"শিশু সাহিত্য বিশেষ" – কি যে হওঁ!(প্ৰশান্ত কুমাৰ বৰা)

নাযায়নে মন, ঘটিবলে’ ধন
সৎ ভাৱে ব্যৱসায় কৰি;
নালাগেনে ভয়, ডকাইত-চোৰলৈ
যদি মাৰে ভাঙি হাত-ভৰি!
বৰ মন যায়, নোৱাৰো যে হায়
হ’বলৈ শিল্পী-সাহিত্যিক;
ভাবি ভাল লাগে, ভালো হ’ব চাগে’
যদি হওঁ সৎ সাংবাদিক।
ভাবো বৰ মই, নকৰাকৈ ভয়
হওঁ নেকি সেনাৰ জোৱান;
লক্ষ্য কৰি লওঁ, গীতিকাৰেই হওঁ
জুৰাবলে’ আনৰ পৰাণ।
কলেজৰ প্ৰফেচাৰ, পুলিচৰ অফিচাৰ
ভাল বাৰু কোনটো ইয়াৰ;
অভিযন্তা, প্ৰশাসক, চিকিত্সক, শিক্ষক
নে হওঁ অভয়চিয়াৰ?
খেলো নেকি ৰাজনীতি, নকৰাকৈ দুৰ্নীতি
হৈ যাও সকলোৰে ‘বছ’!
হওঁ নেকি ন্যায়াধীশ, চালি-জাৰি নানা দিশ
ব্যভিচাৰ কৰো তচ্-নচ্…
আয়ে কয় বোপা তই, নকৰিবি কাকো ভয়
খোজ মাথো দিবি ভাবি-গুণি;
সকলোকে ন্যায় দিবি, নিজ কাম কৰি যাবি
ফলাফল আহিব আপুনি।
মন মোৰ বান্ধি ল’লো, সকলোকে কথা দিলো
নিজৰ ভৰিত হ’ম নিজে থিয়;
সদা সজ পথে ৰ’লে, সাহস সাৰথি হ’লে
সফলতা নাহিবনো কিয়?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments