শিশুৰ মানসিক ৰোগ (উদ্দীপ তালুকদাৰ)

আমাৰ দেশত (ব্যক্তিগত অভিজ্ঞতাৰপৰা কৈছোঁ, আৰু মোৰ অভিজ্ঞতা ঘাইকৈ অসম আৰু দুখনমান উত্তৰ ভাৰতৰ ৰাজ্যৰ মাজত সীমিত) মানসিক ৰোগ সম্বন্ধে সজাগতাৰ অভাৱ। বৰ্তমানৰ শিক্ষিত লোকসকল মানসিক ৰোগ সম্বন্ধে কিছু সজাগ হৈছে যদিও তেওঁলোকৰ মাজতো মানসিক ৰোগক বেমাৰ হিচাপে নলৈ মানসিক চাপজনিত সমস্যা বুলিহে লোৱাৰ প্ৰৱণতা দেখা যায়। ৰোগ আৰু চাপজনিত সমস্যা বুলি লোৱাৰ মাজত সাধাৰণ দৃষ্টিত প্ৰভেদ নাথাকিলেও, দুয়োটাৰ মাজত যিখিনি পাৰ্থক্য আছে, সেইখিনিয়ে ৰোগী এগৰাকীৰ চিকিৎসা লোৱাৰ পদ্ধতিত কিছূমান সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ ৰোগীৰ পৰিয়াল আৰু বন্ধু-বান্ধৱে ৰোগীক প্ৰায়েই সঠিক চিকিৎসাৰ সলনি মানসিক ভাৱে সৱল কৰাত গুৰুত্ব আৰোপ কৰে। আপাতদৃষ্টিত সেইটো শুদ্ধ পন্থা যেন লাগিলেও, ব্যৱহাৰিক অৰ্থত ই কিছূমান সমস্যাৰ সৃষ্টি কৰে। মানসিক ৰোগ কেতিয়াবা মানসিক চাপৰপৰাও উৎপত্তি হ’ব পাৰে, কিন্তু বেছিভাগ মানসিক ৰোগ দৰাচলতে আমাৰ মগজু বা দৈহিক ব্যৱস্থাত হোৱা কিছূমান ৰাসায়ানিক বা গাঠনিক পৰিৱৰ্তনৰ ফল। সেয়ে, যিবোৰ সমস্যা চাপজনিত নহয়, তেনেবোৰত মানসিক দৃঢ়তা অনাৰ প্ৰয়াস আদিয়ে সুফল নিদিয়ে, বৰং তেনে পদ্ধতিৰ প্ৰয়োগে ৰোগীৰ সমস্যা দিঘলীয়া কৰি তোলে। মানসিক স্তৰত অহা পৰিৱৰ্তন চাপজনিত নে প্ৰকৃতাৰ্থত ৰোগ, সেয়া নিৰ্ণয় কৰা মানসিক ৰোগ চিকিৎসকৰ বাবেও সহজ নহয়। তথাপি অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ গ’লে ৰোগ আৰু চাপজনিত সমস্যাৰ মাজত এটা নিদানলৈ অহাতো সহজ হয়, আৰু ই আৰোগ্যৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তুলিব পাৰে।

প্ৰাৰম্ভিক পেৰেগ্ৰাফটো শিৰোনামৰ সৈতে সামঞ্জস্যহীন যেন লাগিলেও শিশু মানসিক ৰোগৰ এটা বিশেষ দিশ উন্মোচনৰ বাবে মানসিক ৰোগ সম্বন্ধে সাধাৰণ মানুহৰ মাজত থকা ধাৰণাৰ দিশটোলৈ আঙুলিয়াব লগীয়া হ’ল। মানসিক ৰোগ মানসিক চাপৰপৰা উদ্বৃত্ত বুলি থকা ধাৰণাটোৰ বাবে বহু ব্যক্তিয়ে শিশুৰ মানসিক ৰোগ সম্বন্ধে উদাসীন হৈ ৰয়। চাৰি-পাঁচ বছৰীয়া শিশু এটাৰ কি মানসিক চাপ থাকিব পাৰে বুলি ধৰি লৈ শিশুৰ মানসিক ৰোগৰ লক্ষণসমূহক গুৰুত্ব নিদিয়াৰ অৱস্থা এটা দেখা যায়। আকৌ ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশে বহু পিতৃ-মাতৃয়ে নিজৰ শিশুৰ মাজত তেওঁলোকৰ মনোনীত আচাৰ-ব্যৱহাৰ নেদেখি মানসিক চিকিৎসকৰ ওচৰলৈ অনাও দেখা যায়। বহু সময়ত সমাজ এখনত স্বীকৃত আদৰ্শ আচাৰ-ব্যৱহাৰৰ পৰিপন্থী হ’লেই শিশুৰ কিছুমান আচৰণক মানসিক ৰোগ বুলি বহুতে ভাবি লয়। এইবোৰৰ লগত আজিৰ পিতৃ-মাতৃয়ে নিজৰ শিশুৰ লগত অইনৰ শিশুৰ তুলনা কৰিও কেতিয়াবা মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰ পায়গৈ। শিশুৰ মানসিক ৰোগৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে এনে দিশবোৰৰ বিষয়ে জানি থোৱাটো প্ৰয়োজনীয়। অন্যথা, অকল ৰোগৰ লক্ষণসমূহ জানি থ’লে তাৰ ভুল বাখ্যা হোৱাৰ শংকা নথকা নহয়।

সকলো মানসিক ৰোগৰ ক্ষেত্ৰতে প্ৰযোজ্য এটা ডাঙৰ অসুবিধা হ’ল অস্বাভাৱিক আচাৰ-ব্যৱহাৰক সংজ্ঞাবদ্ধ কৰাটো। সাধাৰণতে ৰোগ বুলিলে স্বাভাৱিক ব্যৱস্থা এটাৰ পৰিৱ্ৰতন হোৱা বুলি ধৰি লোৱা হয়। এই বিষয়ে সাহিত্য-ৰ পুৰণি সংখ্যা এটাত বিতং আলোচনা কৰা হৈছে। link কিন্তু মানুহৰ কেনেকুৱা আচৰণ স্বাভাৱিক বুলি ধৰা হ’ব সেই লৈ বিস্তৰ তৰ্কৰ অৱকাশ আছে। সেয়ে, মানসিক ৰোগৰ নিদান দিয়াৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰৰ অস্বাভাৱিকতাৰ লগতে ব্যক্তিজনৰ পাৰিবাৰিক, সামাজিক আৰু পেছাদাৰী জীৱনত সেই আচাৰ-ব্যৱহাৰে কিবা ঋণাত্মক প্ৰভাৱ পেলাইছে নেকি সেইটোত গুৰুত্ব আৰোপ কৰা হয়। শিশুৰ ক্ষেত্ৰত সমস্যাটো আৰু গভীৰ হৈ দেখা দিয়ে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰত এটা নুন্যতম গড়মান পোৱাৰ অৱকাশ থাকে, কিন্তু শিশুৰ ক্ষেত্ৰত তেনে কোনো গড়মান পোৱাৰ উপায় নাই। আকৌ শিশুসকলৰ পাৰিবাৰিক, পেছাগত বা সামাজিক জীৱনৰো এটা নিৰ্দিষ্ট সংজ্ঞা নাথাকে, সেয়ে তাৰ ধনাত্মক বা ঋণাত্মক প্ৰভাৱ নিৰ্ণয় কৰাটো কঠিন। শিশুৱে নিজৰ সমস্যাবিলাক কথাৰে ব্যক্ত কৰিবলৈও প্ৰায়ে সক্ষম নহয়। সেয়ে, চিকিৎসকে পাৰিপাৰ্শ্বিক লক্ষণৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰোপৰি, শিশুৰ মানসিক ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ সাৱধান হ’বলগীয়া কথাটো হ’ল, তেনে ৰোগৰ চিকিৎসাই শিশুৰ মানসিক বা শাৰীৰিক বিকাশত যাতে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো। সেয়ে, দৰৱ-পথ্য আদিৰ ব্যৱস্থা দিয়াৰ লগতে তাৰ ফলাফল বিজ্ঞানসন্মত হোৱাৰ লগতে, দীৰ্ঘকালীন প্ৰভাৱ কেনে হ’ব তাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয়। এইবোৰৰ উপৰিও কিছুমান সংস্থাৰ মতে মানসিক ৰোগৰ চিকিৎসা এক প্ৰকাৰৰ ব্যৱসায়িক চাতুৰী। এনে সংস্থাবোৰে প্ৰাপ্তবয়স্কৰ মানসিক ৰোগৰ ক্ষেত্ৰত বেছি প্ৰভাৱ নেপেলালেও, শিশুৰ ক্ষেত্ৰত তেওঁলোক বেছি প্ৰভাৱশালী। ইয়াৰ মূল কাৰণ, শিশুৱে নিজৰ সিদ্ধান্ত নিজে ল’ব নোৱাৰে, সেয়ে, পিতৃ-মাতৃয়েও তেওঁলোকে শিশুটিৰ মানসিক ৰোগৰ চিকিৎসা কৰি কোনো ভুল কৰিছে নেকি বুলি ভয় খাবলৈ বাধ্য হয়। ইয়াত উল্লেখিত প্ৰতিটো দিশেই শিশুৰ মানসিক ৰোগ নিৰ্ণয়ৰ জটিলতা আৰু চিকিৎসকৰ দোদুল্যমান অৱস্থাৰ কথা নিৰ্দেশ কৰে।

বিভিন্ন বিপৰীত মতামতৰ পাছতো এটা কথা নিৰ্দিষ্ট যে যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তিৰ দৰেই শিশুৰো কিছুমান মানসিক ৰোগ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ‘আন্তৰাষ্ট্ৰীয় নিদান শ্ৰেণীবিভাজন -১০’-ত (ICD-10) শিশু মানসিক ৰোগক তিনিটা মূল ভাগত বিভক্ত কৰা হৈছে। প্ৰতিটো ভাগৰ ভিতৰতে আৰু উপভাগ আছে। এই আলোচনাটোও এই নিদান-সংহিতাৰ আধাৰতে যুগুতোৱা হৈছে।

F 7x. মানসিক মন্থৰতা (Mental Retardation)
F 8x মন:স্তাত্বিক বিকাশ সম্বন্ধীয় ৰোগ (Disorders of Psychological Development)
F 9x সাধাৰণতে শিশু আৰু কৈশোৰ কালত আৰম্ভ হোৱা ব্যৱহাৰিক আৰু অনুভূতিৰ ৰোগ (Behavioural and emotional disorders with onset usually occurring in childhood and adolescence)

F 7x. মানসিক মন্থৰতা (Mental Retardation)
মানসিক মন্থৰতা বা Mental Retardation (MR) শিশুৰ মানসিক বিকাশত হোৱা বাধাপ্ৰাপ্ত অৱস্থা। এনে শিশুৰ মানসিক বিকাশ সমবয়সীয়া শিশুতকৈ মন্থৰ হয়। দহ বছৰীয়া শিশু এটাৰ আচাৰ-ব্যৱহাৰ আদি পাঁচ বছৰীয়া শিশুৰ দৰে হৈ থাকে। এই ৰোগত মানসিক বিকাশ বন্ধ হৈ নাযায়, কিন্তু যিটো স্বাভাৱিক গতিত বিকাশ হ’ব লাগে, তাতকৈ মন্থৰ হয়। এইটো কাৰণতে মই সাধাৰণতে ব্যৱহৃত মানসিক বাধাগ্ৰস্ত শব্দটোৰ সলনি মানসিক মন্থৰতা বুলি উল্লেখ কৰিছোঁ। শিশুৰ মানসিক বিকাশৰ স্তৰ বুজিবৰ বাবে Intelligence Quotient (IQ) ব্যৱহাৰ কৰা হয়।
IQ = (মানসিক বয়স/কালনুসৰি বয়স)x100

অৰ্থাৎ ওপৰৰ দহ বছৰীয়া শিশুজনৰ উদাহৰণটোত শিশুটিৰ IQ = ৫/১০x১০০=৫০

মানসিক বয়স নিৰ্ণয় কৰিবলৈ ‘বুদ্ধিমত্তাৰ পৰীক্ষা’ (Intelliegence Test) কিছুমান কৰা হয়। এই পৰীক্ষাবোৰৰ দ্বাৰা শিশু এটাৰ মানসিক বয়স নিৰ্ণয় কৰিব পৰা যায়। অপ্ৰাসংগিক যদিও কৈ থওঁ, বুদ্ধিমত্তাৰ পৰীক্ষাসমূহ আচলতে দেশ-কাল-পাত্ৰ ভেদে সমগ্ৰ পৃথিৱীতে একে নহয়। পৃথিৱীৰ বিভিন্ন দেশে সেয়ে নিজাববীয়াকৈ বুদ্ধিমত্তাৰ পৰীক্ষা বিকাশ কৰি ৰাখিছে। দুখৰ বিষয় সমগ্ৰ ভাৰততে প্ৰযোজ্য হোৱাকৈ এনে ধৰণৰ পৰীক্ষা আজিও নিৰ্মাণ কৰা হোৱা নাই।

স্বাভাৱিক IQ-ৰ মান ৯০-১১০-লৈ বুলি ধৰা হৈছে। ৭০-ৰ তলৰ IQ থকা শিশুসকলহে মানসিক মন্থৰতা থকা বুলি কোৱা হয়। IQ-ৰ ওপৰত নিৰ্ভৰ কৰি মানসিক মন্থৰতাক জটিলতাৰ ফালৰপৰা চাৰিটা ভাগত ভগোৱা হৈছে।

Mild – ৫০-৬৯
Moderate – ৩৫ – ৪৯
Severe – ২০ -৩৪
Profound – <২০

লক্ষ্যণীয় যে ৭০-ৰ ওপৰত কিন্তু ৯০-তকৈ তলৰ IQ-ৰ শিশুসকলক মানসিক মন্থৰ বুলি কোৱা নহয়। তেওঁলোকক borderline mental retardation বুলি কোৱা হয়। সাধাৰণভাৱে slow learner বুলিও কোৱা হয়। ৭০-ৰ ওপৰৰ শিশুসকলক মানসিক ভাৱে মন্থৰ নোহোৱা বুলি কোৱাৰ মূল কাৰণ হ’ল, এওঁলোকক জীৱন যাপনৰ বাবে পাছলৈ আনৰ সহায় নালাগে। অকণমান হীন-দেঢ়ি হ’লেও তেওঁলোকে নিজৰ বুদ্ধি-মত্তাৰেই জীয়াই থাকিবলৈ সক্ষম।

মানসিক মন্থৰতাৰ বহুতো কাৰণ থাকে। অৱশ্যে এক বৃহৎ অংশৰ কোনো কাৰণ বিচাৰি পোৱা নাযায়। কিছুমান শাৰীৰিক প্ৰক্ৰিয়া আৰু ৰোগৰ বাবেও মানসিক মন্থৰতা আহিব পাৰে। থাইৰয়ড গ্ৰন্থিৰ ৰোগ, কিছুমান জন্মগত ৰোগ বা ক্ৰম’জমজনিত ৰোগৰ বাবেও মানসিক মন্থৰতা হ’ব পাৰে। বহুল ভাৱে দেখা এনে ৰোগসমূহৰ ভিতৰত ২১ নং ক্ৰম’জমৰ ত্ৰয়ী থাকিলে হোৱা ডাউন’ছ ছিনড্ৰ’ম উল্লেখযোগ্য। জন্মগত মানসিক মন্থৰতা চিনিবৰ বাবে শিশু এটাৰ স্বাভাৱিক বিকাশৰ মাইলৰ খূঁটিবোৰ জানি থোৱাটো আৱশ্যক। এই স্তৰকেইটা অহাত পলম হ’লে মানসিক মন্থৰতা থাকিব পাৰে, সেয়ে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত। মানসিক মন্থৰতাৰ কেইটামান কাৰণ সৰুতে জানি চিকিৎসা কৰালে শিশুটিৱে স্বাভাৱিক শিশুৰ দৰেই বিকাশ লভিব পাৰে।

স্বাভাৱিক শিশুৰ বিকাশৰ কেইটামান মাইলৰ খুঁটি:

২ মাহ – মানুহলৈ চাই হাঁহিব পৰা হয়; উবুৰি কৰি দিলে হাতত ভেজা দি মূৰ থিয় কৰি ৰাখিব পাৰে; শব্দৰ ফালে মূৰ ঘূৰাই চাব পাৰে;
৪ মাহ – কলকলাবলৈ আৰম্ভ কৰে; পুতলালৈ হাত মেলিব পৰা হয়; সদায় দেখি থকা মানুহ চিনিব পৰা হয়; নিজে নিজে উবুৰি হ’ব পৰা হয়;
৬ মাহ – চিনাকি-অচিনাকী মানুহৰ পাৰ্থক্য বুজিব পৰা হয়; আ-ই-এ আদি উচ্চাৰণ কৰিব পৰা লগতে ম,ব আদিও উচ্চাৰণ কৰিব পাৰে; নিজৰ নাম বুজি পোৱা হয়; অইন বস্তুলৈ হাত মেলে, লিৰিকি-বিদাৰি চায়; সহায় নোহোৱাকৈ বহিব পাৰে;
৯ মাহ- মা-মা, বা-বা আদি ক’ব পৰা হয়; না-ৰ অৰ্থ বুজি পায়; কুক-ভা খেলিব পৰা হয়; আঁঠু কাঢ়ি ফুৰিব পৰা হয়; ধৰি ধৰি থিয় হ’ব পাৰে;
১২ মাহ – সহজ অনুৰোধ বা আদেশ বুজিব পাৰে; কাপ আদি হাতেৰে ধৰিব পাৰে; নিজে নিজে থিয় দিব পৰা হয়; ধৰি ধৰি খোজ কাঢ়িব পাৰে;

বিকাশৰ মাইলৰ খুঁটিসমূহ নিৰ্দিষ্ট সময়তকৈ দুই-তিনিমাহ পলম হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

জটিল মানসিক মন্থৰতাৰ ক্ষেত্ৰত শাৰীৰিক প্ৰতিবন্ধিতা থাকিব পাৰে। বহুত মানসিক মন্থৰ শিশুৰ ক্ষেত্ৰত মৃগীৰোগ সংলগ্ন হৈ থকা দেখা যায়। কিছুমান মৃগী-ৰোগৰ লক্ষণ সাধাৰণতে দেখা মৃগীৰ দৰে নহ’বও পাৰে। Absence Seizure নামৰ শিশুৰ ক্ষেত্ৰত দেখা এক মৃগী ৰোগত হাত-ভৰিৰ কোনো জোঁকাৰণি নাথাকে, কিন্তু কেই ছেকেণ্ডমানৰ বাবে শিশুটিক স্থবিৰ হৈ একেথৰে চাই থকা দেখা যায়। সেইখিনি সময়ত শিশুটিৱে মাত-বোল নকৰে, বা নুশুনেও। এনে লক্ষণ থাকিলেও চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। মানসিক মন্থৰতাৰ লাগত মৃগীৰোগ সংলগ্ন হৈ থাকিলে মৃগীৰ চিকিৎসা লোৱা উচিত, অন্যথা মৃগী ৰোগে মগজুৰ বিকাশৰ মন্থৰতা আৰু বঢ়াই দিয়ে।

চিকিৎসা কৰিব নোৱৰা বিধৰ মানসিক মন্থৰতাৰ বাবে শিশুটিক বিশেষ বিদ্যালয়লৈ প্ৰেৰণ কৰাৰ উপদেশ দিয়া হয়। এনে বিদ্যালয়ত শিশুটিক নিৰ্দিষ্ট শ্ৰেণীত দিয়াৰ সলনি মানসিক বয়স অনুসৰি নিজস্ব শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয়, লগতে দৈনন্দিন জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় কৌশল শিশুটিক শিকোৱাৰ যত্ন কৰা হয়। কিছূমান মানসিক মন্থৰ শিশুৱে আন বিষয়ত বিশেষ ব্যুৎপত্তি দেখুৱায়। তেনে বিষয়বোৰৰ প্ৰতিও এনে বিদ্যালয়ত দৃষ্টি দিয়া হয়।

মানসিক অতি-বৃদ্ধি
মানসিক মন্থৰতাৰ আলোচনাত আমি সাধাৰণ মানুহৰ IQ ৯০ – ১১০ বুলি কৈ এৰিলো যদিও, পৃথিৱীত বহুতৰে IQ ১১০ তকৈ বেছি। তেনে ব্যক্তিক আমি সাধাৰণতে চোকা বুলি ধৰি লওঁ। ইয়াৰো বিভাগ আছে।

> ১৪০ – Genius or almost genius
১২০ – ১৪০ – Very superior intelligence
১১০ – ১১৯ – Superior intelligence

দেখাত এনে শিশুৰ কোনো মানসিক সমস্যা থাকিব নোৱাৰে বুলি ভবা হয় যদিও তেওঁলোকৰো নিজস্ব সমস্যা থাকে। সাধাৰণতে বিদ্যালয়ত এনে শিশুৱে নিজৰ কাম সোনকালে শেষ কৰি উৎপাত কৰিবলৈ আৰম্ভ কৰে। কিছুমান অলপ বেছিয়েই অধৈৰ্য হয়। মানসিক অতি-বুদ্ধিক ৰোগৰ পৰ্যায়ত পেলোৱা নহয় যদিও এনে কিছূমান সমস্যাৰ বাবে কেতিয়াবা চিকিৎসকৰ ওচৰলৈ আহিবলগীয়া হয়। এনে শিশুৰ বাবে মাক-দেউতাকৰ প্ৰতি পৰামৰ্শহে বেছি উপযোগী। লগতে শিশুটিৰ বুদ্ধি-মত্তাক বিকাশৰ বাবে নিৰ্দিষ্ট উপায় কৰি দিয়াটোত গুৰুত্ব আৰোপ কৰা হয়।

F 8x মন:স্তাত্বিক বিকাশ সম্বন্ধীয় ৰোগ (Disorders of Psychological Development)

ICD-10-ৰ F8 শিতানত নিৰ্ঘণ্ট কৰা এই গোটটোৰ ৰোগসমূহৰ মূল বৈশিষ্ট্য হৈছে:

ক. ইয়াৰে কেউটাৰ আৰম্ভণি শিশুকালত বা তাতকৈ কম বয়সৰপৰা আৰম্ভ হয়,
খ. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ লগত জড়িত কিছুমান দিশত এই ৰোগবোৰৰ প্ৰভাৱ পৰে, যাৰ ফলত বিকাশৰ লগত জড়িত কেইটামান বিভাগত অসম্পূৰ্ণতা বা অস্বাভাৱিকতা দেখা যায়,
গ. এই ৰোগসমূহ কেইদিনমান থাকি তাৰ পাছত ভালে থাকি আকৌ হোৱা বিধৰ নহয়।

মানসিক মন্থৰতাতো মানসিক বিকাশৰ অস্বাভাৱিকতা দেখা যায় যদিও এই গোটৰ ভিতৰত ধৰা ৰোগৰ লগত মন্থৰতাত এটা বিশেষ পাৰ্থক্য আছে। মানসিক মন্থৰতাত বিকাশৰ প্ৰতিটো দিশ যেনে, শাৰীৰিক, স্মৃতি, বুদ্ধিমত্তা আদি সকলো দিশতে মন্থৰতা দেখা যায়, লগতে মন্থৰতাৰ ক্ষেত্ৰত বিকাশ লেহেমীয়া হৈ থাকে। সেয়ে, মানসিক মন্থৰতাক স্বাভাৱিক বুদ্ধিৰ লগত এটা সংখ্যাৰে তুলনা কৰিব পাৰি। আনহাতে, F8 গোটৰ ৰোগসমূহত বিকাশৰ সমগ্ৰ দিশতে লক্ষণসমূহ দেখা নাযায়। যেনে, শিশু এজনৰ শাৰীৰিক বিকাশ, স্মৃতিৰ সম্পূৰ্ণ স্বাভাৱিক বিকাশ হৈ থাকিলেও লিখা কথা পঢ়াত শিশুটোৱে অসুবিধা পায়। এনে ধৰণৰ এক নিৰ্দিষ্ট দিশত অসুবিধা থকা ৰোগখিনিকহে এই গোটত ৰখা হৈছে। লগতে, এই গোটৰ ৰোগসমূহৰ অসুবিধাসমূহ অইন এজন স্বাভাৱিক ভাৱে বিকাশ হোৱা শিশুৰ লগত সাংখ্যিক ভাৱে তুলনা কৰিব নোৱাৰি। সেয়ে, এই গোটৰ লক্ষণসমূহক গুণগত অস্বাভাৱিকতা (qualitative) বুলিব পাৰি, য’ত মন্থৰতাৰ লক্ষণসমূহক সংখ্যামানগত (quantitative) বোলা হয়।

F8 গোটৰ ৰোগসমূহৰ শ্ৰেণীবিভাগ তলত দিয়াৰ দৰে:

F80. কথা কোৱা আৰু ভাষা প্ৰয়োগৰ নিৰ্দিষ্ট অসুবিধা:
এই শ্ৰেণীৰ ৰোগত শিশুটোৰ কথা কোৱা আৰু ভাষাৰ ব্যৱহাৰত অসুবিধা দেখা দিয়ে। যেনে, শিশুটোৱে শুনা কথা ভালকৈ বুজিব নোৱাৰে, বা বুজি পালে তাৰ উত্তৰ দিবলৈ সক্ষম নহয়। সাধাৰণতে ভাষাৰ ব্যাকৰণৰ প্ৰয়োগ, শব্দৰ ভুল প্ৰয়োগ আদি এনে শিশুৰ কথা-বতৰাত দেখা যায়। লগতে তেওঁলোকে শুনা বা পঢ়া কথা ভালকৈ বুজিব নোৱাৰে। কিন্তু তেনে অসুবিধা অকল ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰতহে দেখা যায়। পঢ়ি ভালকৈ বুজিব নোৱাৰা শিশুটোৱে কিন্তু একেটা বিষয়ৰে ছবি চাই হয়তো কথাখিনি ঠিকেই বুজিব পাৰিব।

নিৰ্দিষ্ট সময়তকৈ ভাষাৰ বিকাশ হোৱাৰ পলম হ’লে এনে ৰোগ থকাৰ সম্ভাৱনা মনলৈ আনিব লাগে। অৱশ্যে চিধাই এইবিধ ৰোগৰ নিদান দিয়াৰ আগতে অন্যান্য অসুবিধা যেনে, শ্ৰৱণ শক্তিৰ অসুবিধা আদি আনুসাংগিক কাৰণবোৰ আগতে পৰীক্ষা কৰা উচিত।

সাধাৰণতে ৪ বছৰ বয়সলৈ শিশুৰ মাত-কথা স্পষ্ট হয় যদিও বেছিভাগ কথাই শুদ্ধকৈ ক’ব পৰা হয় ৬-৭ বছৰ বয়সতহে। সেয়ে, ৰোগৰ নিদান দিয়াৰ আগেয়ে এইখিনি কথা মনত ৰখা উচিত।

লেণ্ড’-ক্লেফনাৰ ছিনড্ৰ’ম নামৰ এবিধ ৰোগৰ বাবে ৩-৭ বছৰৰ পাছতো ভাষা আৰু কথা কোৱাৰ অসুবিধা আহিব পাৰে। এইবিধ ৰোগত বিভিন্ন ধৰণৰ মৃগীৰ প্ৰকোপ শিশুটিত দেখা যায়, আৰু ফলশ্ৰুতিত ৬ মাহ-এবছৰ মানৰ ভিতৰত ভালকৈ কথা ক’ব পৰা শিশু এটাই কথা ভালদৰে ক’ব নোৱৰা হয়। এইবিধ ৰোগ আমি ভবাতকৈ বেছি সঘনাই হয়। সাধাৰণতে পিতৃ-মাতৃ বা কেতিয়াবা চিকিৎসকেও ৬-মাহ- এবছৰলৈ শিশুটিক নিৰীক্ষণ কৰি নথকাৰ বাবে এইবিধ ৰোগ পট্‌কৈ চিনাক্ত কৰিব নোৱাৰে। ভাল কথাটো হৈছে, সঠিক চিকিৎসাৰ দ্বাৰা এই ৰোগত ভোগা শিশুৰ প্ৰায় ৪০%-ই পাছলৈ কোনো ধৰণৰ অসুবিধাত নোভোগে।

F81 বিদ্যায়তনিক কৌশলৰ বিকাশৰ অসুবিধা
মানসিক ৰোগবিজ্ঞান যে সমাজৰ দ্বাৰা পৰিচালিত হয়, তাৰ এটা অনন্য উদাহৰণ এই গোটটিৰ ৰোগসমূহ। বৰ্তমান সকলো সমাজতে বিদ্যালয়ৰ শিক্ষা এক আৱশ্যকীয় পৰিকাঠামো হৈ উঠাৰ বাবেহে এই গোটটোৰ সৃষ্টি হৈছে বুলিব পাৰি। এই গোটৰ ৰোগসমূহত স্কুলত অতি প্ৰয়োজনীয় কিছুমান কামৰ ক্ষেত্ৰত শিশুটিৰ বিকাশ কম হৈ থকা দেখা যায়। সাধাৰণ ভাষাৰে এই গোটৰ ৰোগসমূহকে Dyslexia বুলি কোৱা হয়।

আখৰ চিনি পঢ়িব নোৱৰা, আখৰ লিখিব নোৱৰা, বানান বৰকৈ ভুল কৰা, অংক কৰিব নোৱৰা আদিবোৰ এই গোটৰ অন্তৰ্গত। মন কৰিবলগীয়া যে এই ৰোগৰ শিশুৱে বুদ্ধিমত্তাৰ পৰীক্ষাত স্বাভাৱিক শিশুৰদৰেই নম্বৰ পায়, কিন্তু পঢ়া-শুনাতহে তেওঁলোকে স্বাভাৱিক শিশুৰদৰে ভাল কৰিব নোৱাৰে। স্কুলৰ বিভিন্ন মাধ্যমত লোৱা পৰীক্ষাৰ নম্বৰ আদিলৈ লক্ষ্য কৰিলে এনে ৰোগ সহজে চকুত পৰে। যেনে, মৌখিক পৰীক্ষাত শিশুটিৱে উত্তৰ দিব পাৰে, কিন্তু লিখিত পৰীক্ষাত নম্বৰ কম পায়, এনে শিশু লিখা অসুবিধাত ভূগিব পাৰে। পঢ়িব নোৱৰা শিশুবোৰে আকৌ কোনোবাই কথাখিনি কৈ দিলে সহজে বুজি পায়, মনতো ৰাখিব পাৰে, কিন্তু নিজে পঢ়ি নোৱাৰে। পঢ়াৰ সময়ত একেটা শব্দকে পুনৰাই পঢ়া, মাজতে একোটা শব্দ এৰি যোৱা আদিবোৰ এওঁলোকৰ পাঠ পঢ়াত দেখা যায়। (আমাক যে সৰুতে পাঠ পঢ়া আদি দিছিল, তাৰ আঁৰতো এটা বৈজ্ঞানিক কাৰণ আছিল)। লিখিবলৈ অসুবিধা পোৱা শিশুৰ বাবে আখৰবোৰ ডাঙৰকৈ লিখি তাৰ ওপৰেৰে বোলাবলৈ (tracing) দিয়া হয়, বা আখৰকেইটাক চিনাকি কিবা জন্তু বা ফলৰ সহায়েৰে লিখিবলৈ শিকোৱা হয়।

কেতিয়াবা একেজন শিশুৰ তাতে দুটা-তিনিটা ৰোগ থাকিব পাৰে। পঢ়িব নোৱৰা আৰু বানান ভুল কৰা প্ৰায়েই একেলগে দেখা যায়। এই ৰোগসমূহৰ বাবে ঔষধৰ প্ৰয়োজন সাধাৰণতে নহয়, তাৰ ঠাইত শিশুটিৰ বাবে বিভিন্ন অভ্যাস কাৰ্যসূচী তৈয়াৰ কৰি দিয়া হয়। আৰু এটা ভাল কথা হৈছে, এই সমস্যাবোৰ বয়সৰ লগে লগে নিজে-নিজেই কমি আহে। শিশুটিৱে ডাঙৰ হৈ অআৰ লগে লগে কিছুমান কৌশল নিজেই আয়ত্ত্ব কৰি লয়। বানান ভুল আদি সৰু কালৰ শিক্ষাত যিমান গুৰুত্ব দিয়া হয়, পাছলৈ সিমান দিয়া নহয়, এনেবোৰ কথাৰ বাবেও তেওঁলোকে পাছলৈ বিশেষ অসুবিধা নাপায়।

F82 অংগ সঞ্চালনৰ কৌশল আয়ত্ত্ব কৰিব নোৱৰা
কিছুমান শিশুৱে দেহৰ সমস্ত অংগ এক সময়তে একে স্বাভাৱিকতাৰে ব্যৱহাৰ কৰিব নোৱাৰে। এনে সমস্যা সাধাৰণতে খেলত, বা বিভিন্ন হাতৰ কামৰ সময়ত লক্ষ্য কৰা যায়। ওপৰৰ আনকেইটা ৰোগৰ দৰেই ইয়াতো সমাগ্ৰিক বুদ্ধিমত্তাৰ কোনো হীনদেঢ়ি দেখা নাযায়। এওঁলোকৰ হাতৰপৰা বস্তু বৰকৈ পৰে, খেলনা আদি অতি সোনকালে নষ্ট হয়। তেওঁলোক বৰকৈ পৰে, উজুটি খায়। এইবিধ ৰোগো বয়সৰ লগে লগে বহু পৰিমাণে নিজে নিজেই কমি আহে। প্ৰয়োজন অনুসাৰে হাত-ভৰিৰ বিভিন্ন ব্যায়াম আদি কৰিবলৈ দিয়া হয়।

F84 বিকাশৰ ব্যাপক অসুবিধা (Pervasive Developmental Disorder)
এই গোটৰ ৰোগসমূহত শিশুৰ মন:স্তাত্বিক বিকাশৰ কেবাটাও ক্ষেত্ৰত অসুবিধা দেখা যায়। কিন্তু এই অসুবিধাসমূহ মানসিক মন্থৰতাৰ দৰে সংখ্যামানগত নহয়, বৰং গুণগতহে। সেয়ে এই গোটক মন্থৰতাৰ বিভাগত ৰখা হোৱা নাই। এই গোটৰ অন্তৰ্গত ৰোগসমূহত শাৰীৰিকভাৱে ঠিকেই বিকাশ হোৱা শিশুৰ ক্ষেত্ৰত সামাজিক বিকাশ অস্বাভাৱিক হোৱা, ভাষা ব্যৱহাৰৰ অস্বাভাৱিকতা আদি দেখা যায়। এই গোটৰ উল্লেখনীয় ৰোগকেইটা হৈছে:

.0 অটিজ্‌ম (Autism)
অতিজ্‌ম ৰোগত ভোগা শিশুসকলৰ তিনিটা ক্ষেত্ৰত অসুবিধা দেখা যায়–সামাজিক আন্ত:ক্ৰিয়া, যোগাযোগ আৰু কিছুমান কামৰ পুনৰাবৃত্তি কৰি থকা। সাধাৰণতে ৩ বছৰ মান বয়সৰপৰা এই ৰোগৰ লক্ষণ ধৰিব পৰা হয়। কিন্তু তাৰো আগতে পিতৃ-মাতৃয়ে কিছুমান অসুবিধা লক্ষ্য কৰে, যেনে, শিশুটিয়ে নিৰ্দিষ্ট কেইটামান কামহে ভাল পায় আৰু বাৰে বাৰে তাকেই কৰি থাকিব বিচাৰে, তাৰপৰা আঁতৰাই নিলে তেওঁলোকে চিঞৰ-বাখৰ কৰে বা কান্দে বা অতি খং খাই উঠে।

যিকোনো মানুহৰ লগতে তেওঁলোকে কৰা ব্যৱহাৰত অস্বাভাৱিকতা চকুত পৰে। সাধাৰণতে মানুহৰ উপস্থিতিক সম্পূৰ্ণ অগ্ৰাহ্য কৰা, বা মাত্ৰ এজন বা দুজন ব্যক্তিৰ লগতে সময় কটোৱা আদি দেখা যায়। তেনে শিশুৱে কেতিয়াবা মাকৰ উপস্থিতিকো অগ্ৰাহ্য কৰে। মাক নাথাকিলেও তেওঁলোকে কোনো ধৰণৰ চিন্তাৰ বা উদ্বেগৰ অভিব্যক্ত নেদেখুৱায়, মাক আহি পালেও সাধাৰন শিশুৰদৰে তেওঁলোক মাকৰ ওচৰলৈ দৌৰি নাযায়। সামাজিক আন্ত:ক্ৰিয়াৰ এনে অস্বাভাৱিকতাৰ লগতে এই শিশুৱে সম্বোধনবাচক শব্দবোৰত খেলি মেলি কৰা দেখা যায়। তেওঁলোকে মই-তুমি-আমি-সিহঁত আদিৰ পাৰ্থক্য বুজিবলৈ সমৰ্থ নহয়। সেয়ে, ‘মোক ভাত দিয়া’ বুলি কোৱাৰ সলনি ‘তাক ভাত দিয়া’ বুলি কোৱাৰ দৰে কয়। যদিও ইয়াত তাক মানে শিশুটিয়ে নিজকে বুজাইছে। খেলনা আদিৰ ক্ষেত্ৰতো এনে শিশুৱে সেইটযে আচলতে এটা ভাবি লোৱা বন্দুকহে, এনে ধৰণৰ কথাবোৰ নুবুজিব পাৰে। সেয়ে, কোনোবাই খেলনা বন্দুক টোঁৱালেই প্ৰচণ্ড ভয় খাব পাৰে। এওঁলোকে বেছিকৈ নিজৰ লগতে থাকি ভাল পায়, খেলৰ সংগীসমূহ নিস্প্ৰাণ পুতলা হ’ব লাগে। বেছি শিশু গোট খালে এওঁলোকে অতীষ্ঠ হৈ উঠে আৰু যিমান পাৰে তেনে পৰিস্থিতিৰপৰা আঁতৰি নিজস্ব স্থানলৈ যাব খোজে। কিন্ত আন শিশুৱে তাত যাব খুজিলে এওঁলোকৰ প্ৰচণ্ড খং উঠে। এনে শিশুৱে একেটা কামকে বাৰেবাৰে কৰি থাকি ভাল পায়। যেনে, পুতলাৰ চুলিখিনিত মুঠি মাৰি ধৰি তাক বোঁ-বোঁৱাই ঘূৰাই থকা, কেতিয়াব পৰ্দাখনত ধৰি লৈ নিজে নিজেই ঘূৰি থকা দিৰদৰে কামবোৰ কৰি এওঁলোকে বৰ ভাল পায়। ডাঙৰ হোৱাৰ পাছত সমস্যাবিলাক বহু পৰিমাণে কমি আহে যদিও পাছলৈ অতি কম সংখ্যক বন্ধু, অকলে কাম কৰি ভাল পোৱা, সিদ্ধান্ধ ল’বলগীয়া কামৰপৰা মূৰপোলোক মৰা আদিবোৰো দেখা যায়। তেওঁলোক স্বয়ং বছ হৈ উঠিলে অইন কৰ্মচাৰীৰ ইচ্ছ-অনিচ্ছা আদিৰ কথা চিন্তা কৰিব নোৱৰা হৈ পৰে, সেয়ে, মেনেজাৰেয়িল জব-ৰ পৰা সোনকালেই হাত ধুব লগীয়া হয়। মুঠৰ ওপৰত অটিজমত ভোগা শিশৱে সমাজএখনৰ অংশ হৈ থাকি কাম কৰিববলৈ বৰ দিগদাৰ পায়। অটিজম-ৰ ক্ষেত্ৰত আজিকালি ব্যৱহাৰ কৰিব পৰা কেইবিধমান ঔষধ ওলাইছে যদিও, তাৰপৰা সম্পূৰ্ণ নিৰাময় নহয়গৈ। তথাপি ঔষধবোৰে বহুতো এনে ৰোগীৰ ক্ষেত্ৰত বহুত পৰিৱৰ্তন আনে।

কিছুমান অটিজম শিশুৰ ক্ষেত্ৰত মানসিক বিকাশৰ এটা স্তৰ অত্যন্ত বেছি হয়। এনে শিশুক ইডিয়ট ছাভাণ্ট বুলি কোৱা হয়। Rainman চিনেমাখনত ডাষ্টিন হফমেনে কৰা অটজ্‌ম চৰিত্ৰটো এনে ইডিয়ট ছাভাণ্টৰ চৰিত্ৰ। সেই চৰিত্ৰটোৱে নিউ-ৱৰ্ক লটাৰীৰ কেনেকুৱা পেটাৰ্ণৰ নম্বৰ মাৰে, সেইটো নিজৰ মনত থকা বহুকেইখন খেলৰ ফলাফলবোৰ মুখস্থ কৰি কৰি এটা নিৰ্দিষ্ট দিনত কি কি নন্বৰ উঠিব তাৰ হিচাপ কৰি দেখুৱাইছিল। বহু ব্যক্তিয়ে আইনষ্টাইনৰ সৰু কালৰ কথাখিনিলৈ লৈ লক্ষ্য কৰি তেওঁ অটিজম-ত ভূগিছিল বুলি ক’ব খোজে। অটিজম-ৰ লক্ষণ বয়স বঢ়াৰ লগে লগে কমি আহে। অতি কম সংখ্যককহে পাছলৈ চিকিৎসা দিবলগীয়া হয়।

F84.1 Atypical Autism
ইয়াত অটিজমৰ দৰে আটাইবোৰ লক্ষণেই দেখা নাযায়। অটিজমত দেখা পোৱা তিনিটা ক্ষেত্ৰ সলনি ইয়াত একেকেইটা ক্ষেত্ৰৰে এটা বা দুটা ক্ষেত্ৰতহে কিবা অস্ভাৱাকিতা দেখা যায়। কিন্তু এই বিধৰ অটিজম অতি বেছি মন্থৰ শিশুৰ ক্ষেত্ৰত, লগতে কথা কোৱাৰ অতি বেছি অসুবিধা থকা F8০ বিভাগৰ ৰোগৰ ক্ষেত্ৰতো ইয়াক দেখা যাব যাব পাৰে।

F84.2 Rett’s Syndrome
এই ৰোগ অকল ছোৱালীৰ ক্ষেত্ৰতহে হোৱা দেখা যায়। জন্মৰ প্ৰথম বছৰলৈ শিশু-ছোৱালীৰ বিকাশ ঠিকেই থকা পৰিলক্ষিত হয়, কিন্তু এক বছৰ পাৰ হোৱাৰ পাছত কথা কোৱা, হাত-ভৰিৰ লৰচৰ আদি কমি আহে; লগতে মূৰৰ পৰিধিও কমিবলৈ আৰম্ভ কৰে। খেলা-ধূলা বা সামাজিক বিকাশৰ ব্যাঘাত আহে যদিও, তেনে ছোৱালীৰ সামাজিক আগ্ৰহ ঠিকেই ৰয়। মধ্য শিশু বয়সত এওঁলোকৰ দেহত অস্বভাৱক কঁপনি আদিৰ সৃষ্টি হয়। লাহে লাহে সমগ্ৰ মানসিক বিকাশেই অত্যন্ত মন্থৰ হৈ পৰে। মৃগী আদিৰ দৰে ৰোগো দেখা দিবলৈ আৰম্ভ কৰে। এই ৰোগৰ কোনো ফলদায়ক চিকিৎসা নাই।

এইবোৰৰ বাহিৰে একেটা গোটতে পৰা আন এবিধ ৰোগ হৈছে Childhood Disintergrating Disorder. এই ৰোগসমূহত ভালকৈ বাঢ়ি অহা শিশু এটাই লাহে লাহে আগতে আহৰণ কৰা কৌশলসমূহো পাহৰি যায়। প্ৰথমে বেয়া হোৱা গতি খৃ হয় যদিও সোনকালেই এক সমান ব্যৱস্থা পায়, তাৰ পাছত সামান্য শুধৰণি হয় যদি স্বভাৱিক শিশূৰ দৰে নহয়গৈ। সেয়ে, এনে শিশুক পাছলৈ Sever Mental Disorder-ৰ দৰে একে ধৰণৰ চিকিৎসা দিবলগীয়া হয়।

আৰু এটা ৰোগ আছে য’ত অতিমাত্ৰা উৎপাত দেখা যায় মধ্যমীয়া মানসিক মন্থৰতাৰ শিশুৰ ক্ষেত্ৰত, লগতে তেওঁলোকে কিছুমান অংগী-ভংগী বাৰে বাৰে কৰি থাকিবলৈ লয়।

.5 Asperger’s Syndrome
অটিজ্‌মৰ দৰে প্ৰায় একে লক্ষণেই দেখা যায় যদিও, এইসকল শিশুৰ ক্ষেত্ৰত সামাজিক আন্ত:ক্ৰিয়াৰ অস্বভাৱিকতা আৰু একেটা কামৰ পুনৰাবৃত্তিটোহে দেখা যায়। ভাষা বুজা বা ব্যৱহাৰত এওঁলোকৰ বিশেষ অসুবিধা নাথাকে।

মন:স্তাত্বিক বিকাশ সম্বন্ধীয় ৰোগসমূ্ঘৰ প্ৰায়ভাগৰে চিকিৎসাৰ বাবে ঔষধ এতিয়াও ওলোৱা নাই। যিবিলাক আমি ব্যৱহাৰ কৰো তাৰ কাৰ্যক্ষমতা সন্দেহৰ উৰ্ধত নহয়। কিন্তু এনে শিশুক বিশেষ বিদ্যালয়লৈ পঠিয়ালে. বেছ ভাল ফল পোৱা যায়। বহুত এনে শিশুৰেই পঢ়া-শুনাৰ বাহিৰে আন দিশত বিশেষ প্ৰতিভা থাকে। তেনে প্ৰতিভাবোৰৰ বিকাশৰ বাবে বিশেষ স্কুলসমূহে কাম কৰে।

ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগ (দশম সংস্কৰণ) (ICD-10) অনুসৰি যোৱা দুটা অংশত লিখা ‘মানসিক মন্থৰতা’ (F7) আৰু ‘মন:স্তাত্বিক বিকাশসম্বন্ধীয় ৰোগ’ (F8)-ৰ বাহিৰেও আৰু এটা বিভাগ আছে। শ্ৰেণীবিভাজনৰ ভাগত ইয়াক F9 হিচাপে স্থান দিয়া হৈছে। সমগ্ৰ গোটটোক ‘শৈশৱ আৰু কৈশোৰকালত আৰম্ভ হোৱা ব্যৱহাৰিক আৰু অনুভূতিৰ ৰোগ’ (Behavioural and emotional disorders with onset usually occurring in childhood and adolescence) বুলি কোৱা হৈছে। এই বিভাগটোৰ উপ-বিভাগ আৰু উপ-উপ-বিভাগসমূহক তলত আলোচনা কৰা হৈছে।

F90 অতি চঞ্চল ৰোগ (Hyperkinetic disorders:)
অতি চঞ্চল শব্দটো মই এইমাত্ৰ ভাবি যোগ দিছোঁ। ইয়াতকৈ ভাল শব্দ নিশ্চয় ওলাব। এতিয়া মনত পৰা নাই। কিন্তু সাধাৰণভাৱে আমি ল’ৰাটো বা ছোৱালীজনী বৰ চঞ্চল বুলিলে যিটো বুজোঁ, এই বিভাগৰ ৰোগবিলাক সেই চঞ্চল অৱস্থাৰে বৰ্ধিত ৰূপ। এই বিভাগৰ ৰোগসমূহৰ মূল লক্ষণসমূহ হ’ল:
১. মনোযোগৰ দ্ৰুতসলনি: এই ৰোগবিভাগৰ শিশুসকলে একেটা কামত বেছি সময়লৈ মনোযোগ দি থাকিব নোৱাৰে। দুই-তিনি মিনিটমান কাম এটাত মন দিয়াৰ পাছতে তেওঁলোকে সেইটোৰ প্ৰতি উৎসাহ হেৰুৱাই পেলায়, আৰু আন কিবা এটালৈ ঢাপলি মেলে। কিন্তু দ্বিতীয়টো কামতো বেছি সময় মনোযোগ দিব নোৱাৰে, আৰু তৃত্বীয় এটালৈ মন মেলে। এনেদৰে তেওঁলোকে ইটো বিষয়ৰপৰা সিটোলৈ সলনি কৰি থাকে যদিও ক’তো মন বহুৱাব নোৱাৰে।
২. অমনোযোগিতাৰ লগতে, এই ৰোগবিভাগৰ আন এটা লক্ষণ হৈছে, অনবৰত ইফাল-সিফাল কৰি থকা। এই শিশুসকল সাধাৰণতে অত্যন্ত উৎপতীয়া হয়, আৰু ধীৰে-সুস্থিৰে এখন্তেকো থাকিব নোৱাৰে। ঘৰত থকা অইন ব্যক্তিৰ লগত খেলি থাকিবলৈ বিচাৰে। কিন্তু খেলতো তেওঁলোকৰ মন নবহে। সেয়ে, এবাৰ যদি এজনৰ লগত বহি দুই-মিনিট কিবা এটা খেলে, তেন্তে দুই মিনিট পাছতে আন এজনৰ ওচৰ পায়গৈ।
৩. অমনোযোগিতা আৰু ইফাল সিফাল কৰি থকাটো এটা-দুটা ক্ষেত্ৰত নহয় সকলো কামতে, সকলো সময়তে দেখা যায়। ৰাপ আৰু সময়ৰ কথাটো এই কাৰণেই কোৱা হৈছে যে আন কিছুমান ক্ষেত্ৰত যেনে শিশুটিৱে পঢ়া-শুনাত দুৰ্বল হ’লে বা স্বভাৱত উৎপতীয়া হ’লে তেওঁলোকে কিছুমান বিশেষ কাম বা বিশেষ সময়তহে মনোযোগ নিদিয়ে, বা ইফাল-সিফাল কৰি ফুৰে। কিন্তু এই ৰোগবিভাগৰ শিশুসকলে বিশেষ কাম আৰু সময়ত নহয়, সকলো সময়তে, সকলো কামতে তেওঁলোকৰ স্বভাৱ প্ৰায় একেই থাকে।

এই বিভাগৰ ৰোগসমূহ পাঁচ বছৰ হোৱাৰ আগেয়েই আৰম্ভ হোৱা দেখা যায়। অমনোযোগিতা আৰু দ্ৰুত ইফাল-সিফাল কৰি থকাৰ বাবে এওঁলোকৰ খুন্দা-খুন্দলি খোৱা, পৰা, বা মনলৈ যি আহে তাকে নভবা-নিচিন্তাকৈ কৰি দিয়াৰ প্ৰৱণতা দেখা যায়। প্ৰায়েই নিজৰ লগ-বন্ধুৰ লগত এনে ধৰণৰ ব্যৱহাৰৰ ফলত কাজিয়াৰ সৃষ্টি হোৱা, মাৰ-পিট লগা আদিবোৰো এনে শিশুৰ ক্ষেত্ৰত সঘনাই হোৱা দেখা যায়। এনে ধৰণৰ সমস্যাৰ বাবে এনে শিশুৱে বাৰে বাৰে মাক-দেউতাক, শিক্ষকৰ গালি-শাস্তিৰ সন্মূখীন হৈ কেতিয়াবা হীনমন্যতাত ভোগে, আৰু তেওঁলোকৰ ব্যৱহাৰত অস্বাভাৱিকতা দেখা যায়। এই ৰোগসমূহৰ কাৰণ সঠিককৈ জনা নাযায় যদি বৰ্তমানৰ বিজ্ঞানে মগজুৰ কিছুমান সংযোগত বিসংগতি কিছু ধৰা পেলাবলৈ সক্ষম হৈছে। অৱশ্যে ইয়াৰ অন্তৰ্গত কেবাবিধো ৰোগ আছে, সেয়ে সেইখিনি সকলোতে প্ৰযোজ্য নহয়। তলত এই বিভাগৰ অন্তৰ্গত ৰোগসমূহ আলোচনা কৰা হৈছে:

F90.0 মনোযোগ আৰু কাৰ্যৰ ৰোগ (Disturbance of activity and attention): সাধাৰণ ভাৱে এই ৰোগকে Attention deficit Heyperkinetic Disease বুলি কোৱা হয়। এই ৰোগত শিশুটিয়ে ওপৰত উল্লেখ কৰাৰ দৰে একে কাৰ্যতে বৰ বেছি দেৰীলৈ মনোযোগ দি থাকিব নোৱাৰে, লগতে অনবৰত ইফাল-সিফালে অহা-যোৱা কৰি থকা বিধৰ হয়। মাক-দেউতাকে সাধাৰণতে শিশুটিৰ লগত তাল মিলাব নোৱাৰি পৰিশ্ৰান্ত হৈ উঠে। একে পৰিবেশ স্কুলতো দেখা যায়। এই শিশুসকলে অন্যান্য ছাত্ৰ-ছাত্ৰীক দিগদাৰী দি থকা (যেনে, কাৰোবাৰ চুলিত টনা, কাৰোবাক থপৰিয়াই দিয়াৰ দৰে ব্যৱহাৰ কৰি থাকে) আদিবোৰ কৰি শিক্ষককো ভাৰাক্ৰান্ত কৰি তোলে। খেল-ধেমালিতো অমনোযোগিতাৰ বাবে এওঁলোকে অইন শিশুৰ লগত বেছিপৰ মিলিব নোৱাৰে আৰু কাজিয়াৰ সৃষ্টি হয়। আমোদজনক কথাটো হ’ল ইমান অশান্তি কৰি থকাৰ পাছতো কিন্তু তেওঁলোকে কাজিয়া আদি বেছি পৰলৈ মনত নাৰাখে আৰু সোনকালেই আকৌ লগ লাগিব পাৰে। কিন্তু একে সমস্যাই পুনৰ মূৰ দাঙি উঠে। ডাঙৰৰ লগতো এওঁলোক সহজে বন্ধু হ’ব পাৰে। বাইক, গাড়ী আদি তেওঁলোকৰ বৰ প্ৰিয়, কোনোবাই বাইকত ফুৰাবলৈ নিম বুলিলে এওঁলোকে উঠি যাবলৈ বেছি সময় নলগায়। কম্পিউটাৰ গেম, টিভি আদিতো এওঁলোকে ঘাইকৈ দ্ৰুত পৰিৱৰ্তিত চিত্ৰ পছন্দ কৰে। সেয়ে, বাইক ৰেচ আদি এওঁলোকে ভাল পায়। প্ৰায়েই মাক-দেউতাক ডাক্তৰৰ ওচৰলৈ আহে মানে তেওঁলোক সন্তানৰ আচাৰ-ব্যৱহাৰত অতীষ্ঠ হৈ যায়গৈ।

এই ৰোগৰ স্নায়ুগত কিছুমান বিসংগতি এতিয়ালৈ আৱিষ্কৃত হৈছে। কিন্তু সেইখিনিকে সম্পূৰ্ণ বুলিব নোৱাৰি। তথাপি সেইখিনিৰ আধাৰতে এই ৰোগত সহায় কৰা কেইটামান ঔষধ পোৱা যায়। এনে এবিধ ঔষধ হৈছে, amphetamine. এই গোটৰ ঔষধক stimulant অৰ্থাৎ উত্তেজক বোলা হয়, আৰু এম্‌ফিটেমিন নিচাৰ বাবে ব্যৱহাৰ কৰা নিষিদ্ধ দ্ৰৱ্য। কিন্তু এম্ফিটেমিনৰ এটা গুণ আছে যে ই কিছূ সময়ৰ বাবে মানুহজনৰ একাগ্ৰতা বৃদ্ধি কৰিব পাৰে। এই গুণটোৰ বাবেই ইয়াক ADHD ৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। আজিকালি অৱশ্য এম্ফিটেমিন ব্যৱহাৰ কৰা নহয়। তাৰ সলনি Methylphenidate নামৰ এম্ফিটেমিন-ৰ এটা সংশ্লেষিত যৌগ ব্যৱহাৰ কৰা হয়। কিন্তু Methylphenidate বা Ritalin সহজে উপলব্ধ নহয়, আৰু ইয়াৰ ব্যৱহাৰৰ বাবে ডাক্তৰে নিজাববীয়াকৈ কোম্পানীৰপৰা মগাই আনিহে বিতৰণ কৰিব পাৰে। কোন ৰোগীয়ে ঔষধবিধ লৈ আছে, তাৰ পঞ্জীয়ন কৰি ৰখা হয়। অতি সম্প্ৰতি ADHD-ত ব্যৱহাৰ কৰিব পৰা নতুন ধৰণৰ আন এবিধ ঔষধ বজাৰলৈ আহিছে, Atomoxetine. এটমোক্সেটিন-ৰ কোনো নিচাগুণ নাই বাবে, ই সহজে উপলভ্য। কিন্তু ঔষধৰ লগতে ৰোগীঋ পিতৃ-মাতৃক শিশুটিক নিয়ন্ত্ৰণ কৰাৰ কৌশল, তাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আদিবোৰো শিকোৱা হয়। সাধাৰণে বেছিভাগ ADHD-ত ভোগা শিশুৰ লক্ষন বয়স বঢ়াৰ লগে লগে নিজে নিজেও কমি আহে। অতি কম সংখ্যকৰ ক্ষেত্ৰত এই ৰোগে কৈশোৰকালত Conduct Disorder-ৰ ৰূপ পায়। ইয়াৰ বিষয়ে পাছত আলোচনা কৰা হৈছে। কেতিয়াবা অলপ ডাঙৰ শিশুৰ ক্ষেত্ৰত কনডাক্ত আৰু ADHD-ৰ লক্ষণ একলগেও দেখা যাব পাৰে।

F91 আচৰণৰ বিসংগতি (Conduct disorders): আচৰণৰ ৰোগৰ লক্ষণসমূহৰ ভিতৰত অসমাজিক কাম-কাজৰ প্ৰতি আগ্ৰহ, হিংস্ৰ ব্যৱহাৰ, বয়োজ্যেষ্ঠৰ প্ৰতি অসন্মান আদি দেখা যায়। অতি জটিল ক্ষেত্ৰত এনে লক্ষণবোৰে চুৰি-চাপাজী, সৰু-সুৰা ডকাইতি (যেনে, ৰাতি অকলে পোৱা বাটৰুৱাক চুৰি দেখুৱাই টকা লৈ যোৱা) আদিৰ পৰ্যায় পায়গৈ। সেয়ে, আচৰণ ৰোগ নিদান দিয়াৰ আগতে ল’ৰামতীয়া দুষ্টালিৰ সীমা পাৰ হোৱা বিধৰ আচৰণকহে ধৰা হয়। প্ৰায়েই এই ৰোগৰ শিশুসকলে তেনে বিধৰ সংগী বিচাৰি লয়, আৰু বজাৰ চুক আদিত একে লগ হৈ আড্ডা মৰা, চিগাৰেট আদিৰে আৰম্ভ কৰি ডেনড্ৰাইট আদি ল’বলৈ আৰম্ভ কৰা আদি দেখা যায়। এই্ ৰোগ একেবাৰে শিশুসকলৰ ক্ষেত্ৰত দেখা নাযায়। তেৰ-চৈধ্য বছৰমানৰপৰাহে এই ৰোগৰ লক্ষণসমূহ ভালকৈ প্ৰকাশ পায়। অতি সহজে মিছা কোৱাও এই ৰোগত দেখা যায়। এই ৰোগৰ মূল চিকিৎসা মনোচিকিৎসা। বিভিন্ন পদ্ধিতৰ মনোচিকিৎসা প্ৰয়োগেৰে আচৰণৰ ৰোগৰ চিকিৎসা কৰাৰ চেষ্টা কৰা হয়। কিন্তু, এই ৰোগৰ চিকিৎসা সহজ নহয়। সাধাৰণতে শিশুসকলে মনোচিকিৎসকৰ লগত ভালদৰে কথা নাপাতে, আৰু চিকিৎ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক