শিলাময় নদী, নীলা পানী (জয়ন্ত আকাশ বৰ্মন)

বাৱন্নটা ছিট কেপাছিটিৰ বাছখনে বাসত্তৰজন যাত্ৰীক পেটত ভৰাই হেপোৰ-তেপোৰ ছন্দেৰে, পিঠি লৰাই লৰাই গাঁৱৰ আলিবাটটোৰে, চকাৰ ওচৰত থকা ধূম্ৰ নিষ্কাষক ধাতৱ নলীডালেৰে ক’লা-বগা মিশ্ৰ ধূম্ৰ উলিয়াই ঘিতলিং ঘিতিলিং শব্দৰে চলি গৈ থাকিল। পাইলটৰ আসনৰ কাষত থকা ইঞ্জিনৰ টিলাটোতো কেইগৰাকীমান যাত্ৰী। ইঞ্জিনৰ উত্তাপ পাই, ইঞ্জিনৰ টিলাটোত বহি অহা মাকজনীৰ কোঁচত পেন্দুকণা এটাই চিৰিককৈ সৰুপানীৰ নিজৰা বোৱাইছে। বাছখনৰ সমুখৰ গ্লাছত ফুলাম আখৰেৰে নামটো লিখা আছে। ভিতৰৰ পৰা নামটোৰ পাৰ্শ্বীয় বিলম্বিত ৰূপটোহে দেখা গৈছে। ওলোটাকৈ দেখা পোৱা নামটো, মই জোঁটাই পঢ়িলোঁ – ‘প্ৰজাপতি’। ওপৰত ‘ঔঁ’ লিখা আছে।

 

চালকৰ ওচৰত থিয় হৈ থকা যাত্ৰী এজনে বাৰে বাৰে পিছলৈ হাউলি দিছে, চালকৰ ওচৰত পোত খাই থকা গিয়াৰ চিফটিং দণ্ড ডালে নিয়মিত মানুহজনৰ তলপেটত খুন্দিয়াইছে, মাজে মাজে স্পৰ্শকাতৰ ঠাইখিনিতো মোক্ষম আঘাত হানিছে। মোৰ চিটটো সোঁফালৰ প্ৰথমেই, খিৰিকীৰ কাষত। মোৰ সমুখত লিখা আছে- “আপোনাৰ যাত্ৰা শুভ হওক’।

 

আস্, কেনেবাকৈহে বাচিলোঁ, ইম্মান জোৰেৰে ব্ৰেক লগাইছে পাইলটে, দাঁতকেইটা যাবই খুজিছিল। অ’, এজনী গাই আগত, এৰাল চিগি পলাইছে আগেৰে। বাছখনৰ শব্দত তাই এটা দুটা শিলগুটি দিয়া আধা কেঁচা ৰাষ্টাটোৰ মাজতেই বিভ্ৰান্ত হৈ ৰৈ দিছিল। অভ্যস্ত কণ্ডাক্টৰজনৰ চোঁচা লোৱা চাৱনিত গাইজনী এখোজ আগুৱাই দুখোজ পিচুৱাই, অলপ থেৰোঁ-গেঁৰো কৰি নেজডাল চক্ৰাকাৰে আধা পকাই ক্ষিপ্ৰতাৰে উলটি আঁতৰিল।

 

তিনিআলি এটাত বাছখন ৰ’ল। আধা যাত্ৰী নামিল, সকলোৰে হাতত চহৰফেৰৎ বাহানিৰ মোনা। তিনি আলিয়েদি যাত্ৰীসকল তিনিশাৰীত ভাগ হৈ গুছি গ’ল। মোৰ ওচৰত বহা মানুহজনীয়ে চাদৰৰ আঁৰতেই ক্ৰন্দনৰত কেঁচুৱাটিক গাখীৰ খুৱাই নিমাত কৰিছে। বেলি লহিয়াইছে। পাইলট আৰু কণ্ডাক্টৰ কেতিয়াবাই বাছ এৰি অজান ঠাইলৈ নামি গৈছিল। আমি ছয়ত্ৰিছজনক যাত্ৰীয়ে তেখেতসকলৰ পুনৰাগমনৰ আকুল অপেক্ষা কৰি আছিলোঁ। এঘণ্টামান পিচত তেখেত সকল আহিল, সতেজ হৈ। পাইলটৰ মুখত তামোলৰ আমোল-মোল সুবাস।

 

পুনৰ যাত্ৰা আৰম্ভ হ’ল। একাঁ-বেকাঁ গতিৰে,ওখ- চাপৰ পথেৰে ‘বাহিৰলৈ হাত মূৰ নুলিয়াব’ আৰু ‘ধূমপান নিষেধ’ৰ জ্বলি থকা, কিন্তু তাৰ ওপৰত ক’লা ৰঙেৰে পূৰণ চিন দি চিগাৰেটটো কাটি থোৱা বাছৰ আভ্যন্তৰীণ গ্ৰাফিটিবোৰ চাই চাই, ‘প্ৰজাপতি’ বাছখনত কলমটিয়াই কলমটিয়াই আমি ছয়ত্ৰিছজন যাত্ৰী গৈ থাকিলোঁ।

 

ঘপকৈ ব্ৰেক মাৰি এইবাৰ আমাৰ বাছখন ৰ’ল। মই সাৰ পাই উঠিলোঁ। দেখিলোঁ যাত্ৰীবোৰ প্ৰায় নামি গ’ল। ‘আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়’ৰ ওচৰৰ যাত্ৰীজন আৰু ‘সত্যৰ সদায় জয়’ৰ তলত আমি মাথোঁ দুজন যাত্ৰী ৰৈ গ’লো। ঘেৰ্ ঘেৰ্‌ আৱাজ কৰি বাছখন পুনৰ চলিল। ময়ো বাকী থকা টোপনিখিনি মাৰিবলৈ বুলি চকু বন্ধ কৰিলোঁ।

ঘেটলেং ঘেটলেং শব্দ কৰি বাছখন আকৌ ৰৈ গ’ল। দেখিলোঁ, অলপ আগতে নামি যোৱা যাত্ৰীবোৰে বাছখন অনুসৰণ কৰি আহি আকৌ বাছত উঠিবলৈ ধৰিছে। খিৰিকীৰে মূৰ উলিয়াই মই পাছফালে চালোঁ। বাবা ভোলানাথ, তোমাক শতকোটি প্ৰণাম। এইমাত্ৰ আমাৰ বাছখনে এখন জৰাজীৰ্ণ কাঠৰ দলং পাৰ হৈ আহিল। দলং নহয়, মাত্ৰ দুটুকুৰা দীঘল ভগা কাঠহে! ৰে’লৱে ব্ৰীজতো কেইটুকুৰামান বেছি কাঠ থাকে। দলঙৰ তলত এখন গভীৰ তজবজীয়া জীয়া নৈ!!! জীয়াই জীয়াই বৈতৰণী পাৰ হৈ অহাৰ উত্তেজনাত কলিজা কঁপি উঠিল।

 

আন এটা সৰু চাৰি আলি। প্ৰজাপতিৰ পৰা প্ৰায় আটাইবোৰ যাত্ৰী নামি গ’ল। সেৰেঙা প্ৰজাপতিত মই আৰু আন এজন বৃদ্ধ যাত্ৰীহে ৰৈ গ’লোঁ।

 

বাছখন পুনৰ চলিল। এন্ধাৰ হৈ আহিছিল। মন্থৰ গতিত চলি থকা আমাৰ বাছৰ খোলা খিৰিকিৰে এটা দুটা জোনাকী পৰুৱা সোমাই আহিছিল। পথটো ঠেক। অচিনাকী গছৰ পাত কিছুমান খিৰিকীৰে সোমাই আহি মোক চুওঁ নুচুওঁকৈ কোবাই গৈছিল। মই পকেটৰ পৰা কাগজখন উলিয়াই মই পুনৰ ঠিকনাটো চালোঁ, আঁহতগুৰি চ’ক। তাৰ পৰা বাওঁফালে সোমাই যোৱা ৰাষ্টাটোৰে, ৰঙাজুলি চাহবাগিচাৰ মাজে-মাজে অলপ খোজকাঢ়ি কিছু দূৰত সেই মৰাজান গাঁওখন। সেই গাঁও। তাই মোক হঠাৎ দেখি কেনেকুৱা কৰিব? হয়তো চকুপানী ওলাব। না, তাই চাগে’ মোক পাৰে মানে ঘুচিয়াব। নে সাৱটিব? নে মোক একে উশাহে সামৰি থব!!? আমাৰ উশাহবোৰ মিলি যাব নেকি? অভিমানত তাইৰ মুখখন ওন্দোলি যাব নেকি, পাচি এটা হৈ? টোপ টোপ পুঞ্জীভূত অভিমানবোৰ চুলেই ধাৰাষাৰ প্লাৱনহৈ নামি আহিব নেকি??

 

তাইৰ ঘৰ মৰাজান গাঁৱত। আমাৰ গাঁৱত তাইৰ পেহীয়েকৰ ঘৰ আছিল। নিঃসন্তান পেহীয়েকে তাইক নিজৰ লগত ৰাখিছিল। স্কুলত তাই মোতকৈ এশ্ৰেণী তলত পঢ়িছিল। স্কুল ছুটী হোৱাৰ লগে-লগে মোৰ সকলো লগৰীয়াক এৰি তাই মই পথাৰে পথাৰে দৌৰ মাৰিছিলোঁ। আবেলিহে ঘৰ সোমাই দুইটাই ঘৰত গালি আৰু মাৰ খাইছিলোঁ কিমান দিন।

 

বন্ধৰ দিনত আমি দুইটাই ৰঙা ৰঙা গৰু-খিচ বিচাৰি কত দিন নিয়ৰ সেমেকা পথাৰ চলাথ কৰি ঘূৰি ফুৰিছিলোঁ। বছৰেকীয়া পৰীক্ষাৰ বন্ধত হাতত পলিথিনৰ মোনা লৈ ধানৰ লেচেৰি বুটলি ফুৰিছিলোঁ। ধান বিচাৰি এন্দুৰৰ গাঁত খান্দোতে তাই দুই হাতেৰে মাটিবোৰ আঁতৰাইছিল। সপ্তম শ্ৰেণীত মই চাইকেলৰ ওপৰৰ চিটত বহি চলাব পৰা হৈছিলোঁ। তাৰ আগতে এখন হাত চিটৰ ফ্ৰেমৰ লোহাৰ ঘুৰণীয়া কুণ্ডলীটো ধৰি, আনখন হাতেৰে হেণ্ডেল পোনাই হাফ পেডেল মাৰি চলাইছিলোঁ দেউতাৰ হিৰো চাইকেলখন। ক’বই নালাগে, এই সকলো যাত্ৰাৰেই তাই আছিল মোৰ একমাত্ৰ আৰু অপৰিহাৰ্য সংগী।

মই বেছি ঈশ্বৰ বিশ্বাসী নাছিলোঁ। তাই কিন্তু সাংঘাতিক ঈশ্বৰভক্ত আছিল। পঢ়া টেবুলৰ আগত তাই সদায় ৰাধা-কৃষ্ণৰ ফ’টো আঁৰি ৰাখিছিল।

 

মই নৱম শ্ৰেণীত তেতিয়া! দুদিন ধৰি তাই মোৰ ওচৰলৈ অহা নাই। স্কুললৈকো যোৱা নাই। তাইৰ ঘৰৰ আগতো তাই নাই। মোক কোনোবাই ক’লে- তাই হেনো এতিয়াৰ পৰা ডাঙৰ ছোৱালী হ’ল। পাছদিনা দুপৰীয়া মই বাৰীৰ পিচফালৰ আমজোপাৰ তলত মন মাৰি বহি আছিলোঁ। ‘ঐ বুদ্ধু, কোনোবাই পিচফালৰ পৰা মোক চেঁপা মাতেৰে মাতিলে। উভতি চাই দেখোঁ- ও, তাইচোন! ‘ক’লৈ গৈছিলি এইকেদিন? স্কুললৈকো যোৱা নাই??’-মই তাইক সুধিলোঁ। ‘মই ডাঙৰ হ’লোঁ। এতিয়াও শেষ হোৱা নাই। আৰু তিনিদিন আছে। তাৰ পিছতহে মোক আৰু দেখিবি। এতিয়া মই যাওঁ। কোনোবাই দেখিলে মাৰ খাম। তোক বৰকৈ চাব মন গৈছিল। এতিয়া যাওঁ। আৰু তিনি দিন…’

চুপি চুপি তাই গুচি গ’ল।

মেট্ৰিক পাছ কৰি মই চহৰলৈ আহিলোঁ। কলেজৰ হোষ্টেলত থাকিবলৈ ল’লো। তাই চিঠি দিলে। খুব অকলশৰীয়া লাগিছে তাইৰ। তায়ো হেনো মোৰ কলেজতেই পঢ়িব। মই তাইলৈ লিখিলোঁ- তেতিয়াহ’লে ভালদৰে পঢ়িবি। তোলৈ ৰাধা-কৃষ্ণ মূৰ্ত্তি এটা পঠিয়াইছোঁ, আমাৰ গাঁৱৰ পৰা অহা বাছখনত। ড্ৰাইভাৰ মুকুন্দ দাদাৰ হাতত। তই লৈ ল’বি। এইবাৰ ৰাসত যোৱা নহ’ব চাগে। বিজ্ঞানৰ প্ৰেক্টিকেল ক্লাছবোৰত বহুত সময় দিব লাগে। ঐ, জাননে, ভেকুলীৰো কলিজা থাকে। আমি প্ৰেক্টিকেল ক্লাছত সেইটো কাটি দেখুব লাগে!

… … …

হায়াৰ চেকেণ্ডাৰী পাছ কৰি যেতিয়া মই ঘৰলৈ গৈছিলোঁ, তেতিয়া তাই ঘৰত নাছিল। পেহীয়েকৰ লগত গাঁৱৰ ঘৰলৈ গৈছিল।

মই তেতিয়া বাংগালোৰত ইঞ্জিনীয়াৰিং কৰি আছিলোঁ। মায়ে চিঠি লিখিছিল- বাবা, বানপানীয়ে আমাৰ গাঁওখন উটুৱাই লৈ গ’ল। আমি এতিয়া চহৰলৈ উঠি আহিছোঁ। তাত দেউতাৰৰ ব্যৱসায়ো অচল হৈ গৈছিল। এতিয়া ইয়াত নতুনকৈ আৰম্ভ কৰিছে। তই একো চিন্তা কৰিব নালাগে। এতিয়া ইয়াত সব কুশলে আছোঁ। দেউতাৰাই তোক একো চিন্তা কৰিব মানা কৰিছে। মানি অ’ৰ্ডাৰ কৰি টকা অলপ পঠিয়াইছে। ভালদৰে পঢ়া শুনা কৰিবি। দেউতালৈ চিঠি এখন লিখিবি। মনত কৰি থাকে তোক অনবৰতেই।

বিঃদ্ৰঃ চন্দ্ৰালীৰ পেহাক ঢুকাল। তাইক লৈ পেহীয়েক সিহঁতৰ নিজা গাঁৱলৈ গ’লগৈ।

… .

আৰু দুবছৰ পাৰ হ’ল। দুবছৰ পিচত মোৰ ইঞ্জিনীয়াৰিং কমপ্লিট হব। দেউতাৰ ব্যৱসায়ো পৰি আহিছে। সোনকাল উভটি গৈ যেনে-তেনে চাকৰি এটা যোগাৰ কৰি ল’ব লাগিব। চন্দ্ৰালীকো কিমান দিন দেখা নাই! তাইৰ গাঁওখনো নাজানিলো। এদিন তাইক বিচাৰি উলিয়ামেই। তাইক একেবাৰে চাকৰিয়াল হৈহে দেখা দিম। তাইক আচৰিত কৰি দিম। তাইৰ ডিমাণ্ডবোৰো পূৰা কৰিম।

ইঞ্জিনীয়াৰিং ডিগ্ৰী কমপ্লিট কৰি ঘৰলে গুচি আহিলোঁ। স্বভাৱতেই মই শিপা প্ৰেমী। কিন্তু বহুত চেষ্টা কৰিও গুৱাহাটীত মই এটা চাকৰি নাপালোঁ। জীৱিকাৰ সন্ধানত মই পুনৰ বাংগালোৰ আহিবলগীয়া হ’ল। জীৱন সংগ্ৰামৰ লগত অভিযোজন কৰোঁতে কৰোঁতে কেনেকৈ আৰু তিনিটা বছৰ পাৰ হৈ গ’ল!

 

আমাৰ ক’ম্পেনীটোৰ গুৱাহাটীত এটা ব্ৰাঞ্চ খুলিলে। ওপৰত ৰিকুৱেষ্ট কৰি মই গুৱাহটীলৈ ট্ৰান্সফাৰ ল’লো। ঘৰলৈ আহোঁতে মুকুন্দ ড্ৰাইভাৰক লগ পালোঁ। আজি কালি গাড়ী নচলায়। বুঢ়া হ’ল। মোক দেখা পাই মোক তেওঁৰ ঘৰলৈ মাতি নিলে। পুৰণা ট্ৰাংকটো খুলিলে। ‘ল’ এইখন চিঠি। চন্দ্ৰালীয়ে দিছিল তোক দিবলৈ। কিমান দিন তোক বিছাৰিলোঁ। তহঁতৰ গাঁৱৰ ঘৰলৈও গৈছিলোঁ। তাত এতিয়াচোন মাথোঁ বালিচৰহে! যোৱাবছৰেই দিছিল। তাই পেহীয়েকৰ লগত বিচাৰি বিচাৰি মোৰ টাউনৰ ভাৰাঘৰ উঠিছিল। বেচেৰীজনী!

 

মোৰ হাত কঁপিছিল। হেৰুৱাব নোখোজা, বুকুত সংগোপনে সাঁচি ৰখা সপোন এটাই হাহাঁকাৰ কৰি উঠিছিল। বুকুত অলেখ বীণাৰ সুৰ বাজি উঠিছিল। নিশাহত বকুলৰ সুবাস আছিলেই যেতিয়া বকুলজোপাও নিশ্চয় কলিজাতেই আছিল। ইঞ্জিনীয়াৰিং কলেজৰ সকলো ছোৱালী এই কাৰণেই ‘জাষ্ট ফ্ৰে’ণ্ড’তেই ৰৈ গৈছিল।

 

মই মুকুন্দ দাদাক সাৱটি ধৰিছিলোঁ। তাই লিখিছিল, “আকাশ, তই চাগে’ মোক পাহৰি গ’লি ন? কোনো আক্ষেপ নাই। মাত্ৰ এবাৰ মোক লগ কৰিবি নে? সেইটোৱেই মোৰ সপোন। আৰু বেলেগ নাই! পেহা ঢুকুৱাৰ পিচত উপায়হীন হৈ পেহীয়ে মোক মোৰ গাঁৱৰ ঘৰলৈ লৈ আহিল। আমাৰ গাঁওখন বহু নিলগত। বাহ্যিক পৃথিৱীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। মই বিশ্বাস কৰোঁ, মোৰ কৃষ্ণ কানাইয়ে তোক এবাৰ হ’লেও মোৰ ওচৰলৈ লৈ আহিবই। ঠিকনাটো দিছোঁ-

তাই ঠিকনাটো দিছিল। কাগজখনত তাই তাইৰ ঠিকনাটো ছবি আঁকি আঁকি বুজাই দিছিল।

… … …

বাছখন ৰ’ল। কণ্ডাক্টৰজনে চিয়ঁৰি উঠিল, নামি ল’ক, নামি ল’ক। বাছ আৰু আগত নাযায়। ৰাতি হৈছিল। মই ড্ৰাইভাৰজনক ঠিকনাটো দেখুৱালোঁ। “অলপ আগত আঁহতগুৰি চ’ক। খোজকাঢ়ি যাব পাৰিব। আমাৰ গাড়ী আৰু নাযায়। কাইলৈ এটা বিয়াৰ ভাৰা আছে। গাড়ীখন ধুই সাজু কৰিব লাগে।”

 

মই নামি গ’লো। শুক্লপক্ষৰ জোনাক আছিল। মই খোজ ল’লোঁ। এজোপা প্ৰকাণ্ড আঁহত গছৰ তল আঁহতগুৰি চ’ক। মাটিৰে বেৰ লিপা ঘৰ এটাত এখন সৰু দোকান। বুঢ়া মানুহ এজন কেৰাছিনৰ চাকি জ্বলাই বহি আছে। চাকিৰ শিখাৰ বিপৰীত ফালে মাটিৰ বগা বেৰত মানুহজনৰ ছাঁটো কঁপি আছিল। ওপৰত মৰাপাটৰ ৰছীৰে ওলোমাই থোৱা আঠীয়া কল এআখি মানুহজনৰ মূৰত মুকুট যেন দেখাইছিল। আধাজ্বলা বিড়িটোৱে মৃত্যুৰ ক্ষণ গণিছিল মানুহজনৰ আঙুলিৰ চেপাত। মিহি নীলাভ ধোঁৱা উৰিছিল। ঠিকনাটো সোধাত মানুহজনে মোক বহিবলৈ দিলে। আমি বহু দেৰি কথা পাতিলোঁ। বুঢ়ীক পলুৱাই অনাৰ ৰসাল কাহিনী শুনিলোঁ। বুঢ়ীয়ে পিচফালে ৰৈ লাজু-লাজলৈ হাঁহিলে।

– “এই গাঁওটু দূৰ আছে। তুই আজে ৰাতে হামদেৰ ঘৰেই থাক। ৰাইতে ৰাষ্টাৱে হাথীও নিকলে। কাইল ফজিৰে যাইবে।“

পিচদিনা ৰাতিপুৱা মই দয়াল বুঢ়াৰ পৰা বিদায় লৈ ওলাইছিলোঁ চন্দ্ৰালীৰ জোনাক বিচাৰি। দুইফালে বিস্তীৰ্ণ সেউজ চাহবাগিচা। পিঠিত বেগখন লৈ মই গৈ থাকিলোঁ। মাজে মাজে পানী নোহোৱা এটা দুটা শিলাময় নৈ। পাৰ হৈ মই গৈ থাকিলোঁ। মাজে-মাজে ঠিকনা লিখা কাগজখন চাওঁ। তাইৰ কলিজাৰ উম পাওঁ।

 

বেলি মূৰৰ ওপৰ উঠে। এজন মানুহ তিৰোতা এগৰাকীক চাইকেলৰ ধামত বহুৱাই বিপৰীত ফালৰ পৰা আহি থাকে। মই মাত দিওঁ। ব্ৰেক নোহোৱা চাইকেলখনৰ পৰা লাফ মাৰি নামে মানে চাইকেলখন বহু দূৰ পায়গৈ। নামোঁতে কঁকালত পিন্ধি থকা সেউজীয়া গামোচাখন চাইকেলৰ ছিটখনত জোঁট-পোট লাগি ধৰে। হাতেৰে লাজ ঢাকি কোনোমতে চম্ভালে। মহিলাগৰাকীক নমাই চাইকেলখন ঘূৰাই আকৌ মোৰ ওচৰলৈ উভতি আহে। মই ঠিকনাটো সোধোঁ। “এইইই… ফালিয়েই আৰো। চিধা যা। এএএই ফালে, তিনি চাৰি ঘণ্টামান গ’লে পাবিয়েই আৰো।” লাফ মাৰি চাইকেলত উঠি মানুহজন গুচি যায়।

মই গৈ থাকোঁ চাহ বাগিচা আৰু সৰু অৰণ্য পাৰ হৈ …

 

ৰাষ্টাৰ কাষে কাষে শাৰী শাৰী বগৰী। বেলি লহিয়াইছে। আকৌ এখন চাইকেলত উঠি এজন মানুহ আহিছে। “এএএই ফালিয়ে আৰৰো। আৰু তিনি চাৰি ঘণ্টামান গেলিয়েই ফাই যাবি। বিছি নাই আৰৰো।”- জাঁপ মাৰি চাইকেলত উঠি এই মানুহজনো গুছি যায়। ভোক লগাত দয়াল দোকানীয়ে দিয়া ভীমকল এটা খাই খাই মই জোনাক বিচাৰি গৈ থাকিলোঁ।

সাঁজ লাগি ভাগিল। দূৰণিত এখন গাঁও দেখা গৈছে। খেৰৰ চাল ভেদি ধোঁৱা নিগৰিছে। গৰু আৰু ধোঁৱাৰ মিশ্ৰিত খাৰুৱা গন্ধ এটা আহি নাকত লাগিছে। বাঁহ এজোপাৰ ওপৰেৰে জোনে ভুমুকিয়াইছে। এটা শিলৰ নদী। পানী নথকা, পৰিষ্কাৰ শুকুলা শিলবোৰ, জোনৰ পোহৰত উজলিছে। কোনোবাই কৈছিলে, এই নদীসমূহ এই শুকান, এই খৰস্ৰোতা উত্তাল। পাৰ হৈ গ’লোঁ। এখন বাহৰ দলং গচকি এগৰাকী মানুহ আহি আছিল। মই তেখেতক ঠিকনাটো সুধিলোঁ। তেখেতে আঙুলিয়াই এটা ঘৰ দেখুৱালে- নাতিদূৰত।

মোৰ কলিজা কঁপিলে। পুৰণি ঘৰটোৰ পৰা পোহৰ নিগৰিছে ,ঢিমিক-ঢামাক। এতিয়াই পৃথিৱীত এটা পৰিঘটনা ঘটিব। জোনবাই থৰ হব। শুকান শিলাময় নদীত খৰস্ৰোতা তেজ বব। মই দুৱাৰত টুকুৰিয়ালোঁ। দুৱাৰখন খোল খালে। মই নিজক চম্ভালি ল’লোঁ।

পেহীয়েকে মোক ভিতৰত নি বহুৱালে। মোৰ কলিজা মৰি গৈছিল। মোৰ উশাহবোৰ হেৰাই গৈছিল। প্ৰতিটো কোষেই ইচ্ছামৃত্যুক আমন্ত্ৰণ কৰিছিল। কিছু দেৰি আমি নিতাল আছিলোঁ। এযুৰি বৃদ্ধা অসহায়া চকুৱে কথা ক’বলে আঁত বিচাৰিলে। এযুৰি কোটৰগত চকুৱে মোক আঘাত নকৰিবলৈ পলাবলৈ বিচাৰিলে। কোঠাটোৰ চতুৰ্দিশ অন্ধকাৰ।

 

পেহীয়েকে পৰ্দা ঠেলি মোক চন্দ্ৰালীৰ কোঠালৈ লৈ গ’ল। “তুমি বহুত পলম কৰিলা বোপা। আজি বিয়াৰ দিনাও তাই তোমালৈ ৰৈ আছিল। অলপ আগতে হোমৰ গুৰিৰ পৰা তাইক দৰাজনে লৈ গ’ল। ইয়াত অসুবিধা বাবে মন্দিৰতেই বিয়াখন হৈ গ’ল। সকলো মন্দিৰতেই আছে এতিয়া। মইহে…

তুমি যদি আহি পোৱা, মই যদি লৈ যাব পাৰো তোমাক, দৰা অহাৰ আগতে। মই বোপা, দহবাৰ অহা যোৱা কৰিছোঁ, কিজানি তুমি পোৱাহি, কেনেবাকৈ। কৃষ্ণ কানাইয়ে কিজানি তোমাক লৈ আহে ! তাইৰ চকুত সেই কাতৰতা মই দেখি আছিলোঁ বোপা। হোমৰ গুৰিৰ পৰা উঠি যোৱা পৰ্যন্ত। তাই ৰৈ আছিল বোপা তোমালৈ।

মাক দেউতাক ঢুকাল। মই ৰাখিলোঁ। গাভৰু ছোৱালী। মোৰ দেহৰ অৱস্থা বেয়া। এই গাঁৱৰ ৰাইজেই তাইৰ সমস্ত দায়িত্ব লৈ দৰা ঠিক কৰিলে। তাইৰ বুকুৰ মাত মই শুনিছিলোঁ। তাইৰ কলিজাত তুমিয়েই আছিলা বোপা। মই সব বুজি পাইছিলোঁ। তোমাক বিচাৰি তাইক লৈ মই কিমানবাৰ টাউনলৈ গ’লো, তাইৰ শান্তি হওঁক।” বুঢ়া পেহীৰ মাত থোকা-থুকি হৈ পৰিল। মইতো ইতিমধ্যেই মৰিছিলোঁ।

 

পেহীয়ে মোক তাইৰ পঢ়া কোঠাৰ বেৰখন দেখুৱালে, আজি আঁকিছে তাই, পাগলী। সৰস্বতী পূজাত এবাৰ তাই আৰু মই ষ্টুদিঅ’ত গৈ ফটো উঠিছিলোঁ। বেৰত সেইখন ফটো। মোৰ ফটোখনৰ ডিঙিত ৰং পেঞ্চিলেৰে অঁকা এডাল নাৰ্জী ফুলৰ হালধীয়া মালা। তাইৰ শিৰত ৰঙা ফোঁট এটা।

পেহীয়ে কাঠৰ বাকচ এটা খুলিলে। এজাপ চিঠি। মোৰ হাতত দিলে। “প্ৰতি বছৰে তাই তোমালৈ লিখে। আৰু, আঁহতগুৰি চ’কৰ আঁহতজোপাত থৈ আহে। আথানি চিঠিবোৰ মই লৈ আহোঁ।” পেহীয়ে কান্দিলে। মই কান্দিবলৈ পাহৰিলোঁ। এখন চিঠি মই খুলিলো- “আকাশ, পেহীক লৈ মই যোৱাকালি টাউনলৈ গৈছিলো। দিনৰ দিনটো তোমাক বিচাৰিলোঁ। (তাই মোক কিয় তুমি বুলিছে?!) ক’তা, তোমাক ক’তো বিচাৰি নাপালো। এবাৰ তুমিও অন্তৰাত্মৰে মোক বিচাৰি চোৱানা! মোৰ কৃষ্ণ কানাই আমাক লগ কৰাই দিবই।”

এবছৰ পিচৰ তাৰিখৰ আন এখন চিঠি।

“আকাশ, যোৱা ৰাতি সপোনত তোমাক আকৌ দেখিলোঁ। বাস্তৱত পাওঁ কি নাপাওঁ, আজি আকৌ আহিবা দেই। মই সোনকালে শুই যাওঁ এতিয়া। নহ’লে তুমি আহি উভতি যাব পাৰা।”

আন এখন …

আন এখন চিঠি …

“মই এবাৰ তাইক চাম। কইনা সাজত এবাৰ চাম মই তাইক।” -হিলদল ভাঙিল। পেহীয়ে কেৰাচিনৰ চাকিৰে মোক বাট দেখালে। মোক বাটলৈ লৈ গ’ল। পেহী গৰ্কীৰ ‘মা’ জনী যেন ! পেহী এণ্ডাৰছনৰ সাধুৰ সেই মায়াবী বুঢ়ীজনী যদি হ’লহেতেঁন। পছোৱাক মন্ত্ৰেৰে মাতি সময় এপলক ওলোটাকৈ বোৱাই দিলেহেতেঁন যদি …!!!

শুকান শিলাময় ঠেক নদী এখন মাজত। আমি বহি পৰিলোঁ। নদীখনৰ সিটো পাৰেৰে হৰ্ণ বজাই বাছ এখন আহিল, আৰু গুচি গ’ল। মই নদীখন পাৰ হব খুজিছিলোঁ। এনেতে নদীখনত প্ৰচণ্ড সোঁত আহিল। মই ডুবি ডুবি ৰৈ গ’লোঁ। বাছখনৰ আগত ফুলাম আখৰেৰে লিখা আছিল “প্ৰজাপতি”। তাৰ ওপৰত “ঔঁ”।

সোঁফালৰ খিৰিকীৰ কাষত মূৰত নাৰ্জী ফুলৰ মালা পিন্ধা এজন দৰা। দৰাৰ কাষত মোক এন্ধাৰ কৰি থৈ যোৱা এজাক জোনাক।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক