শিশু দিৱসৰ অনুভৱ (বন্দিতা গগৈ বৰা)

“শিশু দিৱস“ সমাগত: মোৰ এই লেখাটো মই জীৱনত লগ পোৱা বা নোপোৱা প্ৰতিটো শিশুৰ নামত উৎসৰ্গিত৷ আজিৰ শিশু সকল আমাৰ সমাজৰ ভৱিষ্যত! শিশু সকলৰ প্ৰতি আমাৰ বহুতো কৰণীয় আছে! জীৱনত নানা বয়সৰ শিশুৰ সৈতে হোৱা কেইটিমান অভিজ্ঞতা আজিৰ এই লেখাত ….
## সুখ দুখ ##
(1)
সাধাৰণতে অষ্টম শ্ৰেণীত মোৰ কোনো ক্লাছ নাথাকে৷ আজি সিহঁতৰ বিজ্ঞানৰ শিক্ষকজন অনুপস্থিত বাবে মই ক্লাছটো লবলৈ আহিছোঁ৷ এই শ্ৰেণীটোৰ লৰাকেইটাৰব বিষয়ে কমনৰুমত সদায়ে বিৰূপ মন্তব্য শুনি থাকোঁ৷ ইহঁত হেনো বৰ দুষ্ট আৰু শ্ৰেণীকোঠাটো বৰ অপৰিষ্কাৰ কৰি ৰাখে৷ কিন্তুু শ্ৰেণীটোত সোমাই মই এটা বেলেগ পৰিবেশ দেখিলো৷ শ্ৰেণীটো বৰ পৰিপাটী হৈ আছে আৰু ল’ৰাকেইটাও বৰ শান্ত হৈ বহি আছে৷ মনটো ভাল লাগিল৷ সুন্দৰকৈ পাঠ এটা পঢ়ালো৷ বেল পৰাৰ পাছত সিহঁতক শ্ৰেণী কোঠা পৰিষ্কাৰকৈ ৰখাৰ বাবে ধন্যবাদ দিলোঁ৷ আনন্দত গোটেই কেইটাৰ মুখকেইখন জিলিকি উঠিল, ““ বাইদেউ কাইলৈ আকৌ আহিব দেই আমাক পঢ়াবলৈ! ““ এটাই কৈয়ে উঠিল৷ উৎসাহজনক মন্তব্যই সিহঁতক উৎসাহিত কৰাত মনটো ভাল লাগিল!
~~~~~~~~~~~~~~~~~~~~~
(2)
লৰাটো যেতিয়া মই প্ৰথম মোৰ শ্ৰেণীত পাইছিলো, মৰম লগা আছিল৷ সি অষ্টম শ্ৰেণী লৈকে বেলেগ এখন স্কুলত পঢ়ি আহি নবম শ্ৰেণীত মই কৰ্মৰত স্কুলত নাম লগাইছে৷ প্ৰথম আহোঁতে নতুন স্কুলৰ সাজযোৰেৰে পৰিপাটীকৈ আচুৰি অহা চুলি কেইডালেৰে বৰ মৰম লাগিছিল তাক৷ পঢ়াৰ প্ৰতিয়ো তাৰ আগ্ৰহ দেখি মোৰ শ্ৰেণী শিক্ষক হিচাবে তাৰ প্ৰতি বেলেগ এটা মৰম গঢ়ি উঠিছিল৷ সাধাৰণতে অতি দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীয়ে ভৰি থকা স্কুল খনলৈ ছাত্ৰ ছাত্ৰী সকল প্ৰায়ে লেতেৰা পেতেৰাকৈ আহে৷ বেছি ভাগৰে উৱলি যোৱা কাপোৰ কাণি, ধুবলৈয়ো ঘৰত চাবোন চাৰ্ফৰো অভাৱ৷ কিন্তুু এই লৰাটোক অলপ ব্যতিক্ৰম পাইছিলো৷ অ.’ তাৰ নাম অভিষেক, মৰমতে আমি সকলোৱে তাক অভি বুলি মাতিবলৈ লৈছিলো৷
দিনবোৰ পাৰ হৈছিল, আমাৰ শিক্ষক সকলৰ দিনবোৰ পাঠ আৰু পৰীক্ষাৰ সমীক্ষাৰে জুখিব পাৰি৷ অভিহতৰো নবম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বাবে সাজু হোৱাৰ দিন সমাগত হৈছিলহি৷ অভি প্ৰতিদিন স্কুল আহিছিল আৰু তাৰ পঢ়শুনাৰ প্ৰতি বৰ ধাউতি আছিল৷ তাকলৈ আমাৰ সকলো শিক্ষকৰে বহুত আশা গঢ়ি উঠিছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাৰ পৰা যে এটা খুউব ভাল ৰিজাল্ট আশা কৰিব পাৰি তাক ভাবি মনবোৰ আনন্দিত হৈছিল৷
ছমহীয়া পৰীক্ষা শেষ হৈছিল, তাৰ পাছতে গৰমবন্ধ আৰু গৰমবন্ধ খুলিয়ে পৰীক্ষাৰ ৰিজাল্ট৷ ভবামতেই অভি দুয়োটা শাখাৰ ভিতৰতে প্ৰথম হৈছে৷ কিন্তুু স্কুল খোলাৰ পাঁচদিনলৈকে সি স্কুল নাহিল৷ স্কুলত নাম লগোৱাৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সি স্কুল খতি কৰিছে, মনটো ভাল নালাগিল৷ তাৰ ঘৰৰ ওচৰৰ দুই এটাক সুধিলত তাক ঘৰতে দেখা বুলি কলে৷ যি কি নহওক ছদিন পাছত সি স্কুল আহিল৷ পিছে তাৰ চেহেৰাটো দেখি মনলৈ নানা চিন্তা আহিল৷ সোতমোচ চাৰ্ট পেণ্ট আৰু অবিনস্ত চুলি, বহুত দিন নোশোৱাকৈ থকাৰ দৰে এযুৰি চকুৰে এই অভি আৰু সেই অভিৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ সেইদিনা তাক একো নুসুধি, মাৰ্কচিট খন দি তাৰ মুখলৈ চালোঁ! পৰীক্ষাত প্ৰথম হৈ তাৰ মুখত যি আনন্দ ফুটি উঠিব লাগিছিল নেদেখি মনটো সেমেকিল৷ সেইদিনা তাক বিশেষ একো নকৈ নিজৰ কামত মনোনিৱেশ কৰিলোঁ৷
পিছদিনাও অভিৰ কথা কাণ্ড ভাল নালাগিল৷ পঢ়াত সমুলি মন নিদি কিবা ভাবি চিন্তি বহি থাকিল৷ বাকী শিক্ষক সকলেও লৰাটোৰ এই পৰিবৰ্তনৰ কথা আলোচনা কৰিলে৷ সেইদিনাই টিফিনৰ সময়ত তাক একাশৰীয়াকৈ মাতি কি হৈছে সুধিলোঁ৷ প্ৰথমে সি একো হোৱা নাই আদি কৈ ফাঁকি মাৰি মোৰ পৰা পলাবলৈ বিচাৰিছিল৷ কিন্তুু অলপ টানকৈ, ““কি হৈছে কবই লাগিব৷ ““ কোৱাত সি আৰু নোকোৱাকৈ নোৱাৰিলে৷
অভিৰ দেউতাকে আগতে ঘৰে ঘৰে সৰু সুৰা কাপোৰ, তেল, ক্ৰীম আদি বিক্ৰী কৰি আৰু মাকে ব্লাউজ, মেখেলা চাদৰ আদি চিলাই কৰি সিহঁতৰ পৰিয়ালটো চলাই আছিল৷ ঘৰত সি আৰু মাক দেউতাক, তিনিটা প্ৰাণী, তাৰ বায়েক তিনি জনীৰ ইতিমধ্যে নিজৰ পচন্দৰ লৰাৰ লগত বিয়া হৈ গৈছে৷ অভাৱৰ ঘৰ যদিও ঘৰ খনত শান্তি আছিল৷ আজি দুমাহ মান আগতে তাৰ দেউতাকক লগৰ এজনে ডিমাপুৰত কিবা কাম কৰিবলৈ লগ ধৰিলে৷ উপাৰ্জন ভাল হোৱাৰ আশাত দেউতাক ডিমাপূৰ গল৷ উপাৰ্জন কি কৰিলে নাজানে কিন্তুু দেউতাকে মদ আৰু জুৱাৰ নিচাত এনেকৈ ডুবিলে যে ঘৰৰ সকলো শান্তি কৰবালৈ গল৷ পঢ়াৰ পৰিবেশ নাইকিয়া হল৷ নিশা নিশা মদ খাই আহি মাকক মাৰপিট কৰাৰ দৃশ্যই তাৰ দৰে কিশোৰ এটাক কিমান মানসিক আঘাত সানিব পাৰে সেয়া আৰু বুজিবলৈ বাকী নাথাকিল৷ তাক কিবা কৈ সান্তনা দিয়াৰ ভাষা নথকাত তাৰ মূৰত হাত খন থৈ শ্ৰেণীলৈ যাবলৈ কলো!
মনটো কিন্তুু অশান্তিত থাকিল৷ কিবা এটা কৰিব লাগিব, এই ভাবটোৱে দোলা দি ৰল৷ বাকী সকলৰ লগত পৰামৰ্শ কৰি তাৰ দেউতাকক বিদ্যালয়লৈ মাতি পঠালো৷ এদিন দুদিনকৈ এসপ্তাহ পাৰ হল, মানুহজন নাহিল৷ আৰু যে নাহিব বুজিলো! ইফালে অভিৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি গৈ থাকিল, মাজে মাজে স্কুল অহা বাদ দিলে৷ শেষত আমি কেইজনমানে তাৰ ঘৰলৈ যোৱাটোকে ঠিক কৰিলোঁ৷ তাৰ ঘৰ যিটো বস্তিত তাৰ ওচৰতে স্কুলৰ চকীদাৰ জনৰ ঘৰ বাবে তাৰ ঘৰটো বিচাৰি উলিওৱাত অসুবিধা নহ’ল৷ লগৰ আৰু দুজন, চকীদাৰ অনন্ত আৰু মই গৈ যেতিয়া অভিৰ ঘৰ পালোগৈ তেতিয়া অভিৰ দেউতাক ঘৰতে আছিল৷ ঘৰ মানে ঠেপাঠেপিকৈ থকা এলানি ভাৰাঘৰৰ ভিতৰতে এটা সৰু ঘৰত সিহঁত থাকে৷ যিমান পাৰি সৰল ভাষাত, যিমান পাৰি কোমলকৈ আৰ বিনয়েৰে তেখেতৰ লগত অভিৰ পঢ়া শুনা সম্পৰ্কীয় সুবিধা অসুবিধাৰ কথা আলোচনা কৰিলোঁ৷ আৰু মানুহ জনৰ সন্মানত আঘাত যাতে নালাগে তেনেকৈ তেখেতক মদ খাই ঘৰত অশান্তি নকৰিবলৈ অনুৰোধ কৰা হল৷ মানুহ জনৰ লগত কথা পাতি বুজিলো, মানুহ জন ভদ্ৰ আৰু আমাৰ কথাত তেখেতে বেয়া পোৱা নাই৷ বৰঞ্চ পুতেকৰ কথা ইমান চিন্তা কৰা বাবে আমাক হাতযোৰ কৰি ধন্যবাদ দিলে৷ যাহক মনত অলপ আনন্দ লৈয়ে উভতি আহিলো৷
কেইটামান দিন পাৰ হল৷ ক্লাছত অভিক লক্ষ্য কৰি থাকিলো, বিশেষ পৰিবৰ্তন নেদেখি হতাশ হ’লো৷ আজি হঠাৎ ক্লাছত সোমাই প্ৰথম বেঞ্চত অভিক আকৌ আগৰ দৰে পৰিপাটী সাজত দেখা পাই কিয় জানো মনটো ভাল লাগিল৷ ক্লাছৰ শেষত মই কিবা সুধাৰ আগতেই সি আগুৱাই আহি মোক যিখিনি কথা কলে সেইয়া হল _““দেউতাই ছাৰ বাইদেৱে মোক ইমান ভালপোৱা আৰু মোৰ কথা ইমান চিন্তা কৰা দেখি বৰ সুখী হৈছে আৰু দেউতাৰ পৰা পোৱা অসুবিধাবোৰ আৰু হবলৈ নিদিয়ে কৈছে৷ দেউতাই আগৰ দৰেই কষ্ট কৰি ফেৰীৱালাৰ কামটো কৰি ঘৰ চলাই নিব আৰু ডিমাপুৰত গৈ কাম কৰাটো বাদ দিব বুলি মা আৰু মোক কথাও দিলে৷ ““ অভিৰ চকুত আনন্দৰ দুটোপাল চকুপানীয়ে টলবলাই উঠিল, মোৰ চকুতো সেই একে আনন্দৰ ঢল! !
*******=*********************
(3)
**** বিথীকা **
ষষ্ঠ শ্ৰেণীত যেতিয়া বিথীকাই আমাৰ স্কুলত নাম লগাইছিল, তাইৰ হাঁহি থকা মৰম লগা গোল মুখখনে, দীঘল পৰিপাটী বেণী দুডালে আমাৰ সকলোৰে মন হৰি নিছিল৷ অতি সোণকালে বিথীকাই সকলো শিক্ষক শিক্ষয়িত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তাই অকল দেখাতে ধুনীয়া নাছিল, পঢ়াত ভাল হোৱাৰ উপৰিও সুন্দৰ আৰ্ট কৰা, কবিতা আবৃত্তি কৰা আদি বহুতো গুণো আছিল৷ তাই সদায়ে মাকৰ লগত স্কুল আহে৷ আমাৰ স্কুলখন বজাৰৰ ব্যস্ত এলেকাত অৱস্থিত বাবে সৰুবোৰক মাক দেউতাকে স্কুলত থৈ যায়৷ বিথীকাৰ মাক গৰাকীও বৰ সুন্দৰী আৰু অমায়িক মহিলা৷ যতে দেখে সুন্দৰকৈ হাঁহি মাৰি মাত এষাৰ দিয়ে৷
সেই বছৰে দুৰ্গা পূজাৰ আগে আগে সেই দুখ লগা খবৰটো আমাৰ কাণত পৰিলহি৷ তিনিদিন মানৰ জ্বৰ মূৰৰ বিষতে বিথীকাৰ মৰম লগা মাকজনী ঢুকাই থাকিল৷ খবৰটো শুনি আমাৰ সকলোৰে চকু সেমেকিছিল৷ বিথীকাৰ মুখখন মনত পেলাই আমি বহুত দিন চকুলো টুকিছিলো৷ এৰা ইয়াৰ পাছত সকলোৱে বুজিছেই চাগৈ বিথীকাজনীৰ কেনে অৱস্থা হব! ! তাই যেতিয়া স্কুল আহিল, সেই আগৰ ৰাংঢালী ছোৱালীজনীৰ ঠাইত এজনী মন মৰহি থকা ছোৱালী হৈ৷ মাকৰ আদৰ যত্নত ডাঙৰ হোৱা ছোৱালীজনীৰ বিধ্বস্ত ৰূপটো দেখিলে আপোনালোকৰো চকুলো ওলাব৷ তাইৰ পৰিপাটী বেণীদুদাল আৰু দেখা নগল৷ প্ৰায়েই স্কুলত অনুপস্থিত থাকে তাই আৰু যিদিনা আহে আউল বাউল চুলিৰে অপৰিপাটী হৈ৷ মুখৰ হাঁহি কেতিয়াবাই হেৰাল৷
এনেকৈয়ে মনমৰা জনী হৈ তাই সপ্তম শ্ৰেণী পালেহি! সপ্তম শ্ৰেণীত মোৰ এটা ক্লাছ পৰাত বিথীকাৰ লগত সদায়ে দেখা হয়৷ তাইক দেখিলে বুকুৰ কোনোবা খিনি বিষায়৷ আগতে পঢ়াৰ প্ৰতি সীমাহীন আগ্ৰহ থকা ছোৱালীজনী এতিয়া এটা মূৰ্ত্তিৰ দৰে ক্লাছত বহি থাকে৷ খিৰিকীৰে বাহিৰলৈ চাই কি জানো ভাবি থাকে৷ টানকৈ একো কোৱাৰ কথা বাদেই অলপ পঢ়া শুনাত মন দিবলৈ কলেই তাই উচুপি উঠে৷ স্কুল অহা বাদ দিয়ে দুদিন মান৷ তাইক একো কবলৈ বাদ দিলোঁ৷ কিন্তুু তাই যেতিয়াই স্কুল আহে এবাৰ হলেও তাইৰ মূৰত আলফুলে হাত খন বুলাই দিয়া কৰিলোঁ আৰু সদায়ে কৰিবলৈ ঠিক কৰিলোঁ, মানে যিমান দিন তাই এই স্কুলত থাকিব৷ এনে কৰি মাতৃহাৰা ছোৱালীজনীক অলপ মৰমৰ আভাস দিও, তাই কি অনুভৱ কৰে নাজানো মোৰ ভাল লাগে৷ বিথীকাক অলপ মৰম দি, তাইৰ প্ৰতি অলপ চিন্তা কৰি তাইৰ সেই উদাস দৃষ্টিটোৰে বিচাৰি ফুৰা মাকৰ মুখখন মই মচিব নোৱাৰোঁ জানো কিন্তুু অলপ মৰম দি মই শান্তি পাওঁ নিজৰ ওচৰত! !
*******

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments