শিলৰ চহৰ- মুনমী দেৱী

শুনা কথা আগতে চহৰখন শিলৰ নাছিল৷ গছ আছিল, মাটি আছিল, নৈ আছিল৷ ৰ’দৰ জিলিকনিত উজ্জ্বল চহৰখনক মাজে মাজে বৰষুণে ৰং ছটিয়াইছিল৷ এখিনি সুখী মানুহেৰে ভৰি আছিল চহৰখন৷ হাঁহিৰে উপচি পৰা মুখবোৰে কস্মিনকালেও ভবা নাছিল এই চহৰখন শিলৰ চহৰ হ’ব বুলি৷
লাহে লাহে সময়বোৰ সলনি হৈছিল৷ সুখী মানুহবোৰৰ সপোনবোৰো সলনি হৈছিল৷ মুকলি চহৰ খনৰ মানুহবোৰে নিজৰ ঘৰবোৰ শিলৰ দেৱালেৰে ঢাকি পেলাইছিল৷ শিলৰ দেৱতাই তেতিয়াই মনে মনে ভাবিছিল এইখন চহৰ তেওঁৰ ঠিকনা  হ’বৰ বাবেই যেন ৰৈ আছিল৷
লাহে লাহে শিলৰ দেৱতাই নিজৰ কাম আৰম্ভ কৰিছিল৷ সংগোপনে তেওঁ মানুহবোৰৰ মনত ঘৰ কৰিছিল৷ বতাহত ভাঁহি থকা গানবোৰে শিলৰ প্ৰাচীৰ ভাঙিব নোৱাৰি স্থৱিৰ হৈ পৰিছিল৷ কাহিনীবোৰৰ বুকুখনো শিলাময় হৈ পৰিছিল৷ শিলৰ পৃষ্ঠাবোৰ লুটিয়াব নোৱাৰাকৈ গধুৰ হৈ পৰিছিল৷ চহৰখনৰ মানুহবোৰ অসুখী হৈ গৈ আছিল আৰু শিলৰ দেৱতাজন সুখী হৈ গৈ আছিল৷
চহৰখনৰ আকাশৰ পৰা চৰাইবোৰ নোহোৱা হৈছিল৷ শিলৰ চহৰলৈ পৰিণত হোৱাৰ আগে আগে এদিন হঠাৎ চৰাইবোৰ ক’ৰবালৈ গুচি গ’ল৷ হৃদয়বোৰ ক্ৰমশঃ শিল হৈ পৰা চহৰ খনৰ মানুহবোৰক ৰাতিপুৱা চৰাইৰ মাতে বিৰক্ত নকৰা হ’ল৷ শিলৰ দেৱতা সুখী হ’ল৷
চহৰখনৰ মাজতে এখন নৈ আছিল৷ শিলৰ মানুহবোৰে সমস্ত আৱৰ্জনা পেলোৱা নৈখনো এদিন নোহোৱা হ’ল৷ নৈখনে শিলৰ চহৰত উশাহ নোপোৱা হৈছিল৷ লাহে লাহে চহৰখনত থকা আন আন সৰু নৈ জান জুৰিবোৰো নোহোৱা হ’ল৷ মানুহবোৰ অলপো আচৰিত নহ’ল৷ শিলৰ দেৱতা সুখী হ’ল তাকে দেখি৷
লাহে লাহে চহৰখনৰ পৰা ৰ’দ নাইকিয়া হ’ল, বৰষুণ নাইকিয়া হ’ল৷ গছবোৰে উশাহ ল’বলৈ নোপোৱা হ’ল শিলৰ হেঁচাত৷ মানুহবোৰৰ অন্তৰখন সম্পূৰ্ণ শিলৰ হৈ পৰিল৷
তাৰ পিছত এদিন শিলৰ দেৱতাই চহৰখনক নিজৰ স্থায়ী ঠিকনা  কৰিলে আৰু কাষৰ চহৰবোৰক শিলৰ চহৰ কৰাৰ কাম আৰম্ভ কৰিলে৷
শিলৰ চহৰখনৰ যি ঠাইৰ পৰা নৈখন নিজে নিজে নোহোৱা হৈছিল সেইটুকুৰাতে অকণমানি গছপুলি এটাই আকাশলৈ চাই ৰৈ আছিল৷ শিল ফালি ওলাই অহা পাত দুটাৰ সেউজীয়াই শিলৰ চহৰখনক যেন কৈ আছিল শিলবোৰ আকৌ এদিন গান হ’ব, কাহিনী হ’ব আৰু মানুহ হ’ব৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Rita Das
2 years ago

অণুগল্পকেইটা খুব ভাল লাগিছে।