শিশু দিৱস, শিশুৰ অধিকাৰ আৰু আমাৰ সমাজ – অঞ্জল বৰা।

শিশুৰ অধিকাৰ, সুৰক্ষা আৰু শিক্ষা এই তিনিটা মূল উদ্দেশ্যৰে প্ৰতি বছৰে ২০ নবেম্বৰ দিনটো ‘বিশ্ব শিশু দিৱস’ আৰু ভাৰতত ১৪ নবেম্বৰ দিনটো ‘শিশু দিৱস’ হিচাপে পালন কৰি আহিছে৷ শিশুসকলক এটা নিৰাপদ পৰিৱেশত বাঢ়িবলৈ দি উপযুক্ত শিক্ষাৰে দেশৰ প্ৰগতি আৰু উন্নতিৰ বাবে প্ৰস্তুত কৰি তোলাৰ সমান্তৰালভাৱে ভৱিষ্যতৰ এজন দায়িত্বসম্পন্ন সু-নাগৰিক হিচাপে গঢ়ি তোলাই হৈছে শিশু দিৱসৰ মূল কথা৷ কিন্তু এইখিনিতে প্ৰশ্ন হয়, প্ৰতি বছৰে উদ্‌যাপন কৰা এই দিৱসে প্ৰকৃততে তাৰ উদ্দেশ্যত আগুৱাব পাৰিছেনে? পাৰিছেনে প্ৰকৃততে অধিকাৰ, সুৰক্ষা আৰু শিক্ষাৰ প্ৰয়োজন থকা শিশুসকলক এই দিৱসে সামৰি ল’ব? শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানবোৰত আমাৰ সমাজৰ অৱহেলিত শিশুসকলে অংশ গ্ৰহণৰ সুবিধা পাইছেনে? তেন্তে কাৰ বাবে শিশু দিৱস? আমি চাৰিওফালে চকু ফুৰালেই দেখিম যে আজি লাখ লাখ বঞ্চিত আৰু অৱহেলিত শিশুৱে শিশু শ্ৰমিক হিচাপে হাড়ভঙা পৰিশ্ৰম কৰি একোখন ঘৰ, এটা পৰিয়াল চলাই আছে৷ আজি চাৰিওফালে মন কৰিলে দেখা পোৱা যায় যে অনেক শিশুৱে হাতত একোটা বস্তা লৈ ৰাস্তাৰ কাষৰ প্লাষ্টিক, টিং, গ্লাছ আদিৰ টেমা, বটল বুটলি ফুৰিছে৷ বিভিন্ন ফেক্টৰীত বিপজ্জনক কামত নিজকে নিয়োজিত কৰিছে৷ আপোনাৰ-মোৰ জোতা চাফা কৰিছে৷ চিটী বাছ-ট্ৰেকাৰৰ হেণ্ডিমেনৰ কাম কৰিছে৷ হোটেলত বাচন ধুইছে বা টেবুল চাফা কৰিছে নাইবা কোনোবা মাংসৰ দোকানত মাংস কাটিছে৷ পৰিতাপৰ কথা যে আমাৰ সভ্য সমাজত বাস কৰা শিক্ষিত লোকসকলেও বহু ক্ষেত্ৰত শিশুসকলৰ জৰিয়তেই কাম কৰাই আনন্দ পায়৷ নিজৰ আলসুৱা কণমানি শিশুটোক প্ৰতিপালন কৰিবলৈ, বিদ্যালয়ৰ পৰা অনা-নিয়া কৰিবলৈ, ঘৰৰ যাৱতীয় কামবোৰত সহায় কৰিবলৈ নিজৰ সন্তানৰ বয়সীয়া শিশুসকলকে ব্যৱহাৰ কৰে৷ ইয়াৰ মূলতে হৈছে কামৰ বিনিময়ৰ কোনো মজুৰি নিদি খাবৰ বাবে কেইটামান ভাত, পিন্ধিবৰ বাবে সন্তানে ব্যৱহাৰ কৰা পুৰণি এটা চোলা আৰু থাকিবলৈ এখন সুৰক্ষিত চালি দিয়েই সন্তুষ্টি লাভ কৰিব পাৰি৷ ভাবিলে আচৰিত লাগে যে মাতৃত্বৰ মৰমেৰে নিজৰ সন্তানক আঁকোৱালি লোৱা একোগৰাকী মহিলায়েও এনে শিশুসকলক বহু ক্ষেত্ৰতে দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলায়৷ ফলত খাদ্য, মৰম, স্বাধীনতা আৰু শিক্ষাৰ পৰা বঞ্চিত আৰু অৱহেলিত এই শিশুসকলেই পলাই আহি এদিন আশ্ৰয় লয় বিভিন্ন অসামাজিক কামত, ভিক্ষা বৃত্তিত নাইবা কোনো ফেক্টৰীৰ শিশু শ্ৰমিক হিচাপে৷

শিশু শ্ৰমিকৰ বিপক্ষে টেলিভিছনৰ পৰ্দাত জিলিকি উঠে ‘He is just a child. Do not burden him.’ কিন্তু ভাৰতৰ প্ৰায় ২০ নিযুত শিশুৱেই পিঠিত কিতাপৰ গধুৰ বোজা কঢ়িওৱাতকৈ মূৰৰ ওপৰত তুলি লয় ইটা, বালি, শিলৰ গধুৰ টুকুৰা, পিঠিত কঢ়িয়াই থাকে তাৰ বয়সতকৈয়ো বেছি ওজনৰ বোজা, নাইবা দিনভৰ সোমাই থাকে বিড়ি, ফটকা, গ্লাছ, জুইশলা আদি বিপজ্জনক বস্তু তৈয়াৰ কৰা ফেক্টৰীত, নিজৰ সকলো সপোন-কল্পনা প্ৰয়োগ কৰে কোনো কাৰ্পেট তৈয়াৰ কৰা কাৰখানাত, গধুৰ হাতুৰীৰে পিটি পিটি গঢ়ি তোলে গাড়ীৰ ইঞ্জিন, মচি মচি পৰিষ্কাৰ কৰে আপুনি-মই খোৱা টেবুলৰ টেবুল-গিলাছ ইত্যাদি৷ বৰ্তমান সময়ত শিশু উত্পীড়ন (Child Abused) শিশুসকলৰ অধিকাৰ খৰ্ব কৰাৰ আন এক ব্যাধি৷ বিশেষকৈ শিশুসকল শাৰীৰিক, মানসিক, যৌন উত্পীড়ন, অৱহেলা, শোষণ আদিৰ সন্মুখীন হ’ব লগা হয়৷
কল্পনাৰ ৰঙীন দলিচাত বহি সপোন দেখা শিশুসকলৰ মনবোৰত অনেক সৃষ্টিশীল গুণ ভৰি থাকে৷ কাগজৰ নাও সাজি, আকাশত চিলা উৰুৱাই, বালিৰ ঘৰ সাজি গঢ়ি তোলে মনৰ কল্পনা আৰু সপোনবোৰ৷ সেইবাবেই আনৰ ঘৰত কাম কৰোঁতে মালিকৰ ল’ৰা-ছোৱালীৰ মুখত শুনি শুনিয়েই মাতিব পৰা হয় কোনো কবিতাৰ পংক্তি, দূৰদৰ্শনৰ পৰ্দাত চাই চাই গুৰুৰ অবিহনেই নাচিব পাৰে কোনো নৃত্য, শুনি শুনি গাই দিব পাৰে গীতৰ কলি৷ কিন্তু এই সকলো ক্ষন্তেকীয়া সুখৰ দৰে আহে আৰু যায়৷ ক্ৰমে ক্ৰমে পাহৰি যায় সপোন দেখিবলৈ, বালিৰে কল্পনাৰ ৰঙীণ কাৰেংঘৰ সাজিবলৈ৷ একোখন ঘৰ চলাবলৈ অভাৱগ্ৰস্ত অশিক্ষিত মাক-দেউতাকে টকাৰ বিনিময়ত কোনোবা সম্ভান্ত্ৰ ব্যক্তিৰ ঘৰত এক প্ৰকাৰ বিক্ৰী কৰি দিয়ে নিজৰ সন্তানবোৰক৷ ভাবিলে আচৰিত লাগে – যেতিয়া এটি শিশুৱে মঙহৰ দোকানত মনত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নোহোৱাকৈ একে ঘাপে হাঁহ-কুকুৰাৰ ডিঙি কাটি চিৰাচিৰ কৰি দিয়ে, দৌৰ মাৰি চলন্ত ট্ৰেকাৰ, কেণ্টাৰত জাঁপ মাৰি উঠে! ক’ত পায় এই সাহস? প্ৰাপ্তবয়স্ক মানুহৰ দৰে গভীৰ দায়িত্ববোধেৰে এমোকোৰা হাঁহি লৈ পালন কৰে প্ৰতিটো কাম৷
ভাৰত তথা অসমৰ শিশুসকলৰ এনে অৱস্থাৰ মূলতেই হৈছে প্ৰধানতঃ পিতৃ-মাতৃৰ নিৰক্ষৰতা, পৰিয়ালৰ নিম্ন আয়, দৰিদ্ৰতা, পুষ্টিহীনতা, অধিক সন্তানৰ জন্ম দিয়া আৰু সন্তানৰ প্ৰতি অমনোযোগিতা৷ এই ক্ষেত্ৰত চৰকাৰ আৰু স্বেচ্চাসেৱী সংগঠনসমূহৰ উপযুক্ত নীতি আৰু কাৰ্যপন্থাইহে শিশুসকলৰ অধিকাৰ ৰক্ষা কৰিব পাৰিব৷ তাৰ বাবে আমাৰ প্ৰত্যেকৰে কিছু মৰম আৰু সহানুভূতিৰো প্ৰয়োজন নিশ্চয় আছে৷ এখন দেশক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান থকা শিশুসকলৰ বৰ্তমানটোৰ কথা আমি চিন্তা নকৰিলে অদূৰ ভৱিষ্যতে হ’ব লগা যিকোনো সমস্যাৰ কাৰণে আমিয়েই জগৰীয়া হ’ব লাগিব৷ এই ক্ষেত্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু প্ৰয়াত ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিশুৰ প্ৰতি থকা আন্তৰিকতা আৰু শিশুসকলকলৈ দেখা এখন উজ্জ্বল ৰাষ্ট্ৰৰ সম্ভাৱনাত আমিও হাত উজান দিব পাৰিলেহে শিশু দিৱসৰ প্ৰকৃত তাত্পৰ্য ৰক্ষা কৰা হ’ব৷

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments