এমুঠি পদ্য (তপন বৰুৱা)

ন্দ, ণ্ড ধেমালি

বান্দৰ ককা      ফান্দত পৰিল

সান্দহ কৰি চুৰ,

সুন্দৰ বনত           বন্দৰেই নাই

লণ্ডনলৈ দূৰ৷

দণ্ডধৰৰ               মণ্ড কপাল

চন্দ মিলা নাই,

ভণ্ড এটাৰ             গণ্ডগোলত

পণ্ড সকলো হাঁয়৷

চন্দা মাছৰ            কন্দা-কটাত

খন্দা নহ’ল খাল,

খুন্দা তামোল          সোন্দা কলক

নিন্দা নকৰাই ভাল৷

কুণ্ডত কটা            সুন্দৰ ফেঁচা

ধোন্দত হেনো নাই,

গুণ্ডা এটাই            বোন্দাৰ পিনে

পেন্দোৰাকৈ চায়৷

চান্দমামাৰ            কাণ্ড দেখি

আনন্দ আমাৰ,

আন্দামানত           আন্দাজ মতে

ভেণ্ডিত দিয়ে সাৰ৷

মন্দিৰ এটাৰ          পণ্ডিত জনক

বন্দীশালত থৈ,

পাণ্ডা এজনে           চান্দা তুলিলে

জণ্ডিছ বুলি কৈ৷

খণ্ড খণ্ড               লণ্ড ভণ্ড

দ্বন্দ সমাস কি?
দণ্ডিৰামৰ             দাণ্ডিযাত্ৰা

ঠাণ্ডা পানীকে পি৷

 

 

শঠা মিতিৰ

মলুৱা আছিল গছৰ ডালত

চোবাই পকা কল,

শিয়াল বুঢ়াও গৈ পালেগৈ

তেনেতে গছৰ তল৷

শিয়ালক দেখি মলুৱাই বোলে

আছেনে বান্ধৈ ভালে?

বহুদিন চোন দেখা পোৱা নাই

আপোনাক এইফালে৷

শিয়ালে বোলে ভাল কি বুলিম

বুকুৰ বান্ধৈ মোৰ,

আমাৰ দুখৰ প্ৰধান কাৰণ

কেৱল কুকুৰবোৰ৷

চিকাৰ বিচাৰি যাওঁতে সিদিনা

এজাকে আগুৰি ধৰি,

অকলশৰীয়া পাই আমুকাক

পেলালে ঘূণীয়া কৰি৷

এজুমৰ স’তে যুঁজিবলে’ মোৰ

গাতনো কিমান জোৰ?

বখলা বখল কৰিলে সিহঁতে

নিমজ দেহাটি মোৰ৷

দুটামানে মোক ঠেঙত কামুৰি

বগৰাই দিলে খালত,

চালনীতকৈও বেছি ফুটা হ’ল

আমুকাৰ গাৰ ছালত৷

অন্যায় যুঁজত জিকিল সিহঁত

আৰু হ’ল ঘৰমুৱা,

চুঁচৰি বাগৰি ঘৰ পালোগৈ

মই পিছদিনা পুৱা৷

দেহৰ শকতি নাইকীয়া হ’ল

কৰিবলৈ লৰচৰ,

বিষত গোটেই দেহা জৰ্জৰিত

আৰু তমোময় জ্বৰ৷

নেজেডালো মোৰ চিঙিলে সিহঁতে

সেয়ে হ’লো মই খঁৰা,

শত্ৰুৱে হাঁহিব বুলিহে ওলোৱা

নাছিলো গাঁতৰ পৰা৷

এতিয়া আহিলো মাথোঁ আপোনাক

বতৰাটি দিওঁ বুলি,

বিশ্বাস যদিহে নকৰে আপুনি

দেখুৱাওঁ চোলাটি খুলি৷

মলুৱাই বোলে নালাগে বান্ধৈ

দেখিলে লাগিব দুখ,

মনতে ভাবিলে ইয়াতকৈ আৰু

আছে কি পৰম সুখ?

 

কি আৰু কোনে?

ভল্‌ভলীয়া ভকৌ ককাৰ

গল্‌গলীয়া মাত,

সল্‌সলীয়াকৈ ইংৰাজী কয়

যদিও সৰিল দাঁত৷

হল্‌হলীয়া কলীয়া পেহাৰ

চল্‌চলীয়া চকু,

মল্‌মলীয়া পিঠাৰ গোন্ধত

আমিবোৰে সেপ ঢুকো৷

চপ্‌চপীয়া পানী পথাৰত

থপ্‌থপীয়া বোকা,

দপ্‌দপীয়া জুই জুহালত

ককাই খাইছে হোকা৷

ভক্‌ভকীয়া দুপৰৰ ৰ’দ

ধক্‌ধকীয়া ধুতি,

চক্‌চকীয়া দাঁত দুপাৰি

যেন ডালিমৰ গুটি৷

পেৰ্‌পেৰীয়া বাট পথ আজি

ফেৰ্‌ফেৰীয়া বা

ভেৰ্‌ভেৰীয়া বোকা পথাৰত

ভূঁই ৰুবলৈ যা৷

গুপ্‌গুপীয়া গেলা গৰমত

টুপ্‌টুপীয়া ঘামি,

সোপ্‌সোপাই সান্দহ কৰাই

দেখিলেই আহে হামি৷

খৰ্‌খৰীয়া শুকান মাছৰ

চৰ্‌চৰীয়া ভজা,

ফৰ্‌ফৰীয়া শুকান মাটিত

আঁঠু ল’বলৈ মজা৷

খেচ্‌খেচীয়া খেতেক পেহাৰ

ভেচ্‌ভেচীয়া মুখ,

মেচ্‌মেচীয়া ক’লা বাবেই

মেকুৰী মাহীৰ দুখ৷

লিক্‌লিকীয়া লোৰ শলাডাল

টিক্‌টিকীয়া জোঙা,

চিক্‌চিকীয়া চিকা ৰূপগাল

এতিয়াই গৈ ভঙা৷

ফুচ্‌ফুচীয়া মেলত এয়া

খুচ্‌খুচীয়া কথা,

মৰ্‌কুচীয়াই কিনো নাও বায়

নাই তাৰ গুৰি ব’ঠা৷

 

 

গোমৰ বুদ্ধি

 

শুনিছানে বাপ    এটা গোম সাপ

টান নৰিয়াত পৰি,

ওলাবলৈ বাজ         কৰা হ’ল লাজ

খাবলৈ ভেকোলা ধৰি৷

নাই ভৰি হাত    শকতিও গাত

ভেকোলা কিদৰে ধৰে?

গাঁততে সোমাই    মনটো গোমাই

বপুৰা বেজাৰ কৰে৷

খাবলৈ নাপাই         তাৰ গতি নাই

জীৱহে যাবলে’ বাকী,

যেয়ে দেখা পায়   কৰে হাঁয় হাঁয়

দিয়া নাই মই ফাঁকি৷

পেটৰ ভোকত    নাই তাৰ তত্‌

দেহা হাড় ছাল সাৰ,

মৰণ পৰত      হঠাতে মূৰত

বুধিটো খেলালে তাৰ৷

গাঁতটোও তাৰ    অতি চমত্‍কাৰ

আছে কেবাটাও বাট,

যেনি মন যায়    ওলাই সোমাই

ফুৰাটো সহজ তাত৷

দেখি বুজি পালো  গোমসাপ ডালো

দীঘলে নহ’ব কম,

খাই ৰ’লে পাক   দেখা পালে তাক

আমাৰ চুটিব দম৷

কেবাটাও বাট    থকা বাবে তাত

এটাই সুবিধা হ’ল,

এফালেদি সি     নেজডাল নি

ধীৰেৰে লৰাই ৰ’ল৷

আন এফালেদি    মুখখন সি

উলিয়াই ৰ’ল চাই,

ক’ৰবাৰ পৰা         সি খাব পৰা

কিবা আহিছেনে নাই?

দেখি নেজ লৰা   ক’ৰবাৰ পৰা

আহিল শালিকী বাই,

কেঁচু বুলি তাই   চালে খুটিয়াই

আগ্ৰহেৰে হাঁয় হাঁয়৷

গোমসাপ ডালে    যেই খোঁট খালে

চালে চিধা মূৰ দাঙি,

হ’ল কি ঘটনা    সকলোৱে জানা

মই কিয় ক’ম ভাঙি?

 

তপন বৰুৱা, বালিজান, শোণিতপুৰ

(বিশেষ ধন্যবাদ : জ্ঞান জ্যোতি হাজৰিকা)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Kangkan borah
7 years ago

তপন মামাৰ পদ্য পঢ়ি ভাল লাগিল দেই!

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক