শিশুৰ সুৰক্ষা সম্পর্কীয় দুটামান কথা (ভাস্কৰ জ্যোতি শইকীয়া)

ৰাষ্ট্ৰ সংঘৰ শিশুৰ অধিকাৰ সম্পর্কীয় প্ৰতিনিধি সভাই (UNCRC) ১৮ বছৰৰ তলৰ সকলো ল’ৰা-ছোৱালীকে শিশু বুলি কৈছে আৰু এই সংজ্ঞা ভাৰতকে ধৰি পৃথিৱীৰ প্ৰায় সকলো ৰাষ্ট্ৰই গ্ৰহণ কৰিছে ৷ তাৰোপৰি ৰাষ্ট্ৰসংঘই নির্দ্ধাৰণ কৰা শিশুৰ অধিকাৰ সমূহ সকলো ৰাষ্ট্ৰই গ্ৰহণ কৰিছে ৷ ভাৰতীয় সংবিধানেও শিশু সকলক কিছুমান অধিকাৰ প্ৰদান কৰিছে ৷ কিন্তু শিশুসকলৰ কথা বাদেই অভিভাৱকসকলেও নাজানে যে তেওঁলোকৰ সন্তানৰ বাবে আইনে প্ৰদান কৰা কিছুমান অধিকাৰ আছে ৷

শিশুসকল তেওঁলোকৰ এই অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ অহাৰ বাবে নানা কাৰণৰ ভিতৰত এটা হ’ল ৰাইজৰ মাজত সচেতনতাৰ অভাৱ৷ উদাহৰণস্বৰূপে, ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীক কোনোধৰণৰ কষ্টকৰ তথা বিপদজনক কামত ধন ঘটিবৰ বাবে ব্যৱহাৰ কৰাটো আইন মতে দোষণীয় বুলি জানিও শিক্ষিতলোকৰ ঘৰতে বনকৰা ল’ৰা-ছোৱালী ৰখা হয় আৰু তেনে বহুত ল’ৰা-ছোৱালীৰ ওপৰত গৃহস্থই শাৰিৰীক তথা মানসিক অত্যাচাৰ কৰা দেখা যায় ৷ এই ক্ষেত্ৰত দেখা যায় যে বনকৰা ল’ৰা বা ছোৱালীজনীৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতহে কেতিয়াবা ওচৰ-চুবুৰীয়াই বা স্থানীয় কোনো অনুষ্ঠানে গৃহস্থৰ বিৰুদ্ধে মাত মাতে বা আৰক্ষীক খবৰ দিয়ে৷ কিন্তু গৃহস্থৰ ঘৰত বনকৰা ল’ৰা-ছোৱালীৰ ওপৰত অত্যাচাৰ হওকেই বা নহওকেই, চুবুৰীয়া কাৰোবাৰ ঘৰত ১৪ বছৰৰ তলৰ বনকৰা ল’ৰা-ছোৱালী দেখিলেই তেনে চুবুৰীয়াক সকলোৱে মিলি সেইয়া যে আইন বিৰুদ্ধ কাম সেইয়া ক’ব পাৰে ৷ কিন্তু তেনে কৰাৰ কথা আমাৰ মানুহে নাভাৱে কিয়নো ওচৰ-চুবুৰীয়াৰ লগত সম্পৰ্ক বেয়া হোৱাৰ ভয়ত তথা ‘লোকৰ ঘৰৰ কথাত মাত মাতিবলৈ আমাৰ কি দৰকাৰ পৰিছে’ এনেধৰণৰ আওকণীয়া মনোভাৱ ৷ এনেধৰণৰ কামত স্থানীয় সংগঠন, বিশেষকৈ মহিলা সমিতি, যুৱ সংঘ, আত্ম সহায়ক গোট আদিয়ে আগ-ভাগ ল’ব পাৰে ৷ মহানগৰীত ‘ফ্লেট’ত বাসকৰা সকলৰ যিহেতু এখন ‘কমিটি’ থাকে, গতিকে তেনে কমিটিয়ে নিজৰ ফ্লেটৰ আবাসীসকলৰ কাৰণে যি নীতি-নিয়ম ধাৰ্য্য কৰে তাতো এনেধৰণৰ নিয়ম কৰিব পাৰে যে তেওঁলোকৰ ফ্লেটৰ কোনো আৱাসীৰ ঘৰতে শিশু শ্ৰমিক ৰাখিব নোৱাৰিব ৷ এনেধৰণৰ সামান্য সচেতনতাই বহুতো শিশুক তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিব ৷ নিতৌ হোটেল-ৰেষ্টুৰাঁ, দোকান, গেৰেজ, ইটাভাটা, চাহ বাগান, চিটীবাছ বা অন্যান্য নানা বিপদজনক কামত শিশুসকলক কাম কৰি থকা দেখা যায় আৰু এইবোৰ বন্ধ কৰিবলৈ হ’লে প্ৰশাসন কঠোৰ হ’বই লাগিব ৷ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ প্ৰশাসনক সংবাদ মাধ্যম তথা ৰাইজে হেঁচা প্ৰয়োগ কৰিব লাগে ৷
আমাৰ ৰাজ্যত শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ ঘটনাও ক্ৰমান্বয়ে বাঢ়ি অহা দেখা গৈছে ৷ সাধাৰণতে ধর্ষণকহে যৌন নির্যাতন বুলি বহুতে ভাৱে যদিও ধর্ষণৰ উপৰিও শিশুক যৌনগন্ধী কিতাপ বা ছবি দেখুওৱা, যৌন অভিপ্ৰায়েৰে শিশুৰ দেহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্পর্শ কৰা, শিশুক যৌনাংগ দেখুওৱা, শিশুৰ সন্মুখত যৌন সম্পৰ্কীয় কথা পাতা, যৌন সম্পৰ্ক কৰি দেখুওৱা বা অশ্লীল কথাৰে শিশুক গালি পৰা, দুটা বা অধিক শিশুক যৌন কার্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱা আদিকো যৌন নির্যাতন বুলিয়ে ধৰা হয় ৷ ৯০ শতাংশ শিশু যৌন নির্যাতনৰ ঘটনাতে দেখা যায় যে নির্যাতনকাৰীজন শিশুটিৰ পৰিচিত আৰু বিশ্বাসী ব্যক্তি হয় আৰু শিশুটিতকৈ সদায় শক্তিশালী হয় ৷ যাৰ বাবে শিশুটিয়ে নির্যাতনকাৰীজনক বাধা দিব নোৱাৰে আৰু তাতে যদি নির্যাতনকাৰীজন পৰিয়ালৰ খুব ঘনিষ্ঠ হয়, তেনেহ’লে শিশুটিয়ে কথাটো কাকো ক’বও নোৱাৰা হয় ৷ শৈশৱতে হোৱা যৌন নির্যাতনৰ বাবে ল’ৰা বা ছোৱালী এগৰাকী শাৰিৰীক আৰু মানসিক দুই ধৰণে বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ৷ এনে শিশু প্ৰায়ে ভয়, হতাশা, উৎকণ্ঠাত ভোগা দেখা যায় আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ ভৱিষ্যত জীৱনতো পৰে ৷ তাৰোপৰি বহু শিশুৱেই প্ৰথমে বাধ্যত পৰি যৌন কার্য্যত লিপ্ত হয় যদিও পিছলৈ শিশুটো যৌন সম্পর্কৰ বাবে আগ্ৰহী হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি পায়৷
অভিভাৱক সকলে নিজৰ সন্তানটোৰ আচৰণত কিবা পৰিৱর্তন আহিছে নেকি সেইয়া মন কৰাতো অতি প্ৰয়োজনীয় আৰু যদি কিবা পৰিৱর্তন লক্ষ্য কৰে তেন্তে তাৰ কাৰণ জনাৰ চেষ্টা কৰিব লাগে কেতিয়াবা এনে হোৱাও দেখা যায় যে সন্তানে কিবা অসুবিধাৰ কথা ক’লেও অভিভাৱকে গুৰুত্ব নিদিয়ে বা বিশ্বাস নকৰে ৷ ইয়াৰ ফলত শিশুটি নিৰাপত্তাহীনতা আৰু হতাশাত ভুগিব ধৰে ৷
শিশু এটি নির্যাতনৰ সন্মুখীন হোৱাৰ পিছত দুখ বা প্ৰতিবাদ কৰাতকৈয়ো চেষ্টা কৰা উচিত যে শিশু এটি যাতে অমানৱীয় আচৰণৰ সন্মুখীন হ’বলগীয়াই নহয় ৷ তাৰবাবে সকলোৰে সহযোগিতা আৰু সজাগতাৰ প্ৰয়োজন ৷
(১ মার্চ ২০১৩ ‘সাদিন’ত ‘শিশুৰ অধিকাৰ আৰু কিছুমান আনুষংগিক কথা’ শিৰোনামাৰে বিস্তৃত ভাৱে প্ৰকাশিত আমাৰ লিখনিটোকে চুটি কৰি অকবৰ মজিয়াত দিলোঁ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments