শিল্প – গীতাৰ্থী গোস্বামী

লতিকাই জনালে। এঘৰত কাম কৰা মানুহৰ বৰ প্ৰয়োজন।

“কাম এটাৰ মোৰো বৰ প্ৰয়োজন অ’ ।”- জুনুক কাম এটা লাগে। গিৰিয়েকৰ দোকানৰ কামটোৰে ঘৰ নচলে। চাৰিটা পেট। ল’ৰা-ছোৱালী দুটাৰ সাধাৰণ কিছুমান আবদাৰ পূৰাবলৈকে তাইক কাম এটাৰ বৰ প্ৰয়োজন।

পিছদিনা লতিকায়ে লৈ গ’ল তাইক মানুহ ঘৰলৈ।

ঘৰখনৰ প্ৰাণী পাঁচোটা। অভিনেতা শশাংক বৰুৱাৰ ঘৰ। বৰুৱা প্ৰায়ে ছুটিঙৰ কামত বাহিৰত থাকে। তাই কামৰ কথা পাতিবলৈ যোৱাৰ দিনাও বৰুৱা নাছিল। ঘৰটো বিশেষ ডাঙৰ নহয়। দুটা শোৱনি কোঠা, এটা বহা-খোৱা কোঠা আৰু পাকঘৰটো।

ৰন্ধা বঢ়া তাই কৰিব নালাগে। ঘৰটো পৰিষ্কাৰ কৰি বাকী সময়ত বৰুৱাৰ শয্যাশায়ী পিতাকৰ চোৱা চিতা কৰিব লাগে।

জুনুৰ কাৰণে সেয়া একো কামেই নহয়। চাৰি-পাঁচঘৰত ঢপলিয়াই ঢপলিয়াই কাম কৰাতকৈ এঘৰতে আৰামত কৰিব পাৰিব। ল’ৰা-ছোৱালী দুটা অলপ ডাঙৰ হৈছে, থাকিব পাৰিব।

পিছৰ মাহৰ পৰাই কামলৈ আহিল জুনু।

ঘৰখন চাই-চিতি তাই কামবোৰ চম্ভালি ল’বলৈ আগবাঢ়িল। বহা কোঠাৰ আলমাৰিটোৰ ওপৰলৈ চকু গৈ তাই হতভম্ব হ’ল। মালিকনী বাইদেউৰ লগত বাঘ শইকীয়াৰ ফটো।

“বাঘ শইকীয়া?” -অজানিতে আৰ্তনাদৰ দৰে জুনুৰ মুখেদি ওলাই গ’ল।

“হা হা হা। বাঘশইকীয়া নহয় অ’ । সেয়া এই ঘৰৰ মালিক, মোৰ মানুহজন।”-বৰুৱাৰ পত্নী নিৰ্মালীয়ে হাঁহি হাঁহি ক’লে।

“কিন্তু ……।”

“ওঁ, তেওঁ এখন চিনেমাত বাঘ শইকীয়াৰ অভিনয় কৰিছিল। মানুহে বৰ ভাল পাইছিল। তুমিও চাগে সেইখন চিনেমা চাইছা।”- নিৰ্মালীয়ে গৌৰৱেৰে ক’লে।

হয়, সেইখন চিনেমাই। চিনেমা নে আচল ধৰিবই পৰা নাছিল জুনুৱে। কি দুৰ্দান্ত অভিনয় কৰিছিল মানুহজনে! আস্!! পুত্ৰক হেৰুৱাই মানসিকভাৱে ভাগি পৰিও বাঘৰ দৰে সাহসী হৈ থকা সেই মানুহজন! দেশৰ বাবে সীমান্তত থকা শইকীয়াই পুত্ৰৰ চিকিৎসা, সৎকাৰ একো কৰিবলৈ নাপালে। সহজতে ভাগি নপৰা বাঘ শইকীয়াই পুত্ৰৰ মৰিশালীত যেনেকুৱা কৰিলে – আঐ, ভাবিলে এতিয়াও চকু পানী ওলাই আহে জুনুৰ।  শইকীয়াৰ দুচকুৰ শোকে কেইবাদিনো জুনুক শুবলৈ দিয়া নাছিল। সেই বাঘ শইকীয়াৰ ঘৰতে কাম কৰিব তাই। উল্লাসত তাই যেন পাগল হৈ যাব! নিজ চকুৰে বাঘ শইকীয়াক এবাৰ চাবলৈ তাইৰ যে কত দিনৰ হেঁপাহ!

নিৰ্মালী বৰ মৰমীয়াল। জুনুৰ ভালেই লাগিল ঘৰখন।

বৰুৱাৰ পিতৃৰ বেছি জঞ্জাল নাই। কেৱল খেকাৰ পেলাবলৈ বাচনটো আগবঢ়াই দি থাকিব লাগে, বাথৰুমলৈ ধৰি ধৰি নিব লাগে আৰু চাহকন, ভাতমুঠি খুৱাই দিব লাগে। মাজে মাজে তেওঁ জুনুৰ সৈতে কথা পাতে।

“তোৰ গিৰিয়েৰৰ ঘৰৰ ফালে আমাৰ এজন পেহা আছিল বুইছ। পেহীক আমি নেদেখিলোঁৱেই। ডাঠ কুঁহিয়াৰণীৰে ঘেৰা ঘৰ এখন …..।”- মানুহজনৰ সদায় একেখন পুৰাণেই! একেবোৰ কথাকে গাই থাকে। জুনুৱে মনে মনে শুনি থাকে। তাইৰ আচল কাম সেইটোৱেই। শশাংক বৰুৱাৰ পিতাকক শেষ সময়ত সুখত ৰখা।

অৱশেষত সেই দিন আহিল। কাম কৰিবলৈ আহি তাই দ্ৰয়িং ৰুমত বহি থকা বাঘ শইকীয়াক দেখিলে। মানুহজনৰ চকুলৈ চাবলৈ তাইৰ লাজ লাগিল। গহীন মানুহজনক কামৰ ফাঁকে ফাঁকে তাই চাই থাকিল।

“তোমাৰ হৃদয়ৰ দুখবোৰ শেষ হ’লনে বাঘ শইকীয়া?  এতিয়াও আনৰ আগত গহীন হৈ থাকি, ৰাতি মনে মনে কান্দা নেকি তুমি?  তোমাৰ দুখে বহুৰাতি কন্দুৱালে মোক।”- তাই যেন এনেদৰেই কৈ বৰুৱাৰ কাষত বহি পৰিব!

বাৰে বাৰে আঁৰ চকুৰে বৰুৱালৈ চাই থাকিল তাই।

“এইৰ নাম জুনু। তোমাৰ ফটোখন দেখি এই বাঘ শইকীয়া বুলি চিঞৰি দিছিল।”

কিয়নো সেইবোৰ ক’ব লাগে?  বৰ লাজ লাগিল তাইৰ। নিৰ্মালী আৰু শশাংক বৰুৱাই উচ্চস্বৰত হাঁহিবলৈ ধৰিলে।

বাঘ শইকীয়াই হাঁহিবও জানে?  আচৰিত হ’ল জুনু।

লাহে লাহে কথাবোৰ সহজ হ’ল। বৰুৱাক জুনুৱে সহজভাৱে ল’ব পৰা হ’ল।

দিনবোৰ গৈ থাকিল। মাহ গৈ বছৰত সোমাল। জুনুৱে লক্ষ্য কৰিলে মালিক মাজে মাজে ছুটিঙলৈ যায়। ছুটিঙৰ পৰা আহি দেউতাকক পোন্ধৰদিনমান হস্পিতালত ৰাখে। পিতাকক জীয়াই ৰাখিবলৈকে যেন তেওঁ ইখনৰ পাছত সিখন চিনেমাত অভিনয় কৰে।

বৰুৱাৰ ঘৰতে জুনুৱে নিৰ্মালীৰ লগত বৰুৱাই অভিনয় কৰা চিনেমাবোৰ চায়। একেই অভিনয়। বৰুৱাই যি ভাও লয়, তাত সম্পূৰ্ণ সোমাই যায় মানুহজন। প্ৰকৃত শিল্পী তেওঁ। শ্ৰদ্ধাত শিৰ নত হয় জুনুৰ।

হঠাতে কথাবোৰ সলনি হ’ল। মহামাৰী ভাইৰাছে পৃথিৱীখনক এফালৰ পৰা গিলি আহিলে। দেশত লকদাউন আৰম্ভ হ’ল। লকদাউন মানেনো কি জুনুৱে বুজিয়েই নাপালে।

“তুমি দুদিনমান কামলৈ আহিব নালাগে জুনু। কামলৈ নাহিলেও আমি পইচা দিম তোমাক।”- নিৰ্মালীৰ কথা শুনি আচৰিত হ’ল জুনু।

লকদাউন মানে কি প্ৰথমে তাই বুজি নাপালে। গিৰিয়েকে বুজাই দিলে। এপষেক তাই কামলৈ নগ’ল। দিনবোৰ নাযায়-নুপুৱায়।

এদিন তাই নিজে নিৰ্মালীলৈ ফোন কৰিলে -“বাইদেউ, মই কামলৈ যাম। একো নোচোৱাকৈ, চিধা আপোনাৰ ঘৰলৈ যাম। সাৱধানে থাকিম।”

নিৰ্মালীয়ে বৰুৱাৰ লগত কথাটো আলোচনা কৰিলে। বৰুৱাই দেখিলে নিৰ্মালীৰ অকলে অকলে বৰ কষ্ট হৈছে। ঘৰৰ সমস্ত কামৰ লগতে পিতাকৰ জঞ্জাল মাৰা।

জুনুক আহিবলৈ দিবলৈ ক’লে বৰুৱাই।

জুনুৰ ভাল লাগিল। ঘৰত সকলো মানুহ আছে। আগৰ দৰেই তাই কাম কৰি গ’ল।

লাহে লাহে জুনুৱে লক্ষ্য কৰিলে আগৰ দৰে নিৰ্মালীয়ে খোৱা বস্তু নবনোৱা হ’ল। বিধে বিধে ব্যঞ্জন বনোৱা নিৰ্মালীয়ে সাধাৰণভাৱে দাইল, ভাত আৰু কিবা এটা বনায়।

“দিন বৰ বেয়ালৈ আহিছে অ’ জুনু। জমা টকাবোৰ শেষ হৈছে। দাদাৰৰ কামো নোহোৱা হ’ল। দুদিনমানৰ পাছত খাবলৈ পামনে নাই ঠিক নাই।”- এদিন নিৰ্মালীয়ে ক’লে।

অসম্ভৱ। বাঘ শইকীয়াৰ ঘৰত অভাৱ?  বাঘ শইকীয়াই নোখোৱাকৈ থাকিব লাগিব? তাইৰ বুকুখন বিষাই গ’ল।

ইমান ডাঙৰ শিল্পী এজন, যাক সাধাৰণ মানুহে আকাশৰ তৰা বুলি ভাৱে, তেওঁৰ অৱস্থা এনে হ’ব পাৰেনে?

চাউলৰ অভাৱত নোখোৱাকৈ থাকিব লাগিব? বৰুৱাৰ পিতাক? কোনোমতে ভাতমুঠি খাই জীয়াই থকা মানুহজন?  কথাবোৰ ভাবিব নোৱৰা হ’ল তাই। সিহঁতক চৰকাৰে সহায় কৰিছে। বিভিন্ন সহৃদয় মানুহে দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰ দিছে। ক’বলৈ গ’লে বস্তু তাইৰ উভৈনদী হৈছে। কিন্তু বাঘ শইকীয়াৰ ঘৰত??

এদিন সকলোকে ভাত দি নিৰ্মালীয়ে এগিলাছ পানী খোৱা জুনুৱে দেখিলে। নিজৰ ভাত কেইটা সেইদিনা তাইৰ পেটলে নগ’ল।

পিছদিনা ঘৰত পৰি থকা বস্তুবোৰৰ অলপ অলপ লৈ তাই এটা বেগত ভৰালে। বেগটো মনে মনে আনি নিৰ্মালীৰ পাকঘৰত থ’লে।

“এইবোৰ কাৰ বস্তু অ’  জুনু?” -পাকঘৰত সোমাই নিৰ্মালীয়ে সুধিলে।

“মোৰে। ৰাস্তাতে এজন মানুহে দিলে। বাইদেউ, মোৰ ঘৰত এমাহতকৈও বেছি চলিব পৰাকৈ বস্তু আছে। এইখিনি আপুনি কাৰোবাক দি দিব। মই ঘৰলৈ কঢ়িয়াই নিনিওঁ আৰু।”

নিৰ্মালীয়ে থৰ লাগি জুনুৰ চকুলৈ চালে। জুনুৱে তললৈ মূৰ কৰিলে।

তাইৰ মানত ৰজাৰ দৰে পুৰুষ বাঘ শইকীয়াৰ পৰিয়ালক তাই কোনো কাৰণতে লঘোনত থাকিবলৈ দিব নোৱাৰে।

বস্তুবোৰেৰে দুদিনমান যাব। পিছৰ কথা পিছত দেখা যাব।

মনটো ফৰকাল হৈ পৰিল জুনুৰ।

ভগৱানে যেন তাইৰ প্ৰাৰ্থনা শুনিলে। বাঘ যেন পুৰুষ শশাংক বৰুৱাৰ চকুলো মচি দিয়াৰ তাইৰ পুৰণি হেঁপাহ এটা আজি পূৰ্ণ হ’ল।

শিল্পীক কান্দিবলৈ দিব নোৱাৰে তাই। শিল্পীয়ে নাটকতহে কান্দিব লাগে। আকাশখন সেইদিনা ফৰকাল আছিল। পথত নৰ-মনিচ এটাও নাছিল। বাৰাণ্ডাৰ পৰা দূৰলৈ চালে জুনুৱে।।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক