনে ক’লে। 

 বিছনাত পৰি চকুকেইটা মুদি, আকৌ এবাৰ মনত পেলালে শৈশৱলৈ। 

গৰমৰ বন্ধ, স্কুলৰ পৰা গৰম বন্ধত কৰিবলগীয়া কামৰ ভিতৰত কলপাতত লিখাটো অন্যতম। কলপাতবোৰ কাটি তাত বিভিন্ন ধৰণৰ পাঠ্যপুথিৰ অন্তভুৰ্ক্ত পাঠবোৰৰ প্ৰশ্ন উত্তৰ লিখিব লাগে আৰু সেইবোৰ লিখি পানীত কেইদিনমান ডুবাই থ’ব লাগে। কলপাতবোৰ যেতিয়া কেইদিনমান পানীত ডুবাই থোৱা হয় তেতিয়া লেখাবোৰ স্পষ্ট হৈ পৰে। কলপাতবোৰ লেখি ডাঙৰকৈ নুৰা কৰি ৰচী এডালেৰে বান্ধি সিহঁতৰ কুঁৱাটোত পেলাই থৈ দিয়ে সিহঁতে। স্কুল খোলাৰ লগে লগে সেইবোৰ উঠাই আনি মাষ্টৰক দেখুৱাইগৈ। মাষ্টৰেও উপৰি উপৰি অলপ চাই চটপ্ কৈ বেতদালেৰে কলপাতখনত কোবাই কয়, 

“ ভাল হৈছে!” 

বছ, সেয়াই ফুৰ্টি, সিহঁতৰ মন উলাহে নধৰা হয়। 

গৰম বন্ধৰে এটি আবেলি চুবুৰীৰে তাতকৈ তিনিশ্ৰেণী তলত পঢ়া জানমণিয়ে খাটনি ধৰে, 

“ মোৰ কলপাতখিনি তোমালোকৰ কুঁৱাত থ’ব দিবা? “ ফুটুকীয়া ফ্ৰকটোৰে বৰ মৰম লগাকৈ তাই কয়। 

“ ঠিক আছে, দিম বাৰু, কিন্ত মই কি পাম?” 

“ এডাল পেঞ্চিল আৰু তিনিটা শিলিখা দিম” তাই কয়। 

“ওহোঁ ন’হব, মোক ইয়াতে এটা চুমা লাগিব” গালখন দেখুৱাই সি কয়। 

বগা গালখন হঠাতে সেন্দূৰীয়া হয়, কান্দি কান্দি তাই ঢাপলি মেলে, মাক গোচৰ দিয়ে। কণমানিজনীৰ কান্দোন দেখি মা অগ্নিশৰ্মা হয়। 

“ চুমা খুজিবৰ বয়স হ’লেইনে তাৰ! “

পদূলি মূৰত কাণত ধৰি আঁঠুকাঢ়ি সি লাজে খঙে তলমুৱা হৈ থাকে। লগৰীয়াবোৰে কিৰিলি পাৰি জোকাই, বাটৰুৱাই ঘূৰি ঘূৰি চাই। 

এচিৰ টেম্পাৰেচাৰটো এঘাত কমাই সি বাগৰ সলায়, এলজলামে ক্ৰিয়া কৰিছে, তাৰ টোপনি আহিছে। 

অফিচৰ কাম প্ৰায় কালিয়েই শেষ কৰি থৈছে সি, কাইলৈ সি দিল্লীলৈ যাব, আগতেও বহু বাৰ গৈছে অফিচিয়েল কামত। তাৰ কামত বেছ সুখী দিল্লী আৰু চিংগাপুৰৰ বিষয়া সকল, অত্যন্ত কষ্ট কৰিব পৰা ক্ষমতা আছে তাৰ, কামৰ নামত দিন ৰাতি একাকাৰ কৰি দিব পাৰে। ছুটী প্ৰায় নলয়েই, দিন, মাহ বছৰ জুৰি মাথোঁ কাম আৰু কাম। 

পিছে প্ৰত্যেকটো ক্ৰিয়াৰে এটা বিপৰীত প্ৰতিক্ৰিয়া থাকে। কৰ্মজীৱনত সুখী শইকীয়াই পিছে লাহে লাহে পাহৰি পেলাইছিল গাৰ্হস্থ্য জীৱনৰ দায়িত্ব। 

দিনটো অফিচত, ঘৰতো ৰাতি এপৰলৈ ফোনৰ উপৰি ফোন, লেপটপত ব্যস্ততা, নাই তেওঁৰ সময় নাই। জানমনিৰো ওজৰ-আপত্তিবোৰ, অভিযোগবোৰ লাহে লাহে জেদলৈ ৰূপান্তৰিত হৈছিল। সৰু সৰু কথাতে ইটোৱে সিটোৰ লগত কাজিয়াত লিপ্ত হৈছিল। লাহে লাহে দুয়ো একো একোটা শিললৈ ৰূপান্তৰিত হ’ল। এফালৰপৰা চাবলৈ গ’লে আজি সিহঁতৰ সকলো আছে, আনে দেখাকৈ, কিন্ত ভিতৰি আছে মাথোঁ শূন্যতা। 

কম্পিউটাৰটো চাট ডাউন কৰি সি ঘৰলৈ যাবলৈ সাজু হ’ল। 

ধনক লগপোৱাৰ পৰা তাৰ মনটো কালিৰে পৰা কিছুমান মিশ্ৰিত আৱেগে হাঁহাকাৰ কৰিব ধৰিছে। 

দীঘলকৈ উশাহ এটা লৈ সি কলিংবেলটো বজালে। 

ডাঙৰছোৱালী জিন্তিয়ে দুৱাৰখন খুলিয়েই দৌৰ দিলে ধনৰ ওচৰলৈ। ক’ৰবাৰ পৰা শিলগুটি আনি সি সিহঁতক ছেং গুটি খেলিবলৈ শিকাইছে। পাকঘৰৰ পৰা ভাঁহি আহিছে, প্ৰায় পোন্ধৰ বছৰ মানে নোপোৱা কিছুমান পুৰণি গন্ধ। ধনে গাঁৱৰ পৰা বোজাই লৈ আহিছে, কলডিল, ঔটেঙা, ভেদাইলতা, পচলা আৰু বহুতো মেটমৰা সম্ভাৰ। 

 বৰা চাউলৰ পিঠাটো ৰঙাচাহত তিয়াই একামোৰ মাৰি সি সুধিলে 

“ কচোন তোৰ সংসাৰৰ খবৰ ক “ 

“ ডাঙৰজনী এইবাৰ এইটত, সৰুজনী চিক্সত, দুয়োজনীয়েই এইবাৰ বৃত্তি পাইছে। গাৱঁৰে আমি পঢ়া স্কুলখনতেই পঢ়ে। পঢ়াই শুনাই গানে-নাচে সিহঁত সকলোতেই পাৰ্গত। মোৰ সিমান লাগি থাকিবলৈ সময় নাই, মাকেই চাই সিহঁতক। “

“ বাৰু মোৰ অলপমান কথা আছে তোৰ লগত, কালি ৰাতি জানমণিয়ে মোক কৈছেই প্ৰায়বোৰ কথা তহঁতৰ সংসাৰৰ বিষয়ে, আকৌ তোক সুধি আমনি নকৰোঁ। মাথোঁ মোক এটা কথাৰ উত্তৰ দে, আৰু কিমান দিনলৈ এনেকৈ থাকিম বুলি ভাবিছ? “ তাৰ চকুলৈ চাই ধনে সুধিলে। 

“মানে?” 

“তই বুজি পোৱা নাই নে নুবুজাৰ ভাও জুৰিছ? আজি তই যি জীৱন কটাইছ মোৰ ভাৱ হয় তোতকৈ মই অত্যন্ত সুখী। ঘৰুৱা অশান্তিৰ বাবে তোৰ দৰে ল’ৰা ছোৱালীক মই হোষ্টেলত থ’ব লগা হোৱা নাই। সিহঁতৰ হাঁহি খিকিন্দালি, সিহঁতৰ সৰু সুৰা সুখবোৰে তৃপ্ত কৰি ৰাখিছে আমাৰ জীৱন। নিতৌ নিত্য-নতুন পৰিকল্পনাৰে আমি দুয়োজনেই পাৰ কৰো জীৱন, পৰিকল্পনা কৰো ভবিষ্যত জীৱনৰ। অতবছৰে আমি সংসাৰ কৰিলোঁ, ক’তা আমাৰচোন এতিয়াও আমনি নালাগে ইজনে আনজনৰ সংগ। পৰিয়াল, আত্মীয়স্বজন সকলোৰে লগত সুসম্পৰ্ক বৰ্তাই হাতে হাত ধৰি আগবাঢ়িছে আমাৰ জীৱন। “

“ এই যে তোৰ অত্যন্ত ব্যস্ততাভৰা জীৱন, কালৈকো সময় নাই এইয়া হয়তো তই নিজৰ পৰা নিজকে আত্মগোপন কৰিব বিছাৰিছ। বুকুত কিবা এসোপা লৈ ফুৰিছ সেইয়া তোৰ চকুৱেই কয়।” 

দুয়োটা বহি ৰৈছে বেলকনিত, ধনে অনৰ্গল কৈ গৈছে আজি তাৰ প্ৰত্যুত্তৰ দিবলৈ মন যোৱা নাই, মাথোঁ শুনি গৈছে, মাজে মাজে বুৰ গৈছে ভাৱত। 

তিনিটাকৈ ককায়েক, সৰুটোৰ লগত একে শ্ৰেণীতে পঢ়িছিল সি। হয় সি ভুল কৰিছিল চাগৈ, বন্ধুভগ্নীৰ প্ৰেমত পৰিছিল শৈশৱৰে পৰা, চুবুৰীৰে জানমণিৰ। কাৰোৰে সমৰ্থন নাছিল সিহঁতৰ সম্পৰ্কটোলৈ। সৰুতে মাকৰ মাৰ খাইছিল, ডাঙৰহৈ জানমণিৰ ককায়েকহঁতৰ। 

সিহঁত দুটাও আছিল নাচোৰবান্দা ইঞ্জিনিয়াৰিঙ শিক্ষা সাং কৰিয়েই এটি শীতৰ সন্ধিয়া পলুৱাই লৈ গৈছিল তাৰ শৈশৱৰ প্ৰেমক। দুয়োখন ঘৰে কোনোপধ্যেই মানি নলৈছিল সিহঁতৰ সম্পৰ্ক, অত্যন্ত জেদী হৈ সি ঘৰ ত্যাগ কৰিছিল, কায়িক আৰু মানসিকভাবে। এক অভেদ্য বেহু সাজি সকলোধৰণৰ লগ পাব পৰা সম্ভাৱনীয়তাবোৰ ৰূদ্ধ কৰি এক খোলাৰ ভিতৰত বন্দী হ’ল সি। ছিঙি পেলালে তাৰ শিপা, পিন্ধি ল’লে কৃত্ৰিমতাৰ মুখা। নগৰীয়া জীৱনত নিজকে উটুৱাই দিলে, আদৰি ল’লে কিছুমান ন ন অভ্যাস। 

জানমণিয়েও বহুবাৰ ওজৰ আপত্তি কৰিছিলে, ঘৰখনলৈ ঘূৰি যোৱাৰ, আকৌ এবাৰ ক্ষমা খুজি নিজৰ আপোন মানুহখিনিৰ লগ হোৱাৰ। 

সিয়ো কিবা অঁকৰা অহংকাৰী হৈ পৰিছিল, দেউতাক ঢুকুৱা খবৰ পাই এদিন মাজৰাতি মনে মনে দেউতাকৰ মৰাভেটিটোকে চাই আহিছিলগৈ, কিন্ত ঘৰৰ চৌহদত সি নোসোমাল। সেয়াই হয়তো সি শেষ বাৰ দেখিছিল, দূৰৰপৰাই তাৰ ঘৰখন, তাৰ গাওঁখন। 

তেতিয়াৰ পৰা আজি পোন্ধৰবছৰে অনেক কথাই সলনি হ’ল। 

কিন্ত আজিকালি, নাই সি চোন নোৱাৰা হৈ আহিছে দিনে দিনে, তাৰ আৰু একো ভাল নলগা হৈ আহিছে, মাথোঁ এক যন্ত্ৰৰ দৰে দিনৰ পাছত দিন, মাহ, বছৰ পাৰ হৈছে। কৃত্ৰিম মুখাখন খুলি তাৰো মন যায়, এই জানমণিক যেন ক’ব, “হ’ল আৰু বহুত, আমি আকৌ আগৰ দৰে হৈ যাওঁ আহা, ব’লা আমি ঘৰলৈ যাওঁ, আকৌ এবাৰ ক্ষমা খুজি চাওঁ। “

নাই পৰা নাই সি, কিবা এক অদ্ভুত শংকা, লাজ, খং অভিমানে আকৌ কোচ খুৱাই লৈ আহে মনটো। আৰু কিমানদিন, বৰ জটিল হৈ পৰিছে দিনবোৰ, মনটো ভাল লগাবৰ বাবে দৰবৰ আশ্ৰয় ল’ব লগা হৈছে, অথচ মনটোৱে যি বিচাৰি আছে তাক দূৰতে বিদূৰ কৰিছে। সি নিজেও বুজি পাইছে, এই দৰৱে তাৰ মনৰ বিষবোৰহে কমাই আছে কিন্ত দৈনিক নতুন নতুন বিষ সৃষ্টি হৈয়েই আছে। সি বুজি পাইছে, এই বিষ নিগাজীকৈ নোহোৱা কৰিবলৈ হ’লে উৎপত্তিস্থলত সি উপস্থিত হ’ব লাগিব আৰু সেয়া কৰিবলৈ তাৰ সাহ হোৱা নাই। 

আজি কেইমাহমানৰ পৰা তাৰ বৰকৈ হেঁপাহ জাগিছে, মাকক এবাৰ চোৱাৰ, নিজ ঘৰখনত ভৰি দিয়াৰ, পৰিয়ালটোৰ লগত লগ হোৱাৰ, নিজ আপোন গাওঁখন, সেই পথাৰখন, সেই শৈশৱে তাক বৰকৈ মাতিছে। টোপনিত সি আজিকালি প্ৰায়েই চিঞৰে, মাকক মাতে, উচুপি কান্দে। 

“তোৰ মাৰৰ লগত মই সিদিনা কথা হৈছিলো, মাৰৰ গাটো আজিকালি প্ৰায়েই বেয়া হৈ থাকে। 

ককায়েৰে মাষ্টৰী চাকৰিটো কৰি পৰিয়ালটো পোহ পাল দি ৰাখিছে, ঘৰখনত কিবা এটা যেন খালী খালী ভাৱ, মাৰে তোৰ কথা সুধিছিলে, তোক মনত পেলাই বৰকৈ কান্দিলে। তহঁতক কেতিয়াবাই মাফ কৰি দিছে, তইহে কিবা অঁকৰা হৈ আছ এতিয়াও। যিখিনি সময় পাৰ হৈ গৈছে সেয়া আজি অতীত, তাত তোৰ কৰিবলগীয়া একো নাই, আৰু যি কৰিলে তই সুখ পাবি, তোৰ পৰিয়ালটো আকৌ এবাৰ ঠন ধৰি উঠিব তাকে নকৰি তিলতিলকৈ নিজক ধ্বংস কৰিছ লগতে পৰিয়ালটোকো। 

মনত ৰাখিবি, গছ যিমানেই ডাঙৰ নহওক কিয় তাৰ শিপা কাটি দিলে টিলিকতে মূৰ্ছা যায়। তই কেনেকৈ ভাবি ল’লি যে তই নিজৰ শিপা কাটি আগুৱাই যাব পাৰিবি, আজি তই এজোপা মূৰ্ছা যোৱা গছলৈ ৰূপান্তৰিত হৈছ, য’ৰ পৰা ওলাই মাথোঁ বিষবাষ্প। পাৰ যদি আকৌ এবাৰ শিপাৰ লগত মিলিবৰ চেষ্টা কৰ, আকৌ ঠন ধৰি উঠিবি। তাৰ বাবে এইবাৰ মই আগভাগ ল’ম, আচলতে কি জান এই যে জীৱনটো বৰ সৰল, আমি মানুহবোৰেহে ইয়াক জটিল কৰি পেলাওঁ। কালিলৈ মই যামগৈ, তোৰ মাৰক মই ক’বগৈ লাগিব, তই কেনে আছ, কিমান সুখত আছ!” 

মাততো শেহলৈ তাৰ থোকাথুকি হৈ আহিছিল, সি উঠি গ’ল বেলকনিৰ পৰা, হয়তো শুবগৈ। 

ধনৰ লগত কথা পতাৰ পাছত সি অনুভৱ কৰিছে, বুকুৰ এচটা শিল লাহে লাহে যেন গলিবলৈ আৰম্ভ কৰিছে, এখন শুকাই যোৱা নদীত লাহে লাহে যেন ঢল বৈছে, অতবছৰে কঢ়িয়াই লৈ ফুৰা এটা বোজা যেন খহি পৰিছে। 

জানমণিক পলুৱাই নি পেহীয়েকৰ ঘৰত আশ্ৰয় লৈছিলগৈ, তাতেই গৈ ওলাইছিল তাইৰ তিনি ককায়েক। প্ৰথম ঘোচাটো ধনেই মাৰিছিল তাক, ডাঙৰটো ককায়েকে চুলিত টানি উলিয়াই আনিছিল জানমণিক ভিতৰৰ পৰা। পিছে তাইক হ’লে নিব নোৱাৰিলে ককায়েকহঁতে, তেতিয়াই শুনাই গৈছিল আৰু যাতে কোনোদিন তাই ভৰি নিদিয়ে সিহঁতৰ চোতালত। 

একে চুবুৰীৰে দুয়ো ঘৰৰ মাজত অহা যোৱা মাতবোল বন্ধ আছিল, পাছলৈ লাহে লাহে সহজ হৈ আহিল কথাবোৰ। অতীতক পাহৰি লাহে লাহে আকৌ আহ-যাহ আৰম্ভ হ’ল দুয়োঘৰৰ, মাথোঁ একাষৰীয়া হৈ ৰ’ল সিহঁত দুটা। 

আচলতে সময়ে সকলো সলনি কৰে, মাথোঁ আমি সাজু থাকিব লাগিব নিজকো সময়ে সময়ে সলনি কৰিবলৈ। 

লাহে লাহে বেলকনিৰ পৰা উঠি আহিল সি, ড্ৰয়িং ৰূমৰ চোফাত সৰু মোমায়েকৰ কোলাত জিন্তি আৰু মাইনা, দুয়ো তেতেলী তলৰ সাধু শুনাত মগ্ন। 

 শোৱনি কোঠালৈ সোমাই অলপ সময় চকীখনতে বহি পৰিল, জানমণিয়ে মাক দেউতাকহঁতলৈ উপহাৰ বান্ধি আছে। তাৰ মনটোত অলেখ কথাৰ বুৰবুৰণি হৈ আছে, এগালমান কথা পাতিবৰ মন গৈছে, কিন্ত কথাবোৰ চোন কিবা ঘূৰি ঘূৰি গৈছে, তাৰচোন লাজ লাগিছে। এনেকুৱা অনুভৱ বোৰ তাৰ বহুবছৰ মূৰত হৈছে, আঁৰচকুৰে মাজে মাজে জানমণিয়ে তালৈ চাইছে, তায়ো অলপ অস্বস্তি অনুভৱ কৰিছে। 

 সি উঠি গৈ দুৱাৰৰ খিলিটো লগালে, তাৰ আচৰণত হতভম্ব জানমণিয়ে সুধিলে-

“ খিলিটো কিয় লগালা, জিন্তিহঁত শুবলৈ আহিব নহয় আৰু তোমাৰ ৰূম কি হ’ল? “ অপ্ৰস্তুত হৈ সুধিলে। 

“জিন্তিহত আজি বোলে মোমায়েকৰ লগতে শুব, বহুত সাধু শুনিব বোলে সিহঁতে “ সি ক’লে। 

দীঘলকৈ উশাহ এটা লৈ সি আৰম্ভ কৰিলে, 

“তোমাৰ লগত মোৰ কথা আছে, তোমাৰ মনত পৰেনে, সেই যে আমাৰ কুঁৱাটো, ধনে কৈছে তাৰ পানী হেনো আজিকালি কোনেও নাখায়, লেতেৰা হৈছে। দিল্লীৰ পৰা আহি মই সেইটো চাফা কৰিবলৈ যাম, তুমিও ইচ্ছা কৰিলে যাব পাৰা। মোৰ প্ৰতি তোমাৰ যিমান খং, অভিমান আছে তুমি আকৌ এবাৰ কলপাতত লিখি দিবা আৰু মই ডুবাই থ’ম কুঁৱাৰ পানীত, সেইখন কলপাত আৰু কেতিয়াও নুঠাও। এইবাৰ মই প্ৰতিদান নিবিচাৰো, নিজৰ ইচ্ছাই যি দিয়া দিবা।” পূৰ্বৰ দুষ্টামি হাঁহিটো একোণত লাগি থাকিল তাৰ। 

 বগা গালদুখন আকৌ এবাৰ সেন্দূৰীয়া হ’ল, আকৌ এবাৰ সাজু হ’ল সিহঁত জীৱন যৌৱনৰ গীত গাবলৈ। এইবাৰ শিপাৰ পৰা বিছিন্ন হৈ নহয়, পুনৰাই শিপা খামুচি আগুৱাই যাব সিহঁত আৰু গাই যাব জীৱনৰ গীত সেউজ সুৰীয়া। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক