শিল্পী চাৰু গোহাঁইৰ স্মৃতিত….. (জ্যোতির্ময় শর্মা)

শিল্পী চাৰু গোহাঁইৰ স্মতিত…..
জ্যোতির্ময় শর্মা

১৯৯৩ চনৰ কথা। ম‍ই মংগলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ। “মহাবিদ্যালয় সপ্তাহ” উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী হিচাপে চাৰু গোহাঁইদেৱে গীত পৰিবেশন কৰিব। সাংস্কৄতিক সম্পাদক প্ৰণব আৰু ম‍ই নিজে আহি তেখেতক নিমন্ত্ৰণ জনাই গৈছিলোঁ। মাত্ৰ ছহেজাৰ টকা মাননী!
সেই বিশেষ দিনটো আহি পালে! সন্ধ্যা চাৰু গোহাঁইদেৱ আমাৰ মহাবিদ্যালয় আহি পালেহি। এটা সময়ত তেখেতৰ অনুষ্ঠান আৰম্ভ হ’ল। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ছাৰসকল আটায়ে মন্ত্ৰমুগ্ধ হৈ গান শুনিছে! চাৰু গোহাঁয়ে এটাৰ পিচত এটাকৈ গাই গৈছে……. “ৰাতি বাঁহী বাই কোনে মোক…”, “মোৰ সমাধিত…”, “জিলমিল জোন জ্বলে….” !

সম্পাদক প্ৰণবে মোক একাষৰীয়াকৈ মাতি নিলে! ” ডাঙৰ কথা হ’ল নহয়!” প্ৰণবৰ কথাৰ সুৰতেই গম পালোঁ, কিবা এটা ঘটিল! সেপ ঢুকি ঢুকি প্ৰণবে কোৱা কথাৰ পৰা এটা কথাই বুজিলোঁ যে, চাৰু গোহাঁইদেৱক চুক্তিমতে দিবলগীয়া ছহেজাৰ টকা তাৰ হাতত নাই! ক’ৰবাৰ পৰা অহাৰো আশা নাই! মোৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম! “কি হ’ব এতিয়া ?” মোৰ প্ৰশ্ন শুনি প্ৰণবে ক’লে… “কিবা এটা উপায় ভাব এতিয়া!”
“তোৰ হাতত কিমান আছে ?” ভয়ে ভয়ে সুধিলোঁ।
“চাৰিহাজাৰ।” (এইখিনি এতিয়ালৈকে সি কেইবাৰ গন্তি কৰিছে ঠিক নাই! কিজানি আৰু অলপ ওলায়েই!)
“দুহাজাৰ চৰ্ট!!!!” মোৰ গাটো ঠাণ্ডা ঠাণ্ডা লাগি গ’ল সম্ভাব্য গালিখিনিৰ কথা ভাবি!
বাজেট, হিচাপ..এইবোৰ প্ৰণবক সুধি লাভ নাই! গতিকে বাদ দিলোঁ! মোৰ এনেকুৱা লাগিল চাৰু গোহাঁয়ে যেন অনাদি-অনন্ত কালৰ বাবে গায়েই থাকক! কোনোদিনে শেষ নহওক এই সাংস্কৃতিক সন্ধিয়া! কোনোদিনে আমি যাতে তেখেতৰ সন্মুখত থিয় হ’বলগীয়া নহওক হাতত চাৰিহাজাৰ টকা লৈ!!
এটা সময়ত ফাংচন শেষ! গুণমুগ্ধৰ ভিৰ পাতলিল। শিল্পীসকলক নিশাৰ আহাৰ কোনোবা এজনে খুৱাই আনিলে। আহি পালে সেই বিশেষ ক্ষণ! মাননী দিয়াৰ সময়! সহশিল্পীসকলৰ সৈতে চাৰু গোহাঁই বহি আছে। প্ৰণব আৰু মোক দেখি ক’লে ” আমাক বিদায় দিয়া আৰু! গুৱাহাটীলৈ যাম নহয়।”
প্ৰণবে লাহেকৈ ক’লে ” ছাৰ, আপোনাৰ লগত অলপ কথা আছিল।” ( ইমান দিনে প্ৰণবে তেখেতক দাদা বুলিয়েই সম্বোধন কৰিছিল! ময়ো!)
“কোৱা”।
“নহয় মানে, …..অকলে….!” প্ৰণবে থেৰো-গেৰোকৈ ক’লে!
চাৰু গোহাঁইদেৱৰ ইংগিতত সহশিল্পীসকল কোঠাৰ পৰা ওলাই গ’ল। আমাৰ ইংগিতত আমাৰ লগৰবোৰো ওলাই গ’ল। কোঠাত আমি তিনিজন! কিছু নীৰৱ মুহূৰ্ত পাৰ হ’ল! মজিয়াৰ পিনে চাই আমি দুয়ো থিয় হৈ আছো!
“কিমান চৰ্ট ?” চাৰু গোহাঁইৰ কৌতুকসনা দৃষ্টি আমাৰ ওপৰত!
“দুহাজাৰ!!!” দুয়োৰে ভিতৰত কোনোবা এজনে উত্তৰ দিলোঁ! (কোনে দিছিলোঁ মনত নাই!)
“দিয়া !”
খপজপাই প্ৰণবে চাৰিহাজাৰ টকা উলিয়াই দিলে!!!
“এনেকুৱা হয়েই! মোক কিবা ফাংচন পাতি নোপোৱা মানুহ বুলি ভাবিছা নে কি? এই বিলাক চৰ্ট
মৰা ঘটনা থাকেই! কেৱল প‍ইচাৰ বাবে গান গালে ম‍ই আগতে লৈ ললোঁহেঁতেন! বুজিলা ?” আমি দুয়ো তেখেতক সাবট মাৰি ধৰিলোঁ!
(সহজে চকুপানী নোলায় বুলি থকা মোৰ সুনাম/দুৰ্নাম চকুপানীৰ প্লাৱনত উটি ভাহি গ’ল।)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments