শিশু-কবিতা: বৈ যায় ব্ৰহ্মপুত্ৰ জয়ন্ত আকাশ বৰ্মন

 

লুইত ককা লুইত ককা

নীৰৱধি বৈ থাকা!

বৈ বৈ কেনি যোৱা?

গৈ গৈ কিনো পোৱা?

ক’ত তোমাৰ ঘৰ?

ক’লৈ মাৰা লৰ?

কেতিয়াবা ধীৰ,
কেতিয়াবা ইমান যে খৰ!

ৰৈ যোৱা ৰৈ যোৱা,

মোক এবাৰ কৈ যোৱা৷

বাটত কাক লগ পোৱা,
কাৰ স’তে গান গোৱা৷

কথা পাতোঁ‌ আহা সোণ,

কৈ যাওঁ‌ মই কোন৷

ৰ’ব যে নোৱাৰোঁ‌ মই,

গতিয়েই মোৰ পৰিচয়৷

হিমালয় পাৰ হৈ উত্তৰে যাবা,

দালাই লামাৰ ভূমি তিব্বত পাবা৷
বুৰাং তাৰেই ধুনীয়া দেশ,

তাতেই আছে আংশি হিমবাহ৷

সেয়াই মোৰ ওপজা ঠাই,

কোনো দিনেই পাচে ৰোৱা নাই৷

মানস সৰোবৰ চেমায়ুং ডং,

চুবুৰীয়া মোৰ কৰোঁ ৰং৷

মোৰ যে কিমান নাম,

বৈ থকাই মোৰ কাম৷

তিব্বতৰ মানুহে মৰমতে,

মোক য়াৰ্লুং চাংপো বুলি মাতে৷

তিব্বতৰ মাজেৰে বৈ যাওঁ‌,

অৰুণাচল গৈ পাওঁ‌৷

ভাল লাগি যায় লগ পাই,

পশ্চিমলৈ যাওঁ‌ দিশ সলাই৷

ইয়াতেই মই ছিয়াং নৈ,

খেনোৱে কয় দিবাং নৈ৷

শদিয়াৰে অসমলৈ যাওঁ‌,

বুৰ্লুং বুথুং নাম পাওঁ‌!

লোহিত দিবাং চঞ্চল নৈ,

দুই ভাইক বুকুত সামৰি লৈ৷

অসমৰ বুকুৱেদি যাওঁ‌ বৈ,

ময়েই এয়া ব্ৰহ্মপুত্ৰ নৈ৷

দিহিং দিখৌ কপিলী,

দিচাং কামেং ভৰলী৷

কলং কৃষ্ণাই বেঁ‌কী নৈ,

জাঁ‌জী মইনাজান ভোগদৈ

বৈ যাওঁ‌ সকলো একত্ৰ হৈ,
মই অসমৰ ব্ৰহ্মপুত্ৰ নৈ৷

তোমালোকৰ বুঢ়া লুইত মই,

অবিৰাম থাকোঁ‌ বৈ বৈ বৈ!

বৃহত্তম নদীদ্বীপ মাজুলী

লৈছোঁ দুহাতত তুলি-তালি৷

উমানন্দতকৈ সৰু নদীদ্বীপ নাই,

তাকো বুকুৰ মাজতেই দিছোঁ‌ ঠাই৷

মোৰ বুকুতেই লাচিতে ল’লে পণ,

ষোল শ এসত্তৰ চনৰ শৰাইঘাটৰ ৰণ৷

অসম এৰি মোগল পলায়,

অসম সেনানিৰ হৈছিল জয়৷

বৈ বৈ বৈ মই বাংলাদেশ পাওঁ‌,

তিস্তাৰ স’তে যমুনা নামেৰে সাগৰলে’ যাওঁ‌!

সাগৰৰ বাটত মই পদ্মা গংগা যমুনা,

বংগোপ সাগৰত মিলি যাওঁ‌ হৈ মেঘনা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক