শিশুৰ শিক্ষা বিকাশত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব- খজেন ডেকা

বৰ্তমান সমগ্ৰ বিশ্বতে ব্যাপকভাৱে চৰ্চিত এটি বিষয় হ’ল শিশু শিক্ষা আৰু শিশুৰ বিকাশ৷ এটি শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে বিশ্বৰ দেশে দেশে নানা গৱেষণা আৰু অধ্যয়ন চলিছে৷ আন কোনো বিষয়ক লৈ ইমান চৰ্চা হোৱা নাই বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব৷ শিশুৰ মন, বৰ্দ্ধন আৰু শিক্ষাক লৈ বহু ধৰণৰ গৱেষণা আৰু অধ্যয়ন ফ্ৰান্স, আমেৰিকা, ইংলেণ্ডকে ধৰি ইউৰোপৰ আন আন দেশত ওঠৰ শতিকাতে আৰম্ভ হৈছিল বুলি জনা যায়৷ ফ্ৰান্সৰ জাঁ জেক ৰুছোৰ ‘এমিল’ নামৰ গৱেষণামূলক গ্ৰন্থখনে শিশু শিক্ষালৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল৷ শিশুৰ শিক্ষা, প্ৰাকৃতিক বৰ্দ্ধন, শাৰীৰিক, মানসিক আৰু সামাজিক সকলো দিশকে সামৰি শিশুৰ সামগ্ৰিক বিকাশৰ বাবে লিখা গ্ৰন্থখনে শিশুৰ মনোবিজ্ঞান আৰু শিক্ষা জগতত বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল৷
বিশ্বজুৰি শিশুৰ ওপৰত কৰা এনে গৱেষণা, অধ্যয়ন আৰু নিৰীক্ষণৰ বাবে শিশু সমন্ধে বিভিন্ন ধৰণৰ তথ্য জনাৰ সুবিধা হৈছে৷ শিশুৰ শাৰীৰিক, মানসিক, সামাজিক বিকাশৰ লগতে ভাষা, অভ্যাস, মনোভাৱ আদিৰ বিষয়েও নতুন নতুন তথ্য আৱিষ্কাৰ হৈছে৷ শিশুৰ মনোবিজ্ঞানে শৈশৱৰ বিষয়ে অধিক তথ্য আৱিষ্কাৰ কৰাৰ লগতে শিশুক শিক্ষা দিয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷ শিশুসকলৰ শাৰীৰিক, মানসিক আৰু সামাজিক দিশৰ অপৰিপক্বতা আৰু শিক্ষাদানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি মনোবৈজ্ঞানিকসকলে শিশুৰ শিক্ষা ব্যৱস্থা পুথিগত শিক্ষাতকৈ বেলেগ হোৱাৰ যুক্তি আগবঢ়াইছে৷ মনোবৈজ্ঞানিকসকলে সুদীৰ্ঘকাল বিভিন্ন পৰীক্ষা আৰু গৱেষণাৰ লব্ধফলক ভিত্তি কৰি শিশুৰ শিক্ষাৰ বাবে নতুন নতুন শিক্ষণ পদ্ধতি আৱিষ্কাৰ কৰিছে৷ ইয়াৰ ভিতৰত ইটালীৰ মেডাম মণ্টেচ’ৰীয়ে শিশু গৃহত ব্যৱহাৰ কৰা শিক্ষণ পদ্ধতি আৰু জাৰ্মানীৰ দাৰ্শনিক শিক্ষাবিদ উইলহেম আগষ্ট ফ্ৰ’ৱেল সৃষ্টি কৰা কিণ্ডাৰ গাৰ্টেনৰ শিক্ষণ পদ্ধতি গোটেই পৃথিৱীতে সমাদৰ লাভ কৰিছে৷
শিশুৰ বিকাশ সাধন কৰিবলৈ বয়স অনুযায়ী শিক্ষা দিয়া প্ৰয়োজন৷ শিশুৰ অপৈনত অৱস্থাই শিশুক দীৰ্ঘদিনৰ বাবে শিকাৰ সুবিধা দিয়ে৷ দ্বিতীয়তে শিশুৰ কোমল বয়সত যি শিকোৱা হয় তাকে গ্ৰহণ কৰি নিজৰ আচৰণসমূহ পৰিৱৰ্তন কৰিব পাৰে৷ শিক্ষাৰ সকলো ক্ষেত্ৰতে দেখিবলৈ পোৱা যায় যে পুথিগত শিক্ষাতকৈ ব্যৱহাৰিক শিক্ষাৰ গুৰুত্ব বেছি৷ শিক্ষা গ্ৰহণৰ বাবে শিশুৰ জীৱনত জন্মৰ পিছৰ পৰিৱেশৰ ভিতৰত গৃহ, সমাজ আৰু বিদ্যালয়েই শ্ৰেষ্ঠ৷ আমাৰ দেশত ঘৰুৱা পৰিৱেশ আৰু সামাজিক পৰিৱেশ বেছিভাগ ক্ষেত্ৰতেই শিশুৰ সৰ্বাংগীন বিকাশৰ পৰিপন্থী হোৱা দেখা যায়৷ সেযে আমাৰ দেশত বিদ্যালয়ৰ পৰিৱেশৰ গুৰুত্ব অপৰিসীম৷ শিশুৰ ব্যক্তিত্ব পূৰ্ণ ৰূপত যাতে বিকশিত হ’ব পাৰে তাৰ বাবে বিদ্যালয়ৰ পৰিৱেশ উন্নত হ’ব লাগিব৷ আনন্দৰ মাজেদি শিশুক শিক্ষা দিয়াৰ বাবে মণ্টেচ’ৰীয়ে কিছুমান সঁজুলি আৱিষ্কাৰ কৰিছিল৷ তদুপৰি চিত্তাকৰ্ষক সাধুকথা, নাচ-গান, চিত্ৰাংকণ আদিৰ কথাও উপলব্ধি কৰি মণ্টেচ’ৰীয়ে বিদ্যালয়ত প্ৰয়োগ কৰিছিল৷ শিশুসকলক পূৰ্ণ বিকশিত কৰি তুলিবলৈ হ’লে বিদ্যালয়ৰ শিক্ষাদানৰ পৰিৱেশ আনন্দময় হ’ব লাগিব আৰু তেনে পৰিৱেশ ৰচনা কৰিবলৈ শিক্ষক/শিক্ষয়িত্ৰীসকল যত্নপৰ হ’ব লাগিব৷
আজিৰ বিজ্ঞানৰ যুগত প্ৰায়ভাগ শিশুৱেই টি.ভি, কম্পিউটাৰ, ম’বাইল আদিৰ লগত ব্যস্ত থকাৰ দিনত সাধুকথা শুনাটোৱেই সাধু যেন লাগে যদিও শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সাধুকথাৰ উপযোগিতা অপৰিসীম৷ সাধুকথাৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ অতি বেছি৷ শিশুৱে সাধুকথাৰ মাজত বৰ্ণিত মানুহৰ চৰিত্ৰৰ লগত কল্পনাৰ জৰিয়তে একাত্ম অনুভৱ কৰে৷ বিভিন্ন বয়সৰ শিশুৱে বিভিন্ন বিষয়ৰ সাধু শুনি ভাল পায়৷ উপযুক্ত সাধুকথাই শিশুৰ জ্ঞান বিকাশত সহায় কৰে৷ সাধুকথাৰ যোগেদি শিশুৱে জীৱনক চিনিবলৈ আৰু বুজিবলৈ সুবিধা পায়৷ তদুপৰি সাধুকথাৰ যোগেদি শিশুৱে ভাষা শিকে, কথা শুদ্ধকৈ ক’বলৈ শিকে আৰু শিশুৰ চৰিত্ৰৰ ভিত্তি স্থাপন হয়৷ শিশুক সাধুকথা শুনাওতে শিক্ষক আৰু অভিবাৱকসকল সাৱধানতা অৱলম্বন কৰা উচিত৷ অবাস্তৱ বা অলৌকিক ঘটনাৰ ওপৰত ভিত্তি কৰি ৰচিত সাধু পৰাপক্ষত কোমল মনৰ শিশুক নোকোৱাই ভাল৷ এনে অবাস্তৱ সাধুৰ পৰা শিশুৰ মনত মিছাৰ প্ৰতি বিশ্বাস জন্মাৰ আশংকা থাকে৷ অলৌকিক সাধুকথাই শিশুৰ মনত ভয়ৰ সঞ্চাৰ কৰে৷ বয়স বঢ়াৰ লগে লগে সংসাৰৰ বিভিন্ন কথাৰ লগত শিশুৰ পৰিচয় ঘনিষ্ঠ হয় আৰু সকলো অৱস্থাৰ লগত নিজকে খাপ খুৱাই ল’বলৈ সাধুকথাৰ মাজেদি সুযোগ পায়৷ শ্ৰেণীকোঠাত সাধুকথাৰ অভিনয়ৰ দ্বাৰা সামাজিক জীৱনক ভালকৈ বুজিবলৈ শিশুক সহায় কৰিব পাৰি৷
প্ৰতিজন শিশু খেল প্ৰিয়৷ শিশুৱে সদায় নিজৰ মনেৰে খেলি আনন্দ লাভ কৰে৷ তদুপৰি শিশুৱে নিজ মনেৰে খেল বা কাম নিৰ্বাচন কৰি আনন্দ লাভ কৰে৷ আধুনিক শিক্ষাবিদে শিশুৰ খেলাৰ প্ৰৱণতাক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি কেইবাটাও আধুনিক শিক্ষণ পদ্ধতি উদ্ভাৱন কৰিছে৷ খেলৰ মাজেৰে শিকিলে শিশুৱে অধিক শিক্ষাৰ বাবে প্ৰেৰণা পায়৷ মুক্তভাৱে খেলাৰ সুবিধা পালে শিশুৱে নিজৰ উদ্ভাৱনী শক্তিৰে নতুন বস্তু বা খেল তৈয়াৰ কৰিব পাৰে৷ শিশুৰ খেল খেলাৰ প্ৰৱণতাক উপযুক্তভাৱে পৰিচালিত কৰিব পাৰিলে পিছলৈ উদ্ভাৱনী শক্তিৰে নতুন কিবা উদ্ভাৱন কৰিব পাৰে৷
শিশু শিক্ষাৰ প্ৰধান অংগ হ’ল ভাষা বিকাশ৷ আমি নিজৰ চিন্তা, অনুভূতি, ভাৱ-আবেগ, ইচ্ছা-অনিচ্ছা ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰোঁ৷ ই এক সম্পূৰ্ণ আৰ্জিত কৌশল আৰু ভাষা অবিহনে আমি সমাজত ভাৱৰ আদান-প্ৰদান কৰিব নোৱাৰোঁ৷ শিশুসকলে ডাঙৰৰ পৰা শুনি শুনি ভাষা ক’বলৈ আৰম্ভ কৰে৷ সেযে ডাঙৰসকলে বা অভিভাৱকসকলে শিশুৰ আগত ভাষা শুদ্ধকৈ কোৱা উচিত৷ শিশুৱে বুজি নাপালেও ভাষা আৰু সুৰৰ প্ৰতি আকৰ্ষণ কৰিবলৈ অভিভাৱকসকলে নিচুকনি গীত, সাধু আদি শুনাব লাগে৷ এনে কৰিলে শিশুৰ ভাষাজ্ঞান বৃদ্ধি পায়৷ সাধুই শিশুৰ মনত কোনো বস্তুৰ প্ৰতি ঔৎসুক্য বৃদ্ধি কৰে আৰু ডাঙৰক প্ৰশ্ন কৰি নতুন কথা জানিবলৈ বিচাৰে আৰু তিনি/চাৰি বছৰ বয়সত কিছুমান কথা নিজেই কল্পনা কৰি ক’বলৈ শিকে৷ শিশুৰ সমুখত ডাঙৰে মাত-কথা কওঁতে, আচাৰ-ব্যৱহাৰ কৰোঁতে সাৱধান হোৱা উচিত৷ অশ্লীল কথা-বতৰা, কু-আচৰণ, কু-অভ্যাস আদি শিশুৰ সমুখত প্ৰদৰ্শন কৰা অনুচিত৷ কাৰণ শিশুৰ বয়সটোৱেই হ’ল অনুকৰণ কৰা৷ এবাৰ অনুকৰণ কৰি শিকি লোৱা কথা বা আচৰণ পিছলৈ ডাঙৰ হ’লেও শিশুৱে এৰিব নোৱাৰা হয়৷ সংস্কৃতিবান পৰিয়ালত শিশুৱে দেখি-শুনিয়ে আচাৰ-ব্যৱহাৰ, গীত-মাত, সামাজিক ৰীতি-নীতি আদিৰ বিষয়ে জ্ঞান আহৰণ কৰি লয়৷ তথাপিও ডাঙৰে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশত থকা জীৱ-জন্তু, চৰাই-চিৰিকতি, ফল-ফুল, বিভিন্ন গছ আদিৰ বিষয়ে শিশুক চিনাকি কৰি দিব লাগে৷
শিশুৰ শিক্ষা আৰু বিকাশৰ বাবে ওপৰত চমুকৈ উল্লেখ কৰা ব্যৱস্থাবোৰ ফলৱতী কৰাৰ ক্ষেত্ৰত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব অপৰিসীম৷ শিক্ষাৰ লগত শিক্ষকৰ সমন্ধ অতি ঘনিষ্ঠ আৰু ওতঃপ্ৰোত৷ গতিকে শিশুক সৰুৰে পৰাই মানুহ হিচাপে গঢ়ি তোলাৰ মহান দায়িত্ব শিক্ষকৰ৷ মানুহৰ গোটেই জীৱনৰ ওপৰত শিক্ষাৰ প্ৰভাৱ অপৰিসীম৷ ই কেৱল জ্ঞান লাভৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়৷ শিক্ষকৰ এটা প্ৰধান কৰ্তব্য হ’ল শিক্ষাৰ্থীৰ অন্তৰৰ সুপ্ত সম্ভাৱনাক জগাই তোলা আৰু তাক বিকশিত কৰা৷ শিক্ষাৰ্থীয়ে শিক্ষকক ভক্তি কৰি শিক্ষকৰ স্নেহ লাভ কৰিব লাগিব আৰু নানা প্ৰশ্নৰে শিক্ষকৰ পৰা জ্ঞান লাভ কৰি নিজৰ জ্ঞান-ভাণ্ডাৰ উন্নত কৰিব লাগিব৷ কিন্তু এই কাম শিক্ষাৰ্থীয়ে একপক্ষীয়ভাবে কৰিব নোৱাৰে৷ এই কাম হ’ব লাগিব শিক্ষক আৰু অভিভাৱকৰ যৌথ প্ৰচেষ্টাৰ দ্বাৰা৷ জ্ঞানৰ পোহৰ লৈ জীৱনৰ পথত আগবাঢ়ি যোৱাৰ দায়িত্ব শিক্ষাৰ্থীৰ৷ কিন্তু পোহৰ দেখুৱাই সঠিক পথেৰে আগবঢ়াই লৈ যোৱাৰ দায়িত্ব শিক্ষকৰ৷ সেয়ে শিশুৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অতি মহান আৰু গুৰুত্বপূৰ্ণ৷ শিক্ষাৰ্থীক শুদ্ধ জ্ঞানৰ পথেদি আগবঢ়াই নিবলৈ হ’লে শিক্ষকৰ নিজৰ ক্ষেত্ৰতো নানা গুণৰ সমাৱেশ থকা আৱশ্যক৷ শিক্ষাদানৰ দৰে মহান কৰ্তব্য সাধন কৰিবলৈ হ’লে নানা জ্ঞানৰ আলোকেৰে শিক্ষকৰ নিজৰ জীৱন আলোকিত হৈ থাকিব লাগিব৷ কাৰণ এজন অন্ধই আন এজন অন্ধক বাট দেখুৱাই লৈ যাব নোৱাৰে৷ এই মহান দায়িত্ব পালন কৰিবলৈ যোৱাৰ সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্ক মধুৰ হ’ব লাগিব৷ পুৰণি কালত ভাৰতীয় সমাজ ব্যৱস্থাত গুৰু-শিষ্যৰ সম্পৰ্কই এক বিশিষ্ট স্থান লাভ কৰিছিল যদিও বৰ্তমান সময়ত তেনে সম্পৰ্ক বিৰল৷ বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো এক লাভজনক ব্যৱসায়িক উদ্যোগত পৰিণত হৈছে৷ এইক্ষেত্ৰত একাংশ শিক্ষকৰ অৰিহণা নথকা নহয়৷ বিদ্যালয়ত শিক্ষকৰ বলিষ্ঠ চৰিত্ৰ, সৎ আচৰণ আৰু সৎ অভ্যাসে শিক্ষাৰ্থীক আকৰ্ষিত কৰে আৰু ইয়ে শিক্ষাৰ্থীৰ শিক্ষা গ্ৰহণত প্ৰভাৱ পেলায়৷
শিশুৰ শিক্ষা আৰু বিকাশত অভিভাৱকৰ দায়িত্ব সম্পৰ্কে ওপৰত কিছু কথা উল্লেখ কৰা হৈছে৷ নিজৰ সন্তানৰ ভৱিষ্যত সুখ-সমৃদ্ধিৰ কথা চিন্তা কৰি সকলো অভিভাৱকেই শিশুৰ শিক্ষা বিকাশৰ বাবে যথাসম্ভৱ সকলো সুবিধা দিবলৈ যত্নপৰ হয়৷ কিন্তু সকলো সুবিধা দিবলৈ যাওঁতে সেই সুবিধাৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি সকলোৱে সচেতন হোৱা উচিত৷ নিজৰ সন্তানক এজন সু-ব্যক্তিত্ব সম্পন্ন নাগৰিক হিচাপে গঢ়ি তোলাটো পিতৃ-মাতৃৰ লক্ষ্য হোৱা উচিত৷ ইয়াৰ বিপৰীতে এক অসাধাৰণ ব্যক্তি হিচাপে গঢ় দিবলৈ শিশুটিক হেঁচা প্ৰয়োগ কৰা উচিত নহয়৷ কিন্তু বৰ্তমান প্ৰতিযোগিতাৰ যুগত দেখা যায় প্ৰায়সকল পিতৃ-মাতৃয়েই আশা কৰে যে, নিজৰ সন্তানটি পঢ়া-শুনাকে ধৰি খেলা-ধূলা, ছবি অঁকা, বাদ্যযন্ত্ৰ বজোৱা আদি সকলো কামত পাৰ্গত হওক৷ এইক্ষেত্ৰত শিশুটিৰ সামৰ্থ্য কিমান বা তেওঁলোকে বিচৰা ধৰণে শিশুটি সকলো বিষয়ৰ প্ৰতি আগ্ৰহী হয় নে নহয় তাক অভিভাৱকসকলে বিচাৰ কৰি চাব নোখোজে৷ পিতৃ-মাতৃৰ এনে মানি ল’ব নোখোজা আচৰণৰ আঁৰত তেওঁলোকে নিজৰ জীৱনত লাভ কৰিব নোৱাৰা সাফল্যৰ সপোন নিজৰ সন্তানৰ জৰিয়তে ফলৱতী কৰাব বিচাৰে৷ এনে পিতৃ-মাতৃৰ সন্তানসকল স্কুলীয়া পাঠ্যক্ৰম, হোমৱৰ্ক, টিউচন আদিৰ কঠিন ৰুটিন এখনৰ মাজত সোমাই পৰে৷ ফলত লাহে লাহে কোনো এটা শিক্ষাৰ প্ৰতিয়েই শিশুটিৰ আগ্ৰহ নোহোৱা হয়৷ এনেবোৰ বোজাৰ দ্বাৰা প্ৰকৃততে তেওঁলোকে নিজৰ গৰ্ব বঢ়োৱাৰ চেষ্টা কৰে নে শিশুটিৰ মংগল কামনা কৰিছে—এই বিষয়ে এবাৰ গমি-পিতি চোৱা উচিত৷ অভিভাৱকে শিশুটিৰ ইচ্ছা বা সামৰ্থ্যৰ বিৰুদ্ধে কোনো বিষয় শিশুৰ ওপৰত জোৰ-জুলুমকৈ জাপি দিয়া অনুচিত৷ দুখৰ বিষয় অসমত আজি এনে ‘দুৰাকাংক্ষা’ৰ কবলত পৰা অভিভাৱকৰ সংখ্যাই বেছি৷ অসমৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ অভিভৱকেই নিজৰ সন্তানক মাতৃভাষাৰ মাধ্যমত পঢ়ুৱাবনে ইংৰাজী মাধ্যমত পঢ়ুৱাব, নৃত্যৰ স্কুলত দিবনে আৰ্টৰ স্কুলত দিব – আনক দেখি এই সিদ্ধান্ত লয়৷
আজিকালি অসমৰ চুকে-কোণে প্ৰি-নাৰ্চাৰী বুলি এবিধ স্কুলৰ আৱিৰ্ভাৱ ঘটিছে৷ এইবোৰ স্কুলত প্ৰশিক্ষণবিহীন বহু শিক্ষয়িত্ৰীয়ে ক’ণ ক’ণ শিশুসকলক কি শিক্ষা দিয়ে সেয়া কাৰো জ্ঞাত নহয়৷ অৱশ্যে আমাৰ অভিভাৱকসকলে এনেবোৰ স্কুলত নিজৰ সন্তানক দিনটোৰ বাবে গতাই দি ল’ৰা-ছোৱালীৰ জঞ্জালৰ পৰা মুক্ত হৈ থাকি বেছ গৰ্বিত বুলি অনুভৱ কৰা পৰিলক্ষিত হয়৷ আন একাংশই আকৌ তথাকথিত কঠোৰ অনুশাসনৰ বেচৰকাৰী বিদ্যালয়ত সন্তানক নাম লগাই দি দিনটো স্কুলৰ গেটৰ বাহিৰত ৰৈ থাকি ঘৰুৱা সমস্যাৰ পৰা মুক্ত হৈ থকাও দেখা যায়৷ মহাভাৰতৰ অৰ্জুনে মাতৃৰ গৰ্ভতে পুত্ৰ অভিমণ্যুক চক্ৰবেহুৰ শিক্ষা দিয়াৰ দৰে এচাম অভিভাৱকে পাৰিলে মাতৃৰ গৰ্ভতে সন্তানক সকলো বিষয়তে পাৰ্গত কৰি আনিব খোজে৷ আমাৰ সমাজত পূৰ্বাপৰ চলি অহা ডাকৰ বচন ‘ভুকুতে কল নপকে’ – কথাষাৰি উপলব্ধি কৰা ভাল৷ লগতে আমাৰ অভিভাৱকসকলে বিশ্বৰ, আমাৰ দেশৰ, নিজৰ ৰাজ্যখনৰ বিখ্যাত মনীষীসকল, সাহিত্যিকসকল কেনেকুৱা পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈ নিজকে সমাজৰ উচ্চাসনত অধিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল তাক অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত৷ অন্যথাই ‘উচ্চাকাংক্ষী’ পিতৃ-মাতৃৰ দুৰাকাংক্ষাৰ বানত উটি-ভাঁহি যাব সন্তানৰ ল’ৰালি, কৈশোৰ আৰু সোণালী ভৱিষ্যত৷

(বিঃদ্ৰঃ- লেখাটো প্ৰস্তুত কৰোঁতে বিভিন্ন গ্ৰন্থৰ সহায় লোৱা হৈছে৷)

নাৰীশক্তিৰ প্ৰতিনিধি ফজিয়া কুফি – অভিজিত দত্ত

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক