শিপা –স্বপ্না নীহাৰ

উৰিবলৈ লোৱাৰ বহুদিন পাচতহে তাই মনে মনে ভাবিছিল এই ডেউকাবোৰ নথকা হ’লে!
কিনো হ’ব নাথাকিলে?

দুয়ো একেলগে বহি পুৱাৰ চাহকাপ খাব। তাই চাহদুকাপ বাকি আনে মানে সি পাউৰুটি দুচকলত মাখন অথবা জাম অকণ সানিব। সি ৰুম দুটা সাৰি দিলে তাই চিত্ৰনলা মিহলি পানীত জুবুৰিয়াই লোৱা ম’পডাল সৰসৰকৈ মজিয়াত ফুৰাই আনিব। সময় নহয় বুলি পুৱাৰ আহাৰো ভালকৈ নোখোৱাকৈ ওলাই যোৱা তীৰ্থক গৰম গৰম ভাত দুগৰাহ আলু-কণী পিটিকাৰে হ’লেও জোৰকৈ খুৱাব। তাৰ পাচত অফিচলৈ ওলাই যোৱা পৰত দুৱাৰমুখতে টপককৈ চুমা এটা!

এতিয়া ৰাতি ঘৰ সোমাওতে তাইৰো অকণমান পলম হয়। ডেউকাবোৰ নথকা হ’লে দুয়ো সোনকালে ঘৰ পালেহেঁতেন। তাই ফ্ৰেছ হয় মানে মানে তীৰ্থই চাহ দুকাপ কৰিব। চাহৰ লগত খাবলৈ বাৰু তায়ে বাদাম ভজা অথবা মিছামাছৰ ফুলৰি কিনি আনিব।

ৰাতিৰ ভাতসাঁজ অলপ দেৰিকৈ খাব। তেতিয়ালৈ দুয়ো বেলকনিত বহি গান শুনিব। তীৰ্থক নতুন কিতাপৰ কথা কব, শেহতীয়াকৈ পঢ়া ভাললগা কবিতাটোৰ বিষয়ে দুয়ো আলোচনা কৰিব। কেতিয়াবা দুয়োৰে পচন্দৰ চিনেমা এখন চাব। বন্ধৰ দিনবোৰত মন গ’লেই দুয়ো ফুৰিবলৈ যাব। কোনোবা এটা নতুন পৰিবেশত এৰাতি কটাব।

ৰাতিৰ আহাৰৰ যোগাৰ কৰিবলৈ লওঁতে তীৰ্থই ক’ব,
” কি কৰিব লাগে কোৱা। তোমাৰোতো দিনটোৰ ভাগৰ আছে।”

সৰু সৰু কথাতে হাঁহিৰ ফোঁৱাৰা বোৱাই দুয়ো একেলগে ইপদ সিপদ ৰান্ধিব। এজনে বাচনকেইটা ধুলে আনজনে বিছনা পাৰিব। ভাগৰুৱা শৰীৰ দুটা এইবাৰ মৰম আকলুৱাও হ’ব। আৰু তেতিয়াই, তেতিয়াই তীৰ্থৰ দুবাহুৰ মাজত সোমাই তাই বহুদিনৰে পৰা ভাবি থকা সপোনটোৰ কথা ক’ব।

নহয়। তেনেকুৱা একো নহয়। দুয়ো ডেউকা মেলি নিজ নিজ জগতত উৰি থাকে য’ত ইজনে সিজনৰ ছাঁটোও নেদেখে।

-মেম, মোৰ মুখৰ দাগবোৰ দেখিছেই নহয়। তিনিমাহ পাচত বিয়া। যাব নে দাগবোৰ?

ধুনীয়া সৰুফুটীয়া ছোৱালীজনীৰ দুয়োখন গালতে সৰু সৰু ক’লা দাগ পৰিছে। হ’বলগীয়া কইনা এজনী চিন্তাত পৰাৰে কথা।
কৃতিকাই নিজৰ মনটো জোকাৰি পেলায়। নোহোৱাবোৰ ভাবি কি লাভ?

-যাবতো। কিয় নাযাব বাৰু!

হাই-ফ্ৰিকুয়েন্সি ফেচিয়েল ট্ৰিটমেণ্টৰ বিষয়ে একেৰাহে পোন্ধৰ মিনিটমান বুজাই কৃতিকাই ছোৱালীজনীক ৰিয়াৰ হাতত গতাই দিলে।
তিনিগৰাকী কৰ্মচাৰীৰে এই আটকধুনীয়া জনপ্ৰিয় বিউটি চেল’নখনৰ গৰাকী তাই। দিনটোত বহুধৰণৰ মানুহৰে মুখামুখি হয়। সকলোৰে সৌন্দৰ্যবোধ ভিন ভিন। কাৰোবাক যদি কেঁকুৰা চুলিকোচাৰ সলনি চকচকীয়া চিধা চুলি একোচা লাগে, কাৰোবাক ঢৌখেলা চুলিকোচাকে স্প্ৰিঙৰ দৰে বনাই দিব লাগে। কোনোবাগৰাকীৰ যদি নিজৰ পাতল চেলাউৰি লৈ আপত্তি তেন্তে আন কোনোবাগৰাকীৰ নিজৰ গাৰ ৰঙটো লৈ অসন্তুষ্টি। কোনোবাগৰাকী যদি নিজৰ বৰ্দ্ধিত বলিৰেখাবোৰৰ বাবে চিন্তিত তেন্তে কোনোবাগৰাকীৰ মন আকৌ বহল কপালখনৰ বাবে সংকুচিত।

সৌন্দৰ্যৰ তথাকথিত মাপকাঠীবোৰেৰে নিজেই নিজকে জুখি লৈ অহা গ্ৰাহকবোৰৰ বাবে কৃতিকাৰ দৰে মানুহবোৰ সদায় ধনাত্মক মানসিকতাৰে সাজু হৈ থাকিব লাগে। কাকো অসন্তুষ্ট কৰিব নোৱাৰি। প্ৰতিটো কথাতে মূৰ দুপিয়াই দুপিয়াই আমনি লাগিলেও অসীম ধৈৰ্যৰে মিচিকিয়াই ৰ’ব লাগে।

সেই পৰিবেশত মাজে মাজে কৃতিকাৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে লাগে। যেন সাধুকথাৰ সেই যাদুকৰী দাপোনখন দেখুৱাই ঠগিহে আছে তাই মানুহবোৰক। এদিন দাপোনখনেও অতীষ্ঠ হ’ব। সেইদিনা ই মানুহবোৰক নিজৰ প্ৰকৃত ৰূপ দেখুৱাব। সেইদিনা এই সৌন্দৰ্য সচেতন মানুহবোৰৰ কি হ’ব?

-তুমি কি ফাল্টু চিন্তাবোৰ কৰি থাকাহে? হৈছে কি তোমাৰ? অত টকা খৰচ কৰি বিদেশত গৈ শিকি মেলি আহিল, চহৰৰ মাজ মজিয়াত ইমান ডাঙৰ চেল’ন খুলি বহিল আৰু এতিয়া তেওঁৰ চিন্তা চোৱা! এটা কাম কৰা। নালাগে তুমি একো কৰিবলৈ। বন্ধ কৰি দিয়া চেল’ন। টকাকেইটা পানীত পৰা বুলিয়ে ধৰিম আৰু।

নিজৰ টকাকেইটা পানীত পৰা বুলি ধৰি ল’ব তীৰ্থই!
ইমান সহজ কৈ দিবলৈ?
এৰা! তাৰ টকা এয়া!

সাৰৌপকৈ সৌকাৰ কোব এটাহে যেন পৰে কৃতিকাৰ গাত। তাই তীৰ্থক বুজাব নোৱাৰে যে শাৰীৰিক সৌন্দৰ্যক ক’ৰবাতে এৰি থৈ এটা সময়ত মানুহৰ মানসিক সৌন্দৰ্যবোধৰ উত্তৰণ ঘটে। যিটো বিষয় আগতে তাইৰ বাবে এটা চখ আছিল সেয়া সময়ত পেচা হ’লগৈ। তেতিয়া বুজি নোপোৱা কথাবোৰ কৃতিকাই যোৱা চাৰিবছৰে এইখন ক্ষেত্ৰত প্ৰত্যক্ষভাৱে জড়িত হৈ বুজি উঠিছে। দেখিছে মানুহবোৰৰ হতাশা, অসন্তোষ, হা-হুমনিয়াহ। এইখন ক্ষেত্ৰত এজাক নাৰ্চিছাচ তাইৰ চৌপাশে তহল দি ফুৰে। সেইসকলৰ চকুত চকু থবলৈও তাইৰ ভয় লাগে। কোনোবা এগৰাকীয়ে যদি হঠাতে কৈ উঠে,

”তুমিওতো নাৰ্চিছাচ জনম দিছা।”

সেই মুহূৰ্তটো কল্পনা কৰিয়ে ঘামি উঠে তাই। মন যায় টানি আঁজুৰি দুবাহুৰ পৰা ডেউকাযোৰ যেন খহাই পেলাব আৰু কোনোবা গোপন স্থানত আত্মগোপন কৰিব।

-ডেউকা খহোৱা কি ইমান সহজ! এই ডেউকাৰ গুৰি এতিয়ালৈ তোমাৰ তেজে-মাংসই বিয়পি পৰিছে। উৰি থাকা। উৰি থাকা হাঃ হাঃ হাঃ

ডেউকাৰ ভৰত ৰাতিৰ টোপনি হেৰায়।
ইমান গধুৰ ডেউকাযোৰ!

-যি মন যায় কৰা তুমি! এনেওটো দিনটো ঘৰতে এনেই থাকা। ব্যস্ততা বাঢ়িলে তোমাৰ অভিযোগবোৰো কমিব চাগে!

এইবুলি হাঁহি হাঁহিয়ে তীৰ্থই তাইৰ দুবাহুত ডেউকা দুখনি গুজি দিছিল।
টলকা লাগি ৰৈছিল কৃতি!
কোনবোৰ অভিযোগ আছিল তীৰ্থৰ প্ৰতি!

তাৰ বহুজাতিক প্ৰতিষ্ঠানৰ শান্তিৰে উশাহ এটা ল’বলৈও সময় নোহোৱা চাকৰি। তেনেস্থলত তাইৰ আব্দাৰবোৰৰ জেঙা মাৰিবলৈ সময় ক’ত!
বুজে তাই। সেয়ে আদৰুৱা অভিমানবোৰ এটা সময়ত কমি আহি আহি নাইকিয়া হৈছিল।
ক’ত সেই সপোন দেখি থকা নতুন সংসাৰৰ মাদকতা!
ক’ত সেই উচ্ছল সোণালী সময়!

দুটা শোৱনি কোঠাৰ সৰু ফ্লেটটোৰ একাকীত্বই গিলি অনা সময়ত প্ৰায়ে উচুপি উঠা কৃতিকাই এদিন উচুপিবলৈও এৰি পেলাইছিল। বিয়াৰ দুবছৰৰ ভিতৰতে তাই বুজিছিল এই যন্ত্ৰবৎ সংসাৰখনত তায়ো যন্ত্ৰ এটা হোৱাৰ উপক্ৰম হৈছে। তেতিয়াই তাই সেই সময়ৰ পৰা মুক্তি বিচাৰিছিল। উৰিবলৈ নিজাকৈ এধানি আকাশ বিচাৰিছিল। মানুহৰ সংগ বিচাৰিছিল।

চেল’নখন খোলাৰে পৰা কৃতিকাৰো ব্যস্ততা বাঢ়িল। আগতে তীৰ্থই শুকান পাউৰুটি চোবাই চোবাই ওলাই যোৱাৰ পিচত বহুপৰলৈ তাইৰ মনটো বেয়া লাগি থাকে। নিজৰো একো খাবলৈ মন নাযায়। এতিয়া এইবোৰ কথাই তাইৰ মনত ক্ৰিয়া নকৰে। তীৰ্থৰ দৰে তায়ো কোনোমতে ফলৰ ৰস অকণ গিলি ওলাই যায়। পুৱাই এঠাইত জুম্বা ক্লাছ থাকে তাইৰ। তাৰ পৰা ঘৰলৈ আহি পুনৰ চেল’নলৈ যায়।
অতি কম সময়তে জনপ্ৰিয় হোৱা চেল’নখনৰ ভিৰত জীৱনবোৰ ঘূৰ্মুটিয়াই ফুৰে।

  • চুলিখিনি কাটিম বাইদেউ। সি দীঘল চুলি ভাল পাইছিল।

কঁকাললৈ বৈ পৰা চুলিকোচাৰ গৰাকীৰ পৰা সিদিনা চকু আঁতৰাব পৰা নাছিল তাই। হেয়াৰ এক্সপাৰ্ট নাজে চুলি কাটি থাকোঁতে সেই ছোৱালীজনীয়ে এবাৰো চকু মেলা নাছিল অথচ তাইৰ সমগ্ৰ শৰীৰ কঁপি আছিল। সেই ৰূপান্তৰৰ সাক্ষী হৈছিল কৃতিকা। যিদৰে সাক্ষী হৈছিল এগৰাকী মাতৃৰ বোবা যন্ত্ৰণাৰ।

  • সময় থাকোঁতেই কইনা সাজি মেকঅভাৰ এটা কৰিম বাইদেউ।
    সহজভাৱে কথাকেইটা কোৱা ছোৱালীজনীৰ কাষতে বহি থকা মাকলৈ চাব পৰা নাছিল কৃতিকাই। নাই, সেই মাকগৰাকীৰ দুচকুত পানী নাছিল। অথচ এনে কিবা এটা আছিল যিয়ে বহুদিনলৈ কৃতিকাক শুব দিয়া নাছিল।
  • নতুন লুক এটা লাগে মোক। মানুহজনে কৈয়ে আছে বহুদিনৰে পৰা।

অবাক হৈ আদহীয়া মানুহজনীৰ মুখলৈ চায় কৃতিকাই।
নতুন লুক লাগে!
পৰিবৰ্তন কোনে বিচাৰিছে?
তেখেতৰ মানুহজনে!
মানুহজনীয়ে কি বিচাৰে!
কি বিচাৰে?

তাই কি বিচাৰিছিল!
তাইতো এনে এটা জীৱন বিচৰা নাছিল। একঘেয়ামী জীৱনটোত অকণমান নতুনত্ব বিচাৰিছিল। সেয়া তাই পাইছে। সেই নতুনত্বই তাইৰ মনৰ বহুতো বন্ধ দুৱাৰ মুকলি কৰিছে। পিচে সুখী হোৱাৰ বিপৰীতে তাই কথাবোৰ ভাবিয়ে বিতত হয়। ইমান জটিল এই মানৱ মনস্তত্ত্ব! দৌৰি পলাবলৈ মন যায় সকলোৰে পৰা। তীৰ্থৰ পৰাও। আকৌ আগৰ দৰে সাগৰ সদৃশ নীৰৱতাত ডুব দিবলৈ মন যায়।

তাইৰ অভিযোগবোৰ কমক বুলিয়েই তাইক উৰিবলৈ শিকোৱা তীৰ্থৰ আজিকালি অভিযোগৰ সীমা সংখ্যা নাথাকে। আগৰ দৰে ঠাইতে পোৱাতে টাৱেল, চাৰ্ট, টাই, ৰুমাল আদি নাপাই সি ফাটি পৰে। ভাগৰে জুগৰে ৰাতিৰ সাঁজ ৰান্ধিবলৈ সোমোৱা কৃতিকাৰ ক’বলৈ মন যায় যে ময়ো কামৰ পৰা আহিছোঁ। মোৰো ভাগৰ লাগিছে।

নকয় তাই। তাৰ পৰিবৰ্তে অসহনীয় যন্ত্ৰণাত কৈ উঠে,

মোৰ কষ্ট হৈছে তীৰ্থ। ডেউকা দুখন খুলি দিয়ানা। তুমিও খোলা। মাটিত বহি দুয়ো জিৰাও আহা।

  • কি বিচাৰা তুমি? তোমাৰ দৰে বলিয়া হৈ যোৱাটো। দিনটো অফিচত গাধ খটাদি খাটোঁ। আৰু তেওঁক চোৱা বলিয়াৰ দৰে কথাবোৰ চিন্তা কৰি বহি থাকে। কাম নাই যদি নকৰিবা তথাপি অন্তত এই আজে-বাজে কথাবোৰ চিন্তা কৰি মোৰ মূৰটো নাখাবা। ঘৰ নহয় বেলেগ কৰবাতহে আছোঁ যেন। শান্তি অকণ নাই। উস!

হয় ঠিকেই কৈছে তীৰ্থই। এয়াইতো তাই ইমানদিনৰে পৰা তাক বুজাব খুজি আহিছে। ঘৰ এখন বিচাৰিছে তাই। শান্তি অকণ বিচাৰিছে। তীৰ্থক কোনোদিনে নোকোৱা বুকুত শুই থকা কণমানি সপোন এটাৰ কথা ক’ব খুজিছে।

-শ্বাট আপ! তোমাৰ দৰে আবেগিক মানুহে একো কৰিব নোৱাৰিবা। ব্যৱসায়তো আবেগ চায় নেকি হে কোনোবাই!

নাচায় নাচায়! এইখন পৃথিৱীত কোনোৱে কাৰো আবেগ নাচায়। নে দেখিও নেদেখাৰ ভাও জুৰে!

ডেউকাদুখনৰ ভৰ গধুৰ হৈ অহাৰ সময়তে এদিন কৃতিকাই টানি-আঁজুৰি খহাবলৈ চেষ্টা কৰিলে। আকুঁহি-বাকুহি ডেউকাদুখন নেফানেফ কৰিলে। অসহ্যকৰ বিষে পিষ্ট কৰি নিয়া শৰীৰৰ পৰা হোলোকা হোলোকে তেজ ওলাল যদিও ডেউকাদুখন খহি নপৰিল। আধাভঙা ডেউকা দুখন লৈ তাই মাটিত বাগৰি পৰিল। হ’লেইবা সেই অভিজ্ঞতা যন্ত্ৰণাক্লিষ্ট, তথাপিও মাটি সেয়া। সৃষ্টিৰ ভেঁটি যি। আকৌ নতুনকৈ গজিব তাই।

ঘৰত সোমাইয়ে তীৰ্থৰ কেচেমা কেচেম গোন্ধ এটা নাকত লাগিল। কৃতিকাই তেতিয়া আলু পৰাঠা বনাই আছে। তাইক দেখি তীৰ্থই চিঞৰি দিলে,

-কি মানুহ তুমি! চেল’ন কিয় বন্ধ কৰি দিলা? মোকো নোকোৱাকৈ!

কান্ধৰ পৰা ওলমি পৰা ডেউকাদুখন একাষৰীয়া কৰি তাই তীৰ্থক নেমু চৰ্বত এগিলাচ যাচিলে।

  • আলু-পৰাঠা বনাইছোঁ। তুমি ফ্ৰেছ হৈ আহাগৈ যোৱা। একেলগে খাম।

-মই কিবা সুধিছোঁ তোমাক?

  • মই মন গ’লে তোমাক উত্তৰটো দিম তীৰ্থ। কিন্তু মই কাৰো আনকি তোমাৰো প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য নহয়। অৱশ্যে মই ইয়াকো জানো যে মোৰ উত্তৰত তুমি কোনোদিনে সন্তুষ্টও নহ’বা আৰু নুবুজিবাও।

থনথনকৈ মজিয়াত চিটিকি পৰিছিল চৰ্বতৰ গিলাচ। অহা বাটেই ওলাই গৈছিল তীৰ্থ।
ভঙা কাঁচৰ টুকুৰাবোৰ বুটলি থাকোঁতে তাই মন কৰিলে ডেউকাৰ পৰা তেতিয়াও টোপটোপকৈ তেজ নিগৰি আছে। মজিয়াত নেমুৰ ৰসে, তেজে একাকাৰ হৈছে। নহয় নহয়, যেন তাইৰ ঘাঁ-ডোখৰ হে সেয়া। এক তীব্ৰ পোৰনিৰ অনুভৱে তাইক কাবু কৰিলে।

আস! নোৱাৰি, নোৱাৰি এনেকৈ। খৰধৰকৈ ভগা ডেউকাদুখন সামৰি কৃতিকাই পলাব খুজিলে।
ডেউকাদুখনতকৈ ভৰি দুখনহে বেছি গধুৰ যেন লাগিল এইবাৰ। এখোজো আগুৱাব নোৱাৰা ভৰি দুখনৰ যেন শিপাহে গজিছে।

সঁচাই! সঁচাই!
এক অদ্ভুত শিহৰণত তাই ভৰি দুখনলৈ চালে।
সঁচাই তাইৰ শিপা গজিছে!
ক্ৰমাৎ মাটিৰ গভীৰলৈ শিপাই গৈছে তাই। শিপাবোৰে চিনিছে নিজস্ব ভেঁটি।
এক অনিৰ্বচনীয় আনন্দত কৃতিকাৰ মনটো ভৰি উঠিল। এতিয়া আৰু কোনেও তাইক আনৰ ইচ্ছাত উৰিবলৈ বাধ্য কৰিব নোৱাৰে।

চাওঁতে চাওঁতে ভগা ডেউকা দুখনৰ ঠাইত দুখিলা সেউজীয়া কুঁহিপাতে দেখা দিলে। শাখা-প্ৰশাখা মেলি মুহূৰ্ততে প্ৰকাণ্ড গছ এজোপাই মূৰ দাঙি থিয় দিলে যিজোপা গছে সদায় নিজস্বতা খামুচি ধৰি থাকিব।

উপসংহাৰ: তাৰো বহু বহুবছৰ পাচত কেইবামহলীয়া ওখ ঘৰ এটাৰ পৰা তাতোকৈ ওখ গছ এজোপালৈ চাই চাই ৰ’দে-বৰষুণে কোবাই যোৱা তীৰ্থই ভাবিছিল এই ডেউকাবোৰ নথকা হ’লে! কি হ’লহেঁতেননো নাথাকিলে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক