শিশুক বুজোঁ আহক – মানসী হাজৰিকা

ছমাহে বছৰেকে ঘৰলৈ আহিলে পৰিয়ালৰ মানুহবোৰ লগ হোৱা যায়। খোৱাৰ পৰ্বটোত সকলোৱে খোৱাৰ আগতে কেচুঁ‌ৱাকেইটাক ডালি, বয়ল কণী বা গুৰি ভজা অলপ আৰু জলা দিয়াৰ আগতে বেলেগকৈ কাঢ়ি থোৱা মাংসৰ জোল, তাতে কোমল চাই দুটুকুৰা মান মাংসৰে সৈতে আমাৰ পৰিয়ালৰ গাভৰু মাকবোৰে খুৱাবলৈ বহে। মই কাম নাথাকিলে কাষতে ৰৈ গতি গোত্ৰ চাই থাকো।

ম’বাইলটো খুলি মাকহঁ‌তে ইউটিউবটো উলিয়াই লয়। নিজৰটোত চাৰ্জ নাথাকিলে দেউতাককেইজনক চিয়ঁ‌ৰে—–

“হেৰা ম’বাইলটো দিয়া, ইয়াক/এইক খুৱাবলৈ লৈছো!”

দেউতাকহঁ‌তেও পৰিস্থিতিৰ গুৰত্ব বুজি ম’বাইলটো লৰালৰিকৈ আপত্তি নকৰাকৈ দি যায়। ইউ টিউবত সিহঁতৰ পছন্দৰ কাৰ্টুন জাতীয় কিবা এটা লগাই দিয়ে। আপোন পাহৰা হৈ সিহঁতে চাই। চাই থাকোঁতে কেতিয়াবা খাই থকা মুখখন মেল খোৱা ভাগেই থাকে। মাকহঁ‌তে মুখখন জপোৱাই দিয়ে। শেষৰ গঢ়া খোৱা হ’লে সন্তুষ্টিৰে মাকবোৰে কয়–”ফিন্নিচ্ছ!”

মোৰ ডাঙৰ হৈ পৰা চকুহাল দেখিলে কয়–”বৰ বেয়া অভ্যাস হ’ল বুজিছা, ম’বাইল নহ’লে ভাত নাখায়! যেনে তেনে যে পেটলৈ ভাত দুটামান গ’ল, অলপ সময়ৰ বাবে নিশ্চিন্ত!” বছৰেকৰ মূৰত দুদিন লগ পাওঁ‌ কেইদণ্ডমানৰ বাবে, একো নকওঁ‌ মই।

অনুৰাধা শৰ্মা পূজাৰীক চাগৈ চিনি নোপোৱা মানুহ নাই! মই তেওঁৰ উপন্যাস-গল্প আৰু প্ৰবন্ধৰ মই ভীষন অনুৰাগী। ডাঙৰ কথা কি জানে নে তেওঁ এগৰাকী বিৰাটেই প্ৰগতিশীল বা আধুনিক মনৰ নাৰী।

তেওঁৰ ‘শেষ পাঠ’ (’ডায়েৰি’ৰ অন্তৰ্ভুক্ত)নামৰ লেখাটো মোৰ বৰ প্ৰিয়। তাত তিনিটা কাহিনীৰ বৰ্ণনা আছে, তিনি নম্বৰ কাহিনীটোৰ বিষয়ে অকণমান থূলমূলকৈ কৈছো। কাহিনীৰ নায়িকা এষা চক্ৰৱৰ্তী হৈছে লেখিকাৰ পাঁ‌চ বছৰীয়া পুত্ৰৰ কে.জি.ৰ শিক্ষয়িত্ৰী। প্ৰিপেৰেটৰী আৰু নাৰ্ছাৰীত অকণমানি ল’ৰাটো স্কুলখনৰ লগত একাত্ম হ’ব পৰা নাছিল। হাতৰ আখৰ লিখোঁতে কোনোপধ্যে সি R আৰু Q টো নিলিখেও আৰু নাচায়ো। সুধিলে কান্দিবলৈ ধৰে। প্ৰিন্সিপালে ৰিপৰ্ট কাৰ্ডত তাক আন ল’ৰা-ছোৱালীতকৈ ‘Dull’ বুলি অভিহিত কৰিলে। তদুপৰি সি নেখেলে, কথা নাপাতে। স্কুলখন সলনি কৰাৰ পিছত তেওঁলোকে দেখিলে যে তাৰ বহুত পৰিৱৰ্তন হৈছে, স্কুল যাবলৈ ভাল পোৱা হৈছে। তাতে সি লগ পালে এষা চক্ৰৱৰ্তীক। লাহে লাহে সি এষা আণ্টিৰ অন্তৰঙ্গ বন্ধু হৈ পৰিল। মাক-দেউতাকক নোকোৱা কথাও তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ ধৰিলে। সি RQ লিখিব নিবিছৰা ৰহস্যও ভেদ কৰিলে এষা চক্ৰৱৰ্তীয়ে। লেখিকাই তেওঁৰ পৰাহে গম পালে যে পুত্ৰই কিদৰে অলীক কল্পনাৰে অবাস্তৱ কাহিনী কৈ ভাল পায়। মাকে উৎসাহ নিদিয়ে বাবে এষা আণ্টিক সি বেবিলনৰ ওলোমা বাগিছাত বহি কল খোৱাৰ সাধু কয়, তাক পঢ়িবলৈ দিয়া মিচৰৰ পিৰামিডৰ ছবি থকা কিতাপখনৰ পৰা মামী ভূত এটা উঠি আহি ৰাতি মাকক টেঁ‌টু চেপি ধৰা নিজে সি দেখা কাহিনী আৰু পিতা-পুত্ৰই মিলি মাকক মামীভূত এটাৰ পৰা বচোৱাৰ লোমহৰ্ষক কাহিনীৰ বৰ্ণনা সি এষা আণ্টিক দিয়ে। মাক হৈ তেখেতে অকণমানি পুত্ৰৰ অনুভৱৰ লগত একাত্ম হোৱাৰ যি ব্যৰ্থতা আছিল সেয়া এষা চক্ৰৱৰ্তীয়ে পূৰ কৰিলে। এষা চক্ৰৱৰ্তীয়ে লেখিকাক ক’লে –”আপোনাৰ পুত্ৰ অন্তৰ্মুখী চৰিত্ৰৰ। তাক স্মাৰ্ট হ’বলৈ জোৰ-জবৰ দস্তি নকৰিব।”

এই লেখাটোৰ ৰচনা কাল ৯৮ চনৰ ১৬মে। অথচ আজিও ইয়াৰ প্ৰাসংগিকতা একেই আছে। এয়া গ্লবেলাইজেশ্যনৰ স্মাৰ্ট যুগ। বুটাম এটা টিপিলেই সৱ উপলব্ধ। দিনবোৰ বহুত দ্ৰুতগতিত সলনি হৈছে, সকলো বস্তুয়েই স্মাৰ্ট হৈছে। অথচ পিতৃ- মাতৃ হিচাপে শিশুৰ মনস্তত্ত্ব আপুনি কিমান বুজে সেয়া আজিও এক ডাঙৰ প্ৰশ্ন।

সিদিনা মই মোৰ বাইদেউ এগৰাকীৰ ঘৰলৈ গৈছিলো। তাই চাৰি বছৰীয়া ছোৱালী এজনীৰ মাক। ঘৰত মাক নাথাকিলে সহায়কাৰী ছোৱালীজনীয়ে তাইক খুৱাই আৰু মাক থাকিলে মাকেই খুৱায়। সেইদিনা তাইৰ ভাতকেইটা মাকে টেবুলত যতনাই দি সহায়কাৰীগৰাকীক খুৱাবলৈ ক’লে। আমি কৰবালৈ বুলি যাবলৈ ওলাই আছো। তাই ম’বাইলত কিবা কাৰ্টুন চাই আছে, কোনোপধ্যেই খাবলৈ নাযায়। মোৰ ইতিমধ্যে কাপোৰ পিন্ধা হৈ গৈছে। বাইদেউ কাপোৰ পিন্ধিবলৈ বুলি সোমাল বেডৰুমত। মাজে মাজে তাই চিয়ঁ‌ৰি আছে “বেবী যোৱা খোৱা।” বেবীয়েও সমান জোৰে “নাখাওঁ‌ যোৱা” বুলি উত্তৰ দি কিবা ভিডিঅ’ চাই আছে। সহায়কাৰী ৰীনাৰ ভাত সনা হাত শুকাই গৈছে।

কি—বা ভাৱি মই ক’লো তাইক– “দিয়া মই খুৱাম এইক ভাত!” চুলিখিলি ক্লাটছ এডালেৰে ওপৰত পকাই বান্ধি গৰমত মুগাৰ কাপোৰসাজ পিন্ধা ভাগেই মই ভাতৰ কাঁ‌ঁহী লৈ ৰেডি হ’লো।
তাইক মাতিলো —

”আৰাধ্যা আহা মই ষ্টৰী কম আজি!”

কিবা ভাৱি তাই আহিল ম’বাইলটোৰ সৈতে।

”ম’বাইল লগত নহ’ব, থোৱা সেইটো।”

আইদেৱে আপত্তি নকৰি ম’বাইলটো থলে। তাইৰ মাকক মই “এইক সাধু-চাধু কৱনে তই?” বুলি সোধোতে —’হেহ’ বুলি হাঁ‌ঁহি এটা মাৰিলে। মই বুজিলো যে ভাগিনী টিভি বা ম’বাইলত মাকে কাটি দিয়া মেংগ, এপ’ল, বানানা খাই খাই ডৰেমন, ছোটা ভীম চাই ডাঙৰ হোৱা বেবী। মই আহি পোৱাৰ পিছতে তাই মোক টাইগাৰ, লায়নৰ পুতলাবোৰ লগত চিনাকি কৰাই দিছিল—”আইজনী মাহী আহিছে চোৱা” বুলি। গতিকে তাইক মই প্ৰথম দিনাই সিংহ আৰু নিগনিৰ সাধু বা বুঢ়ী আইৰ সাধুৰ ভাণ্ডাৰ মেলি দিলে তাই কিমান ইণ্টাৰেষ্ট পাব মই কেইচেকেণ্ডমান ভাৱিব লগা হ’ল। তদুপৰি ইমান সৰুতেই তাইক তেজীমলাৰ সাধু শুনোৱাৰ ব্যক্তিগতভাৱে মই পক্ষপাতী নহয়।

অলপ ভাৱি তাইৰে কাণ্ড কাৰখানাবোৰ বেবী লায়ন এটাৰ ৰূপত তাইক কোৱা আৰম্ভ কৰিলো। তাই নিজৰ লগত কথাবোৰ ৰিলেট(Relate)কৰিব পাৰি খুব আমোদ পালে। বিশ্বাস কৰক, জনা হোৱাৰে পৰা ম’বাইল চাই চাই খোৱা মোৰ খটাসুৰ ভাগিনীয়ে ‘ষ্টৰী’ শুনিয়েই তাইৰ জোখৰ ‘একাঁ‌ঁহী’ ভাত খাই শেষ কৰি দিলে। এইখিনি কৰিবলৈ অৱশ্যে মোক অলপ ধৈৰ্যৰে প্ৰায় একঘণ্টা সময় লাগিল। কাৰণ মাজে মাজে তাইৰ বহুত প্ৰশ্নৰ উত্তৰ দি যাব লগা হ’ল।

কেৱল সেয়াই নহয়, তাইৰো ধে—-ৰ কথা ওলাল মোক ক’বলৈ। স্কুলৰ ঝুলনাখন যে তাইৰ বেলেগ ফ্ৰেইণ্ডক উঠিবলৈ দিবলৈ মন নাযায়ৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰ ড্ৰাইভাৰ পাপ্পুৰ কাহিনীলৈকে! কোনে জানিছিল তাইৰ অকণমান মনটোত ইমান কথা থূপ খাই আছিল বুলি! শেষত আমাৰ আড্ডা এনেকুৱা জমিল যে আবেলি ঘৰলৈ ঘূৰি আহিবলগীয়া মই তাইৰ লগত এটা ৰাতি কটাবলৈ সিদ্ধান্ত ল’লো। মোৰ আফচোচো হ’ল যে কেতিয়াও মই ঘৰলৈ গ’লে পাৰিবাৰিক অনুষ্ঠানবোৰত এক-দুই ঘণ্টা লগ পোৱা বাদ দি ভালকৈ কিয় তাইৰ লগত সময় কটোৱাৰ কথা নাভাৱিলো! গোটেই সময়চোৱা তাই ম’বাইলৰ অভাৱ অনুভৱ নকৰাকৈ থাকিল। মোক নাচি, গান গাই এণ্টাৰটেইনমেণ্ট দিলে। বহুত বাৰ মাজতে মোক বেয়াও পালে বাৰু!

মাক-দেউতাক হোৱা সহজ নহয়, সহজ নহয় বাবেইটো আপুনি মাক-দেউতাক! শিশুৰ মনোজগতখন বুজিবলৈ যত্ন কৰক। আজিকালি সকলো ব্যস্ত, বহুতৰ ক্ষেত্ৰত পিতৃ মাতৃ উভয়ে চাকৰিয়াল। অন্ততঃ খোৱাৰ সময়কণ উপভোগ কৰকচোন সিহঁতৰ লগত। আপুনিও শ্বেয়াৰ কৰক দিনটোৰ সৰু-সুৰা কথা কিছূমান, আমি যিমান নুবুজে বুলি ভাৱো তাতকৈ বহুত বেছি বুজে সিহঁতে। বুৰঞ্জীমূলক সাধু কোৱা আৰম্ভ কৰক, চৌপাশৰ পৰিৱেশৰ ভাল বেয়া অৱস্থাৰ মাজত কৌশলেৰে চিনাকি কৰি দিয়ক। কথা পাতি পাতিয়েই সহজভাৱে যৌন শিক্ষাৰ লগত পৰিচয় কৰাওক। চৌব্বিশ ঘণ্টাৰ দুঘণ্টা সময় দিয়ক। আপোনাৰ সন্তান IIT, মেডিকেল কলেজ বা IIM ত ছিট পাব নাই মই নাজানিম, কিন্তু মানসিকভাৱে সবল শিশু এটাৰ গ্যেৰাণ্টি দিব পাৰিম যিয়ে দুখ লাগিলেও বা ভুল কৰিলেও আপোনাৰ লগত শ্বেয়াৰ কৰাৰ মানসিকতা ৰাখে।

বাইদেউক আহিবৰ সময়ত কৈছো, “তোৰ ছোৱালীয়ে সাধু শুনি ভাল পাই চা!” তাই আক’ কৈছে –”মই ক’বলৈ ল’লে দৌৰি পলাব, মই কোৱাবোৰ নুশুনে ঔ!”

শেষত এষা চক্ৰৱৰ্তীৰ মুখৰ দুটামান লাইন হুবহু লেখাত থকাৰ দৰেই তুলি দিলো—-

“ল’ৰা-ছোৱালীক লৈ বেছি উচ্চাকাংক্ষা কেতিয়াও নকৰিব। সিহঁতৰ প্ৰত্যেকৰে স্ব-ব্যক্তিত্ব আছে। সন্তান জন্ম দিলেই পিতৃ-মাতৃ নহয়, ভাল স্কুলত দিয়া, ভাল খাবলৈ পিন্ধিবলৈ দিয়াতেই দায়িত্বও শেষ হৈ নাযায়। এটা প্ৰকৃতাৰ্থত ভাল সন্তানেহে পিতৃ-মাতৃ নিৰূপন কৰিব পাৰে, নহ’লে সন্তানবোৰ হৈ পৰে জৈৱিক প্ৰয়োজনত উৎপন্ন হোৱা এটুকুৰা মাংসপিণ্ড, A Piece of Flesh!”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক