শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা ( – উদ্দীপ তালুকদাৰ)

(গ্ৰন্থ আলোচনা হিচাপে লেখাটো আৰম্ভ কৰিছিলোঁ কেইবামাহৰ আগতেই। কিন্তু লিখিবলৈ লৈ বুজিলোঁ, অকল কিতাপখনৰ বিষয়ে লেখাটো সম্ভৱ নহয়। ভূপেন হাজৰিকা মানুহজনৰ বিষয়ে, সমকালীন আন বহুতো কথাৰ বিষয়ে এই কিতাপখনে ভাবিবলৈ বাধ্য কৰাই গ’ল। গোটেইখিনি কথা গোটাই-পিতি লিখাটো সম্ভৱ যেন ভাৱ হোৱা নাছিল। মনতে পাঙিহে থাকিলোঁ। এইবাৰৰ সাহিত্য.অৰ্গৰ সম্পাদক ৰক্তিম গোস্বামীয়ে বিষয় বাচি দি লিখিবলৈ অনুৰোধ কৰা পোষ্টটোৱে সোনকালে শেষ কৰিবলৈ উদগনি জনালে।)

শিল্পীৰ পৃথিৱী অধুনালুপ্ত এখন সাংস্কৃতিক অসমীয়া আলোচনী। ১৯৮০ চনত আত্মপ্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক আছিল বেণী মাধৱ। এই আলোচনীৰ ১৯৮১ চনৰ অক্টোবৰ সংখ্যাটো ভূপেন হাজৰিকা বিশেষ সংখ্যা হিচাপে প্ৰকাশ পাইছিল। ‘শিল্পীৰ পৃথিৱীৰ ভূপেন হাজৰিকা’ নামৰ কিতাপখন এই বিশেষ সংখ্যাটোৰ পৰিৱৰ্ধিত গ্ৰন্থাকাৰ সংষ্কৰণ। প্ৰকাশক হেমচন্দ্ৰ বৰা। বৰা মূল শিল্পীৰ পৃথিৱীৰো প্ৰকাশক আছিল। শিল্পীৰ পৃথিৱীৰ এই সংখ্যাটোৰ মুখ্য উপদেষ্টা আছিল ড. ভবেন্দ্ৰ নাথ শইকীয়া। ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত কিতাপৰ দোকানত তেখেতৰ সম্পৰ্কে কিতাপ এখন কিনিবলৈ গৈ দোকানত পাই এইখনকে লৈ আনিলো। মোৰ বাবে আকৰ্ষণৰ মূল কাৰণ আছিল আলোচনীখনৰ প্ৰকাশৰ বছৰটো।

১৯৮১ চন, অসমৰ বাবে এক ঐতিহাসিক সময়, লগতে ভূপেন হাজৰিকাৰ বাবেও। ১৯৭৮ চনত আৰম্ভ হোৱা অসম আন্দোলনে ১৯৮১ চনত ভৰপক পাইছিল। এই আন্দোলনৰ সময়ত ভূপেন হাজৰিকাৰ স্থিতিৰ বাবে তেখেত এক বিতৰ্কিত ব্যক্তিত্বত পৰিণত হৈছিল। ভূপেন হাজৰিকাই অসম আন্দোলনৰ এই সময়চোৱাত আন্দোলনৰপৰা আঁতৰি নিজা সৃষ্টি কৰ্মত ব্ৰতী হৈ আছিল। ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী’ নিৰ্মাণ কৰি তেখেত ব্যস্ত হৈ আছিল পৰৱৰ্তী কথাছবি ‘মন প্ৰজাপতি’ৰ নিৰ্মাণৰ কামত। ১৯৮১ চনৰ এপ্ৰিল মাহত পশ্চিমবঙ্গৰপৰা প্ৰকাশিত ‘গানেৰ কাগজ’ আলোচনীখনৰ ‘ভূপেন হাজৰিকাৰ সন্মান সংখ্যা’ দেখি উৎসাহিত হৈ বেণী মাধৱে শিল্পীৰ পৃথিৱীৰ এটা ভূপেন হাজৰিকা বিশেষ সংখ্যা প্ৰকাশ কৰাৰ প্ৰস্তাৱ কৰে। ভূপেন হাজৰিকাৰ সন্মতি লৈ এই বিশেষ সংখ্যা প্ৰকাশিত হয়। এই সংখ্যাৰ বাবে ভূপেন হাজৰিকাই চাৰিটা দিনৰ সময়ত সম্পাদকক দিয়।

ঐতিহাসিক এই পটভূমিৰ বাহিৰেও প্ৰায়েই মনত খেলোৱা আন এটা কথায়ো ভূপেন হাজৰিকাৰ এই কালচোৱাৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছিল। আমাৰ দৰে ১৯৭০-ৰ দশকৰ শেষৰ ফালে জন্ম লোৱাসকলৰ পাছৰ প্ৰজন্মই ভূপেন হাজৰিকাক এক কিংবদন্তী হিচাপেই জানি আহিছোঁ। আমি যেতিয়া অলপ ডাঙৰ হৈ বুজিব পৰা হ’লোঁ, তেতিয়া ভূপেন হাজৰিকা ইতিপূৰ্বেই এক মহীৰূহ হিচাপে পৰিগণিত হৈছিল। কিন্তু আমি পোৱা নাছিলোঁ তেখেতৰ কৰ্মব্যস্ত সময়চোৱা। ১৯৮০-ৰ দশকৰ শেষৰ ফালৰপৰা ভূপেন হাজৰিকাৰ সৃষ্টি কমি আহিছিল, যিখিনি সৃষ্টি কৰিছিল তাতো ৮০-ৰ দশকৰ আগৰ তীব্ৰতা যেন অনুভৱ কৰা নাছিলো। ‘সাগৰ সঙ্গমত সাঁতোৰা’ৰ কথা তেওঁ কোৱা নাছিল, কোৱা নাছিল ‘এক মিঠা নিৰাপত্তা’ হোৱাৰ বাসনাৰ কথা। ‘সাগৰ সঙ্গমত কতনা সাঁতুৰিও’ লিখা মানুহজন ক্লান্ত হৈ পৰিছিল নেকি? বাৰ্ধক্যই বাধা দিছিল নেকি? নে তেখেতে ‘বৈষয়িক নিৰাপত্তা’ৰ স্বাৰ্থত নিজৰে সংগ্ৰামী সত্ত্বাৰ লগত আপোচ কৰিবলৈ আৰম্ভ কৰিছিল? নে, অসম আন্দোলনৰ আন বহুতো কুফলৰ ভিতৰত এয়াও এটা? নে অসম আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত অহা ভাঙোনমুখী ‘অসমীয়া’ মনোবৃত্তিয়ে তেখেতক হতাশাগ্ৰস্ত কৰি তুলিছিল? যাৰ কাৰণেই তেখেতৰ শেষ বয়সৰ চকুজুৰিত মই প্ৰায়েইবিষাদৰ চিন দেখিছিলো? এনে বহুত প্ৰশ্ন মনলৈ মাজে মাজে আহে। এই প্ৰশ্নকেইটাৰে কোনোবাই ভূপেন হাজৰিকাৰ অসন্মান কৰা বুলি আপত্তি তুলিব পাৰে। কিন্তু মোৰ বাবে এই প্ৰশ্নকেইটা তেখেতৰ প্ৰতিভা, ক্ষমতা আৰু দক্ষতাৰ প্ৰতি থকা মোৰ অগাধ বিশ্বাসৰ পৰিণতি মাথো। ১৯৮১ চনৰ ভূপেন হাজৰিকা বিশেষ সংখ্যা এই বাবেই মোৰ বাবে অতি পঠনীয় আছিল। কাৰণ মোৰ প্ৰশ্নবোৰৰ পোনপটীয়া উত্তৰ নাপালেও ১৯৮১ চনৰ ভূপেন হাজৰিকাৰ চিন্তাই তাৰ এটা আভাষ দিব যেন ধাৰণা আছিল। আৰু কিতাপখনে এই বিষয়ে মোক হতাশ কৰাটো নায়েই, আৰু বহুতো নতুন কথা আগবঢ়াই দিবলৈ সক্ষম হ’ল। মোৰ এই লেখাটো সেয়ে কিতাপখনৰ বিষয়ৰ আলোচনাৰ লগতে প্ৰশ্নকেইটাৰ উত্তৰ বিচৰাৰো এক প্ৰয়াস।

কিতাপখন ভূপেন হাজৰিকাৰ পিতৃ-মাতৃৰ পৰিচয়, তেতিয়ালৈ নিৰ্মিত ছবিসমূহ, আৰু চমু জীৱন-পঞ্জী আদি তথ্যসম্বলিত লেখা আছে। গূণমুগ্ধ আৰতি ভট্টাচাৰ্য আৰু ও.চি.গাঙ্গুলিৰ দুটা লেখা আছে। বেণী মাধৱৰ সম্পাদকীয়কো গুণমুগ্ধৰ কলম বুলিব পাৰি। ইয়াৰ লগতে হাজৰিকাৰ বিষয়ে উল্লেখ কৰি লেখা কেবাটাও লেখা আছে। ‘ভূপেন হাজৰিকাৰ ইন্দ্ৰিয়াসক্তি’ এক লেখাত ড. দিলীপ কু. দত্তই হাজৰিকাৰ গানত থকা প্ৰেমৰ স্বৰূপ বাখ্যা কৰিছে। ইয়াৰোপৰি হাজৰিকাৰ লগত কাম কৰাৰ স্মৃতি ব্যক্ত কৰিছে ৰত্ন ওজা আৰু হেমাংগ বিশ্বাসে। নৰেন ঠাকুৰীয়াৰ এক লেখাত ভূপেন হাজৰিকাৰ জনপ্ৰিয়তাৰ কাৰণ বাখ্যা কৰা হৈছে। কিন্তু এই কেউটা লেখাই মনত খুব বেছি এটা দোলা দি যাবলৈ সক্ষম নহয়। আটাইকেইটা লেখাটো বস্তুনিষ্ঠতাতকৈ আবেগৰ পয়োভৰ বেছি। দণ্ডীধৰ হাজৰিকাৰ ভূপেন্দ্ৰ সংগীত লেখাটো ভূপেন হাজৰিকাৰ সংগীতৰ বিদ্যায়তনিক আলোচনাৰ বাবে উপযোগী লেখা। অঞ্জু দেৱীয়ে কৰা স্মৃতিচাৰণটোত বহুতো তথ্যৰ পয়োভৰ আছ। গ্ৰন্থ সংষ্কৰণটোত নতুন লেখকসকলৰ কেইটামান লেখা সংলগ্ন কৰা হৈছে, যিখিনি মূল শিল্পীৰ পৃথিৱীত নাছিল। কিন্তু নতুন লেখাকেইটাই বিশেষ প্ৰভাৱান্বিত কৰিব নোৱাৰে।

কিন্তু সংকলনটোৰ আটাইতকৈ শক্তিশালী লেখাকেইটা হৈছে, ভূপেন হাজৰিকাৰ দুটা সাক্ষাৎকাৰ, আৰু তেখেতৰ নিজৰে লেখাকেইটা। প্ৰথমেই চকুত পৰে ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে মই বিধানসভাৰ সদস্য কিয় হৈছিলো?’ এই লেখাটোত হাজৰিকাই কেনেকৈ আৰু কি পৰিস্থিতিত বিধায়ক হৈছিল, আৰু বিধায়ক হৈ কেনেকুৱা কামত ব্ৰতী হৈছিল তাৰ এটা আভাষ পোৱাৰ লগতে তেখেতৰ ৰাজনৈতিক আদৰ্শৰো ৰূপ পোৱা যায়। “এটা ফিল্ম ষ্টুডিঅ’, এটা আৰ্ট গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াত মই যথেষ্ট যুঁজিছিলোঁ।….সেইটো (জ্যোতি চিত্ৰবন) কোনো বণিয়াই চলাব নালাগিব, সেইটো চলাব বনুৱাই। সেয়ে ভাৰতবৰ্ষত আমি প্ৰথম ষ্টুডিঅ’ পাতিবলৈ সমৰ্থ হৈছিলোঁ।…. ইফালে আমাৰ জাতীয় নাট্যশালাৰ বুদ্ধিজীৱীসকলে কৰা সমিতিখনো ভাগি গ’ল আৰু সিফালে গাঁৱৰ কিছুমান মানুহে ধুনীয়াকৈ ভ্ৰাম্যমান থিয়েটাৰ দল উলিয়াই আজি গৌৰৱময় ইতিহাস ৰচনা কৰিলে।.. সেই ভ্ৰাম্যমান থিয়েটাৰ দলক ট্ৰাক দিবৰ বাবে বিধানসভাত মই চেষ্টা কৰিছিলো।”

“ৰাইজে বিচৰা প্ৰাপ্যখিনিক পলম কৰিব পৰা বিধানসভাখন হ’ল এবিধ মুখৰ খেল। আৰু আমি বহুতো বিধায়ক বৰ শ্ৰদ্ধেয় নহয়। এইখিনি অন্তত: বুজি পালো পাঁচ বছৰ থাকি। সক্ৰিয় ৰাজনীতিত যদিও মই নাই, ৰাজনীতিক বাদ দি কেনেকৈ আমি জীয়াই থাকিম? এজন মানুহে যদি পানীৰ কল বিআৰে, এজন মানুহে যদি টেক্স দি উঠি ৰাস্তাটো ভাল কৰি দিব লাগে, কিয় ভাল কৰি দিয়া নাই বুলি প্ৰশ্ন সোধে সেইটো পলিটিক্স কৰা নহয়। সেইটো সমাজ সচেতনতা। সেই সমাজ সচেতনতা লৈয়েই মই জন্মগ্ৰহন কৰিছো। সেই সমাজ সচেতনতা লৈ মই সৃষ্টি কৰি যাম…”

‘ড. ভূপেন হাজৰিকাৰ সঙ্গীত সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত শিল্পীৰ পৃথিৱীৰ প্ৰশ্ন’ শীৰ্ষক আন এক লিখিত সাক্ষাৎকাৰত ভূপেন হাজৰিকাই সংগীত আৰু সংগ্ৰাম সম্পৰ্কীয় বহুতো প্ৰশ্নৰ উত্তৰ দিছে। তেখেতৰ মতে সঙ্গীতৰ অকল কণ্ঠহে জন্মগত, বাকী সঙ্গীতৰ জ্ঞান আৰু সাধনা, আৰু পৰিবেশনাৰ কলা এই দুটা বস্তু আহৰণ কৰিব লাগে। সংগীতত ‘মেছেজ’ৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভূপেন হাজৰিকাৰ মতামত এনে ধৰণৰ: ‘..ডাঙৰ গায়ক কলে কোনো message নাথাকিলেও তা না না না কৈ তাৰণাৰেই গীত পৰিবেশন কৰি আহিছে। তেওঁলোকেও এটা message দিয়ে..সেইটো হয়তো nerve ৰ আনন্দ কিম্বা মস্তিষ্কৰ আনন্দ দিয়ে…. message আছে কাৰণেই মই জনপ্ৰিয় হৈছোঁ নেকি মই নাজানো..যদি হৈছোঁ, তেনেহ’লে বুজিব লাগিব..সমাজে গায়কৰপৰা বিশেষকৈ সুগম সঙ্গীত গায়কৰ পৰা কেৱল আনন্দই বিচৰা নাই, কিবা message-ও বিচাৰিছে।…মই আধুনিক গীত বা সুগম সঙ্গীত যদি সৃষ্টি কৰিবলৈ বিচাৰোঁ vacuumৰ ওপৰতটো আৰু একো কৰিব নোৱাৰিম। পাণিনি হ’ব নালাগে, কালিদাস হ’বলৈ। কিন্তু কালিদাস হ’বলৈ কিছু পাণিনিতো হ’ব লাগিব।…মই কোনো শিল্পীকে নকওঁ যে আপোনালোকে জুইত হাত নভৰাব। জুইত হাত ভৰাওক..অলপ সেক লওক..তপত হ’লে আপোনা-আপুনি আঙুলিটো গুচি আহিব। Let them learn by doing….’

চামেলী মেমচাহাব ছবিৰ বাবে ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভৰ অভিজ্ঞতাৰ বৰ্ণনা পোৱা যায় আন এটা সাক্ষাৎকাৰ ”বছৰৰ শ্ৰেষ্ঠ সঙ্গীত পৰিচালকস লগত এটি সাক্ষাৎকাৰ’ শীৰ্ষক লেখাটো। এই লেখাটোত ভূপেন হাজৰিকাৰ ভাষ্যত অলপ অসন্তুষ্টিৰ সুৰ দেখা যায়। “পোনে পোনে স্বৰ্গলৈ যোৱা যেন লগা নাছিল। বুকুখন অহঙ্কাৰেৰে ভৰি যোৱা যেন লগা নাছিল। পাই ভাবিলোঁ ভাগ্যে politically motivated উপাধি নহয় এইটো। এই পুৰস্কাৰ প্ৰতিযোগিতামূলক technical পৰুস্কাৰ…. মোৰ পৰীক্ষামূলক মিউজিকৰ ধাৰাক সৰ্বভাৰতে স্বীকৃতি দিলে। তাৰমানে অসমক স্বীকৃতি দিলে।” একেটা সাক্ষাৎকাৰতে দিয়া মন্তব্য আজিও প্ৰাসংগিক, “অসমীয়া ছবিৰ দৰ্শকেও বুজি উঠিছে যে অসমীয়া হ’লেই ছবি এখনক চাব নেপায়। মন প্ৰাণ স্পৰ্শ নকৰিলে দৰ্শকে আঁকোৱালি নলয়।…. অসমীয়া ছবি এখনত খাচ অসমীয়া সুগন্ধ থাকিলেহে সৰ্বভাৰতে আদৰিব। সৰ্বভাৰতীয় ছবি কৰিবলৈ গৈ বিজতৰীয়া কৰিলে ফল অশুভ হ’ব বুলি মোৰ বিশ্বাস।..যেনেকৈ ‘বিশ্বসাহিত্য’ বলা কথাষাৰ মিছা, তেনেকৈ বিশ্বপৰ্যায়ৰ ছবি বোলা কথাষাৰো মিছা। ‘পথেৰ পাঁচালি’ বৰ বাংলা ছবি বুলিহে বিশ্ব পৰ্যায়ৰ ছবি হৈছে। ধ্বংসমুখী সমালোচকসকলে সেই কথা জানিলে ভাল হ’ব।…শিল্পীয়ে আৰ্ট কৰে আনৰ মন পৰশিবলৈ। আনৰ সৈতে কমিউনিকে’ট কৰিবলৈ। সেইটো যদি প্ৰচাৰধৰ্মিতা হয়, তেনে উপায় নাই।”

এটা আমোদজনক প্ৰশ্ন আছিল, ‘প্ৰকাশন পৰিষদে ‘বিশ্বকোষ’ৰ দৰে কিতাপ প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ কিবা উন্নতি সাধিব পাৰিছে বুলি আপুনি ভাবেনে?’ ভূপেন হাজৰিকাৰ উত্তৰ, ‘কিয়? ‘বিশ্বকোষ’ এখন যদি অসমীয়া ভাষাত ওলায় তেন্তে গৌৰৱৰহে কথা। কিন্তু, লগে লগে অসমীয়া সমকালীন সাহিত্যৰো প্ৰকাশন (গণতান্ত্ৰিক বে’চত) হ’লেহে অসমীয়া সাহিত্যৰ প্ৰভূত উন্নতিৰ সম্ভাৱনা।…”

আন এটা অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক প্ৰশ্নত সোধা হৈছিল যে ‘অসম সাহিত্য সভা’ই অসমীয়া ভাষাৰ উত্তৰ-পূৱৰ সংযোগী ভাষা হ’ব লাগে বুলি পোষণ কৰা মত সম্পৰ্কে তেখেতে কি ভাবে? হাজৰিকাৰ উত্তৰ নিশ্চয় প্ৰণিধানযোগ্য আৰু যুগতকৈ শতগুণে আগবঢ়া: “.. কিন্তু এটা কথা জানো যে এটি বিশেষ সভাৰ প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰ কৰি ৰাইজে বিশেষ ভাষাৰে ভাৱৰ আদান প্ৰদান নকৰে। লিংক লেংঙ্গুৱেজ মানে যদি সেতু গঢ়া ভাষা হয়, তেন্তে তেনে সেতু গঢ়া ভাষা যুগ যুগৰ পৰা চলে বিশুদ্ধ সেই ভাষাত কিম্বা তাৰ ৰূপান্তৰত।… মিজোৰাম-মেঘালয় (গাৰো পাহাৰৰ সীমা বাদ দি) মণিপুৰৰ লিঙ্ক লেঙ্গুৱেজ অসমীয়া কেনেকৈ হ’ব?…মুকলি মনেৰে চিন্তা কৰিলেহে মানুহৰ মাজত বুজাবুজিৰ সেতু গঢ়িব পাৰি। ৰাজনীতি প্ৰণোদিত এনে অনুভূতিৰে এনে সেতুৰ উন্নতি সাধিব নোৱাৰি..ইতি্হাসে সঁকিয়ায়।”

মই কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি এই কিতাপখন পঢ়াৰ কথা আগতেই উল্লেখ কৰিছিলোঁ। আৰু মোৰ বেছিভাগ প্ৰশ্নৰে উত্তৰ এই সাক্ষাৎকাৰ সমূহতে সোমাই আছে যেন লাগিল। এই কথাখিনিৰ লগত অসম আন্দোলনৰ পাছৰ পৰিস্থিতি আৰু ভাঙোনমুখী অসমীয়াত্বৰ মাজত ভূপেন হাজৰিকাই তেখেতৰ স্বপ্নৰ, আদৰ্শৰ মৃত্যু দেখা পাইছিল বাবেই তেখেতৰ সৃষ্টিত প্ৰত্যয়ৰ সামান্য অভাৱ আছিল বুলি ভাবিব পাৰি নেকি? কিন্তু এই মত মানি লোৱাৰ আগতে একেখন আলোচনীতে প্ৰকাশিত মেদিনী চৌধুৰীৰ ‘ভূপেন হাজৰিকা। এটি মূল্যায়ন’ শীৰ্ষক লেখাটোৰ বক্তব্য বিচাৰযোগ্য। এই লেখাটোত মেদিনী চৌধুৰীয়ে ভূপেন হাজৰিকাৰ প্ৰশস্তি কৰিয়েই থমকি ৰোৱা নাই। ভূপেন হাজৰিকাৰ সংগীতত কিদৰে গণ-চেতনাৰ প্ৰকৃত ঢৌৱে চুই গৈছিল তাৰ উল্লেখ কৰিছে। ভূপেন হাজৰিকাৰ মূল্যায়ন কৰিবলৈ গৈ তেখেতে কিদৰে হাজৰিকাই জ্ঞান আৰু উপলব্ধি আহৰণ কৰাৰ বাবে সদায় যত্নপৰ হৈ আহিছে তাৰ উল্লেখ কৰিছে। তেখেতৰ শৈলী নিৰ্ভীক। “চোতালৰ ঢিপৰ তুলসী, নঙলামুখৰ কৃষ্ণচুড়া, খিৰিকীৰ কাষৰ শেৱালি, বাঁহৰ আগৰ বগলী এনেবোৰক লৈ ভূপেন হাজৰিকা ব্যস্ত থকা হ’লে তেওঁক কোনেও আমনি নিদিলেহেঁতেন।…মনোমু্ক্তিৰ ভাল নামটো হ’ল সাহস। নিৰ্লজ্জতা নহয়। সাহসৰ প্ৰকাশ আকৌ সমস্ত বিৰোধৰ কণ্ঠ ৰোধ কৰি বিবেকৰ গীত গোৱা ডকাইতিত নহয়। সাহস হ’ল ইতিহাসৰ গতিক নিৰ্ভুলভাৱে নিৰ্ণয় কৰি সেই অনুসৰি গণচেতনাক উন্মথিত কৰাৰ সাহস, উদ্বুদ্ধ কৰাৰ সাহস।..সৃষ্টিৰ আটাইতকৈ সঁজাত নোপোৱা প্ৰাণী হ’ল মজলীয়া শ্ৰেণীৰ মানুহখিনি।…বিপ্লৱত নেতৃত্ব দিয়া, তাৰ শুভফল নাশ কৰা–এই আচৰণবোৰক নিয়ন্ত্ৰিত কৰে তেওঁলোকৰ ব্যক্তিগত নিৰাপত্তাৰ চিন্তাইহে, কোনো আদৰ্শবাদে নহয়। বিষ্ণুপ্ৰসাদ-জ্যোতিপ্ৰসাদৰ দৰে ভূপেন হাজৰিকাও মজলীয়া শ্ৰেণীৰ মানুহ। আৰু আমি উদ্বিগ্নচিত্তে কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ হাজৰিকাৰ আগৰ সেই ‘ডেম এভ্ৰিবডি’ স্বভাৱটো নোহোৱা হৈ গৈছে দিনে দিনে। তেৱোঁ যেন লাহে লাহে ভৱিষ্যত নিৰাপত্তা সম্বন্ধে কাতৰ হৈ পৰিছে…আজিকালিৰ এই-এটা সৃষ্টিত সাগৰৰ ঢউৰ ভয়ত পাৰলৈ উভতি অহাৰ লক্ষণে ধৰা দিছে।” এইখিনিতে অকণমান টোকাৰ প্ৰয়োজনীয়তা আছে। মেদিনী চৌধুৰীয়ে জ্যোতিপ্ৰসাদৰ গণচেতনাৰ আদৰ্শক সন্দেহ কৰা নাই যদিও তেখেতে শংকা কৰিছে যে জ্যোতিপ্ৰসাদে ৰোমাণ্টিক বিপ্লৱৰ ধাৰাৰ পৰা ওলাই অহাৰ চেষ্টাহে কৰি আছিল, জীৱন কাল আৰু দিঘলীয়া হ’লে জ্যোতিপ্ৰসাদ সফল হ’লহেঁতেন বুলি আশা প্ৰকাশ কৰিছে। আনহাতে বিষ্ণু ৰাভাৰ গণচেতনাৰ উপলব্ধিক প্ৰশংসা কৰিছে। আমি আগতে ভূপেন হাজৰিকা সম্পৰ্কে উল্লেখ কৰা প্ৰশ্নৰ এটাও চৌধুৰীয়ে ইয়াতে উল্লেখ কৰিছে। ‘ব্যক্তিগত নিৰাপত্তাৰ প্ৰশ্ন’টো।

”ব্যক্তিগত নিৰাপত্তা প্ৰসংগ’ অহাৰ লগে লগে আন এষাৰ কথাও ভাবিবলগীয়া। ভূপেন হাজৰিকাই কল্পনা লাজমীক লগ পাইছিল ১৯৭৯ চনত। তেখেতে নিজে উল্লেখ কৰা মতে সেই সময়ত তেখেতৰ সাঁচতীয়া ধন আছিল সাতত্ৰিছ টকা। তাৰ পাছৰে পৰাই কল্পনা লাজমীয়ে তেখেতৰ বৈষয়িক দিশটো চোৱা-চিতা কৰিবলৈ লয়। কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক ‘নিৰাপত্তাৰ বাবে’ ব্যস্ত কৰি তুলিছিল নেকি? প্ৰশ্নটো বৰ অসজ যেন ভাৱ হোৱাটো স্বাভাৱিক। কিন্তু পৰিয়ালবিহীন ‘অ-মজলীয়া’ ভূপেন হাজৰিকাক কল্পনা লাজমীয়ে ‘মজলীয়া’ শ্ৰেণীলৈ আনিছিল বুলি এটা ধাৰণা জন্মাটো অস্বাভাৱিক নহয়। মোৰ মূল প্ৰশ্নকেইটাৰ উত্তৰ হিচাপে এটা নিশ্চিত সিদ্ধান্তলৈ আহিম বুলি মই কেতিয়াও ভবা নাই। বিপ্লৱ, গণচেতনা আদিৰ দৰে কথাবোৰ বুজিবলৈ মই এতিয়াও বহু জানিবলৈ বাকী আছে। তাতে ভূপেন হাজৰিকাৰ দৰে এক বিশাল ব্যক্তিত্বৰ বিষয়ে সম্যক ধাৰণা লোৱাটো মোৰ বুদ্ধিমত্তাৰ ভিতৰত আছে নে সেইটোতো মোৰ সন্দেহ আছে। সেয়ে ৮০-ৰ পাছৰ সময় চোৱাত ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্মত হোৱা পৰিৱৰ্তনৰ মই আগবঢ়োৱা দুয়োটা প্ৰকল্পই (অসম আন্দোলন আৰু ব্যক্তিগত নিৰাপত্তা) ৰাইজে নিজে বিচাৰ কৰিব। এনেও হ’ব পাৰে যে মই প্ৰথমৰেপৰাই সম্পূৰ্ণ ভুল।

এই গভীৰ লেখাসমূহৰ বাহিৰেও কিতাপখনত ভূপেন হাজৰিকাৰ কলমেৰে কেবাগৰাকীও শিল্পীৰ বিষয়ে লেখা প্ৰকাশ হৈছে। anecdotes হিচাপে এনে লেখাবোৰৰ মূল্য অপৰিসীম। কিতাপখনত থকা দুটা এনে anecdote ৰাইজৰ লগত ভগাই ল’বলৈ মন গ’ল। ‘শীতৰে সেমেকা ৰাতি’ গানটোত উল্লেখিত কণ্ঠৰূদ্ধ গায়কৰ কথা উল্লেখ কৰোঁতে দিপালী বৰঠাকুৰৰ কথা মনলৈ আহিছিল বুলি উল্লেখ কৰিছে। দিপালী বৰঠাকুৰৰ অসুখৰ খবৰ পোৱাৰ সময়তে ৰচা গীতটোত সুকণ্ঠী গায়িকাগৰাকীৰ কথা সোমাই গ’ল বুলি তেখেতে কৈছে। আনহাতে ভূপেন হাজৰিকাৰ ‘মহা দোস্ত’ বাপ্তি (কমল) হাজৰিকাই বিলাতলৈ যোৱাৰ আগেয়ে এটা সুন্দৰ গান লিখি গৈছিল। গানটোত কণ্ঠ দিছিল দিপালী বৰঠাকুৰে। কাৰ প্ৰেমত পৰি বাপ্তি হাজৰিকাই গানটো লিখিছিল ভূপেন হাজৰিকায়ো নাজানিলে, গানটো আছিল ‘চেনাই মই যাওঁ দেই’।

ভৱানী প্ৰেছৰ দ্বাৰা প্ৰকাশিত কিতাপখনৰ ছপা-বন্ধা সুন্দৰ। কিন্তু কিতাপখনৰ কোনো সূচীপত্ৰ নাই বাবে পঢ়িবলৈ অসুবিধা হয়। বিশেষকৈ এই লেখাটো যুগুতাওঁতে এইটোৰ বাবে বহুত অসুবিধা হৈছে। লগতে কোনখিনি মূল আলোচনীৰ লেখা আৰু কোনখিনি নতুনকৈ সংযোজিত সেইটো উল্লেখ কৰা হোৱা নাই। পঢ়ুৱৈয়ে চন আদিৰ উল্লেখ চাইহে সেইটো বুজিব লাগে। আনহাতে আজিৰ দিনৰ ছপাৰ কাম হিচাপে সংলগ্ন ছবিখিনি আৰু ভাল হ’ব লাগিছিল। অৱশ্যে মূল আলোচনীৰ ছবি ব্যৱহাৰ কৰাৰ বাবেই এই অসুবিধাটো হ’ব পাৰে। আটাইতকৈ দৃষ্টিকটু লাগিছে ভিতৰৰ প্ৰথম পৃষ্ঠাতে থকা ‘জীৱন সুৰক্ষা’ৰ বিজ্ঞাপন। যি নহওঁক, ভূপেন দাক জানিব খোজাসকলে কিতাপখন এবাৰ হাতত তুলি ল’ব পাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক